এতিয়াই চাওক

6/recent/ticker-posts

এলেঙ্গি শ্রীশ্রীটকৌবাৰী সত্ৰ || Tokowbari satra,majuli||

 এলেঙ্গি শ্রীশ্রীটকৌবাৰী সত্ৰ

মাজুলী শ্ৰীৰাম চাপৰিৰ মুদৈবিলত ১৬২১ খ্ৰীষ্টাব্দত এই সত্ৰ প্ৰতিষ্ঠা হয়। সতানন্দদেৱৰ উত্তৰপুৰুষ শংকৰগতিয়ে এই সত্ৰ প্ৰতিষ্ঠা কৰে। টকৌ গছৰ আবৃত হৈ থকা স্থানত স্থাপন অনুসৰি সত্ৰখনৰ নাম টকৌবাৰী হয়। সত্ৰৰ বংশলতা হ'ল - শংকৰদেৱৰ অনুগত শিষ্য সতানন্দদেৱৰ চাৰিগৰাকী পুত্ৰ জয়কৃষ্ণ, মহাকৃষ্ণ, ত্ৰাহিকৃষ্ণ আৰু বাপুকৃষ্ণ। বাপুকৃষ্ণৰ পুত্ৰ শংকৰগতিয়ে সত্ৰখনি প্রতিষ্ঠা কৰে। শংকৰগতিৰ পৰা ক্ৰমে শিশুৰামদেৱ ,পৰমদেৱ ,ৰামবল্লভদেৱ ,কমললোচনদেৱ ,কৃষ্ণৰামদেৱ ,ৰামপদদেৱ, ৰমাকান্ত,মাকান্ত, বেদনাথ, লক্ষ্মীকান্ত ,ডম্বৰুধৰ, ভৈৰৱচন্দ্ৰ বৰ্তমান বিপিনচন্দ্ৰদেৱে সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰি আহিছে। সত্ৰখনিৰ প্ৰাচীন সম্পদৰ ভিতৰত ২১ খন সাঁচিপাতৰ পুথি তাম আৰু পিতলৰ পূজা-অৰ্চনাৰ পাত্ৰ, সোণৰ কৃষ্ণমালা, ডবা-কাঁহ, শংখ-ঘণ্টা আদি । মহাপুৰুষ দুজনাৰ আৰ্হিৰে চাৰিপ্ৰসংগ, নাম কীৰ্তন, শৰণ-ভজন, তিথি মহোৎসৱ নিৰ্ধাৰিতৰূপে চৰ্চিত হৈ আহিছে সত্ৰখনত । সত্ৰত মেধি, মুক্তিয়াৰ বায়ন, পাচনি, আলধৰা, হাটীমতা, বাৰিক আদি পদবী আছে। সত্ৰৰ চৌহদত ১৯ বিঘা মাটিৰ বাদে সত্ৰৰ নামত প্রায় ২২ পুৰা ভূমি সম্পত্তি আছে।


তথ্য সংগ্ৰহ- মাজুলীৰ সত্ৰ পৰিচয়,
সংকলক আৰু সম্পাদক- কমল দত্ত।

Post a Comment

0 Comments