এতিয়াই চাওক

6/recent/ticker-posts

সূত্ৰধাৰৰ আহাৰ্য || Dress of Sutradhar ||

১) উৰ্দ্ধৱাস : বগা গাতি-চোলা পিন্ধিব। গাত গা-টঙালি' লব। এই টঙালি লওঁতে দুজাপ কৰি কান্ধৰ ওপৰেদি আগদুটা আঠুলৈকে বোৱাই পিছফালে V আকৃতিৰ কৰি ল'ব। টঙালিত কক্ষা-বুটা থাকিব পাৰে কিন্তু দহিবটা হ'ব লাগিব।

২) অধোৱাস : অধোৱাস হিচাপে শুধ বগা ৰঙৰ ঘূৰি বা লহঙা পিন্ধিব। ঘূৰি বা লহঙা কমেও ১২ হাত কাপোৰেৰে নিৰ্মিত হ'ব লাগিব। ইয়াৰ নিম্ন অংশত কমেও চাৰি ইঞ্চি বহল সোণোৱালী ৰঙৰ পটি থাকিব। ইয়াৰ তলত সৰু গাঁঠিলৈকে পৰা দীঘল অন্তৰ্ৱাস' পিন্ধিব। কঁকালত কমৰবান্ধ হিচাপে বগাত ৰঙা ফুল দিয়া আৰু দহিবটা টঙালি মাৰিব। টঙালিৰ আগদুটাৰ ফুল বহল হ'ব। এই ফুল চাঙেৰীপহীয়া হ'ব নালাগে।

৩) শিৰস্ত্রাণ : কোষাপতীয়া পাগ পৰিধান কৰিব। পাগৰ তলত বগা বস্ত্ৰ লওঁতে কাণ ঢাক খাব নালাগিব। পাছফালে V আকৃতিৰ হ'ব।

৪) তিলক : সূত্ৰধাৰে কপালত ঊৰ্দ্ধপুণ্ড আৰু দুই কাণত দুটা বগা ফোঁট ল'ব। ঊৰ্দ্ধপুণ্ডৰ তলত এটা বগা ফোঁট থাকিব আৰু মাজ অংশত এটাৰ পৰা তিনিটালৈকে ফোঁট ল'ব পাৰিব। কিন্তু থিয় ৰেখা ল'ব নোৱাৰিব।

৫) অলংকাৰ : কাণত উন্টি, হাতত গামখাৰু, ডিঙিত মতামণি পিন্ধিব।



ফটোত নৃত্য শিল্পী ময়ুখ শইকীয়া।

তথ্য সংগ্ৰহ- " ভাওনা আৰু সত্ৰীয়া নৃত্যৰ আহাৰ্য " সম্পাদনা- ড° নিৰুপমা মহন্ত



Post a Comment

0 Comments