এতিয়াই চাওক

6/recent/ticker-posts

লকডাউনৰ মাজতে ৰাজ্যৰবাসীয়ে স্মৰণ কৰিলে কলাগুৰুক|| Celebration of Rabha dibos||


আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস


লকডাউনৰ মাজতে ৰাজ্যবাসীয়ে স্মৰণ কৰিলে কলাগুৰুক


     




  সাংস্কৃতিক বাৰ্তাৰ বিশেষ প্ৰতিবেদক, জাগীৰোড:  সমগ্ৰ ৰাজ্যৰ লগতে জাগীৰোডৰ শ্যামাপল্লীৰস্থিত দূৰ্গামন্দিৰ প্ৰাংগনত আজি মাহেকীয়া আলোচনী"শব্দশ:" উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি উদযাপন কৰা হয়। জুৰীয়া কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট কবি লক্ষেশ্বৰ কাকতিৰে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা অনুষ্ঠানটিত বিশিষ্ট সংগীত শিল্পী মনজিতা শৰ্মা আৰু শ্ৰুতি দেৱনাথে বিষ্ণুপ্ৰসাদ ৰাভা কালজয়ী গীত পৰিৱেশন কৰে। শব্দশ: আলোচনী মুখ্য সম্পাদিকা তৃষ্ণা গগৈৰে আতঁধৰা অনুষ্ঠানটিত বিশিষ্ট কবি ৰাজীৱ চহৰীয়া, ভেক্টৰ ফাইঞ্চেৰৰ জাগীৰোড শাখা প্ৰৱন্ধক কুলদ্বীপ কলিতা,তাৰকচন্দ্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধ্ৰুৱজ্যোতি গাঙ্গুলি, সাংস্কৃতিক বাৰ্তাৰ মুখ্য সম্পাদক  প্ৰান্তিক শৰ্মাৰ আৰু গোলাঘাটৰ কৃষ্ণমণি নাথৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি কলাগুৰু ৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানত কবি ৰাজীৱ চহৰীয়া লগতে লক্ষেশ্বৰ কাকতিৰ আৰু তৃষ্ণা গগৈৰে ৰাভাদেৱৰ প্ৰতি শ্ৰদ্ধা জনাই কবিতা পাঠ কৰে।