এতিয়াই চাওক

6/recent/ticker-posts

শংকৰদেৱৰ ৰচনাৱলী ||Sankardev||

 শংকৰদেৱৰ ৰচনাৱলী ক্ৰম - নিৰূপণ


আদি বা বাৰভূঞা ৰাজ্যত কটোৱা সময়ছোৱাৰ ৰচনা


১) হৰিশ্চন্দ্ৰ- উপাখ্যান
২)ভক্তি-প্ৰদীপ
৩) কীৰ্তন-ঘোষা
(প্ৰথমতে বৰদোৱাত থকা সময়তে শংকৰদেৱে কীৰ্তন ঘোষাৰ উৰেষা-বৰ্ণন খণ্ড মাথোন ৰচনা কৰে। কীৰ্তন পুথিৰ বাকী খণ্ডবিলাক পিছত বিভিন্ন সময়ত ৰচনা কৰে।)
৪) ৰুক্মিণী-হৰণ কাব্য
৫) বৰগীত (বৰগীত সমূহৰ 'মন মেৰি ৰাম চৰণহি লাগু' গীতটি মাথোন এই প্ৰথমছোৱা কালত ৰচনা কৰে।)
৬)অজামিল উপাখ্যান বা ষষ্ঠ স্কন্ধ
৭)গজেন্দ্ৰোপাখ্যান
৮)অমৃত - মথন
৯)গুণমালা(প্ৰথম অধ্যায়টি বাদ দি)



মধ্য বা আহোম - ৰাজ্যত কটোৱা কালৰ ৰচনা


১০)পত্নী প্ৰসাদ নাট

এই সময়ছোৱাতেই কীৰ্তন পুথিৰ পাষণ্ডমৰ্দ্দন,নাম অপৰাধ,শিশুলীলা,ৰাসক্ৰীড়া,কংস বধ,গোপী - উদ্ধৱ সংবাদ,কুজীৰ বাঞ্চা পূৰণ খণ্ডসমূহৰ উপৰিও ভাগৱতৰ দশম স্কন্ধৰ পূৰ্বাৰ্দ্ধৰ কৃষ্ণৰ শিশু জীৱনৰ কথাখিনি ৰচনা সম্পূৰ্ণ কৰে।

শেষ বা কোঁচ ৰাজ্যত কটোৱা সময়ছোৱাত

১১)বলিছলন(অষ্টম স্কন্ধ)
১২)অনাদি পাতন
কীৰ্তন পুথিৰ জৰাসন্ধ - যুদ্ধ,কালযৱন বধ,মুচুকুন্দ স্তুতি,স্যমন্ত হৰণ,নাৰদৰ কৃষ্ণ দৰ্শন,বিপ্ৰপুত্ৰ আনয়ন, দামোদৰ বিপ্ৰৰ আখ্যান,লীলামালা,বেদ-স্তুতি, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ - প্ৰয়াণ এই সময়ছোৱাতে ৰচনা কৰে।
১৩)দশম স্কন্ধ(আদি)
১৪)একাদশ স্কন্ধ
১৫)দ্বাদশ স্কন্ধ
১৬)প্ৰথম স্কন্ধ
১৭) দ্বিতীয় স্কন্ধ
১৮)নৱম স্কন্ধ
(এইখিনি হৈছে বহলভাৱে ভাগৱতৰ স্কন্ধসমূহৰ ভাঙনি)
১৯) কুৰুক্ষেত্ৰ
২০)নিমি - নৱসিদ্ধ সংবাদ
গুণমালা (প্ৰথম অধ্যায়)
২১)উত্তৰাকাণ্ড ৰামায়ণ
এই সময়চোৱাতেই  বৰগীতৰ সঙ্কলনখনি কৰে,আৰু তোটয় আৰু ভটিমা ৰচনা কৰে।
২২)ভক্তি ৰত্নাকৰ
২৩)কালি দমন
২৪)কেলি গোপাল
২৫) ৰুক্মিণী হৰণ
২৬) পাৰিজাত হৰণ
২৭)ৰাম বিজয়



সহায়ক গ্ৰন্থ-অসমীয়া সাহিত্য অধ্যয়ন- লক্ষ্মীকান্ত মহন্ত

Post a Comment

0 Comments