এতিয়াই চাওক

6/recent/ticker-posts

সুকন্যা।। ৰাজীৱ গগৈ।। Sukanya || Rajib Gogoi || Part-10 ||

                              

 অশ্বিনীকুমাৰ , দেৱতাৰ   বৈদ্য ! মাথো  ইমানেই আছিল  তেওঁলোকৰ  পৰিচয় । পোৱা নাছিল তেওঁলোকে দেৱত্ব প্ৰাপ্তি । দেৱগণেও  দিব বিচৰা নাছিল সম স্থান অশ্বিনীকুমাৰক ; মনুষ্যইও আগনবঢ়াই  যজ্ঞৰ ভাগ অশ্বিনীকুমাৰলৈ । এবাৰ অমৰাৱতীত দেৱেন্দ্ৰৰ পৰা  নিজ প্ৰাপ্য বিচাৰি অপমানিত হৈছিল তেওঁলোক স্বয়ং দেৱতামণ্ডলীৰ  হাততে । আনকি তাচ্ছিল্য কৰিছিল দেৱেন্দ্ৰইও এনেদৰে ' নীচভাৱে জন্ম আপোনাসৱৰ, বৈদ্য বুলি পাইছে পৰিচয় তাতে থাকক সন্তুষ্ট হৈ । বাওনা হৈ চন্দ্ৰলৈ নেমেলিব হাত ।"

                দেৱেন্দ্ৰৰ কথা সত্য; জন্ম  তেওঁলোকৰ  অতি বিচিত্ৰ । যদিওবা  পিতৃ - মাতৃৰ জন্তু ৰূপত সঙ্গমৰ ফচল তেওঁলোক  তথাপি তেওঁলোক নহয় জাৰজ সন্তান । বৈধ  মাতা - পিতাৰে  পুত্ৰ  তেওঁলোক ! তেনেস্থলত  তেওঁলোকৰ  প্ৰতি  দেৱগণে কিয়  ৰাখিছে ইমান ঘৃণা ?

               ঘটনা সূৰ্যলোকৰ ;  সূৰ্যদেৱে  বিবাহ কৰিছিল দেৱশিল্পী বিশ্বকৰ্মাৰ কন্যা সংজ্ঞাক ( সৰন্যু / সন্ধ্যা নামেৰেও জনাজাত ) । তীব্ৰ জ্যোতিষ্মান দিনমণিৰ বিপৰীতে সংজ্ঞা আছিল শান্ত সমাহিত । অকৃত্ৰিম  প্ৰেম কৰিছিল সূৰ্যদেৱে সংজ্ঞাক । পাছে  সহিব পৰা নাছিল সংজ্ঞাই সূৰ্যদেৱৰ জ্যোতি  । দহিছিল সংজ্ঞাৰ সুকোমল  দেহ দিনমণিৰ তাপে । শ্বেতাংগিনী   সংজ্ঞা  হৈছিলগৈ তাম বৰণীয়া !  তথাপি দিনমণিৰ সান্নিধ্যত সংজ্ঞাই জনম দিছিল যম আৰু যমী (যমুনা) নামে এহাল পুত্ৰ-কন্যাক । কিন্তু  কিমান সহিব ; অসহ্য হৈ পৰিছিল  সংজ্ঞাৰ বাবে দিনমণিৰ  তাপ । সেয়ে  স্বামীৰ অজ্ঞাতে নিজৰে এক প্ৰতিবিম্ব ( ছায়া) সৃষ্টি কৰি সেই ছায়াক সূৰ্যলোকত ৰাখি সংজ্ঞা  গুচি  গৈছিল পিতৃ গৃহলৈ । পিতৃৰ পৰামৰ্শত  সহনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে  সংজ্ঞাই  উত্তৰকুৰু নামে ঠাইত  অশ্বিনীৰ  বেশেৰে কৰিছিলগৈ  তপ ।

             সূৰ্যদেৱ অজ্ঞাত আছিল এই সন্দৰ্ভত । ছায়াকেই সংজ্ঞা বুলি কৰি গৈছিল স্নেহ । পাছে এদিন  কোনো কথাত যমৰ ওপৰত ছায়া ক্ৰোধিত হৈ যমক প্ৰহাৰ কৰাৰ উপৰি অভিশাপ দিবলৈও ছায়া হৈছিল উদ্যত । ছায়াৰ এনে উগ্ৰ ৰূপ দেখি দিনমণিৰ  সন্দেহ  উপজিল--------' কেনেকৈ মাতৃয়ে  সন্তানক  অভিশাপ  দিব পাৰে!! '  ছায়াক সম্বোধন কৰি ক্ৰোধিত   দিনমণিয়ে  কৈফিয়ৎ  বিচাৰিলে   ; ভীতিগ্ৰস্ত  হৈ ছায়াই  সত্য  বিৱৰি ক'লে --" প্ৰকৃততে মই সংজ্ঞাৰ প্ৰতিবিম্বহে, সংজ্ঞা আছে  তপস্যা কৰি ।" এক মুহুৰ্তও পলম নকৰি  সূৰ্যদেৱ ওলাল  সংজ্ঞাৰ  অন্বেষণত---     

              অনেক স্থানত অন্বেষণৰ অন্তত  অৱশেষত  উত্তৰকুৰু  নামে স্হানত উপস্থিত হ'ল সূৰ্যদেৱ । অশ্বিনীৰূপী সংজ্ঞাক  তপস্যাৰত দেখি প্ৰেম আৰু  বিৰহত  আতুৰ হ'ল সূৰ্যদেৱ। ল'লে নিজে এক  অশ্বৰ ৰূপ আৰু  কামভাৱে জড়িত হৈ অশ্বিনীৰূপী সংজ্ঞাৰ কাষ  চাপিল  । সংজ্ঞাইও নোৱাৰিলে নিজকে  সংযত  কৰিব । মিলন ঘটিল দুয়োৰে অশ্ব - অশ্বিনী ৰূপত । মিলনৰ পাছত সম্বিত ঘূৰাই পালে সংজ্ঞাই । অশ্বৰূপী  সূৰ্যদেৱক  তাই  চিনি  পোৱা  নাই ; এয়া  কি কৰিলো মই  ?  পৰৰ লগত মিলন হ'লো বুলি ক্ৰন্দন কৰি  অশ্বৰ বীৰ্য্য নাকৰ নিশ্বাসেৰে  উলিয়াই দিলে । ঈশ্বৰৰ কি মহিমা, সেই  বীৰ্য্যৰ পৰাই জনম লভিলে দুই যমজ শিশুৱে ।  সূৰ্যদেৱে  পৰিচয়  দিলে আৰু দুই শিশুকো  আকোঁৱালি ল'লে  । দিলে দুই শিশুৰ নাম  নাসত্য আৰু দস্ত্ৰ  । পৰবৰ্ত্তী পৰ্যায়ত দুই শিশু অশ্বিনীকুমাৰ নামে জগতত  পৰিচিত হ'ল  আৰু পিতৃৰ আশীৰ্বাদত দেৱতাৰ বৈদ্য বুলি হ'ল পৰিচিত । দেৱেন্দ্ৰাদি দেৱগণে  অশ্বিনীকুমাৰক  বৈদ্য ৰূপে গ্ৰহণ কৰিলে যদিও  সমস্থান  এতিয়াও  প্ৰদান  নকৰিলে ।

             অমৰাৱতীত   দেৱতাৰ ওচৰত   লাজ আৰু অপমানত জৰ্জৰিত হৈ দুয়ো ভাতৃ গৈছিল ন্যায়  বিচাৰি বৈকুণ্ঠধামলৈ , নাৰায়ণৰ সমীপে । নাৰায়ণে   সমিধান দিছিল  তেওঁলোকক চ্যৱনৰ সহায় ল'বলৈ । সেয়ে নিজ অধিকাৰ পোৱাৰ আশাত অশ্বিনীকুমাৰদ্বয় আহিছে চ্যৱনৰ আশ্ৰমলৈ  !!  কল্পনা কৰিছে দুয়ো ভাতৃয়ে  চ্যৱনক যৌৱন প্ৰদান কৰি তাৰ বিনিময়ত চ্যৱনৰ সহায়ত তেঁওলোকে দেৱেন্দ্ৰৰপৰা আঁজুৰি আনিব  নিজৰ  অধিকাৰ  !! 

Post a Comment

0 Comments