এতিয়াই চাওক

6/recent/ticker-posts

খনিকৰ পুথি-Khanikor-Puthi-History of khanikor puthi ||

ঐতিহ্যমমণ্ডিত শ্ৰী শ্ৰী খনিকৰ পুথি

 কি?ক'ত?কিয়?কেনেকৈ?

    ( খনিকৰ পুথি সম্পৰ্কে তথ্য একত্ৰিত কৰি প্ৰকাশ কৰা হৈছে, প্ৰচাৰৰ দায়িত্ব প্ৰতিজনৰে সমান)

 

▪️অৱস্থান- 

গোলাঘাট জিলাপ মিছামৰা মৌজাৰ খনিকৰ গাঁৱত সংৰক্ষিত হৈ আছে মাহাত্ম্যপূৰ্ণ খনিকৰ পুথি ৷

▪️পৰিচয়- 

খনিকৰ পুথি দুভাগ দৰাচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত কীৰ্ত্তন আৰু নামঘোষা দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি ৷ এই দুয়োখন পুথি কাঠৰ বাকচত ৰাখি সংৰক্ষণ কৰা হৈছে ৷

▪️ইতিহাস- 

কঠিত আছে যে মানৰ অসম আক্ৰমমৰ সময়তেই খনিকৰ গাঁও নিৱাসী মণি বৰুৱা নামৰ ব্যক্তি এজনে এই পুথিসমূহ উদ্ধাৰ কৰিছিল ৷ মানৰ অত্যাচাৰত গাঁৱৰ অধিকাংশ লোকেই হাবিয়ে বননিয়ে পলাই ফুৰিছিল যদিও বৃদ্ধ মণি বৰুৱাই বাৰ্ধক্যৰ বাবে ঘৰ এৰি যাব পৰা নাছিল ৷ এসময়ত মানে গাঁৱৰ সকলোৰে ঘৰৰ স্থাৱৰ সম্পত্তিসমূহ লুট কৰি লৈ যায় যদিও কিবা কাৰণত মণি বৰুৱাৰ ঘৰৰ পুখুৰীৰ পাৰত এটা টোপোলা এৰি থৈ যায় ৷ পাছত বৰুৱাই টোপোলাটো খুলি তাত 'কীৰ্ত্তন', 'দশম', 'নামঘোষা',  'ভক্তি ৰত্নাৱলী'  এই চাৰিখন মহাপুৰুষীয়া সাঁচিপাতৰ পুথি উদ্ধাৰ কৰে ৷ কিছুদিনৰ পিছত ইয়াৰে দশম পুথিভাগ নিজৰ গাঁৱৰ নামঘৰলৈ আৰু ভক্তিৰত্নাৱলী পুথিভাগ হালোৱা গাঁৱৰ নামঘৰলৈ আগবঢ়ায় ৷ বাকী ৰোৱা কীৰ্ত্তন আৰু নামঘোষা পুথি দুখন নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখে ৷ মণি বৰুৱাৰ মৃত্যুৰ পাছত বংশানুক্ৰমে তেওঁৰ পৰিয়ালে পুথিদুখন সংৰক্ষণৰ দায়িত্ব লয় ৷ খনিকৰ গাঁৱতে সংৰক্ষিত এই পুথিদুখন "খনিকৰ পুথি" হিচাপে জনজাত হ'ল ৷

▪️পুথিৰ বয়স -

পুথিৰ উল্লেখিত তা বাৰ শুদ্ধ বুলি গণ্য কৰিলে দুইখন পুথিয়ে ২০১৮ চনত ২৫০ টা বছৰ সম্পূৰ্ণ কৰা বুলি বুজিব পাৰি ৷

▪️পুথিৰ বিৱৰণ- 

দুয়োখন পুথিতে সূচীপত্ৰ, লিখোতাৰ নাম,ঠিকনা একোৱে উল্লেখ নাই ৷ বকলাত কেৱল 'যথা দৃষ্টং তথা লিখিতং' বুলিহে উল্লেখ আছে ৷ খনিকৰ পুথিৰ অন্তৰ্গত 'কীৰ্ত্তন' পুথিখনৰ মুঠ পৃষ্ঠা সংখ্যা ১০৫ ৷ ইয়াৰে দুখিলা বকলা ৷ এই পুথিৰ সাঁচিপাতসমূহ দীঘে ৪৫ চেঃমিঃ আৰু বহলে ১৬ চেঃমিঃ ৷ পুথিখনৰ শেষত "১৬৯০ শকৰ ৫ মাস, ৪ বাৰ, ১ তিথি সমাপ্ত" বুলি লিখা আছে ৷ অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ প্ৰায় দুশ বছৰৰ পাছত,ইংৰাজী হিচাপ মতে ১৭৬৮ চনৰ আগষ্ট মাহত খনিকৰ পুথিৰ অন্তৰ্গত 'কীৰ্ত্তন' পুথিখন লিখি শেষ কৰা হৈছিল ৷
    খনিকৰ পুথিৰ অন্তৰ্গত "নামঘোষা"খনৰ মুঠ পৃষ্ঠা ৫৩ ৷ ইয়াৰ বকলা এখিলা ৷ প্ৰতিটো পৃষ্ঠাৰ দীঘ ৩৫ চেঃমিঃ আৰু প্ৰস্থ ১০ চেঃমিঃ ৷ এই পুথিখন বান্ধি ৰাখিবৰ বাবে এটা বিন্ধাৰ ব্যৱস্থাও আছে ৷ পুথিখনৰ শেষত লিখা আছে, '১৬৯০ শকৰ মাস ২,বাৰ বুধ ৷ ঘোষা পুস্তকং সম্পূৰ্ণ সমাপ্ত ৷' অৰ্থাৎ,আগৰ পুথিখনৰ প্ৰায় তিনিমাহৰ আগত এই পুথিখন লিখি শেষ  কৰা হৈছিল ৷


▪️লোকবিশ্বাস- 

কীৰ্ত্তন আৰু নামঘোষা এই দুয়োভাগ পুথি স্বগৃহত পাঠ কৰিবলৈ নি মনোকামনা সিদ্ধি কৰা মানসিক প্ৰশান্তি লাভ কৰে বুলি এক অলৌকিক বিশ্বাস আছে ৷ পুথিভাগক স্বগৃহলৈ নিৱ বিচৰা ভক্তই চুৰীয়া-চাদৰ  আদি পৰম্পৰাগত ভকতীয়া পোচাক পিন্ধি বাকচৰ সৈতে নিজৰ মূৰৰ ওপৰত বা কান্ধত বহুৱাইহে নিয়াৰ নিয়ম, কোনো বাহনৰ সহায়ত নহয় ৷ পুথিভাগ সমুখেৰে পাৰ হৈ যোৱা দেখা পালে সাধাৰমতে পদযাত্ৰী বা যান-বাহনৰ আৰোহীয়ে ৰৈ অথবা নতশিৰ হৈ পুথিভাগলৈ প্ৰণিপাত জনায় ৷

▪️বৰ্তমান-

 বৰ্তমান বৰুৱা পৰিয়ালৰ প্ৰযত্নত আৰু ৰাইজৰ সহযোগত এটা নামঘৰ প্ৰতিষ্ঠা কৰি উলিওৱা হৈছে ৷ ২০০০ চনৰ মাৰ্চ মাহত আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি উলিওৱা এই নামঘৰটোৰ নাম ৰখা হৈছে খনিকৰ পুথি নামঘৰ ৷ এই বিশেষ নামঘৰটোলৈ দৈনিত নানান অভিলাষেৰে বহু ঠাইৰ পৰা অগণন ভক্তৰ আগমন ঘটে ৷

                                                              ✍️তথ্য সংগ্ৰাহক- দিব্যজ্যোতি ৰাজখোৱা,গোলাঘাট 






Post a Comment

0 Comments