অৱস্থিতি:
যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কি.মি পূবত,৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩.৫ কি.মি দূৰৰ ঢেকীয়াখোৱা গাওঁত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ অৱস্থিত। ভৌগোলিক ভাৱে ইয়াৰ অৱস্থান হৈছে 26.47°N94.19°E ।মুঠ ১৩ বিঘা মাটিকালিৰে এই নামঘৰটোৱে গুৰুত্বপূৰ্ণ ঐতিহ্য বহন কৰি আহিছে।
পৰিবহণ:
বিমানসেৱা
ঢেকীয়াখোৱা বৰ নামঘৰৰ নিকটৱৰ্তী বিমানবন্দৰ হৈছে: ৰৰৈয়া বিমানবন্দৰ। দূৰত্ব প্ৰায় ১০ কিঃমিঃ।
ৰেলসেৱা
ঢেকীয়াখোৱা বৰ নামঘৰৰ নিকটৱৰ্তী ৰেল ষ্টেছন হৈছে যোৰহাট ৰেল ষ্টেছন। আনটো নিকটৱৰ্তী ষ্টেছন হৈছে মৰিয়নি জংচন। দূৰত্ব প্ৰায় ৩০ কিঃমিঃ।
পথসেৱা
অসমৰ প্ৰায় সকলো ঠাইৰ লগতে যোৰহাট জিলালৈ অহা-যোৱা কৰাৰ সু-ব্যৱস্থা আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যোৰহাট নগৰৰ পৰা শিৱসাগৰলৈ যোৱাৰ পথত লাহদৈগড় আৰক্ষী চকী পাৰ হৈ ঢেকীয়াখোৱা বৰ নামঘৰলৈ যোৱাৰ প্ৰৱেশ দ্বাৰ পোৱা যায়। তাৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰত ঢেকীয়াখোৱা গাঁৱত নামঘৰটো অৱস্থিত।
ইতিহাস:
আহোম ৰজা ছুহুংমুঙৰ ৰাজবন্দীত্বৰ পৰা মুক্ত হোৱাৰ পাছত নিজ গুৰু ঈশ্বৰ পু্ৰুষ শংকৰদেৱৰ দৰ্শন কৰাৰ অভিলাসত মাধৱদেৱৰ হৃদয় ব্যাকুল হৈ উঠিছিল আৰু তাৰেই মানসেৰে ধুৱাঁইলৈ পদব্ৰজে ৰাওনা হৈছিল । দ্ৰুতগতিত তেওঁ যাত্ৰা আৰম্ভ কৰিছিল যদিও সন্ধ্যাৰ আগে আগে বৰ্তমানৰ টিয়ক পাৰ হৈ ঢেকিয়াখোৱা গাঁৱৰ মাজভাগ পাইছিল আৰু ৰাতিটো কটাবৰ বাবে এহাল বুঢ়া-বুঢ়ীৰ ঘৰত আশ্ৰয় লৈছিল ।
ঘৰখনত কেৱল বু্ঢ়া-বুঢ়ী আছিল আৰু দৰিদ্ৰ যদিও শুদ্ধ সত্ব-নিষ্ঠ আৰু ভক্তিবান আছিল ।প্ৰবাদ আছে যে সেইদিনা বুঢ়া-বুঢ়ীৰ ঘৰত অতিথিৰ যোখাৰে হোৱা চাউল কঠাৰ বাহিৰে শাক পাচলি নাছিল । বুঢ়া-বুঢ়ীয়ে পৰামৰ্শ কৰি বাৰীৰ পৰা কেইডাল মান ঢেকীয়া আৰু এটা ঔটেঙাকে যোগাৰ কৰি আনি সিধাত দিছিল । বুঢ়া-বুঢ়ীৰ বাবে খাবলৈ একো নথকাৰ উমান পাই মাধৱপুৰুষে নিজৰ ভাগৰে খাবলৈ মাতিছিল কিন্তু দ্ৰব্য কমিব বুলি ভাৱি বুঢ়া-বুঢ়ী মান্তি হোৱা নাছিল যদিও মাধৱদেৱৰ অনুৰোধ পেলাব নোৱাৰি খাবলৈ বহিছিল । খাবলৈ বহি তেওঁলোকে আচৰিত হৈছিল কাৰণ এজনৰ জোখাৰে হোৱা চাউলেৰে আটাইকেইজনৰ জোখাৰে অন্নসিদ্ধ হৈছিল আৰু তেতিয়াই তেওঁলোকে ঈশ্বৰৰ মহিমাৰ প্ৰমাণ পাইছিল ।
মাধৱদেৱৰ বাক্য ৰক্ষা কৰি বৃদ্ধ দম্পতিহালে তেওঁলোকৰ জীৱন কালত প্ৰতিদিনে তেল শলিতা জ্বলাই গুৰুজনাই দি থৈ যোৱা আধ্যাত্মিক শক্তিক জাগৃত কৰি ৰাখিছিল অাৰু তেওঁলোকৰ প্ৰয়াণৰ পাছত স্হানীয় ৰাইজে সেই ঠাইতে এটা নামঘৰ নিৰ্মাণ কৰি বন্তিগছি নিৰ্বাপিত নোহোৱাকৈ ৰক্ষা কৰি আছিল । ইয়াৰ পাছত ধৰ্মপ্ৰাণ ৰাইজসকলে তাতে নাম প্ৰসংগ , ভাগৱত পাঠ আদি ধৰ্ম চৰ্চা কৰি গুৰুজনাৰ স্মৃতি ৰক্ষা কৰি আহিছে । মাধৱদেৱ ঈশ্বৰ পুৰুষৰ মহাত্ম্য বহন কৰা ঢেকীয়াখোৱা নামঘৰ আজি অসমৰ জাতি ,ধৰ্ম , বৰ্ণ নিৰ্বিশেষে ধৰ্মৰ অন্যতম প্ৰাণকেন্দ্ৰৰূপে প্ৰতিষ্ঠা লাভ কৰিছে॥
কিংবদন্তি:
কোৱা হয় যে, নামঘৰৰ মূল খুঁটাটো শাল গছৰে নিৰ্মিত। এদিন ৰাতি ইয়াৰ ভকত এজনে সপোনত দেখিলে যে, বৰ নামঘৰৰ কাষেৰে বৈ যোৱা নৈখন (ঢেকীয়াখোৱা জান নামেৰে জনা যায়) সুঁতিৰ বিপৰীতে বৈ গৈছে আৰু বৰ নামঘৰ নিৰ্মাণ কৰিবৰ বাবে লগত এজোপা শাল গছ উটুৱাই লৈ আহিছে। পিছদিনাখন যেতিয়া লোকসকলে সপোনটো বাস্তৱিত হোৱা যেন দেখিলে, তেতিয়া তেওঁলোকে বৰ নামঘৰৰ মূল খুঁটাকেইটা শাল গছেৰে নিৰ্মাণ কৰিলে।
অভিলেখ:
2 Comments
সুন্দৰ 🙏 । ঢ়েকীয়াখোৱা নামঘৰৰ যি ঐতিহ্য বৰ্ণনা সেই কথা সমূহ সুন্দৰ ভাৱে উপস্থাপন কৰাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল ।।
ReplyDeleteঢেকীয়াখোৱা নামঘৰৰ বিষয়ে চৰিত্ৰ পুথিত আছে নেকি?
ReplyDelete