এতিয়াই চাওক

6/recent/ticker-posts

অংকীয়া-ভাওনা||ভাওনা আমি আৰু বৰ্তমান||ANKIYA-VAUNA ||what is bhaona||


অংকীয়া ভাওনা কি?

বৈষ্ণৱ যুগৰ অসমীয়া নাট্য-সাহিত্য শংকৰদেৱৰ সৃজনী প্ৰতিভাৰ ফলশ্ৰুতি। উত্তৰ পূব ভাৰত ভূমিত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অন্যতম মাধ্যমৰূপে নৃত্য-গীত বিশাৰদ শংকৰদেৱে প্ৰাচীন ভাৰতীয় নাট্যশাস্ত্ৰৰ অনুশাসনৰ লগত মধ্যযুগীয় থলুৱা আৰু সৰ্বভাৰতীয় বাৰে ৰহণীয়া লোক-নাটধৰ্মী অনুষ্ঠানৰ বিভিন্ন ৰূপাংগৰ সংমিশ্ৰিত স্বকীয় প্ৰতিভাৰ সোণপানী ছটিয়াই সৃষ্টি কৰা এক অংক বিশিষ্ট নাট্যকলাকে সাধাৰণতে 'অংকীয়া নাট' আখ্যা দিয়া হয়।


 শংকৰদেৱে নাট বুজাবৰ কাৰণে নাট,নাটক,যাত্ৰা,আৰু নৃত্য শব্দ ব্যৱহাৰ কৰিছিল।যেনে- "....কালি দমন লীলা যাত্ৰা....." , "সীতা বিবাহ-বিহাৰ নৃত্য....." , "....সোহি গোপালক কেলি নাটক ওহি মুকুতি নিদান"(কেলি গোপাল),
শ্ৰী পাৰিজাত হৰণ-যাত্ৰা সম্প্ৰতি পশ্যত" (সূত্ৰ), ইত্যাদি।আকৌ একে 'পাৰিজাত হৰণ'তে আছে,সোহি কৃষ্ণ নাট উপাম(ভটিমা)।'পত্নী-প্ৰসাদতো আছে, "কৃষ্ণক নাট পাপ উতপাত,সোহি পত্নী-প্ৰসাদ নাম নাট"।
পৰৱৰ্তী চৰিত পুথি সমূহতহে 'অংক' শব্দৰ ব্যৱহাৰ চকুত পৰে। যেনে-'পাৰিজাত হেন নাম অংক মহা অনুপাম কৰিলে শংকৰে অত পাছে'(ৰাম চৰণ ঠাকুৰৰ শংকৰ চৰিত)।ৰামচৰণ ঠাকুৰে শংকৰদেৱৰ প্ৰথম নাট সংলাপহীন চিহ্ন-যাত্ৰাখনকো অংক বুলিছে
শংকৰদেৱ মাধৱদেৱৰ সময়ত নাট,নাটক,নৃত্য আৰু যাত্ৰা বুলিছিল।অংকীয়া শব্দটো এই সময়ছোৱাৰ ভিতৰত লিখিতভাৱে ক'তো ব্যৱহাৰ কৰা হোৱা নাই।

অংকীয়া নাট নামতো প্ৰকৃততে শুদ্ধ নে?

সমালোচক সকলে অংকীয়া নামটো ভ্ৰমাত্মক বা অশুদ্ধ বুলি ক'ব খুজিছে;তাৰ ঠাইত অংক বা নাট বুলি কোৱাই যুগুত হ'ব বুলি মন্তব্য দিব খোজে। কিন্তু অংকীয়া নাট কথাষাৰ অসমৰ সাংস্কৃতিক জীৱনত এনেদৰে সোমাই পৰিছে যে এই নামটিৰ অবিহনে শংকৰদেৱ-মাধৱদেৱৰ দ্বাৰা ৰচিত হোৱা নাটৰ মূলটোক বুজাবলৈ অন্য নাম নাই।
শংকৰদেৱ আৰু মাধৱদেৱে যদিও তেওঁলোকৰ নাট সমূহত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল তেওঁলোকৰ পিছৰ ব্যক্তি সকলে ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ কমকৈ কৰিবলৈ ল'লে। সপ্তদশ আঊ অষ্টাদশ শতিকাত বিভিন্ন সত্ৰ সমূহত আৰু গাঁৱৰ নামঘৰ বিলাকত ভাওনা কৰিবৰ কাৰণে বহু নাট লেখা হ'ল,সেই বিলাকত ব্ৰজাৱলীৰ পৰিবৰ্তে অসমীয়া ভাষা ব্যৱহাৰ কৰা হ'ল।আৰু এইবোৰত শংকৰদেৱৰ নাটৰ কাহিনীৰ মাজত  নাটৰ কাহিনীৰ বৰ্ণনাৰ বাবে থকা সংস্কৃত শ্লোকৰ ব্যৱহাৰো নাইকিয়া হৈ পৰিছিল।

প্ৰধানকৈ ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ বাদ দি ৰচনা কৰা এই নাট সমূহৰ পৰা ব্ৰজাৱলী ভাষাত ৰচনা কৰা নাটসমূহ বুজাবলৈকে অসমীয়া সমাজত অংকীয়া নাট কথাষাৰ প্ৰয়োগ হ'ব ধৰিলে। অংকীয়া নাট কথাষাৰ এই অৰ্থেই আজিও কুৰি শতিকাৰ এই শেষ ভাগতো বিৰাজমান।


সহায়ক গ্ৰন্থ-অসমীয়া সাহিত্য অধ্যয়ন(লক্ষ্মীকান্ত মহন্ত)

Post a Comment

0 Comments