এতিয়াই চাওক

6/recent/ticker-posts

আউনীআটী সত্ৰ ,মাজুলী || The Auniati Satra ||

 আউনীআটী সত্ৰ ,মাজুলী 

আউনীআটী সত্ৰৰ প্ৰৱেশদ্বাৰ
আউনীআটী সত্ৰৰ প্ৰৱেশদ্বাৰ

  অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ ধ্বজাবাহক সত্ৰসমূহৰ ভিতৰত শ্ৰী শ্ৰী আউনীআটী সত্ৰ প্ৰধান।

প্ৰতিষ্ঠা কাল আৰু প্ৰতিষ্ঠাপক- আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই মাজুলীত ১৫৭৫ শক অৰ্থাৎ ১৬৫৩ চনৰ চ'ত মাহৰ শুক্লা পঞ্চমী তিথি বৃহস্পতি বাৰে প্ৰতিষ্ঠা কৰে।

 আউনীআটী নাম কিয় হ'ল: ৰজাৰ আজ্ঞাত বৰবৰুৱাই কাড়ি পাইকৰ দ্বাৰা মাজুলীত আউনীপাণৰ এৰা কাটি সত্ৰখন স্থাপন কৰাৰ বাবেই সেইদিন ধৰি সত্ৰখনৰ নাম আউনীআটী সত্ৰৰূপে জনাজাত হ'ল।

আউনীআটী সত্ৰৰ উপাস্য দেৱতা হ'ল শ্ৰী শ্ৰী গোৱিন্দ মহাপ্ৰভু। উৰিষ্যাৰ জগন্নাথ ক্ষেত্ৰৰ পৰা মূল গোৱিন্দ মহাপ্ৰভুক এই সত্ৰলৈ অনা হৈছিল। সত্ৰৰ মণিকূটত পূজা-অৰ্চনা চলাৰ সমান্তৰাল ভাৱে নামঘৰত ভাগৱত স্থাপন কৰি নিতৌ চৈধ্য প্ৰসংগ কৰা হয়।এই চৈধ্য প্ৰসংগ হ'ল- বৈৰাগীনাম,বুঢ়ানাম,বৰনাম, ভাগৱত পাঠ,পদ পাঠ,গায়ন-বায়ন,বিয়লা প্ৰসংগ,তাল প্ৰসংগ আৰু ওজা কীৰ্তন আদি।   

  

সত্ৰৰ নামঘৰ
সত্ৰৰ নামঘৰ

                                              আউনীআটী সত্ৰত নামঘৰসহ মণিকূটক মাজত লৈ সত্ৰৰ চাৰিওফালে ভকত সকলৰ বাসস্থান সমূহ থকা দেখা যায়।এই গৃহ সমূহক বহা বোলা হয়।এই সত্ৰত চাৰি দিশত হাটী( বহাৰ সমষ্টি)আছে।নামঘৰৰ মণিকূটৰ কাষতে উত্তৰ দিশত সত্ৰাধিকাৰৰ বাসস্থান।ডেকা আৰু গোৱিন্দপুৰীয়া অৰ্থাৎ ল'ৰা গোসাই ক্ৰমে উত্তৰ আৰু পূৱ হাটীত থাকে।আউনীআটী সত্ৰৰ অন্যতম ঐশ্বৰ্য হ'ল 'শ্ৰী হস্তমুক্তাৱলী' আৰু 'হস্তীবিদ্যাৰ্ণৱ' দুৰ্মূল্য গ্ৰন্থ। সত্ৰৰ নিজা মাটিকালি ৬৬২ বিঘা।

সত্ৰখনিত নামঘৰ, মণিকূট, গুৰুগহ, ভকতৰ চাৰিহাটী, ধনভঁৰাল, চাউল ভঁৰাল, কৰাপাটৰ উপৰিও নিজ বৈশিষ্ট্য সম্পন্ন কেইবাটাও অংগ আছে, সেই সমূহৰ ভিতৰৰ ৰাঙলী চ’ৰা, পুথিভঁৰাল, যাদুঘৰ, আলহীঘৰ, সংস্কত টোল, ছপাশাল, মুকলি ৰংগমঞ্চই প্ৰধান।

আউনীআটী সত্ৰত থকা তুলসী কাঠৰ খুটা
আউনীআটী সত্ৰত থকা তুলসী কাঠৰ খুটা


সত্ৰত পৰিবেশিত 

মুখ্য নৃত্য শৈলীসমূহ হৈছে- নটুৱা, অপ্সৰা, সূত্ৰধাৰ, ওজাপালি, চালি, কৃষ্ণ-গোপী নৃত্য, মাটি আখৰা আৰু গায়ন-বায়ন।

সত্ৰীয়াগীত সমূহৰ ভিতৰত গায়ন গীত, ওজাপালি গীত, জন্মাষ্টমী গীত, ৰাস গীত, গোপাল বৈৰাগ্য গীত, ৰজাঘৰীয়া গীত, গুৰু বন্দনা, দেৱ বন্দনা আৰু নাটৰমাজৰ গীত অন্যতম।

নামসমূহ হ'ল- হিয়া নাম, দিহা নাম, বৈৰাগী নাম, বৰনাম, নাম মঙ্গল, ঘোষা মঙ্গল, ৰাস মঙ্গল আদি। আউনীআটী সত্ৰৰ উৎসৱৰ ভিতৰত অসমীয়া কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈকে অনুষ্ঠিত হোৱা "পাল নাম" উল্লেখযোগ্য।

আউনীআটী সত্ৰৰ মণিকূটৰ ভিতৰ ভাগ
আউনীআটী সত্ৰৰ মণিকূটৰ ভিতৰ ভাগ


 আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ সকল

  • শ্ৰীশ্ৰী নিৰঞ্জন দেৱ গোস্বামী
  • শ্ৰীশ্ৰী কেশৱ দেৱ গোস্বামী
  • শ্ৰীশ্ৰী ৰামচন্দ্ৰ দেৱ গোস্বামী
  • শ্ৰীশ্ৰী দামোদৰ দেৱ গোস্বামী
  • শ্ৰীশ্ৰী হৰি দেৱ গোস্বামী
  • শ্ৰীশ্ৰী প্ৰাণ হৰি দেৱ গোস্বামী
  • শ্ৰীশ্ৰী লক্ষ্মী নাথ দেৱ গোস্বামী
  • শ্ৰীশ্ৰী পদ্মপাণি দেৱ গোস্বামী
  • শ্ৰীশ্ৰী লক্ষ্মী ৰাম দেৱ গোস্বামী
  • শ্ৰীশ্ৰী কুশ ৰাম দেৱ গোস্বামী
  • শ্ৰীশ্ৰী দেৱ দত্ত দেৱ গোস্বামী
  • শ্ৰীশ্ৰী কমল চন্দ্ৰ দেৱ গোস্বামী
  • শ্ৰীশ্ৰী লীলা কান্ত দেৱ গোস্বামী
  • শ্ৰীশ্ৰী হেম চন্দ্ৰ দেৱ গোস্বামী
  • শ্ৰীশ্ৰী বিষ্ণু চন্দ্ৰ দেৱ গোস্বামী
  • শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী

Post a Comment

0 Comments