এতিয়াই চাওক

6/recent/ticker-posts

মহাকাব্যৰ পৃষ্ঠাৰ পৰা ||নিতু গোস্বামী ||Part-02 ||Mohakabyor Pristhar Pora || Nitu Goswami ||

মহাকাব্যৰ পৃষ্ঠাৰ পৰা ||নিতু গোস্বামী ||Part-02 ||Mohakabyor Pristhar Pora || Nitu Goswami ||

                     


              কুৰুক্ষেত্ৰ যুদ্ধৰ পৰিসমাপ্তিত এদিন দ্ৰৌপদীয়ে বাসুদেৱ কৃষ্ণৰ আগত মনৰ কথা ব্যক্ত কৰিলে -" হে মাধৱ ,কুৰুক্ষেত্ৰ ৰণৰ সামৰনি পৰিল ৷পান্ডৱ জয়ী হল ৷পঞ্চপান্ডৱে ন্যায় প্ৰাপ্তিৰ লগতে নিজ প্ৰতিজ্ঞা পূৰ্ন কৰিলে ৷মোৰো প্ৰতিশোধৰ অগ্নি নিৰ্বাপিত হল ৷কিন্তু ভৱিষ্যতৰ দিনত মই কলংকিত ,অসতি নাৰী হিচাপেই চিহ্নিত হৈ থাকিম যদুপতি ৷ একাধিক পতি গমনা এগৰাকী নাৰীক সভ্য সমাজে কেতিয়াও স্বীকৃতি নিদিয়ে ৷কোৱা কেশৱ ,মোৰ ভুল কত ? মাতা কুন্তীয়ে মোৰ ক্ষেত্ৰত কিয় এনে অন্যায় কৰিলে ? " অন্তৰ্যামী বাসুদেৱ কৃষ্ণই উত্তৰ দিলে --" যাজ্ঞসেনী ,এই ক্ষেত্ৰত তুমি মাতা কুন্তিক দোষাৰোপ নকৰিবা ৷পঞ্চপতি তুমি নিজৰ ভুলৰ বাবে প্ৰাপ্ত কৰিছা ৷" দ্ৰৌপদী আচৰিত হৈ কলে -" মই বুজা নাই কৃষ্ণ ,কি ভুল কৰিলো মই ?" পূৰ্ব জন্মৰ কথা তুমি সম্ভৱত: পাহৰি গলা কৃষ্ণা ৷কৃষ্ণই কবলৈ আৰম্ভ কৰিলে —" পূৰ্ব জন্মত তুমি এই জন্মৰ বাবে মনোমত পতি বাঞ্চা কৰি বৰ লাভ কৰিছিলা ৷মনোমত পতিৰ ব্যাখ্যা দি তুমি কবলৈ আৰম্ভ কৰিলা ---" মোক এনে পতি লাগে যি মহাধাৰ্মিক ,এনে এজন পতি লাগে যি বহু হাতীৰ সমান বলশালী হয় ,এনে এজন পতি লাগে যি যুদ্ধ বিদ্যাত চমতকাৰী হয ,এনে এক পতিৰ কামনা কৰো যি অতি সুন্দৰ হয় ,আৰু এনে এক পতি যি তীক্ষ্ণ বুদ্ধিমান হয় ৷" এই জনমত তুমি সকলো গুনেৰে বিভূষিত পাচজন পতি পালা দ্ৰৌপদী ৷পঞ্চগুন সমাবেশ হৈ থকা কেৱলএজন পতিৰ কথাটো তুমি প্ৰকাশ কৰা নাছিলা ৷বৰ লাভ কৰাৰ আনন্দত তুমি এনে এজন এনে এজন বুলি পঞ্চপতিৰ কথা কৰিলা প্ৰকাশ ৷পঞ্চ পতি তোমাৰ পূৰ্ব জন্মৰ কৰ্মফল পাঞ্চালী ৷বাক্যৰ সংযমহীনতাৰ ফল এয়া ৷ আনক দোষাৰোপ কৰিলে তোমাৰ অধৰ্ম হব ৷তোমাৰ এই কৰ্মফলে ভৱিষ্যত প্ৰজন্মক বাক্য প্ৰকাশৰ বেলিকা যে বিশেষ সতৰ্ক কৰিব ই নিশ্চিত ৷ সচাকৈয়ে মহাভাৰতৰ প্ৰতিটো কথা ,প্ৰতিটো চৰিত্ৰই দি যায় যেন আমাক অমূল্য জ্ঞান ৷আপুনিও যদি এনেধৰণৰ লেখা আমাৰ ৱেবচাইটৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে।। আমাৰ হোৱাটচ এপ নং- ৭৮৯৬৮৮২৭৫৪ ।। মেইল- asomiyabhaonasanskriti@gmail.com ।।

Post a Comment

0 Comments