এতিয়াই চাওক

6/recent/ticker-posts

জয় জয় যাদৱ,জলনিধিজাধৱ ধাতা।বৰগীত।। শংকৰদেৱৰ বৰগীত।।

ধ্ৰুং ।। জয় জয় যাদৱ,জলনিধিজাধৱ ধাতা।

শ্ৰুতমাত্ৰখিল-ত্ৰাতা,স্মৰণে কৰয় সিদ্ধি

দীনদয়ানিধি,ভকত মুকুতিপদদাতা


পদ।। জগজন-জীৱন অজন- জনাৰ্দ্দন

দনুজদমন দুখহাৰী।

মহদানন্দ কন্দ পৰমানন্দ

নন্দনন্দন বনাচাৰী।।

বিবিধ বিহাৰ বিশাৰদ শাৰদ

ইন্দু নিন্দি পৰকাশী।

শেষ শয়ন-শিৱ কেশী-বিনাশন

পীতবসন অবিনাশী।।

জগত বন্ধু বিধু মাধৱ মধুৰিপু

মধুৰ মূৰুতি মুৰনাশী।

কেশৱ চৰণ সৰোৰুহ কিঙ্কৰ

শঙ্কৰ এহু অভিলাষী।। 



Post a Comment

0 Comments