এতিয়াই চাওক

6/recent/ticker-posts

সুকন্যা।। ৰাজীৱ গগৈ।। Sukanya Rajib Gogoi || Part-07 ||

                           
 সুকন্যা আৰু সুকীৰ্তিক লগত  লৈ পিছদিনা শয্যাতিয়ে চ্যৱনৰ আশ্ৰমলৈ যাত্ৰা কৰিলে । বন  একেখন, পথো একেটাই । পাছে  সিদিনাৰ যাত্ৰাত দুয়ো সখী আছিল চঞ্চলা হৰিণীৰ দৰে ; কিন্তু আজিৰ যাত্ৰা  পথত সকলো মৌন; নিজ নিজ  ভাৱ সাগৰত ডুবি গৈছে সকলো । সঁচাকৈয়ে পৰিস্থিতিয়ে মানুহক সলনি কৰে । বনৰ জন্তুৱেও যেন কৰিছে অনুভৱ ; সমীহ কৰা নাই আজি সিহঁতে মনুষ্যলৈ । ৰথৰ কাষতেই হৰিণে কৰিছে বিচৰণ; ম'ৰাই ধৰিছে চালি । হয়তো আদৰণি জনাইছে সিহঁতেও সুকন্যাক বন্য জীৱনলৈ ! মৌনতাক যাত্ৰাৰ সঙ্গী কৰি   আশ্ৰমৰ বাটচ'ৰাত সকলো  উপস্থিত হ'ল । ভাঁহি আহিছে বতাহত ভগৱন্তৰ  স্তুতি----   

         ' ওঁম নমো বিষ্ণুদেৱায় নম: ।

          ওঁম নমো নাৰায়ণায় নম: ।।'

              অন্ধ চ্যৱনে  শ্ৰীহৰিক   আৰাধনা কৰি আছে  । লাহে লাহে ওচৰ চাপি শয্যাতিয়ে মহৰ্ষিক সেৱা জনালে । কাৰোবাৰ আগমনৰ উমান পায়  হৰি  স্তূতিত বিৰাম লগালে চ্যৱনে । সুযোগ বুজি শয্যাতিয়ে  মাত লগালে , " প্ৰণাম ঋষিবৰ , শয্যাতিৰ সেৱা গ্ৰহণ কৰক ।" 

          চ্যৱনে কল্পনা কৰা নাছিল  শয্যাতিৰ যে পুনৰ আগমণ ঘটিব তেওঁৰ আশ্ৰমলৈ । সেয়ে আচৰিত হৈ চ্যৱনে  প্ৰশ্ন কৰিলে , " ৰাজন ! পুনৰ কিয় আহিল আপুনি  মোৰ ওচৰলৈ  ? "

" ঋষিবৰ, কন্যাৰ লগত মই বাৰ্তালাপ কৰিলো । মোৰ কন্যা সুকন্যা মান্তি হৈছে  আপোনাৰ  পত্নী হ'বলৈ । "

       শয্যাতিৰ  কথা  শুনিতো চ্যৱন প্ৰসন্ন হ'ব লাগিছিল  ; কিন্তু তাৰ পৰিবৰ্তে দেখা গ'ল মহৰ্ষিৰ মুখত ক্ৰোধৰ দাবানল আৰু  তাৰ বহি:প্ৰকাশ ঘটিল এনেদৰে, " ৰাজন  , এয়া  আপুনি উচিত কাৰ্য কৰা নাই । পতি নিৰ্বাচনত নাৰীৰো থাকিব লাগে অধিকাৰ । পিতৃৰ কৰ্তৃত্বৰে কন্যাক বাধ্য কৰাতো উচিত হোৱা নাই ।"

             ইতিমধ্যে তপস্বিনীৰ  সাজে উপস্থিত হৈছেহি  সুকন্যা । আগবঢ়াই আনিছে সখী সুকীৰ্তিয়ে । পিতৃক মহৰ্ষিয়ে ক্ৰোধ কৰিছে  ! সজাগ হ'ল   সুকন্যা ; পুনৰ  কিবা অঘটন ঘটাৰ পূৰ্বে সেয়ে সুকন্যাই  সম্বোধিলে , " ঋষিবৰ, কোনোৱে মোক বাধ্য কৰা নাই  ; স্বেচ্ছাই  মই  আপোনাক পতি ৰূপে বৰণ কৰিবলৈ  প্ৰস্তুত হৈছো  ।"

              হঠাত  নাৰীৰ কণ্ঠ স্বৰ ! আৰু  সুকন্যাৰ বচনে চ্যৱনক আচম্বিত কৰি তুলিলে । ক্ষণিক মৌনতাৰ পাছত  চ্যৱনে  ক'লে, " এয়া  কি  কৈছা সুকন্যা ? তুমি হৈছা উদিত সুৰুযৰ দৰে উদ্ভিন্ন যৌৱনা আৰু মই হৈছো অস্তগামী সুৰুযৰ দৰে মৃত্যুমুখী এক বৃদ্ধ, তাতে আকৌ অন্ধ ! কেনেকৈ সুখী হ'বা তুমি  মোৰ লগত  ? "

           " মোৰ দোষতে আপুনি হেৰুৱালে দৃষ্টিশক্তি । সেয়ে ময়ে হ'ব খোজো এতিয়া আপোনাৰ দৃষ্টি । অন্তৰত বহুৱাই লৈছো স্বামী ৰূপে আপোনাৰেই মূৰ্তি । বিষয় বাসনাৰ উৰ্দ্ধত প্ৰেম আৰু স্বামী ভক্তি । চিন্তা নকৰিব , আপোনাৰ লগত মই নিশ্চয়  সুখী হ'ম  ।"

             প্ৰত্যুত্তৰৰ ভাষা বিচাৰি নাপালে চ্যৱনে । সন্তুষ্টিৰ হাঁহি মুখত বিয়পি পৰিল  " ধন্য ধন্য সুকন্যা , ধন্য তোমাৰ চিন্তাধাৰা । তোমাৰ দৰে নাৰীক পত্নী ৰূপে পালে মোৰ জীৱন ধন্য হ'ব  ।"

              স্বস্তিৰ নিশ্বাস পেলালে শয্যাতিয়ে । সুকন্যাৰ হাত আগবঢ়াই দিলে  চ্যৱনলৈ । পতি মানি সুকন্যাই  মহৰ্ষিৰ পৰা আশীষ ল'লে   । মঙ্গল বাদ্য বাজি উঠিল গগণ মণ্ডলত,  পুস্পবৃষ্টি হ'ল আকাশৰ পৰা । সাক্ষী হৈ ৰ'ল শয্যাতি, সুকীৰ্তিসহ আশ্ৰমৰ যত জীৱকুল চ্যৱন - সুকন্যাৰ বিবাহৰ । বিবাহ কাৰ্য সম্পন্ন কৰি শয্যাতিয়ে সুকন্যা আৰু  মহৰ্ষিৰ ওচৰত বিদায় মাগিলে । বিদায় ক্ষণ যে বেদনাদায়ক; অশ্ৰুসিক্ত নয়নেৰে সুকন্যাই বিদায় জনালে পিতা আৰু সখী  সুকীৰ্তিক

Post a Comment

0 Comments