এতিয়াই চাওক

6/recent/ticker-posts

সুকন্যা।। ৰাজীৱ গগৈ।। Sukanya || Rajib Gogoi || Part-09 ||

         


  অপেক্ষা কৰি কৰি ভাগৰি পৰিল চ্যৱন । মনলৈ আহিছে নানা দুশ্চিন্তা । সুকন্যাৰ  কিবা  বিপদ হোৱা নাইতো  ! পত্নীক নিৰাপত্তা প্ৰদান কৰাটো স্বামীৰ প্ৰথম দায়িত্ব; কিন্তু----বৰ অসহায় অনুভৱ কৰিলে চ্যৱনে । নিজৰ বৃদ্ধত্ব আৰু অন্ধত্বৰ ওপৰত ক্ৰোধ জন্মিল তেওঁৰ । 

            এনেতে  সুকন্যা আশ্ৰম আহি  পালেহি   । স্বামীৰ অস্থিৰ ৰূপ দেখি বুজিলে  পলম হোৱা বাবে স্বামী   চিন্তিত হৈছে  । ওচৰ চাপি গ'ল সুকন্যা " ক্ষমা কৰিব নাথ, আজি  স্নান কৰি আহোঁতে মোৰ বহু পলম হ'ল ।"

            সুকন্যাৰ মাত শুনি  চ্যৱন আশ্বত্ব হ'ল , " পালাহি প্ৰিয়ে, কিবা বিপদ হৈছিল নেকি তোমাৰ  ? "

 " বিপদ---!!"  উচপ খাই উঠিল সুকন্যা । জ্ঞাত হ'ল নেকি স্বামী সেই ঘটনাৰ ! স্বামীৰ  মুখ নিৰীক্ষণ কৰি বুজিবৰ চেষ্টা কৰিলে । দেখাত তেনে যেন নালাগিল ; হয়তো  পলম হোৱাৰ বাবেই স্বামীয়ে এনেদৰে  সুধিছে  । স্বস্তিৰ নিশ্বাস পেলালে তাই ।  "কোনো বিপদ হোৱা নাই নাথ; ৰ'ব মই পুৱাৰ আহাৰৰ কৰোঁ যোগাৰ ।" কোনোমতে কথাষাৰ কৈ সুকন্যা  আঁতৰি  যাব  বিচাৰিলে   ।

" ৰ'বা  প্ৰিয়ে----।"

           স্বামীৰ মাতত  সুকন্যাৰ বুকুখন কঁপি উঠিল । ৰৈ গ'ল দুখোজ আগুৱাই । কিবা উমান পাইছে নেকি বাৰু  স্বামীয়ে---!!

" প্ৰিয়ে , নয়নে নেদেখিলেও তোমাৰ প্ৰত্যেকটো কাৰ্য মোৰ অন্তৰে অনুভৱ কৰিব পাৰোঁ  । কোৱা প্ৰিয়ে,  কি হৈছে তোমাৰ ? অনিহা জন্মিছে নেকি তোমাৰ এই বৃদ্ধৰ লগত থাকি  ? "

           হতবাক হ'ল সুকন্যা । কি  কৈছে এয়া স্বামীয়ে ? বুজিলে তাই এতিয়া আৰু গোপন কৰি লাভ নাই । "স্বামী  , লগ পাইছিলো আজি মই  দেৱ বৈদ্য অশ্বিনীকুমাৰদ্বয়ক । তেওঁলোকে দিছে মোক এক প্ৰস্তাৱ-----।" একে উশাহতে ক'লে কথাখিনি ।

" কি প্ৰস্তাৱ--! মোক  যে  এতিয়াও  অৱগত  নকৰিলা । "

" নাথ, প্ৰস্তাৱ দিছে ---দূৰ কৰিব পাৰিব তেওঁলোকে আপোনাৰ অন্ধত্ব ।"

     উৎফুল্লিত হৈ পৰিল চ্যৱনৰ বদন । " কি  ক'লা মোৰ অন্ধত্ব দূৰ কৰিব  । অৰ্থাৎ  তোমাৰ শ্ৰীমুখ মই কৰিব পাৰিম দৰ্শন !"

          স্বামীৰ উৎসাহ দেখি সাহস পালে সুকন্যাই । নিম্ন স্বৰে লাজ আৰু সংকোচ ভাৱে ক'লে  দেৱদ্বয়ে আগবঢ়োৱা দ্বিতীয়টো প্ৰস্তাৱ । আহ্লাদিত হৈ উঠিল চ্যৱন । স্বামীৰ আগ্ৰহে সুকন্যাৰ অন্তৰতো  নতুন  আশাৰ  সৃষ্টি  কৰিলে ।

           সুযোগৰ অপেক্ষাত আছিল অশ্বিনীকুমাৰদ্বয় । চ্যৱনৰ আগ্ৰহে তেওঁলোককো সাহস দিলে  । সেয়ে আগবাঢ়ি আহি চ্যৱনক সেৱা জনালেহি --" প্ৰণাম মহৰ্ষি, অশ্বিনীকুমাৰৰ সেৱা কৰক গ্ৰহণ ।"

" আহক , আহক দেৱ । পত্নীৰ মুখেৰে জানিব পাৰিছো মই আপোনাসৱৰ  ইচ্ছা ।" উষ্ম আদৰণি জনালে চ্যৱনে ।

" ঋষিবৰ, মানৱ কল্যাণ, দেৱ কল্যাণেই আমাৰ উদ্দেশ্য । যদি দিয়ে অনুমতি আপোনাৰ উপচাৰ আমি আৰম্ভ  কৰিম ।"

" কিয় অনুমতি  নিদিম দেৱ ? ভগৱন্তৰ সৃষ্টিক এই  দুটা নয়নেৰে পুনৰ উপভোগ কৰিব বিচাৰো।" চ্যৱনৰ উত্তৰত আনন্দিত হ'ল অশ্বিনীকুমাৰ ; আনহাতে দেৱদ্বয়ৰ সন্মুখত লাজ আৰু আনন্দৰ আৱেগত তলমূৰ কৰি ৰ'ল সুকন্যাই-----

 " তেন্তে মহৰ্ষি আজিৰ পৰাই আপোনাৰ উপচাৰ আমি আৰম্ভ  কৰিম  । তাৰবাবে আপুনি আমাৰ লগত কিছুদিন থাকিব লাগিব  । যাব লাগিব আশ্ৰমৰ দাঁতিত থকা সৰোবৰটোলৈ ।"

           পুনৰ সৰোবৰটোলৈ ! চক্ খাই উঠিল সুকন্যা । ' হে দেৱ, আশ্ৰমতে স্বামীৰ উপচাৰ কৰিব নোৱাৰিনে ?' উৎকণ্ঠিত মনে সুধিলে সুকন্যাই । পত্নীৰ মনোভাৱ বুজি চ্যৱনে ক'লে, " তুমি চিন্তা নকৰিবা  প্ৰিয়ে । দেৱ  বৈদ্যৰ  ওপৰত মোৰ বিশ্বাস  আছে  । তুমি  মাথো  অপেক্ষা  কৰিবা  মোৰ আগমনলৈ ।"

            সুকন্যাক কোনো কথা কোৱাৰ আৰু সুযোগ নিদিলে অশ্বিনীকুমাৰে ।  চ্যৱনক হাতত ধৰি  লৈ গ'ল দুয়ো সৰোবৰৰ দিশে । দৃষ্টিৰে দেখা  লৈকে চাই ৰ'ল সুকন্যাই তেওঁলোকক । আগে নহা বহু প্ৰশ্নও আহিল মনলৈ । কিয়, কি উদ্দেশ্যত অশ্বিনীকুমাৰে আমাৰ প্ৰতি কৰিছে ইমান দয়া !  আছে নেকি ইয়াত কিবা ষড়যন্ত্ৰ  ! সমিধান বিচাৰি নাপালে সুকন্যাই । ভগৱন্তক চিন্তি পতিদেৱৰ কুশল কামনা কৰি সুকন্যা  সোমাই গ'ল  কুটিৰলৈ ।

Post a Comment

0 Comments