এতিয়াই চাওক

6/recent/ticker-posts

পুনিয়া সত্ৰ || Puniya Satra || Satra of Majuli ||

পুৰুষ সংহতিৰ বাৰজনীয়া সত্ৰসমূহৰ অন্যতম পুনিয়া সত্ৰ ১৫৫৮ খ্ৰীষ্টাব্দত মাজুলীৰ পুনিয়া বিলৰ পাৰত কৃষ্ণাত্ৰেয় গোত্ৰৰ কণৌজীয়া উদাসীন ব্ৰাহ্মণ পৰশুৰামদেৱে স্থাপন কৰে । চৰিতপুথি মতে পুৰুষোত্তম ঠাকুৰৰ তিৰোভাৱ হোৱাত চতুৰ্ভুজ ঠাকুৰৰ দিনতহে ১২ জন ভকত সহ পৰশুৰামদেৱ উজনিলৈ আহি মাজুলীৰ ৰত্নপুৰৰ পুনিয়া বিলৰ পাৰত সত্ৰ পাতেহি। তেওঁৰ লগত কনিষ্ঠ ভাতৃ নৰোত্তম সঙ্গী আছিল। পুৰুষোত্তমৰ পিছত ভাতৃ নৰোত্তমে অধিকাৰৰ দায়িত্ব লয়। এইগৰাকী সত্ৰাধিকাৰৰ দিনতেই আহোম ৰজা জয়ধ্বজ সিংহই পুনিয়া সত্ৰক ৰাজপৃষ্ঠপোষকতা প্রদান কৰি ভকত-বৈষ্ণৱ-হাটী দি গজগজীয়া কৰে। পৰৱৰ্তী সময়ত পুনিয়া থূলৰ সত্ৰ বহু কেইখন হয়। মূল পুনিয়া সত্ৰখন মাজুলীৰ মটিয়াবাৰী অঞ্চলৰ পুনিয়া বিলৰ ওচৰতেই আছিল ৷ আহোম ৰাজত্ব কালত সত্ৰখন মটিয়াবাৰীৰ পৰা তুলি আনি দীঘলীমুখ নামৰ ঠাইত পাতিছিল। ১৯৯৪ শকত সত্ৰখন পুনৰ শালমৰালৈ স্থানান্তৰ কৰা হয়। ১৯৫০ চনৰ ভূমিকম্পৰ পিছত সত্ৰখন মাজুলীৰ পৰা স্থানান্তৰিত হৈ যোৰহাটৰ মহিমালৈ উঠি যায়। অৱশ্যে শালমৰাত বৰ্তমান সাধাৰণ শাখা এখনিত ৰঞ্জন গোস্বামীয়ে পুনিয়া সত্ৰৰ এগছি বন্তি মাজুলীত জ্বলাই আছে।



Post a Comment

0 Comments