এতিয়াই চাওক

6/recent/ticker-posts

ৰাস মহোৎসৱ কলা কৃষ্টি কেন্দ্ৰ-চাৰিং || Rash mhoutsv kola kristi kendra, charing||

                          ৰাস মহোৎসৱ কলা কৃষ্টি কেন্দ্ৰ-চাৰিং।




বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ অন্যতম এডোখৰ অঞ্চলৰ নাম চাৰিং।এই চাৰিংৰ মাজ মজিয়াত "চাৰিং ৰাসমহোৎসৱ কলা কৃষ্টি কেন্দ্ৰ" ভাগি কেইজনমান সাংস্কৃতিৱান ৰাইজৰ প্ৰচেষ্টাত ১৯৬৮চনত গঢ়লৈ উঠিছিল।সেই সময়ৰ কেইজনমান উৎসাহী ব্যক্তি শ্ৰীযুত ললিত শইকীয়া,শ্ৰীযুত অনিল শৰ্মা,শ্ৰীযুত ধৰ্মেশ্বৰ দুৱৰা আদি সাংস্কৃতিৱান পুৰুষ সকলৰ তৎপৰতাত এই আধ্যাত্মিক চৰ্চাৰ প্ৰান কেন্দ্ৰটি স্থাপন হৈ উঠে।
তেতিয়াৰে পৰা শ্ৰী কৃষ্ণৰ ৰাসলীলা,কংসবধ,ভাগৱত পাঠ,ভাওনা,বৰগীত,গায়ন-বায়ন,নৃত্য আদিৰ অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে।চাৰিং ৰাস মঞ্চই সেই ঠাইক এখন কলা সূলভ পৰিবেশৰ সৃষ্টি কৰিছে ।এইভাগ নামঘৰত ভাদমাহত মাহযোৰা নাম প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠিত হয়।ৰাস মহোৎসৱৰ সময়ত লোকে লোকাৰন্য হৈ পৰে এই অঞ্চলটি।সকলোৱে দৰ্শন কৰে আধ্যাত্মিকতাৰে পৰিপূৰ্ণ এখন সুকীয়া বাস্তৱ ছবি,যি আধ্যাত্মিকতাই শাত পেলাই যায় সকলোৰে মন,হৃদয়।এইয়াই মাদকতা চাৰিং ৰাস মহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্ৰৰ।




এই অনুষ্ঠান চালুকীয়া অৱস্থাৰ পৰা বৃহৎ ভাণ্ডাৰলৈ ৰূপান্তৰ হয় আৰু চাৰিং ৰাস মহোৎসৱ কলা কৃষ্টি কেন্দ্ৰও ব্যক্তিক্ৰম নহয়।বৰ্তমানে এই অনুষ্ঠানটিয়ে সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে।এইয়া অনুষ্ঠানটিৰ লগতে চাৰিং বাসীৰ গৌৰৱ।
স্থাপিত হোৱা দিনৰে পৰাই এই অনুষ্ঠানটিয়ে আধ্যাত্মিক ভাৱ ধাৰাৰে পৰিপুষ্টি এখন নিজা মঞ্চ জনগনৰ মাজত দি  যোৱাৰ প্ৰয়াস কৰিছে।বিভিন্ন নাট ভাওনা আৰু সংগীত চৰ্চাৰ চ'ৰা হিচাপে চাৰিং ৰাস মঞ্চৰ এক সুকীয়া আসন আছে।নতুন নতুন অভিনেতা, নায়ক ,বাদক আনকি সৃষ্টি কৰ্মৰ লগত জড়িত নতুন প্ৰজন্মক চাৰিং ৰাস মহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্ৰই বিশেষ ভাৱে প্ৰভাৱাম্বিত কৰি আহিছে।


                                                                                       তথ্য যোগান ধৰোতা-দীপাঙ্কৰ নাথ।

Post a Comment

0 Comments