এতিয়াই চাওক

6/recent/ticker-posts

অসমৰ হৰিনামৰ অনন্য স্থলী ভৰালী নামঘৰ || Bharali Namghar ||Satra Namghar of Assam ||



 

▪️অৱস্থান-

 সম্প্ৰতি অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ মধ্যস্থলত হাটবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১.৫ কিলোমিটাৰ পূব দিশত অৱস্থিত ঐতিহ্যমণ্ডিত ভৰালী নামঘৰ ৷

▪️বৈশিষ্ট্য - 

ভৰালী নামঘৰৰ বৈশিষ্ট্যপূৰ্ণ সম্পদটো হ'ল তুলসীৰ লাইখুঁটা ৷ পুৰণিকলীয়া লাইখুঁটাটোৰ একাংশ নষ্ট হৈছে যদিও মূল সিংহাসনৰ লগতে অৱশিষ্ট অংশ সংৰক্ষণ কৰি ৰাখিছে ৷ তাৰোপৰি এই নামঘৰৰ ভোগে এক অন্যতম বৈশিষ্ট্য বহন কৰিছে ৷ দৈনিক প্ৰসাদ বিতৰণৰ পিছতেই ভকতৰ দ্বাৰা প্ৰস্তুত ভোগ ভক্তসকলক খাবলৈ দিয়া হয় ৷

▪️ইতিহাস-

 জানিব পৰা মতে বহুদিনৰ আগতে বালিসত্ৰৰ আতা বাপুৰাম দেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল ৷ ১৮২১ চনৰ মানৰ আক্ৰমণ সময়ত অতীজতে থকা দৌলপুখুৰী নামৰ ঠাইৰ পৰা মানুহ নোহোৱা হৈ গ'ল ৷ তেতিয়াৰ ৰজাবিষয়া ভৰালী হাজৰিকাৰ পৃষ্ঠপোষকতাত নামঘৰ থকা ঠাইডোখৰৰ নাম ভৰালী গাঁও আৰু নামঘৰটোৰ নাম ভৰালী নামঘৰ ৰখা হয় ৷


▪️নামঘৰৰ বিৱৰণ -

 ১৫৯৪ চনত স্থাপিত এই নামঘৰৰ মুখ্য তোৰণৰ পোনে পোনে গোঁসাইয়ে ভৰি ধোৱা এটা শিল দেখা পোৱা যায় ৷ এই শিল পাৰ হ'লেই মুখ্য গৃহদ্বাৰ দেখা পোৱা যায় ৷ এই গৃহদ্বাৰৰ দুয়োফালে দুখন বেঁতৰ শৰাই দেখা পোৱা যায় ৷ এই নামঘৰৰ অন্যতম সৌন্দৰ্য বহন কৰে বৃহৎ বৃহৎ আকাৰৰ কাঠৰ দৰ্জা আৰু খিৰিকীসমূহে ৷ নামঘৰৰ ওপৰৰ সকলো অংশতে ৰঙা আৰু হালধীয়া পাৰিৰ চন্দ্ৰতাপ আৰু মুখ্য গৃহদ্বাৰৰ অলপ আগলৈ বকুল মালাৰে আবৃত অগ্নিগড় দেখা পোৱা যায় ৷ অগ্নিগড়ৰ কাষতে সোঁহাতে দুটা বৃহৎ ডবা ৷ মণিকূটৰ বাঁওহাতে কাঁচৰ বাকচৰ ভিতৰত তুলসী খুঁটা সংৰক্ষণ কৰি থোৱা হৈছে ৷ মুখ্য নামঘৰৰ বাওঁহাতে চাকি জ্বলোৱা ঠাই ৷ চাকি জ্বলোৱা গৃহ আৰু নামঘৰৰ মাজ অংশৰে আগুৱাই গ'লে ভোজনালয় দেখা পোৱা যায় ৷ ভোজনালয়ৰ কাষতে এটা বৰপুখুৰী ৷ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যয়ে বিৰাজ কৰা দেখিবলৈ পোৱা যায় ৷  আঠখেলীয়া, ঢেকিয়াখোৱা নামঘৰৰ তুলনাত এই নামঘৰৰ সমুখত বৰকৈ দোকান দেখিবলৈ পোৱা নাযায় ৷  আপুনি যদি ভৰালী নামঘৰলৈ আহিব বিচাৰে তেন্তে দুপৰীয়া ভোজনৰ বাবে সকলো সামগ্ৰী লগত লৈ আহি ইয়াৰে মুকলি অঞ্চলত নিজে বনাই খাব পৰাৰ সুবিধা আছে ৷ খাদ্য ৰন্ধনৰ সকলো যাৱতীয় সামগ্ৰী উপলব্ধ ইয়াত ৷

▪️তুলসীখুঁটাৰ সৃষ্টি-

   জনশ্ৰুতি মতে ৰাইজে নামঘৰ সাঁজিবলৈ এটাও গাওঁখনত "মনৰ মতন" লাইখুঁটা বিচাৰি নাপাই ওচৰৰে বানেশ্বৰ পাহাৰৰ পৰা খুঁটাটো সংগ্ৰহ কৰাৰ বিষয়ে নামঘৰৰ চোতালত সিদ্ধান্ত গ্ৰহণ কৰিলে ৷ আশ্চৰ্যজনকভাৱে এবাৰ এজন গঞাই সপোন দেখিলে যে বাৰিষাৰ ধলত এদিন আপোনা-আপুনি কলঙৰ ঘাটলৈ ৰাইজে বিচৰা ধৰণৰ লাইখুঁটা উটি আহিব ৷ অধীৰভাৱে বাৰিষালৈ অপেক্ষা কৰি থকাৰ অন্তত হাটবৰৰ কলংঘাটত ৰাইজে প্ৰকাণ্ড তুলসী গছজোপা দেখা পালে ৷ আৰু ইয়াকে লাইখুঁটা হিচাপে ব্যৱহাৰ কৰিলে ৷

▪️ লোকবিশ্বাস-

 ভৰালী নামঘৰলৈ শৰাই, তেল-শলিতা আদি আগবঢ়ালে মনোকামনা পূৰ্ণ হয় বুলি জনসমাজত বিশ্বাস প্ৰচলিত হৈ আছে ৷ ভৰালী নামঘৰৰ ঈশ্বৰৰ ভোগ সেৱন কৰিলে নানান ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলিও বিশ্বাস আছে ৷ বহু সময়ত বহু ভক্তই লোণ দান কৰাও দেখা পোৱা যায় ৷

                                                                                      ✍️ দিব্যজ্যোতি ৰাজখোৱা,গোলাঘাট

Post a Comment

0 Comments