এতিয়াই চাওক

6/recent/ticker-posts

দৰঙৰ ঐতিহ্য মণ্ডিত খটৰা সত্রত ভাদ মাহত পালনীয় তিথি আৰু উৎসৱ || Khatra Satra

দৰঙৰ ঐতিহ্য মণ্ডিত খটৰা সত্রত ভাদ মাহত পালনীয় তিথি আৰু উৎসৱ


    ৪৫০ বছৰ(খ্রীষ্টীয়১৫৬৮ চনত) পূর্বে নৱ -বৈষ্ণৱ ধর্মৰ প্রচাৰ-প্রসাৰৰ মহতোযহীয়ান উদ্দেশ্যত মহাপুৰুষ শ্রী শ্রী মাধৱদেৱৰ প্রিয়শিষ্য লেচাকোণীয়া গোবিন্দ আতা দেৱে প্রতিষ্ঠা কৰা দৰঙৰ ঐতিহ্য মণ্ডিত খটৰা সত্রত জাতি-ধর্ম-বর্ণ-সম্প্রদায় নির্বিশেষে  ধর্মীয় আৰু সাংস্কৃতিক পৰিৱেশত অত্যন্ত গাম্ভীর্য পূর্ণ ভাৱে ভাদ মাহত কেইটামান তিথি আৰু উৎসৱ পালন কৰে।তাৰ ভিতৰত শ্রীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি,মহাপুৰুষ মাধৱদেৱৰ তিথি, জন্মাষ্টমী,নন্দোৎসৱ আৰু পাচেতি উৎসৱ ।অৱশ্য ইয়াৰে পাচেতি উৎসৱটো ভাদ মাহৰ সংক্রান্তিৰ পৰা আহিন মাহৰ প্রথম দিনালৈ পালন কৰা হয়।মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্রৱতিত নিকা সংহতিৰ সত্রসমূহৰ অন্যতম এই খটৰা সত্রত পৰম্পৰাগতভাৱে পালনীয় আচাৰ,ৰীতি-নীতি আৰু উৎসৱসমূহৰ এক সুকীয়া আসন আছে।এই উৎসৱ- পার্বণ, আচাৰ-নীতি আৰু সত্রত চর্চিত কলা-সংস্কৃতি আদিৰ ভূমিকাই জনসাধাৰণক ধর্মৰ মূল লক্ষ্যৰ প্রতি ধাবিত কৰাই ধর্মীয় পৰিবেশ গঢ়ি দিয়াৰ উপৰিও আধ্যাত্মিক,নৈতিক আৰু সামাজিক দিশত আগবঢ়াই লৈ যায়।ইয়াত মাথো ভাদ মাহত পালন কৰা তিথি আৰু উৎসৱ কেইটিৰ সামান্য আভাস দাঙি ধৰিব বিচাৰিছো।

▪মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি▪

অৱতাৰী পুৰুষ জাতি-সংস্কৃতিৰ-সাহিত্যৰ নির্মাতা,ধর্মপ্রচাৰক,সমাজ সংগঠক,জগতৰ গুৰু,অসমীয়া জাতিৰ প্রাণস্বৰূপ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে খ্রীষ্টীয় ১৫৬৮ চনত কোচবিহাৰৰ মধুপুৰত ছকুৰি বছৰ বয়সত বৈকুণ্ঠগামী হয়। ভাদ মাহৰ শুক্লা দ্বিতীয় তিথিত গুৰুজনাৰ এই তিৰোভাৱ তিথি সমগ্র অসমবাসীয়ে পালন কৰে।খটৰা সত্রটো এই তিৰোভাৱ তিথিটো উক্তদিনাই পালন কৰা হয়।ভৰ বাৰিষা কৃষিকার্যত সম্পূর্ণকৈ লাগি থাকিলেও সত্রৰ ভকত বৈষ্ণৱ,আঞ্চলিক ৰাইজে উক্তদিনা আনুষ্ঠানিক নাম-প্রসংগৰে গুৰুজনালৈ ভক্তিভৰা শ্রদ্ধা নিবেদন কৰে।প্রসংগৰ লগত গুৰুচৰিত, গায়ন-বায়নে খোল প্রসংগ আৰু পৰিবেশনুসৰি গুৰুজনাই ৰচিত অংকীয়া নাট-ভাওনাও প্রদর্শন কৰে সত্রত।

▪শ্রীশ্রী মাধৱদেৱৰ তিৰোভাৱ তিথি পালন▪

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ প্রপন্ন শিষ্য,বঢ়াৰপো মহাপুৰুষ মাধৱদেৱ খ্রীষ্টীয় ১৫৯৬ চনৰ ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথিত কোচবিহাৰত বৈকুণ্ঠগামী হৈছিল।এই তিথিটো সমগ্র ৰাজ্যৰ লগতে খটৰা সত্রটো পালন কৰা হয়।মাধৱদেৱ গুৰুজনাৰ এই তিথিটো সত্রৰ ভকত বৈষ্ণৱ,আঞ্চলিক ৰাইজ মিলি বৰ উলাহ-মালহেৰে পালন কৰে।নাম-প্রসংগ,সত্রীয়া সংস্কৃতি আদি অনুষ্ঠানৰো আয়োজন কৰে উক্ত দিনা।মহাপুৰুষ মাধৱদেৱৰ গুৰুৰ আজ্ঞা শিৰোধার্য কৰি শ্রীশ্রী গোবিন্দ আতাই দৰঙত নামধর্ম প্রচাৰ কৰিব আহি ঠায়ে ঠায়ে সত্র প্রতিষ্ঠা কৰিছিল।১৫৫৮ চনত খটৰাত গোবিন্দ আতাই বহু বাধা-বিঘিঙিৰ মাজেৰে খটৰা সত্রখন স্থাপন কৰে।সেয়ে এই তিথিটো খটৰা সত্রত বৰ উৎসৱ মুখৰ পৰিবেশেৰে , উলাহ মালহৰে পালন কৰা হয়।

▪জন্মাষ্টমী পালন▪

  কৃষ্ণ পৰম ব্রহ্ম,নির্গুণ হৈয়ো সগুণ। সৃষ্টি,স্থিতি,প্রলয়ৰ কাৰণ "ত্রিভুবন বন্দন দৈৱকী নন্দন কৃষ্ণ" ।পৃথিৱীত যেতিয়া অর্ধমৰ প্রাদুর্ভাৱ হয়,দুষ্টৰ প্রভাৱত সন্তৰ জীৱন দুর্বিসহ হৈ পৰে তেতিয়া অধর্ম নাশি ধর্ম প্রতিষ্ঠা কৰি দুষ্টৰ কবলৰ পৰা সন্তক উদ্ধাৰ কৰিবলৈ ভগৱানে পৃথিৱীত অৱতাৰ গ্রহণ কৰে।শ্রীকৃষ্ণ‌ই এই উদ্দেশ্য‌ই কংস কাৰাগাৰত দৈৱকী বসুদেৱ আবদ্ধ হৈ থাকোতে  দৈৱকীৰ অষ্টম পুত্র হিচাপে জন্ম গ্রহণ কৰিছিল।জ্যোতিষ তত্ত্ব মতে  ভগৱান শ্রীকৃষ্ণৰ জন্ম হৈছিল সৌৰ ভাদ্রৰ জয়ন্তী যোগত আৰু ধর্মীয় বিশ্বাস মতে জয়ন্তী যোগৰ তিথি পালন কৰিলে মানুহ পুণ্য হয় ।এনে বিশ্বাস মনত লৈ শ্রীকৃষ্ণৰ জন্মজয়ন্তী জন্মাষ্টমী হিচাপে সমগ্র দেশতে ভাদ মাহৰ কৃষ্ণা অষ্টমীত পালন কৰা হয়।জন্মাষ্টমী হ'ল হিন্দুধর্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্রীকৃষ্ণৰ বার্ষিক জন্মোৎসৱ।ইয়াক কৃষ্ণ জন্মোষ্টমী, কৃষ্ণষ্টমী,গকুলাষ্টমী,অষ্টমী ৰোহিনী,শ্রীকৃষ্ণ জয়ন্তী আদি নামেৰে জনা যায়।খটৰা সত্রটো সত্রৰ সুকীয়া ৰীতি-নীতিৰে এই উৎসৱ পালন কৰা হয়।এই উৎসৱ বিশ্বাসৰ ওপৰত পালিত।উৎসৱ উপলক্ষ্যে জন্মাষ্টমীৰ নিশা সত্রত নাম-কীর্তন কৰাৰ উপৰিও শ্রীকৃষ্ণৰ জন্মলীলা বিষয়ক নাট-ভাওনা আৰু বৰ নাগাৰা নাম গোৱাৰ ব্যৱস্থা আছে।

▪নন্দোৎসৱ▪

ভগৱান শ্রীকৃষ্ণ জন্মৰ আনন্দনত নন্দ ৰজাই  ঘৰত যি আনন্দ,উৎসাহ,উলহ-মাহল কৰিছিল তাৰেই প্রতীক হিচাপ জন্মাষ্টমীৰ পিছদিনা খটৰা সত্রত নন্দোৎসৱ পালন কৰা হয়।এই উৎসৱ খটৰা সত্রত এক সুকীয়া বৈশিষ্ট আছে।"বোকা ভাওনা" হ'ল এই উৎসৱৰ অন্যতম আয়োজন।বোকা ভাওনা হ'ল ধমীয় বিশ্বাস আৰু উল্লাসৰ সংমিশ্রণ।ইয়াত আয়োজন কৰা বোকা ভাওনাৰ বাবে পৱিত্র স্থানৰ পৰা মাটি আনি কীর্তন ঘৰৰ মজিয়াত ৰখা হয় আৰু সত্রৰ বৰ পুখুৰীৰ পৰা জল আনি সেই মাটিত ছটিয়াই বোকাৰ সৃষ্টি কৰি লগত ঘি -মৌ মিহলি কৰি ভকত-বৈষ্ণৱ আৰু ভাওনাস্থলীত সমবেত কিছুসংখ্যক লোকে নাম কীর্তন কৰি সেই বোকাত বাগৰি, ইজনে-সিজনক বোকা সানি আনন্দ কৰে, ৰং -ৰহ‌ইচ কৰে।এনেদৰে বোকাৰে লুতুৰি-পুতুৰি ভক্তবৃন্দ‌ই নাম কীর্তন গাই গাই সত্রৰ নীতিনুসৰি কীর্তন ঘৰ প্রদক্ষিণৰ অন্তত সত্রৰ বৰপুখুৰীত গা-ধোৱে।সত্রত উদযাপিত নন্দোৎসৱ বোকা ভাওনাত ভাগ লবলৈ ল'লে বা দর্শন কৰিলে পুণ্য সাধিত হয়।এয়া অতীজৰ পৰা চলি অহা বিশ্বাস।আনহাতে বোকা ভাওনা বোকা-পানীৰ ফোঁট ল'লে ব্যাধি-মাৰি মৰক দুৰ হয় বুলিও পুৰাতন বিশ্বাস।সেয়ে বোকা ভাওনাৰ বোকা-পানীৰ ফোঁট লোৱা পৰম্পৰা দেখা যায়।

▪পাচেতি উৎসৱ▪

ভাদ মাহৰ সংক্রান্তিৰ পৰা আহিন  মাহৰ প্রথম দিনালৈ খটৰা সত্রত প্রসিদ্ধ পাচেতি উৎসৱ আয়োজন কৰা হয়।সত্রত পালনীয় উৎসৱসমূহৰ ভিতৰত ইয়াৰ এক সুকীয়া বৈশিষ্ট আছে।এই উৎসৱ মূলত কৃষ্ণকেন্দ্রিক।সন্তান জন্ম হোৱাৰ পাঁচদিনৰ দিনা মাকে সাধৰনতে পাঁচদিনীয়া গা ধোৱে।সন্তানকো হালধি পানীৰে গা মচি আন আন তিৰোতাসকলৰ কোলাত সন্তানক তুলি দিয়ে।সেই দিনাই গৃহস্থ‌ই প্রতিবেশী তথা ইষ্ট-কুটুম্বক জালাবটা বা জলাগুৰি ভগাই  দিয়ে।ই হ'ল দৈহিক মানসিক মংগল সাধন কামনা।"পচতি" শব্দৰ সাধাৰণ অর্থ হৈছে ল'ৰা-ছোৱালী জন্মৰ পাঁচদিনত ঘৰত  কৰা এটি জন্মকৃত্য।সেই পৰম্পৰা আঁত ধৰি শ্রীকৃষ্ণৰ জন্মৰ পঞ্চমদিনা পাচেতি উৎসৱ উদযাপন কৰা ৰীতি অসমৰ কোনো কোনো সত্রত পৰম্পৰাগত -ভাৱে চলি আহিছে।খটৰা সত্রটো ইয়াক প্রতি বছৰে পালন কৰা হয়।খটৰাত পাচেতিয়ে মেলামুখী বৈশিষ্ট অটুট ৰখাৰ লগতে সত্রত প্রচলিত কৃষ্ণ ভক্তি কেন্দ্রিক ধর্মীয় আচাৰ নীতি সংপৃক্ত।প্রচলিত ৰীতিনুসৰি এই উৎসৱৰ আগদিনা থলুৱা লোকৰ ভাষাত গোন্ধ ( অধিবাস) বোলে।গোন্ধৰ দিনা উৎসৱৰ লগত ৰজিতা খুৱাই কিছু আনুষংগিক ধর্মীয়  ৰীতি-নীতিৰে উৎসৱৰ শুভাৰম্ভ কৰা হয়।গোন্ধৰ দিনা সন্ধিয়া উৎসৱৰ মূল ক্রিয়া আৰম্ভ হোৱাৰ আগতে সত্রত থকা বৰ হাৱৈ, গাঠিয়া ঘিমৰু আৰু হিন্দস্তানী হিলৈ ফুটাই পাচেতি উৎসৱৰ আৰম্ভণিৰ আগজাননী দিয়া হৈছিল যদিও বর্তমান ইয়াক পৰিহাৰ কৰা হৈছে।ইয়াৰ পিছতে পাচেতিৰ আন্যতম অনুষ্ঠান  "দধিমথন" আৰম্ভ হয়।ই হ'ল সত্রৰ এক পুৰণিকলীয়া কৃষ্টি।পাচেতি খলাৰ এক নিদিষ্ট স্থানত মথনিশাল স্থাপন কৰা হয়।কীর্তনঘৰৰ পৰা শিশুলীলাৰ দধিমথনৰ গীত গাই গাই গায়ন-বায়নে কৃষ্ণ,যশোদা আৰু গোপীসকলে সেই মথনিশাল স্থাপিত স্থানলৈ লয়লাসে যাত্রা কৰে আৰু পূর্বতে বৰপুখুৰীৰ পৰা অনা পানীৰ ঘটটি স্থাপন কৰা হয়।গীতৰ লগে লগে খোল-তালৰ মাজত ছেঁৱে-ছেঁৱে মথনিশালৰ জৰীত  ধৰি যশোদা আৰু গোপীসকলে নাচি নাচি দধি মথে।সূত্রধাৰৰ গীতৰ আঁত ধৰি গায়ন-বায়ন আৰু অন্য ভকতসকলে খোল-তাল বজাই চাপৰি মাৰি  গীত গাই গাই মথনিশালৰ চাৰিওফালে প্রদক্ষিণ কৰে  আৰু লগতে শিশু কৃষ্ণ‌ ভাওঁ দিয়া শিশুজনে দধি মথনৰ সময়ত মাক যশোদা আৰু অন্য গোপীসকলক আযনি কৰা দৃশ্য অতি মনোৰম।খটৰা সত্রত দধিমথন ধর্মীয় ভাব সংপৃক্ত।লোকবষ বিশ্বাস মতে দধিমথন দ‍র্শন কৰিলে পূর্ণ হয় আৰু কৃষ্ণ ভক্তিৰ ভাব উদ্রেক হোৱাৰ লগতে বিৎসল্য প্রেমত আপ্লুত হৈ ক্ষণিকৰ বাবে হ'লেও শোক-তাপ আঁতৰি অন্তৰত বিমল প্রশান্তি পোৱা যায়। খটৰা সত্রত এই পাচেতি উৎসৱ লগতে পালনীয় অন্যান্য তিথি -উৎসৱ পার্বণসমূহে সত্রৰ সাংস্কৃতিক জীৱনধাৰাৰ স্পষ্ট পৰিচয় দিয়াৰ লগতে আধ্যাত্মিক আৰু নৈতিক প্রমূল্যৰ আভাস আৰু সম্প্রতিৰ অনুশীলন-নিদর্শন দাঙি ধৰে।
((সহায়ক গ্রন্থ:
▪স্মৃতিগ্রন্থ  ➖ গোবিন্দ সুৰভি।
▪বার্ষিক পত্রিকা  ➖ পাচেতি (2017,2018,2019)
▪খটৰা সত্রৰ সাংস্কৃতিক ঐতিহ্য))

                                                                                                 ✍️▪অজয় বৰুৱা,দৰং।9707730427 ।

Post a Comment

0 Comments