এতিয়াই চাওক

6/recent/ticker-posts

সাঁকোপাৰা সত্ৰ । । Sakuparaa satra ||

 সাঁকোপাৰা সত্ৰ


শ্ৰীৰামচন্দ্ৰ গুৰু আতাৰ পুত্ৰ বিষ্ণু চন্দ্ৰৰ পুত্ৰ অচ্যুতানন্দই লখিমপুৰৰ 'খ'ৰা' নামৰ ঠাইত থকা খৌৰামোচৰ সত্ৰৰ পৰা ডফলাৰ উপদ্ৰৱৰ বাবে আহি মাজুলীত এই সত্র পাতে। আহোঁতে বাটত সোৱণশিৰি নদীৰ সুঁতিত দীঘল দীঘল কলগছ পাৰি পাৰ হৈ আহি বাহৰ বা সত্ৰ পতাৰ বাবে নাম হয় সাঁকোপাৰা সত্ৰ।

চৰিতপুথি মতে কনৌজৰ বিকিয়া গোমোস্তা নামে এজন শাস্ত্ৰত পাৰ্গত পণ্ডিতৰ পুত্ৰ ভকতীয়া গুৰু। তেওঁৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰ অসমলৈ আহে। জ্ঞানত পণ্ডিত বাবে বুঢ়া আতা নাম পায় ৰামচন্দ্ৰদেৱে গোপাল আতাৰ আজ্ঞা মানি বৈষ্ণৱ ধৰ্ম প্ৰচাৰত ব্ৰতী হয়। ধৰ্মপ্ৰচাৰ কৰি খ’ৰা নামৰ ঠাইত পুৰণি 'ঔৱাপাভ' নৈৰ মেচত বা ভাঁজত সত্ৰখন পতা বাবে নাম খৌৰামোচৰ হয়। সেই সত্ৰখন বৰ্তমান নগাঁৱৰ জাজৰিত আছে। সাঁকোপাৰা সত্ৰৰ এটি শাখা মাজুলী কমলাবাৰী মৌজাৰ নামনিৰ সাঁকোপাৰাত আছিল। ১৯৮৭-৮৮ চনত ব্ৰহ্মপুত্ৰৰ খহনীয়াত পৰাত সত্ৰখনৰ গোসাঁইসকল ভাগ ভাগ হৈ পৰে। সত্ৰখনৰ এগৰাকী গোসাঁই অতুলচন্দ্র গোস্বামী কমলাবাৰী চাৰিআলিলৈ আহে। মাজুলী কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰা সাঁকোপাৰা মূলৰ এইগৰাকী গোসাঁই ঘৰে মাজুলীত সাঁকোপাৰা সত্ৰৰ বন্তিগছি জ্বলাই থকাৰ আখ্যা দিব পাৰি।



*তথ্য সংগ্ৰহ- মাজুলীৰ সত্ৰ পৰিচয়,
সংকলক আৰু সম্পাদক- কমল দত্ত।

Post a Comment

0 Comments