এতিয়াই চাওক

6/recent/ticker-posts

ভাৱৰীয়াৰ মনৰ কথা।।খণ্ড-০১।।আনন্দ হাজৰিকা।।



ভাৱৰীয়াৰ মনৰ কথা (০১)

                          ✍আনন্দ হাজৰিকা

             সন্ধিয়াৰ সাজ ভাঙিলেই হাতত বেগটো লৈ ওলাই আহো নতুন কিছুমান মানুহৰ মাজলৈ।সেই সময়ত নাজানো ঘূৰি আহোতে শেষ নিশা ঘৰলৈ কি নতুন বিপদৰ সন্মুখীন হওঁ।প্ৰতি দিনেই নতুন নতুন অভিজ্ঞতা।
             আমি যন্ত্ৰ নহয়।আমাৰো আছে আবেগ অনুভূতিৰে ভৰা একোখন হৃদয়।আমাৰো দুখ লাগে,আমিও কান্দো।আমাৰো হৃদয়ত আছে সুখ দুখৰ বহুতো উত্থান পতন।তথাপি আমি নিৰ্বিকাৰ।এই যে ভাওনাৰ শেষত উফৰি অহা তৰল মন্তব্যবোৰ,ভাওনা খন বেয়া হ'ল,অভিনয় বেয়া,দোহাৰত জোৰ নাই আদি বোৰ,এইবোৰে বুকুত শেল হৈ বিন্ধি যায় আমাৰ।বুকুত যন্ত্ৰণাৰ জীয়া ছবি আকি ওৰে নিশা অভিনয়কেই শ্ৰেষ্ঠ মানি সপি দিও নিজক।নিজৰ মাতৃক ICU ত ৰাখি ৰাতিটো উন্মুক্ত অভিনয় কৰি থকাৰ ঘটনাও নঘটা নহয়।
              আমি প্ৰৱল স্বাভিমানী।গুৰুজনাৰ অমৰ সৃষ্টিক বিশ্ব বন্দিত কৰি তোলাৰ দুৰ্বাৰ হেপাঁহ এটাত আমি উজাগৰে ঘূৰি ফুৰো প্ৰতি নিশা । সংস্কৃতিৰ দৰদাম কৰিবলৈ আমি মুঠেও প্ৰস্তুত নহয় । উৰে নিশাৰ বিনিময়ত পোৱা গামোচা খনত বিচাৰি পাওঁ জীৱনৰ সমষ্টতা । উচিত পাৰিশ্ৰমিক নাপালেও বিৰোধিতা কৰিবলৈ আমাৰ বিবেকে আমাক বাৰে বাৰে বাধা দিয়ে।আক্ষেপ নাই।ভাওনাৰ শেষত দেৱতুল্য জ্ঞান কৰি সেৱকীয়ে ধৰা সেৱা ভাগত পাহৰি যাওঁ জীৱনৰ সমষ্ট যন্ত্ৰণা।তাতেই সুখী আমি।
              আমি কৰ্মহীন নহয়।ইচ্ছা কৰিলে বহিৰাগত প্ৰতিষ্ঠানৰ অধীনত কেইটামান দৰমহাৰ বিনিময়ত কিবা এটা কৰিব পৰাৰ যোগ্যতা আমাৰ নাই বুলি নাভাবিব।কিন্তু নিজ সংস্কৃতি বোৰ বিলুপ্ত হোৱাৰ ভয় এটাই আমাক খামুচি ধৰে।সেই বুলি আমি ভোকত আছো বুলি নাভাবিব।যেনেদৰে আছো সুখত আছো।
             "ভাওনা কৰি খুৱাব পাৰিব জানো "মই জানো মাত্ৰ ভাওনা কৰি ঘূৰি ফুৰা ল'ৰা এটালৈ আপুনি কেতিয়াও নিজৰ কন্যাৰ ভবিষ্যত গটাই নিদিয়ে।ঠিকেই,আবেগেৰে জীৱন নচলে।কিন্তু ভাবকচোন এবাৰ,আভিজাত্যৰ দালান সাজি নো কি লাভ যদিহে নোসোমাই তাত সুখৰ বতাহ।আপোনাক ভুল বুলি প্ৰতিপন্ন কৰিব খোজা নাই মাত্ৰ মনলৈ অহা কথাটোহে ক'লো।
 সততেই শুনা যায় সুৰাৰ ৰাগিত মাতাল হৈ ভাওনা কৰা বুলি অপবাদ এটা।অনুৰোধ থাকিল স্ব-স্বক্ষে নেদেখালৈকে অথবা এজনৰ ভুলৰ বাবে গোটেই সংস্কৃতিক কলুষিত নকৰিব।
              আমি টো সাধাৰণ ভাৱৰীয়া।ক্ষন্তেক দেৰী হ'লেই কিবা এষাৰ শুনাবলৈ কোনো কুন্ঠিত নহয়।কেতিয়াবা সুধিবচোন আপুনি ঘৰ গৈ পালেগৈ নে!!!
 আমি মানুহৰ চকুত কি নাজানো।হয়তো বেকাৰ।একো নাই এই জীৱনতেই সুখী আমি।যুগমীয়া হওক সংস্কৃতি জনম জনমলৈ...
🙏🙏🙏জয়তু ভাওনা সংস্কৃতি🙏🙏🙏.........


Post a Comment

0 Comments