এতিয়াই চাওক

6/recent/ticker-posts

নাৰায়ণ চন্দ্ৰ গোস্বামী|| Narayan chandra goswami ||


জন্ম আৰু সত্ৰাধিকাৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ:

১৯৪০ চনৰ আহিন মাহ । সেই মাহৰেই ৭ তাৰিখ বুধবাৰে (ইং ২৪ চেপ্তেম্বৰ)  নিশা মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰত সত্ৰাধিকাৰ ৰোসেশ্বৰ দেৱগোস্বামীৰ ঔৰসত আৰু বসুন্ধৰী আইৰ গৰ্ভত জন্ম লাভ কৰে মাজুলীৰ এইজনা উজ্বল নক্ষত্ৰ , বৈষ্ণৱ সাহিত্যৰ পণ্ডিত ড° নাৰায়ণ চন্দ্ৰ গোস্বামীয়ে । ৭ বছৰ বয়সতেই প্ৰভুজনাক মাজুলীৰ কমলাবাৰী সত্ৰলৈ আনায়ণ কৰা হয় আৰু ১৯৭২ চনত নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ৰূপে নিৰ্মালী গ্ৰহন কৰে।

শিক্ষা:

অত্যন্ত মেধা সম্পন্ন সত্ৰাধিকাৰ প্ৰভুৱে সত্ৰতেই আনুস্থানিক শিক্ষা গ্ৰহন কৰি ব্যাকৰণ শাস্ত্ৰী উপাধি লাভ কৰে আৰু পৰৱৰ্ত্তি সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক ডি.লিট্ (Doctor of Literature) উপাধি প্ৰদান কৰে ।

সাহিত্য জগতলৈ অৱদান আৰু লাভ কৰা সন্মান সমূহ:

 মাত্ৰ ২০ বছৰ বয়সতেই এটা প্ৰৱন্ধৰেই নিজ পাণ্ডিত্যৰ উমান জনোৱা এই প্ৰভূজনাই বৰ্তমানলৈকে ৮ খনি সম্পাদিত গ্ৰন্থ, ৯ খনি নাট্য সাহিত্যৰ লগতে বহুতো মূল্যবান প্ৰবন্ধৰ সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। আজি কিছু মাহৰ আগতে তেখেতৰ কাপেৰেই বাল্মিকী ৰামায়ণৰ অসমীয়া পদ্যানুবাদ প্ৰকাশ হৈছে। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ তথা নতুন কমলাবাৰী সংস্কৃত টোলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সন্মানীয় সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী দেৱলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই ২০১৮ বৰ্ষত আগবঢ়াইছিল শশীচন্দ্ৰ বৰবৰুৱা বঁটা। ইয়াৰ বাহিৰেও বহু সন্মান - বঁটাৰে বিভূষিত এইগৰাকী বৈষ্ণৱ পণ্ডিতৰ দ্বাৰা অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হৈছিল বহুকেইখন গৱেষণা লব্ধ গ্ৰন্থৰে।
সেইবোৰ যথা-

*গুৰু কোন?
*শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্যৰ মৌলিকতা বিচাৰ
*অসমত ভাওনাৰ পৰম্পৰা
*কীৰ্ত্তন ঘোষাৰ তত্ত্বাৰ্থ বিচাৰ
*ব্ৰজাৱলী ভাষাৰ ব্যাকৰণ আৰু অভিধান
*সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা
*সত্ৰীয়া নৃত্যৰ ব্যাকৰণ
*সপ্তকাণ্ড ৰামায়ণৰ অনুবাদ
*ফৌজীয়া নাটকাৱলী (সম্পাঃ)
 আদিকে কৰি বহুকেইখন নাটক, প্ৰৱন্ধ আদি।


ক্ৰমে শংকৰদেৱ বঁটা, সাহিত্য অকাডেমী বঁটা, শ্ৰীমন্ত শংকৰদেৱ শিল্প সাধনা বঁটা , চন্দ্ৰ কান্ত হীৰা প্ৰভা বঁটা, মাখন প্ৰসাদ দুৱৰা বঁটা, জীৱন জোৰা সাধনা বঁটা, গুৰু শংকৰ মাধৱ বঁটা, কৃষ্ণ নন্দন দুৱৰা বঁটা, সত্ৰৰত্ন, সংস্কৃতি ভূষন আদি  কুৰিৰো অধিক বঁটা বাহনৰ লগতে সাহিত্যিক পেঞ্চন লাভ কৰা প্ৰভূ সত্ৰীয়া সংস্কৃতিৰ এটি উজ্বল নক্ষত্ৰ । ১৯৭৫ চনত তেখেতৰ নেতৃত্বতেই ইন্দোনেছিয়াত ৰাম বিজয় অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হৈছিল।তেখেত লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপকৰ পদ অলংকৃত কৰিছিল ।

নাৰায়ণচন্দ্ৰ দেৱ গোস্বামীৰ পৰলোকপ্ৰাপ্তি:


 অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এগৰাকী অন্যতম পুৰোধা ব্যক্তি, মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ, বৈষ্ণৱ সাহিত্যিক তথা সাহিত্য অকাডেমিৰ সৰ্বোচ্চ ভাষা সন্মান বঁটা, অসম চৰকাৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা প্ৰাপক, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সংস্কৃতি গৱেষণা পৰিষদৰ প্ৰাক্তন গৱেষক, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অতিথি_অধ্যাপক, ডি লিট শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী দেৱে  ইং ১১ আগষ্ট, মঙ্গল বাৰে পুৱা ১০ঃ৪৫ বজাত নেমকেয়াৰ হস্পিটেলত ইহসংসাৰ ত্যাগ কৰি বৈকুণ্ঠ ধামলৈ গতি কৰে।

তথ্যৰ উৎস- ইন্টাৰনেট

Post a Comment

0 Comments