কেতিয়াবা ভাবো কোনদিশলৈ গৈ আছে আমাৰ ভবিষ্যতবোৰ।নতুনৰ পৰশত পুৰণিবোৰ স্মৃতি হয় ক্ৰমশঃ।আমিবোৰোটো ইয়াৰ ব্যতিক্ৰম নহয়।আৰু কেইটামান বছৰৰ পাছত আমি বোৰ যেতিয়া শক্তিহীন হম মঞ্চবোৰে জানো বিচাৰিব আমাক।উপাৰ্জন শূন্য ভবিষ্যত এটাৰ কথা চিন্তা কৰিলে বুকুখনে চিৎকাৰ কৰি উঠে।মা দেউতাৰ মূখতো তাৰেই পুনৰাবৃত্তি ঘটে।তথাপিও কি সন্মোহনী শক্তিৰে বান্ধ খাই আছো নাজানো উজাগৰী ৰাতিবোৰেই আনি দিয়ে অনাবিল শান্তি।
আমি ভাৱৰীয়া।আমাৰ আলফুলকৈ বাঢ়ি অহা ভনী জনী দুৰ্ঘটনাত ঢুকাইছে,পিছৰটো বছৰত এবুকু ৰিক্ততা দি মা জনীও আতৰি গ'ল অজান দেশলৈ।অৱধাৰিত ভাবেই তৃতীয়টো বৰ্ষত একমাত্ৰ ভাইটোৱে বাছি ললে আত্মহননৰ পথ।পিছৰটো বছৰত ভাৱৰীয়া জনে ভাওনাত সংগীতৰ সূধা ঢালিছে।সময়ৰ প্ৰত্যাহ্বান যেন হাঁহিমূখে কৰি আছো গ্ৰহণ।
আমাৰো টোপনি ধৰে ভাগৰ লাগে।জীৱনৰ ধুমুহাই সৰ্বশ্ৰান্ত কৰে।তথাপিও ভাল পাও এই জীৱন।বুকুত ফুলি আছে তাৰেই প্ৰেম পাৰিজাত।অৱশ্যে নাভাবিব একমাত্ৰ পইচাৰ আশাতেই এইয়া কৰিছো বুলি।পইচা টো অন্য কাম কৰিলেও পাম।
কেতিয়াবা ভাবো আভিজাত্যৰ গৰীমা অক্ষুন্ন ৰাখি ব্ৰেণ্ডেড টিচাৰ্টটোৰ দৰ দাম নকৰা জনে ভাৱৰীয়াৰ সামান্যতম পাৰিশ্ৰমিক কেইটাৰ কাৰণে কিয় ইমান প্ৰশ্নবোধক চিহ্নৰ জন্ম দিয়ে।নিজকে বিশ্বৰ অবহেলিত যেন অনুভৱ এটাই আৱৰি ধৰে।যিদিনা খন ৰংতুলিকাৰ বোল নোলোৱাকৈ ওলাম সেইদিনাই চাগে তেওঁলোকে বুজিব অন্তৰত জ্বলি থকা সপোনৰ চিতা বোৰ।
আমিটো সৰু ভাৱৰীয়া।আমাৰ আবেগ অনুভূতিবোৰ কৰবাত শূন্য হৈ পৰে।আক্ষেপ নাই তাত।দহ টকাৰ পকৰী খাই উজাগৰী ৰাতিৰ ভোক নিবাৰণ কৰা সময়ত এবাৰলৈও প্ৰশ্ন নকৰো ভাতৰ ব্যৱস্থা কিয় নাই বুলি।
দুখৰ বৰষুণ জাকত আমিও তিতি আছো মাত্ৰ আপোনাৰ দৃষ্টিত সেইয়া চৌফলীয়া সুখৰ ৰ'দ।
দুই একে কয় কি পাইছ' ৰাতি খন টোপনি খতি কৰি,আনজনে কয় বাহ: তহঁতৰে বহুত টকা প্ৰতিৰাতি দুহেজাৰ তিনিহাজাৰ কৈ ঘটিছ'।নতশিৰে অনুৰোধ কৰিছো পাৰত বহি পুখুৰীৰ গভীৰতা জোখাৰ মিছা চেষ্টা নকৰিব।আজি নিশাটোৰ বাবে দুহেজাৰ টকা লোৱা ব্যক্তিজনে এদিন নিশাটোৰ বিনিময়ত পঞ্চাশ টকা লবলৈকে পুহমহীয়া জাৰত কপি কপি পৰম আশাৰে বাট চাইছিল।সেইয়া মাত্ৰ এটা নিশাৰ পাৰিশ্ৰমিক নহয়।বহু বছৰৰ সাধনাৰ পৰিণতি সেই দুহেজাৰ টকা।
আক্ষেপ নাই ।আমাৰ কন্ঠবোৰ সৰু বাবেই প্ৰতিবাদী মনটো ভিতৰতে হেচি ৰাখিছো।কৰিমেই বা কাৰ ওচৰত।অন্তৰৰ বিষাদ বোৰ উদঙাই কাৰোবাৰ পূতৌৰ পাত্ৰ হব কোনোকালেই নিবিচাৰো।আমাক সমালোচনা কৰক মাত্ৰ নিৰপেক্ষ হওক।শেষত আকৌ কও এই জীৱন প্ৰিয়।য'ত উচ্চাকাংক্ষা নাই আছে ভাতৃত্ববোধৰ এখন বহল পৃথিৱী।
(জয়তু ভাওনা সংস্কৃতি)🙏🙏🙏(আগলৈ...)
0 Comments