এতিয়াই চাওক

6/recent/ticker-posts

sukanya Rajib Gogoi||Part-03 ||

       


       মানসিক  তৃপ্তি পূৰ্ণ কৰি  ৰাজ ভৱনলৈ  ঘূৰি  গ'ল শয্যাতি  । ঘূৰি আহিছে বনলৈ পুনৰ আগৰ পৰিৱেশ । মনৰ পৰা  বিভীষিকা আঁতৰাই  বন্য জন্তুৱে পুনৰ  মুক্ত মনে  বিচৰণ কৰিছে । কিন্তু বন্ধ হোৱা নাই হাঁফলুৰ কঁপনি  । ক্ৰমে বাঢ়িবহে  ধৰিছে হাঁফলুৰ কম্পন  । চপৰা চপৰে মাটি খহি পৰিছে ।

--" আ: আ:"-- 

              যেন   কাৰোবাৰ আৰ্তনাদ  ভাঁহি আহিছে ! হয়, মৰণকাতৰ  আৰ্তনাদ । হঠাত হাঁফলু ভাঙি আৰ্তনাদ কৰি ওলাই আহিল এক মনুষ্য । জীৰ্ণ বস্ত্ৰ , ৰুক্ষ ছাল, দীৰ্ঘ শুক্ল কেশ , ৰক্তাক্ত বদন আৰু খীণ কায়েৰে  এয়াচোন  এজন  তপস্বী ! অ' এয়াচোন   ভৃগুনন্দন চ্যৱন । দেৱৰ্ষিৰ পৰামৰ্শত কৰি আছিল তপ; উগ্ৰ তপ । যৌৱন কালতে আৰম্ভ কৰিছিল চ্যৱনে ভগৱন্তৰ আৰাধনা । ঘটিছিল ঘাত-প্ৰতিঘাত; পাৰ হৈ গৈছিল  বহু প্ৰাকৃতিক দুৰ্যোগ , গাত উঁয়ে বাহ পাতিছিল  । তাৰ প্ৰতি ভ্ৰূক্ষেপ নাছিল চ্যৱনৰ; কৰি গৈছিল একান্ত চিত্তে ভগৱন্তক ধ্যান । অৱশেষত  সফল হৈছিল তপ; লভিছিল তত্ত্ব জ্ঞান; ধ্যান সামৰি  চ্যৱনে হাঁফলুৰ ভিতৰত চকু মেলিছিল  আৰু কি দুৰ্ভাগ্য! সেই ক্ষণতে চ্যৱনৰ অত বছৰে জাপ খাই ৰঙা হৈ পৰা নয়নক চিনিব নোৱাৰি  সুকন্যাই গছৰ ডালেৰে  দিলে ফুটুৱাই !!

---" আ: কিহে বিন্ধিলে মোৰ অক্ষিত । যন্ত্ৰনাত মোৰ যেন প্ৰাণ যাব উৰি । হে প্ৰভু, কি ভুল  কৰিছিলো মই ? তপস্যাৰ সমাপ্তিৰ  পৰত কিয়  দিলা মোক এনে দাৰুণ শাস্তি ? উস: কি পাপত হ'ল মোৰ এনে দশা  -----"    

              ক্ৰমে  অৱশ হৈ পৰিল চ্যৱন ; থিয় হৈ থাকিব আৰু নোৱাৰিলে তেওঁ ।  তীব্ৰ যন্ত্ৰনাত ভূমিত বাগৰি পৰিল চ্যৱন  আৰু  ক্ৰমে    চেতনাহীন  হৈ পৰিল  ।

              মহৰ্ষি ভৃগু আৰু পুলোমাৰ (পুলুমী) তনয় এই চ্যৱন । দুৰ্ভাগ্য যেন আজন্ম লগৰীয়া চ্যৱনৰ !  মাতৃৰ গৰ্ভত থাকোতেই তেওঁ  লভিছিল ইয়াৰ অভিজ্ঞতা ।    পুলোমা গৰ্ভৱতী হৈ থকাৰ সময়তেটো ঘটিছিল এক  অঘটন-----

             পুলোমন নামে ৰাক্ষস এটাই পুলোমাৰ ওপৰত কামাতুৰ  দৃষ্টি ৰাখিছিল । মহৰ্ষি ভৃগুৰ ভয়ত সি আছিল সুযোগৰ অপেক্ষাত । এদিন  ভৃগু মুনি নাছিল আশ্ৰমত । সুযোগ পাই  সেই সময়তে পুলোমনে  পুলোমাক  হৰণ কৰাৰ মানসেৰে আশ্ৰমত প্ৰৱেশ  কৰিলে । অকলশৰীয়া পুলোমাক  বলপূৰ্বকভাৱে ৰাক্ষসে   হৰণ কৰিবলৈ উদ্যত হ'ল । পাৰ্যমানে বাধা দিছিল ৰাক্ষসক পুলোমাই ; স্বামী, স্বামী বুলি প্ৰাণটাকি  চিঞৰিছিল তাই । কিন্তু  স্বামী  ভৃগু  আছিল আশ্ৰমৰ পৰা  বহু  আঁতৰত । আশাহত হৈ পুলোমাই সতীত্ব ৰক্ষাৰ হেতু  প্ৰাণেপণে  যুঁজিছিল ৰাক্ষসৰ লগত । দুয়োৰে মাজত টনা আঁজোৰা  লাগিল । টনা  আঁজোৰাত পুলোমাই হঠাত অসহ্য  বিষ  অনুভৱ কৰিলে উদৰত । চিৎকাৰ কৰি উঠিছিল তাই । আচৰিত কৰি পুলোমাক, আচৰিত কৰি ৰাক্ষসক   গৰ্ভস্খলন  হৈ পুলোমাৰ   এক  পুত্ৰ  সন্তান  ভূমিষ্ঠ হৈছিল । বেদনাত মৃতপ্ৰায় হৈছিল পুলোমা । দুষ্ট ৰাক্ষসৰ তেতিয়াও দয়া ওপজা নাছিল । মৃতপ্ৰায়  পুলোমাক কোলাত লৈ হৰণ কৰিবলৈ সি উদ্যত হৈছিল । তেতিয়াই ঘটিছিল চমৎকাৰ ; সদ্যজাত সন্তানৰ দেহৰ পৰা  ওলাইছিল এক তীব্ৰ জ্যোতি । সূৰ্য্য সম উত্তপ্ত জ্যোতিয়ে   ৰাক্ষসৰ দিশে যাব ধৰিলে । কিংকৰ্তব্যবিমুঢ় হৈ পৰিছিল পুলোমন । কি কৰিব কি নকৰিব ভাবি পোৱাৰ আগতেই    ভস্মীভূত হৈ গৈছিল অধম ৰাক্ষস  সেই জ্যোতিত । ভূমিষ্ঠ হৈয়ে যেন সন্তানে নিজ কৰ্তব্য পালন কৰিলে; ৰাক্ষসৰ হাতৰ পৰা মাতৃক উদ্ধাৰ কৰিলে । ক্ৰন্দন কৰিছিল সদ্যজাত সন্তানে; হয়তো মাতৃৰ দুৰ্দশা দেখি সি অবুজ ভাষাৰে অদৃশ্যজনক  প্ৰাৰ্থনা কৰিছিল  । কিছু ক্ষণ ভূমিত পৰি থকাৰ পাছত   চেতনা ঘূৰাই  পাইছিল পুলোমাই । আকুলতাৰে  সন্তানক ভূমিৰপৰা  কোলাত সাৱটি লৈছিল তাই আৰু কৰিছিল  স্বামীৰ আগমনলৈ অধীৰ  অপেক্ষা  ।        

            অৱশেষত    মহৰ্ষি  ভৃগু  আশ্ৰমলৈ ঘূৰি  আহিছিল । দূৰৰ পৰাই  তেওঁ লক্ষ্য  কৰিছিল   আশ্ৰমৰ  বৈপৰীত  ৰূপ ।  অজান আশংকাত  মহৰ্ষিৰ  অন্তৰাত্মা  কঁপি  উঠিছিল । খৰধৰকৈ  তেওঁ  কুটীৰত  প্ৰৱেশ  কৰিলে ।  পুলোমাই  সদ্যজাত  সন্তানক  কোলাত সাৱটি  পৰি  আছিল  ভূমিত । 

--" প্ৰিয়ে, প্ৰিয়ে  কি হৈছে  তোমাৰ  ?"

             স্বামীক  দেখা পাই  কান্দোন ৰাখিব  নোৱাৰিলে পুলোমাই । সকলো  ঘটনাৰ  বিৱৰণ  দিছিল    তাই ।  পত্নীৰ  মুখে  সকলো কথা জানিব পাৰি  সদ্যজাত পুত্ৰক মৰমেৰে কোলাত  লৈছিল ভৃগুয়ে আৰু  নাম  ৰাখিছিল  চ্যৱন (গৰ্ভচ্যুত হোৱা বাবে এই নাম)  ; আৰু আজি  সেই  চ্যৱনেই  ৰাজকুমাৰী  সুকন্যাৰ  ভুলত  লভিলে  অন্ধত্ব !!  সঁচাই  বিচিত্ৰ  বিধিৰ  বিধান । সঁচাই  অদ্ভুত  প্ৰভুৰ  লীলা । নাজানো ইয়াত কি ৰহস্য নিহীত হৈ আছে । নহ'লেনো  তপ  কৰি  জানো  কোনোবাই  লভে  অন্ধত্ব !! 

Post a Comment

0 Comments