এতিয়াই চাওক

6/recent/ticker-posts

সুকন্যা।। ৰাজীৱ গগৈ।। Sukanya || Rajib gogoi || Part-08||

                                 
যদিওবা দৃঢ়তাৰে , যুক্তিপূৰ্ণভাৱে সুকন্যাই  লৈছিল তাইৰ সিদ্ধান্ত , কিন্তু তথাপি  চ্যৱনৰ মনত  সংশয়  আছিল । পাৰিব জানো ৰাজ কাৰেঙৰ লাহ-বিলাহৰ মাজত পালিতা সুকন্যাই আশ্ৰমৰ কঠোৰ জীৱন যাপন কৰিব  ! পাৰিব  জানো  সঁচাকৈ  এক  সুন্দৰী  যৌৱনাই  এক  অন্ধ- বৃদ্ধৰ  লগত  জীৱন  কটাব  ! 

             কিন্তু  সুকন্যা ব্যতিক্ৰম; চ্যৱনৰ আশংকাক  মিথ্যা প্ৰমাণিত কৰি সহজভাৱে  লৈছে আকোঁৱালি তপস্বিনীৰ জীৱন । আগ্ৰহেৰে, ভক্তিভাৱে, প্ৰেমেৰে স্বামীৰ লৈছে যতন । অন্ধ চ্যৱনৰ দৃষ্টি হৈছে এতিয়া সুকন্যা ; বৃদ্ধ চ্যৱনৰ হাতৰ লাখুটি এতিয়া সুকন্যা । জন্মৰ পৰাই সুকোমল শেতেলীত শয়ন কৰা সুকন্যাই স্বামীৰ কুটিৰত ভূমিত কৰিছে শয়ন! এসময়ত দাসীৰ সহায়ত দুগ্ধৰে স্নান কৰা সুকন্যাই আজি নদীৰ জলত অকলে কৰিছে স্নান ! ভাবি আচৰিত হ'ল চ্যৱন । পত্নীৰ প্ৰতি প্ৰেম আৰু ভক্তিৰে গদগদ হ'ল চ্যৱন । হঠাত চ্যৱনৰ শংকা জাগিল  । আশ্ৰমৰ কিছু নিলগত থকা  নদীত স্নান কৰিবলৈ যোৱা সুকন্যা এতিয়াও চোন ঘূৰি  অহা নাই  ! কিবা বিপদ হোৱা নাইতো ? পত্নীক  বিচাৰি যোৱাটো অলীক কল্পনা অন্ধ চ্যৱনৰ বাবে । একমাত্ৰ ভৰষা মাথো ভগৱন্তহে । চিন্তিত চ্যৱনে লৈছে সেয়ে ভগৱন্তৰ নাম । 

             বনৰ পৰিৱেশত আপোনপাহৰা হয় সুকন্যা । আশ্ৰমৰ নাতি দূৰতে আছে এখন নদী । নদীখনৰ কিছু নিলগতে আছে সেই সৰোবৰটো  যিটোৱে সুকন্যাক  আকৰ্ষণ কৰি  অন্ধত্ব প্ৰদান কৰিছিল চ্যৱনক । নিৰ্জন এই স্থানত কোনো মনুষ্যই প্ৰৱেশ নকৰে , পুৰুষেও ! সেয়ে  নিৰ্ভীক , নি:সংকোচ ভাৱে ইয়াত স্নান কৰিব পাৰে সুকন্যাই । নদীৰ নিৰ্মল জলৰাশিত বহু পৰ জলকেলি কৰিলে সুকন্যাই ; সময়ৰ কথা পাহৰি গৈছিল । দিনমণিৰ উদয়ৰ পূৰ্বেই আহিছিল তাই । এতিয়া দিনমণিৰ  প্ৰভাতী কিৰণ  দেহত পৰাতহে চেতনা আহিল সুকন্যাৰ । লৰালৰিকৈ হাতত অনা কলহটোত পানী ভৰাই ডম্বৰু যেন কঁকালত কলহটো লৈ তিতা বস্ত্ৰৰে  আশ্ৰমলৈ যাব ওলাল সুকন্যা । 

             পদ সঞ্চালন ক্ৰমে বৃদ্ধি পাইছে সুকন্যাৰ; নিশ্চয় স্বামী হৈছে চিন্তিত । কিয় সময়ৰ মূল্য নুবুজে তাই ? পূৰ্বেও  এই স্থানতে সময়ৰ মূল্য নুবুজি  তাই কৰি থৈছে  ভুল  ! আৰু আজিও  একেই----আ:  নিজৰ ওপৰতে খঙ উঠিল সুকন্যাৰ । পূৰ্বতকৈও বেগাই খোজ ল'লে তাই  । হেন্দোলনি  উঠিছে  যৌৱনৰ ; দিনমণিৰ আভাত জিলিকি  উঠিছে সুকন্যাৰ  নিভাঁজ  যৌৱন !

 " ৰ'ব দেৱী, ইমান বেগেৰে ক'ত যায়  আপুনি  ?"

             হঠাত অচিন পুৰুষৰ কণ্ঠস্বৰত হতচকিত হ'ল সুকন্যা । অতপৰে সুকন্যাৰ দৃষ্টি আছিল কেৱল নিজৰ পথত । ওপৰলৈ মূৰ তুলি চোৱা নাছিল তাই । কিন্তু  অচিন মাতত দৃষ্টি প্ৰসাৰিত কৰি আচৰিত হ'ল সুকন্যা । ই কি , দুজন অচিন পুৰুষে সুকন্যাৰ পথ ৰুদ্ধ কৰি থৈছে । মুখলৈ চালে তেওঁলোকৰ---ছি: ইমান লুব্ধ চাৱনি সিহঁতৰ তাইৰ দেহৰ ওপৰত । 

             নিজৰ  দেহলৈ চালে সুকন্যাই । বৰ অস্বস্তি অনুভৱ কৰিলে তাই । সদ্যস্নাতা শৰীৰত তিতা বস্ত্ৰৰে উন্মুক্ত হৈ পৰিছে  তাইৰ ভৰা যৌৱন । দেহৰ ভাঁজ বোৰ  ঢাকিবলৈ অক্ষম হৈছে তাইৰ তিতা বস্ত্ৰ খানি ।  টানি টুনি ঢাকো বুলি দেহৰ যৌৱন চেষ্টা কৰোঁতে পিছলি পৰিল তাইৰ হাতৰ কলহ ! চূৰ্ণাকৃত কলহৰ পানীয়ে আৰু ভিজাই  তুলিলে  সুকন্যাক । অট্টহাস্য কৰি উঠিল নিৰ্লজ দুটাই । সৰ্ব শৰীৰ আৰু ঢকাতো সম্ভৱ নহয় । জিলিকি উঠা  উঠন বুকুক দুয়ো হাতেৰে  ঢকাৰ চেষ্টা চলালে সুকন্যাই । আশংকিত , ভীতিগ্ৰস্ত সুৰে তাই প্ৰশ্ন কৰিলে , " কোন আপোনালোক ? কিয় মোৰ বাট ধৰিছে আগচি ? নাজানে নেকি  মই  মহৰ্ষি চ্যৱনৰ পত্নী ।"

 " জানো দেৱী, সেই বাবেইটো ধৰিছো বাট আগচি । পাৰিছে জানো মহৰ্ষিৰ  বৃদ্ধ কলেৱৰে আপোনাৰ যৌৱনৰ তৃষ্ণা দূৰ কৰিব ? আমালৈ চাওক কেনে সুন্দৰ ৰূপ আমাৰ । আমাৰ দৰে ৰূপহ যৌৱনৰ এক কলেৱৰৰ লগত একাকাৰ হোৱাটো জানো  আপুনি নিবিচাৰে  ? "

            ছি: কি  কৈছে এয়া পাষণ্ডহঁতে । পতিব্ৰতা নাৰীয়ে   দৰ্শন নসকৰে  স্বামীৰ  বিনে অন্য পুৰুষৰ । নাভাৱে এনে ঘৃণনীয় কাৰ্য  ! খঙত তলমূৰ কৰি ৰ'ল সুকন্যাই ।

 " দেৱী নালাগে ল'ব আৰু সেই জীৰ্ণ  , শীৰ্ণ,  অন্ধ আপোনাৰ স্বামীৰ স্পৰ্শ  । আমাৰ দৰে সুঠাম যৌৱনক লওক আদৰি ।"

           পতি নিন্দা আৰু শুনিব নোৱাৰিলে সুকন্যাই । এসোঁতা তপ্ত ৰক্ত বৈ গ'ল সুকন্যাৰ দেহত । চিৎকাৰ কৰি উঠিল তাই -------

 " বহু সহিলো, আৰু নসহো পতিনিন্দা । অধম, বৰ্বৰ পতিব্ৰতা নাৰীক তহঁতে নকৰিলি সন্মান । স্বামীক কৰা সেৱাৰ পৰা যি পুণ্য লভিছো মই  তাৰ জৰিয়তে তহঁতক দিম অভিশাপ ।" --- উগ্ৰমূৰ্তি ধৰিলে সুকন্যাই ।

       অথন্তৰ ঘটাৰ পূৰ্বেই দুয়োজনে 

'ক্ষমা', 'ক্ষমা ' বুলি সুকন্যাৰ চৰণত কৰিলে প্ৰণাম । দিলে বিনয়েৰে নিজৰ পৰিচয়--" দেৱী , ক্ৰোধ নকৰিব আমাক । দেৱতাৰ বৈদ্য আমি দুয়ো অশ্বিনীকুমাৰ । আপোনাৰ পতিব্ৰতা ধৰ্মৰ আমি লৈছিলো পৰীক্ষা  !!"        

           ক্ৰোধ শাম কটা নাই সুকন্যাৰ । ক্ৰোধাগ্নিত ফুঁপাইছে সুকন্যাই । অশ্বিনীকুমাৰদ্বয়ে বিপদৰ আশংকাত কৰিছে কাকূতি । লাহে-লাহে প্ৰকৃতস্থ হ'ল সুকন্যা । সতৰ্ক বাণী শুনালে দেৱক, " মনুষ্যই হওক বা দেৱতাই হওক কোনো নাৰীৰ প্ৰতি নকৰিব এনে ব্যৱহাৰ । "

            আশ্বাস দিলে দেৱদ্বয়ে আৰু শুনালে আগমনৰ উদ্দেশ্য--" দেৱী, মহৰ্ষি চ্যৱনৰ দুখত আমিও দুখী । কিন্তু আপুনি যদি  দিয়ে অনুমতি  আৰু মহৰ্ষিয়ে কৰে আগ্ৰহ নিবাৰণ কৰিব  পাৰোঁ আমি আপোনাসৱৰ দুখ  ।"

" কিহৰ অনুমতি  ? কি দুখ নিবাৰণ কৰিব আপোনাসৱে ? " বৰ বিশেষ আগ্ৰহ নেদেখুৱালে সুকন্যাই ।

      সুকন্যাৰ আগ্ৰহ নেদেখিলেও  এজনে দিলে প্ৰস্তাৱ, " দেৱী, দেৱতাৰ বৈদ্য আমি; জানো উপচাৰ । দিব পাৰোঁ আমি মহৰ্ষিক দৃষ্টিশক্তি ।"

 " দৃষ্টিশক্তি  !! " উৎফুল্লিত হৈ পৰিল এইবাৰ  সুকন্যা । '' কি কৈছে দেৱ ? মোৰ  স্বামীক দিব পাৰিব  দৃষ্টি শক্তি !!"

" হয় দেৱী, যদি  বিচাৰে মহৰ্ষি আৰু আপুনি কৰিব  পাৰোঁ আমি মহৰ্ষিক যৌৱনো প্ৰদান ।"

 " যৌৱনো ------!! " 

  বুজাব নোৱাৰা শিহৰণ জাগি উঠিল সুকন্যাৰ দেহত । স্বামীৰ দৃষ্টি ! স্বামীৰ যৌৱন ! কল্পনা কৰি ৰ'ল সুকন্যাই মনতে ।

   সুযোগ বুজি অশ্বিনীকুমাৰে ক'লে, " দেৱী, মহৰ্ষিয়ে হয়তো  উপযাচি নল'ব যৌৱন । কিন্তু আপুনি যদি কৰে অনুৰোধ----পাছে সকলো এতিয়া নিৰ্ভৰ আপোনাৰ ওপৰতে । আমি মাথো অপেক্ষা  কৰিম  অনুমতি পোৱালৈ । " এইদৰে সুকন্যাৰ মনত  আশাৰ বন্তি জ্বলাই  অশ্বিনীকুমাৰে বিদায়  মাগিলে  ।

            স্থবিৰ হৈ ৰৈ থাকিল সুকন্যা । মনলৈ আহিল নানা ভাৱ । কি কৰিব এতিয়া  সুকন্যাই ? অশ্বিনীকুমাৰে কৈ গ'ল সকলো এতিয়া তাইৰ  ওপৰতে নিৰ্ভৰ । প্ৰতিগৰাকী নাৰীয়ে বিচাৰে নিজ স্বামী হৈ ৰওক চিৰ তৰুণ  । কিন্তু কেনেদৰে সুকন্যাই ক'ব স্বামীক ! বিবাহৰ পূৰ্বে তায়েইটো কৈছিল  স্বামীক বিষয় সুখ গৌণ বুলি ! এতিয়া  কোন মুখে ক'ব স্বামীক যৌৱন প্ৰাপ্তিৰ বাবে উপচাৰ কৰিবলৈ । যদি স্বামীয়ে মনত পাই সন্তাপ ! নাই নাই  কদাপি নকয় স্বামীক  অশ্বিনীকুমাৰৰ  প্ৰস্তাৱ । দৃঢ় সংকল্প লৈ  সুকন্যাই যাত্ৰা কৰিলে  আশ্ৰমলৈ ।

Post a Comment

0 Comments