এতিয়াই চাওক

6/recent/ticker-posts

সাৰনগৰী বৰনামঘৰ ,নামৰূপ||NAMRUP BORNAMGHAR||ASSAM||অসমৰ সত্ৰ নামঘৰ

     সাৰনগৰী বৰনামঘৰ ,নামৰূপ    


পাটকাই পৰ্বতৰ পাদদেশত ইতিহাসে গৰকা ঐতিহ্যৰে ভৰপুৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিবেষ্টিত ডিব্ৰুগড় জিলাৰ মানচিত্ৰৰ পূব অঞ্চলত অৱস্থিত এখন সৰু চহৰ।নাম-নামহুক,নামৰুক,আৰু কালক্ৰমত স্থায়ীকৈ ৰূপ ললে নামৰূপ।উদ্যোগিক উৎকৰ্ষ সাধনৰ নৱ-নৱ চিন্তা আৰু সময়ৰ দাবিৰে লাহে লাহে গঢ়ি উঠিল তিনিটা উদ্যোগিক প্ৰতিষ্ঠান।লগে লগে প্ৰকৃতিৰ অনাবিল অৱদান স্বৰূপে নদীৰ পানী আৰু বিলৰ লগতে আশে পাশে সেউজীয়া চাহ বাগিছাৰ সুন্দৰ আৱেষ্টনীৰ মাজত গঢ়ি উঠা কম মানুহৰ নগৰ খনিতেই ধৰ্মীয় ভাৱাপন্ন অনুভুতি থকা কেইগৰাকীমান ভক্তৰ আপ্ৰাণ প্ৰচেষ্টাত গঢ়ি উঠিল সাৰনগৰীত এটি নামঘৰ।একাষাৰে গৌৰৱেৰে কৱ পাৰি যে বৰ্তমান উজনি অসমত অৱস্থিত বৰনামঘৰ সমুহৰ ভিতৰত স্ব-মহিমাৰে উজলি উঠা অন্যতম ধৰ্মীয় অনুষ্ঠান এই সাৰনগৰী বৰনামঘৰ।এই নামঘৰভাগি স্থাপিত হৈছিল ১৬৫৯চনত।নামঘৰভাগিত প্ৰথমে গৰুড়াসন ভাগি প্ৰতিষ্ঠা হৈছিল ১৯৬৭ চনৰ ভাদ্ৰ মাহৰ শুক্লা দ্বিতীয়া তিথিত,প্ৰতিষ্ঠাপক আছিল শ্ৰীশ্ৰী কোৱামৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু প্ৰয়াত জীৱকৃষ্ণ দেৱ মহন্ত দেৱ।নামঘৰভাগিৰ প্ৰথম পৰিচালনা সমিতি গঠন কৰা হয় ১৯৬৬ চনৰ ১৭ নবেম্বৰত।সমিতিৰ সভাপতি আছিল প্ৰয়াত হেম দাস আৰু সম্পাদক আছিল শ্ৰী যুত দেৱেশ্বৰ শইকীয়া দেৱ।

ইয়াৰ পৰবৰ্তী সময়ত দ্বাদশ পৰিচালনা সমিতিৰ দিনত ১৭ জানুৱাৰী ২০০৬ চনত ৰাইজৰ সহায় সহযোগিতাত গৰুড়াসন ভাগিৰ সলনি সিংহাসন প্ৰতিষ্ঠা কৰা হয়।প্ৰতিষ্ঠাপক আছিল শ্ৰীশ্ৰী শিপহা সত্ৰৰ সত্ৰাধিকাৰ সৰ্বানন্দ মহন্ত প্ৰভু।এই আসন ভাগি নিৰ্মান শিল্পী আছিল শ্ৰী যুত গিৰিন মহন্ত ডেকা সত্ৰীয়া,শিপহা সত্ৰ।




বৰনামঘৰৰ কাষেৰে বৈ যোৱা সৰু দিচাম জানটোৰ ধীৰ গতি,সেউজীয়া গছ লতিকাৰে আৱৰি থকা মনোৰম পৰিবেশৰ দৃষ্টি নন্দন বাটচৰা ,অনন্ত কৰপাত,কাৰুকাৰ্য্য খচিত ভক্তি ভাৱেৰে মুক্তিমান হৈ থকা গুৰুগম্ভীৰ মণিকূট সংলগ্ন সাতখলপীয়া সিংহাসন,সুপৰিকল্পিত ৰংগমঞ্চ,অতিথি শালা,ৰন্ধন শালা,পুথিভড়াল,পৰিচালনা সমিতিৰ কাৰ্য্যলয়,কীৰ্তন গৃহ কাষত এটি সুপৰিকল্পিত বন্তি গৃহ,আতৈ বহা,শঙ্কৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰশিক্ষন অনুষ্ঠান,ৰংগমঞ্চৰ কাষতে এটি ৬০ ফুট দৈৰ্ঘ্যৰ পুখুৰী।নামঘৰভাগিত পৰম্পৰাগত ভাৱে বছৰেকীয়া বৰসবাহ,পালনাম,ভাদ মহীয়া মাহযোৰা নাম ,কীৰ্তন পাঠ ,গীতা পাঠ,অবিৰত ভাগৱত পাঠ,গুৰু দুজনাৰ তিৰোভাৱ তিথি,জন্মোৎৱ,ভাওনা ,ৰাস,গায়ন-বায়ন,সত্ৰীয়া নৃত্য আদি সকলো অনুষ্ঠান উদযাপন কৰা হয়।

                                                                                                       তথ্য সংগ্ৰাহক
                                                                                                       শ্ৰী সুদীপ্ত আৰ্য বড়া।
                                                                                                       নামৰূপ।

Post a Comment

0 Comments