এতিয়াই চাওক

6/recent/ticker-posts

শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ || Dakhinpat Satra, Majuli ||

 সত্ৰনগৰী মাজুলীত অৱস্থিত সত্ৰসমূহৰ ভিতৰত এখন অন্যতম সত্ৰ হ'ল শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ

প্ৰতিস্থাপক আৰু প্ৰতিষ্ঠাকাল - আহোম ৰজা জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত ১৫৭৬ শক(১৬৫৪ চন)ত দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰা হয়।ৰজাই শ্ৰীশ্ৰী যাদৱৰায়ৰ সেৱা-পূজা উদ্দেশ্যে ১০০ ভকত আৰু ২০ জন পাইকৰ সৈতে ৩০০ পুৰা মাটি বনমালী দেৱক অৰ্পণ কৰে।বনমালীদেৱ দক্ষিণপাট সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হোৱাৰ লগতে কোচবিহাৰৰ বৈকুণ্ঠপুৰ সত্ৰৰ চতুৰ্থজনা অধিকাৰ আছিল।যাদৱৰায় সত্ৰৰ মূল বিগ্ৰহ।এই সত্ৰত মুঠতে ষোল্লজনা বিগ্ৰহ আছে।

ধৰ্মীয় ৰীতি-নীতি আৰু উৎসৱ-পাৰ্বন- এই সত্ৰত ওজাপালি, নটুৱা, ৰজাঘৰীয়া নৃত্য,ইন্দ্ৰাভিষেক নৃত্য প্ৰচলিত আছে। দক্ষিণপাট সত্ৰত মূল প্ৰসঙ্গ বাৰটা।সত্ৰীয়া উৎসৱসমূহৰ ভিতৰত তিনিদিনীয়াকৈ ৰাস, অধিকাৰ সকলৰ তিথি, দামোদৰদেৱৰ তিথি,তিনি বিহু, পালনাম আদিয়ে প্ৰধান। উৎসৱ সমূহৰ ভিতৰত ৰাসক ইয়াত প্ৰাধান্য দিয়া হয়।

সত্ৰখনত সংৰক্ষিত প্রাচীন সম্পদ- সত্ৰখনত সংৰক্ষিত প্রাচীন সম্পদৰ ভিতৰত দামোদৰ শালগ্রাম, মহাপুৰুষ, শংকৰদেৱে সোণৰ শলখাত ভৰাই দামোদৰদেৱক দিয়া সংস্কৃত শ্ৰীধৰ স্বামী টীকাসহ ১৪৯৩ খ্ৰীষ্টাব্দত লিখা ১০০ খিলা পাত থকা অর্ধদগ্ধ অৱস্থাৰ ভাগৱত। ইয়াৰ উপৰি প্ৰাক্-আহোম যুগৰ বিগ্ৰহ, শিলাখণ্ড, আহোম যুগৰ তামৰ ফলি, বৃটিছৰ দিনৰ ফয়চলা, ৰজাদিনীয়া বৰটোপ, হেংদান, লাখুটি, নাৱৰ বিভিন্ন অংশ, কাঠৰ মূৰ্তি, কুশল কোঁৱৰে দিয়া উৰাল আদি অনেক সম্পদ ঠাহ খাই আছে। এই সত্ৰতে সর্বাধিক প্রাচীন সাঁচিপাতৰ পুথি সংৰক্ষিত আছে।
সত্ৰাধিকাৰসকলৰ তালিকা
১)শ্ৰী শ্ৰী বনমালীদেৱ (প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ)
২)শ্ৰী শ্ৰী ৰামদেৱ গোস্বামী ১৬০৫-১৬১৫ শক
৩)শ্ৰী শ্ৰী কৃষ্ণদেৱ গোস্বামী ১৬২৪-১৬৩৫ শক
৪)শ্ৰী শ্ৰী আত্মাৰামদেৱ গোস্বামী ১৬৩৫-১৬৪৮ শক
৫)শ্ৰী শ্ৰী কামদেৱ গোস্বামী ১৬৪৮-১৬৭৬ শক
৬)শ্ৰী শ্ৰী সহদেৱ গোস্বামী ১৬৭৬-১৬৯১ শক
৭)শ্ৰী শ্ৰী ৰন্তিদেৱ গোস্বামী ১৬৯১-১৭০২ শক
৮)শ্ৰী শ্ৰী বিষ্ণুদেৱ গোস্বামী ১৭০২-১৭৪২ শক
৯)শ্ৰী শ্ৰী বিভূদেৱ গোস্বামী ১৭৪২-১৭৫০ শক
১০)শ্ৰী শ্ৰী বাসুদেৱ গোস্বামী ১৭৫০-১৭৯২ শক
১১)শ্ৰী শ্ৰী শুভদেৱ গোস্বামী ১৭৯২-১৮৩৮ শক
১২)শ্ৰী শ্ৰী নৰদেৱ গোস্বামী ১৮১৭-১৮৪৭ শক
১৩)শ্ৰী শ্ৰী নাৰায়ণদেৱ গোস্বামী ১৮৪৮-১৮৬০ শক
১৪)শ্ৰী শ্ৰী হৰিদেৱ গোস্বামী ১৮৬০-১৮৮৫ শক
১৫)শ্ৰী শ্ৰী ৰমানন্দ দেৱগোস্বামী ১৮৮৫
শক
১৬ )শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামী (বৰ্তমান)







Post a Comment

0 Comments