এতিয়াই চাওক

6/recent/ticker-posts

Online Dihanam compettion|| অনলাইন দিহানাম প্ৰতিযোগিতা ||asomiya vauna sanskriti||cultural news||

 শিৱসাগৰ ভক্তিসুধা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সদৌ অসম ভিত্তিত অনলাইন দিহানাম প্ৰতিযোগিতা

 নমস্কাৰ । সমূহ অসমবাসী সংস্কৃতিবান ৰাইজলৈ ভক্তিভৰা সেৱা জ্ঞাপন কৰিছো । সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত সমগ্ৰ বিশ্বৰ লগতে অসমতো যি ক'ৰণা মহামাৰীৰ বিভিষিকাই আতংকৰ সূচনা কৰিছে তাৰবাবে চৰকাৰৰ নিৰ্দেশনাৰ লগতে সমাজৰ প্ৰতিৰক্ষাৰ হেতু সকলো নিশ্চয়কৈ ঘৰতে কুশলে আছে । সেয়েহে এনে পৰিস্থিতিত সকলোৰে মংগল কামনা কৰি আমাৰ সাংস্কৃতিক গোষ্ঠীৰ ফেচবুক পেজৰ জৰিয়তে সদৌ অসম ভিত্তিত এখনি অনলাইন দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । আশা কৰিছো আমাৰ এই প্ৰতিযোগিতাখনিত আপোনালোকে সহায়-সহযোগিতা তথা অংশগ্ৰহণ কৰি আমাৰ উদ্দেশ্য সফল কৰাত অৰিহণা যোগাই ।


নিয়মাৱলী 


এটা দলত ৮ জনতকৈ বেছি সদস্য হব নোৱাৰিব

*ভিডিঅ'ৰ সময় ১০ মিনিটৰ ভিতৰত হব লাগিব

*২০ আগষ্টৰ ভিতৰত ভিডিঅ'সমূহ আমালৈ প্ৰেৰণ কৰিব লাগিব
*প্ৰতিযোগিতাৰ বাচনি তিনিটা পৰ্যায়ৰ ভিতৰত সম্পাদিত হব
*দ্বিতীয় পৰ্যায়লৈ বাচনি হোৱা দলৰ ভিডিঅ'সমূহ পেজত আপল'ড কৰা হব
*জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক
*সৰ্বোচ্চ লাইক কমেন্ট চেয়াৰৰ পৰা ১০ নম্বৰ আৰু বিচাৰকৰ পৰা ৯০ নম্বৰৰ ভিত্তিত শ্ৰেষ্ঠত্ব মূল্যায়ন কৰা হব
*হৰিধ্বনিৰ পৰা অপৰাধ ভঞ্জনলৈকে প্ৰতিযোগিতা মূল্যায়ন কৰা হব
*বিলম্বিত,মধ্য আৰু দ্ৰুত তিনিটা লয়ত নাম পৰিৱেশন কৰিব লাগিব
*দলসমূহে খোল ,তাল আৰু নাগাৰা বাদে অন্য বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব
*সাম্প্ৰতিক পৰিস্থিতি শাম কটাৰ পাছত হবলগীয়া সাংস্কৃতিক গোষ্ঠীৰ অনুষ্ঠানত পুৰস্কাৰসমূহ প্ৰদান কৰা হব
*পুৰুষ , মহিলা আৰু শিশু তিনিটা বিভাগত প্ৰতিযোগিতা অনুষ্ঠিত হব
*৭৮৯৬৪১৭১৩৫ ৱাটচ্ এপ নম্বৰত প্ৰতিযোগিসকলে সম্পূৰ্ন নাম ঠিকনা সহ ভিডিঅ'সমূহ প্ৰেৰণ কৰিব লাগিব
* বিচাৰক তথা সমিতিৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত মান্য হব

  


    
ধন্যবাদেৰে


শ্ৰীগৌতম শইকীয়া
সভাপতি
শ্ৰীকুমাৰ কাশ্যপ শইকীয়া, উপ-সভাপতি
 শ্ৰী প্ৰণৱ জ্যোতি গগৈ, শ্ৰীহিৰোমণি কোঁৱৰ ,যুটীয়া সম্পাদক
 শ্ৰীঅংশুমান মহন্ত(৭৮৯৬৪১৭১৩৫)     
সম্পাদক, প্ৰতিযোগিতা বিভাগ
শ্ৰীদিপাংকৰ বৈৰাগী(৬০০২৪২৪৮৮৪) ,প্ৰচাৰ সম্পাদক


                           

                                                 ভাওনাৰ ভিডিঅ' চাবলৈ তলত ক্লিক কৰক



                     

Post a Comment

0 Comments