এতিয়াই চাওক

6/recent/ticker-posts

বৰগীত প্ৰতিযোগিতাৰ ফলাফল || Result of borgeet Competition ||


বৰ্তমান সময়ত নৱপ্ৰজন্মক আমাৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আৰু বৰ্তমান সময়ত সকলোকে ধনাত্মক আৰু আধ্যাত্মিক মনোৰঞ্জনৰ জৰিয়তে সকলোৰে মনবোৰ ধনাত্মক ৰখাৰ বাবে "অসমীয়া ভাওনা সংস্কৃতি' ফেচবুক পেজৰ উদ্যোগত  সদৌ অসম ভিত্তিত  বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। দুটা শাখাত মুঠতে তিনিটা পৰ্যায়ত  অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰোতে আমাৰ আয়োজক মণ্ডলীৰ বহুটো ভুল হ'ব পাৰে আৰু অনলাইন ৰ মাধ্যমেৰে অনুষ্ঠিত কৰিব লগীয়া হোৱা বাবে কিছু কিছু ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে ।
কেৱল এখন প্ৰতিযোগিতাই কেতিয়াও এগৰাকী শিল্পীৰ দক্ষতা নিৰূপণ কৰিব নোৱাৰে বা সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিবৰ বাবে এখন প্ৰতিযোগিতা কেতিয়াও যথেষ্ট হ'ব নোৱাৰে। গতিকে সমূহ প্ৰতিযোগীলৈ আমাৰ এটাই অনুৰোধ যাতে সকলোৱে এই প্ৰতিযোগিতাখনক ধনাত্মক ভাৱে লয় আৰু ভৱিষ্যতে নিজৰ চৰ্চা অব্যাহত ৰাখি সংস্কৃতিৰ পথাৰ খনত আগুৱাই যায়।

 পূৰ্বতে উল্লেখ কৰা মতেই আমাৰ তৰফৰ পৰা উচ্চ শাখাৰ শ্ৰেষ্ঠ প্ৰতিযোগী গৰাকী আৰু নিম্ন শাখাৰ শ্ৰেষ্ঠ প্ৰতিযোগী গৰাকীক মানপত্ৰ আৰু পুৰষ্কাৰ প্ৰদান কৰা হ'ব আৰু স্থান লাভ কৰা প্ৰতিযোগী কেইজনক তেওঁলোকে লাভ কৰা সফলতাৰ বাবে প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব।
তৃতীয় পৰ্যায়লৈকে অংশগ্ৰহণ কৰা প্ৰতিযোগী সকলকো আমাৰ তৰফৰ পৰা  অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব।
আমাৰ এই প্ৰতিযোগিতা খনত উচ্চ শাখাৰ বাবে পুৰষ্কাৰ প্ৰদান কৰিছে প্ৰয়াত পিতৃ-মাতৃ শশী গগৈ আৰু বিক্ষেশ্বৰী গগৈৰ সোঁৱৰণত  চৰাইদেউ জিলাৰ কেশৱ গগৈ দেৱে আৰু নিম্ন শাখাৰ বাবে পুৰষ্কাৰ প্ৰদান কৰিছে স্বৰ্গীয় ৰিণাক্ষী বৰাৰ সোঁৱৰণত ডিব্ৰুগড় জিলাৰ নামৰূপৰ নবপল বৰা আৰু স্বপ্না বৰাই।
 পুৰষ্কাৰ প্ৰদানৰ যোগেদি প্ৰতিযোগিতাখন চলাই নিয়াত আমাক সহায় কৰা বাবে আমাৰ তৰফৰ পৰা তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

নিম্ন শাখাৰ স্থান লাভ কৰা প্ৰতিযোগী সকল 


প্ৰথম স্থান- কাত্যায়ী কৌশিক বৰুৱা
দ্বিতীয় স্থান- অত্ৰিনা পোদ্দাৰ
তৃতীয় স্থান- নম্ৰতা ফুকন
                      হৃতিস্মান দত্ত

উচ্চ শাখাৰ স্থান লাভ কৰা প্ৰতিযোগী সকল


প্ৰথম স্থান- প্ৰণৱজ্যোতি দত্ত
দ্বিতীয় স্থান- বুবুল হাজৰিকা
তৃতীয় স্থান- প্ৰস্ফুটি বৰুৱা