এতিয়াই চাওক

6/recent/ticker-posts

হাফলুটিং বৰনামঘৰ|| Hfoluting BOR NAMGHAR || Shivsagar ||

            হাফলুটিং বৰনামঘৰ           



ধাৰ্মিক,আধাাত্মিক আৰু ভগৱান তত্ব স্বৰূপ হাফলুটিং ৰাস মহোৎসৱ অৰ্থাৎ হাফলুটিং বৰনামঘৰ শিৱসাগৰ জিলাৰ অন্য এক কীৰ্তিস্তম্ভ।১৯৫৫ চনত এই বৰনামঘৰ ভাগ স্থাপন হৈছিল।স্থাপিত হোৱাৰ সময়তএটি চালুকীয়া সৰু অনুষ্ঠান হিচাপে এই ভাগ নামঘৰত ৰাস উদযাপন কৰি অহা হৈছিল।

হাফলুটিং নামৰ উৎপত্তি :




"হাফলুটিং" নামটোৱেই এটা গভীৰ ৰহস্যৰ সৃষ্টি কৰে।পূৰ্বতে এই নামঘৰৰ  ভেটি আছিল এটা বৃহৎ হাফলু আৰু ইকৰা বিৰিনাৰে পৰিবেষ্টিত এক জয়াল পৰিবেশ।য'ত বিষাক্ত প্ৰানী আৰু হিংস্ৰ জন্তুৰ বাসভূমি আছিল।লোক প্ৰবাদ অনুসৰি এজন ধাৰ্মিক সাধু ব্যক্তিয়ে সেই হাফলুত ৰাধা আৰু কৃষ্ণৰ কেলি দৰ্শন কৰিছিল।এনে এক অদ্ভূত দৃশ্য প্ৰতক্ষ্য কৰি সেই অঞ্চলৰে প্ৰয়াত ঁশংখধৰ মহন্তক প্ৰমুখ্য কৰি গুণী জ্ঞানী সৎ নিষ্ঠাবান ব্যক্তিৰ সহ প্ৰচেষ্টাত হাফলুটিং বৰ নামঘৰ ভাগ গঢ় লৈ উঠে।

                                            



তেতিয়াৰে পৰা হাফলুটিং বৰনামঘৰত মহাৰাস উদযাপন বহুল ভাৱে হৈ আহিছে।অসমৰ বহু ঠাইৰ পৰা এই বৰনামঘৰত সেৱা আগবঢ়োৱাৰ মানসেৰে লোকে লোকাৰন্য হৈ পৰে।ৰাস মহোৎসৱৰ দিনা হাজাৰ হাজাৰ বন্তিৰ আলোকেৰে এই  বৰনামঘৰ ভাগ আলোকিত হৈ পৰে।প্ৰতিষ্ঠা কালৰে পৰা এক আধ্যাত্মিক চিন্তা চেতনাৰে সেই অঞ্চলটোক হাফলুটিং বৰনামঘৰে প্ৰতিনিধিত্ব কৰি আহিছে।ভাওনা,ৰাস,সত্ৰিয়া নৃত্য,নামপ্ৰসংগ,ভাগৱত পাঠ আদি অনুষ্ঠান অনুষ্ঠিত কৰি হাফলুটিং অঞ্চলৰ যুৱ প্ৰতিভাক এখন সুকীয়া মঞ্চ দিয়াৰ প্ৰয়াস কৰিছে সেয়া সকলোৰে বোধগম্য।মূলত হাফলুটিং বৰনামঘৰ আধ্যাত্মিক সংস্কৃতিৰ এখন সুদৃঢ় পথাৰ।       
                            
     ঐতিহ্য গাঁঠা নিৰ্হিত হৈ থকা প্ৰতিটো অনুষ্ঠানে এসময়ত এক গভীৰ বাৰ্তা জন সমাজত প্ৰচাৰ কৰে সেয়া ঢেকীয়াখোৱা,মইনাপৰীয়া আদি বিশিষ্ট নামঘৰসমূহে প্ৰতিনিধিত্ব কৰিছে।সেই একে পণ্ঠাতে হাফলুটিং বৰ নামঘৰ ভক্তৰ কাৰনে এক সুকীয়া আমেজ।প্ৰাকৃতিক পৰিবেশ চিত্ৰণ আধ্যাত্মিকতা বাদ দৰ্শনেই হ'ল হাফলুটিং বৰনামঘৰৰ এক ঐতিহ্যমণ্ডিত মহিমা।

                                                                                                   তথ্য যোগান ধৰোঁতা- দিপাংকৰ নাথ

Post a Comment

1 Comments