এতিয়াই চাওক

6/recent/ticker-posts

ABOUT US

Hi, welcome to our "About Us"





ASOMIYA VAUNA SANSKRITI is the dramatic website that provides you with the knowledge regarding the ancient culture of Assamese literature. It delivers you the cultural message, the tradition and the history of Assam. It derives you to the world of fantasy, that explains the literature regarding the Assamese culture in the antiquity. It explains the resource in Assamese literature. 

Asomiya Vauna Sanskriti also presents varieties of articles that accommodates and inspires you about the History of Assam. It speaks about the different appearances of ancient people and also the lifestyle of early people. This website along with providing the information regarding the history of Assam also inspires the aged as well as the youth regarding the nature of communal antagonism and the need for Harmony of the youth.


বৰ্তমানৰ বিশ্ববিখ্যাত কিন্তু মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱতকৈ বহু কম তথা পাছৰ প্ৰজন্মৰ ব্যক্তিৰ সৃষ্টিকৰ্ম বিশ্বই আকোঁৱালি লৈছে কিন্তু মহাপুৰুষ দুজনাক বিশ্বৰ কথা বাদ দি ভাৰত তথা অসমৰ সকলো ঠাইতে চিনাকি কৰি দিয়াত আমি ব্যৰ্থ হৈছোঁ।এক নিৰ্দিষ্ট বেষ্টনীৰ পৰা এতিয়াও আমি আঁতৰি আহিব পৰা নাই।ইয়াৰ ফলত নতুন প্ৰজন্মই এই ব্যৱস্থাৰ পৰা লাহে লাহে আঁতৰিব বিচাৰিছে।প্ৰদৰ্শনধৰ্মী অথবা মনোৰঞ্জনধৰ্মী মনোভাৱক গুৰুত্ব দি গ্ৰহণ কৰা কৰা কাৰ্যসমূহে যিমান গুৰুত্ব পায় ,বিদ্যায়তনিক চৰ্চা অথবা বাস্তৱ আৰু সময় উপযোগী কাৰ্যক্ৰমে গুৰুত্ব নাপায়।

 সময় গতিশীল।সময়ৰ গতিত আগবাঢ়ি যোৱাজন আগুৱাই গুচি যায় আৰু ৰৈ যোৱা জন পাছ পৰি ৰয়।সেই অভিজ্ঞতাক সহৃদয়তাৰে উপলদ্ধি কৰি মহাপুৰুষ গুৰুদুজনাৰ সৃষ্টি ভাওনাকে প্ৰমুখ্য কৰি অসমৰ বাকী সকলো সংস্কৃতিক লৈ নতুন চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে।নিজৰ প্ৰতিভাৰে চিৰকাল উজ্জীৱিত হৈ থকা গুৰুদুজনাৰ  সংস্কৃতিক সকলোৰে আগত প্ৰচাৰ তথা জনপ্ৰিয় নকৰি  আমি পন্থ,বিশ্বাস আদিক গুৰুত্ব দি থকা বাবে গুৰুদুজনাক বিশ্বত চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত আমি চূড়ান্তভাৱে ব্যৰ্থ হৈছোঁ।এই ব্যৰ্থতা আমাৰ জাতিটোৰ বাবে কিমান দুখৰ বিষয় সেইয়া আপোনালোকৰ হাতত ।

 বৰ্তমান সময়ত নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ কাৰ্যক্ৰমৰ অভাৱ হোৱা দেখা যায়,অৱশ্যে বৰ্তমান সময়ত প্ৰতিযোগিতাৰ তাগিদাত গুৰু দুজনাৰ সংস্কৃতিৰ চৰ্চা হোৱা দেখা গৈছে।এইয়া আমাৰ বাবে এক শুভ লক্ষণ। তাৰে আলমত আমি নতুন প্ৰজন্মৰ মাজলৈ শংকৰদেৱ - মাধৱদেৱক লৈ যাব লাগিব। কিন্তু বৰ্তমান সময়ত সততে দেখা দিয়া বাদ বিসম্বাদে নৱপ্ৰজন্মক ইয়াৰ পৰা আঁতৰাই নিব। সংস্কৃতিৰ লগতে ইউনিকড পদ্ধতিত লেখা-মেলা  কৰি আমাৰ ভাষাটোকো আগুৱাই নিব লাগিব।

  আমি মাত্ৰ এই কামতো আৰম্ভ কৰিছোঁ।ক্ৰুটি থকাতো আৰু সমালোচনা হোৱাতো স্বাভাৱিক। ক'বলৈ গলে সমালোচনা হোৱা মানেই বিষয় বস্তৰ গ্ৰহণযোগ্যতা আছে।আমি সকলোৰে পৰা কঠোৰ হ'লেও সুস্থ আৰু গঠনমূলক সমালোচনা আশা কৰিম,যাতে সেই সমালোচনা পৰৱৰ্তী পৰ্যায়ৰ বাবে উৎসাহ হ'ব পাৰে।
 শেষত আমি আমাৰ এই কামতোত সহযোগ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমাক আৰ্থিক দিশত সহায় কৰা চৰাইদেউ জিলাৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী কেশৱ গগৈ দেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

Follow Asomiya Vauna Sanskriti at social Media platforms:

About us:-

Address:- Assam, India
Mobile:- +9178968 82754