এতিয়াই চাওক

6/recent/ticker-posts

বাৰেচহৰীয়া ভাওনা|| Bare sohoriya vauna||jamuguri hat|vauna||

                                                                 


অসমৰ ভাওনা সংস্কৃতিৰ এক অবিচ্ছদ্য আৰু আটাইতকৈ সমৃদ্ধিশালী অঙ্গ হৈছে বাৰেচহৰীয়া ভাওনা। এই  বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি অঞ্চলৰ এক সুকীয়া ঐতিহ্য। আনুমানিক ১৭৯৭-৯৮ চনত জামুগুৰি ৰঘুদলনীত প্ৰথম বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত হয়। আচলতে বাৰে চহৰীয়া ভাওনা শব্দই বাৰ‘ সংখ্যাক নুবুজায়। বাৰ‘ শব্দই অনেক চহৰ‘ শব্দই গাওঁক বুজাইছে। চহৰ শব্দটো সত্ৰীয়া পৰিমণ্ডলতো প্ৰয়োগ হোৱা দেখা যায়। সত্ৰাধিকাৰে  যেতিয়া শিষ্যসকলৰ অঞ্চলত বাহৰ পাতি এঠাইৰ পৰা আনঠাইলৈ বাহৰ সলনি কৰি শৰণ-ভজন দিয়ে বা কৰ-কাটল তোলেতাক চহৰফুৰা বুলি কোৱ হয়। চহৰ শব্দই প্ৰকৃততে গাঁও অঞ্চলৰ কথাকে বুজায়। গতিকে অনেক গাঁৱৰ ৰাইজ একত্ৰ হৈ যি ভাওনা অনুষ্ঠিত কৰে সেয়ে বাৰে চহৰীয়া ভাওনা।

                               

        বাৰে চহৰীয়া ভাওনা বাৰ্ষিক হিচাপত পতা নহয়। কিয়নো ইয়াত ধন-জন আৰু শ্ৰমৰ প্ৰয়োজন অতি বেছি। সেইবাবে ৰাজহুৱা সিদ্ধান্ত মৰ্মে প্ৰয়োজন বোধে ভাওনা অনুষ্ঠিত কৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। এই ভাওনাৰ মণ্ডপ অতি কৌশলপূৰ্ণ আৰু দৃষ্টিনন্দন। পদুমফুলৰ আৰ্হিত নিৰ্মিত ৰভাখনৰ সোঁমাজত অস্থায়ী সিংহাসন প্ৰতিষ্ঠা কৰা হয়। সিংহাসন থকা অংশটো আঁতৰৰ পৰা দেউলৰ দৰে জিলিকি থাকে। মধ্যভাগ সংলগ্ন কৰা প্ৰতিখন ৰভা মিলি এটা বৃত্তৰ ৰূপ লয়। পদুম ফুলৰ পাহিৰ আকাৰৰ চৈধ্যৰ পৰা একৈছ খনলৈ মণ্ডপক সামৰি বৃত্তাকৃতিৰ বিশাল মণ্ডপ নিৰ্মাণ কৰি প্ৰতিটো মণ্ডপকে একো একোটা মঞ্চলৈ পৰিণত কৰা হয়। প্ৰতিটো মঞ্চকে থলুৱা ভাষাত খলা‘ বুলি কয়। প্ৰতিটো খলাৰ সন্মুখত একো একোটা কৰাপাটচোঁঘৰ নিৰ্মাণ কৰা হয়। মঞ্চৰ জোখ-মাখনক্সা স্থানীয় অভিজ্ঞ লোকে দিয়ে আৰু বৃহত্তৰ অঞ্চলটোৰ ৰাইজে সমূহীয়াভাৱে শ্ৰমদান কৰি মণ্ডপ নিৰ্মাণ কাৰ্য সম্পন্ন কৰে।  ভাওনাত অংশগ্ৰহণকাৰী খেল বা দলে নিজা মণ্ডপ নিৰ্মাণত আগভাগ লোৱা দেখা যায়।

                                                                         


        মণ্ডপৰ মধ্যস্থানত সিংহাসনৰ চাৰিওফালে দেউলৰ নামনিত প্ৰতিটো খলাত একোখনকৈ ভাগৱত প্ৰতিষ্ঠা কৰা হয়। সিংহাসনলৈ মুখ কৰি থকা পশ্চিমৰ খলা খনক প্ৰথম খলা হিচাপে ধৰি সেঁাহাতলৈ ইয়াৰ গননা আৰু নামকৰণ কৰা হয়। গায়ন-বায়নৰ জোৰা উঠাৰ আগে আগে প্ৰথম খলাত বৰকাঁহ বজোৱা হয়। লগে লগেসকলো খলাতে ডবা কাঁহ বাজি উঠে তাৰ পিছতে প্ৰতিটো খলাতে জোৰা আৰম্ভ হয়। মূল গায়নে শ্লোকেৰে জোৰা আৰম্ভ কৰে। চাহিনীৰ পিছত ধেমালিৰ লগে লগে প্ৰথম খলাৰ পৰাই গায়ন-বায়নে ঢেৰাপাক‘ দিয়াৰ আৰম্ভ কৰে। লগে লগে প্ৰতিটো খলাৰ গায়ন-বায়নে প্ৰথম খলাৰ বাদকক অনুসৰণ কৰি খলা সমূহত তিনিপাক দিয়ে। তিনি পাক সম্পূৰ্ণ হোৱাৰ পিছত নিজ নিজ খলালৈ আহি প্ৰতিটো দলে নিজা বাদ্যবাজনানিৰ্দিষ্ট সময়ত সম্পূৰ্ণ কৰে। বাৰে চহৰীয়া ভাওনাৰ এই ঢেৰাপাকে‘ ই অতি আকৰ্ষণীয় আৰু নয়নাভিৰাম দৃশ্য। ইয়াৰ পাছত প্ৰতিটো খলাৰ নিৰ্দিষ্ট খেলৰ নাটৰ ভাওনা আৰম্ভ হয়। গায়ন-বায়নৰ দৰে সূত্ৰধাৰ আৰু ভাৱৰীয়া সকলে প্ৰতিটো খলাতে প্ৰদক্ষিণেৰে প্ৰৱেশ কৰি নিজৰ খলাত অভিনয় কৰিব লাগে। প্ৰতিটো খলাতে বেলেগ বেলেগ নাটৰ অভিনয় হয়। যদিও দৰ্শকে নাটকৰ ৰস পান কৰাত অসুবিধা নাপায়। লোকচিত্ত বিনোদনৰ লগতে ভগৱৎ ভক্তিৰ প্ৰগাঢ় আবেদন বাৰে চহৰীয়া ভাওনাৰমূল আৱেদন। বাৰে চহৰীয়া ভাওনাৰ সকলো নাট অঙ্কীয়া আৰ্হিৰ। স্বাভাৱিকতে ধৰ্মভাৱ ভাওনাৰ প্ৰধান উপলক্ষ্য। ভাওনাৰ ভাষা ব্ৰজাৱলী। বিভিন্ন সুৰপদ পয়াৰবিলাপমধ্যাৱলীপীতাম্বৰী ছন্দপয়াৰ চপয় আদি সুৰত ব্ৰজবুলি সংলাপেৰে প্ৰাচীন নৃত্য-গীতৰ পয়োভৰৰে ইয়াৰ ভাওনা অনুষ্ঠিত হয়।



        অসমীয়া বা মাতৃভাষাৰ নাটৰ ভাওনা বাৰে চহৰীয়াত কৰা নহয়। আধুনিক মঞ্চ আৰু নাটৰ লগত সমানে তাল মিলাই পবিত্ৰ আধ্যাত্মিক ভাৱেৰে জামুগুৰি অঞ্চলৰ নামঘৰ সমূহৰ বিভিন্ন উৎসৱ পাৰ্বণত ভাওনাক আজিও সেৱাৰ বস্তু হিচাপে গণ্য কৰি অহা হৈছে। তাৰেই প্ৰতিফলন বাৰে চহৰীয়া ভাওনাত দেখা যায়। আয়োজকসকলে বিশ্বাস কৰে মহাপুৰুষ শঙ্কৰদেৱৰ চিহ্নযাত্ৰা ভাওনাৰ বিতোপন অভিনয় আৰু সাৰ্বজনীন আধ্যাত্মিক আৰু সাংস্কৃতিক আবেদনে এনে ভাওনা মহোৎসৱৰ বাবে তেওঁলোকক অনুপ্ৰাণিত কৰে।
        
আধ্যাত্মিক দিশত হিন্দুৰ সনাতন ভাৱধাৰাকে বাৰে চহৰত সন্নিবিষ্ট হোৱা যেন অনুভৱ হয়। পদুম আকৃতিৰ মঞ্চই ব্ৰহ্মাৰ নাভিকমলপ্ৰতিখন ৰভাত থকা চৈধ্য যোৰা খুটাই পবিত্ৰ বৈকুন্ঠৰ চৈধ্য পাৰিষদৰ ব্যঞ্জনা দাঙি ধৰে। পাপ-পুন্যৰ বিচাৰত চৈধ্য সাক্ষী অনবৰত ইয়াত বিৰাজমান- এনে ধাৰণাকে বাৰে চহৰে বহন কৰি আহিছে।





বি.দ্ৰ:তথ্য আৰু ফটো সংগৃহীত



Post a Comment

0 Comments