এতিয়াই চাওক

6/recent/ticker-posts

তাৰকা-পৌৰাণিক উপন্যাস।। ৰাজীৱ গগৈ।।খণ্ড-12

 


দাশৰথি  ৰাম ; ৰঘুকূলমণি  ৰাম ।  মহান ৰঘুবংশত নাৰায়ণে নৰৰূপে লৈছে অৱতাৰ । নাম লৈছে  শ্ৰীৰাম । শেষনাগো লক্ষ্মণ ৰূপে ৰামৰ অনুজৰূপে আহিছে ধৰালৈ।  উদ্দেশ্য অধৰ্মক নাশী ধৰ্ম কৰিব প্ৰতিস্থা; ধৰ্ম কি , সত্য  কি , কৰ্ম কি দেখুৱাব জগতবাসীক ।      

        ‘ তাৰকাবন’ৰ ( পূৰ্বে জনাজাত দণ্ডকাৰণ্য ) সমীপত  ৰাম- লক্ষ্মণক লগত লৈ উপস্থিত হৈছেহি বিশ্বামিত্ৰ । অগস্ত্যৰ আশ্ৰম ধ্বংস কৰি  সৃষ্টি কৰিছে তাৰকাই এই বন । মনুষ্য বাদেই দেৱতাইও নকৰে প্ৰৱেশ ইয়াত । কাৰণ  ইয়াতে  থাকে  পুত্ৰসহ নিশাচৰী তাৰকা । সহস্ৰ  হস্তীৰ  বলৰ গৰাকিনী তাৰকা !! বিশ্বামিত্ৰইও  সম্পূৰ্ণ ৰূপে  সক্ষম  কৰি  তুলিব খোজে  ৰাম - লক্ষ্মণক ।  সেয়ে  দিবৰ  ইচ্ছা  কৰিছে দশৰথ নন্দনক  তপোবলে অৰ্জন কৰা  বলা আৰু অতিবলা নামে দুটি মন্ত্ৰ । লক্ষ্মণৰ মনত  জাগিছে  উৎসুকতা । সেয়ে  সুধিলে ঋষিক----“ ঋষিবৰ, দয়া কৰি মন্ত্ৰ দুটিৰ ৰহস্য ব্যক্ত কৰিবনে আমাক ?” সন্তুষ্ট  মনে বিশ্বামিত্ৰই ক'লে------“ এই মন্ত্ৰৰ বলত শৰীৰৰ ক্লান্তি  হ’ব দূৰ  আৰু  অপায়-অমঙ্গলৰ পৰা তোমালোকক ৰক্ষা কৰিব ।” দুয়ো  কুমাৰে  ঋষিৰ পৰা মন্ত্ৰ দুটি গ্ৰহণ কৰিলে । 

      ৰামৰ মনত তেতিয়াও  জাগিছে বহু প্ৰশ্ন । এবাৰত সেয়ে সুধিয়ে পেলালে---  

    “ ঋষিবৰ, ৰাক্ষসী যদিও তাৰকা জাতত নাৰী । তেনেস্থলত তাৰকাক বধিলে নাৰী হত্যাৰ পাপত জানো নপৰিম মই !!” ৰামৰ মনোদশা বুজিলে  বিশ্বামিত্ৰই । সেয়ে তাৰকা নিধনৰ সপক্ষে দাঙি ধৰিলে যুক্তি ----        

        “ ৰাম , নাৰী হ’লেও তাৰকা অধৰ্মী; যজ্ঞদ্ৰোহী, তপস্বী বিদ্বেষী, নৰ হত্যাকাৰিনী , পাপীনী তাৰকা । গতিকে তাৰকাক বধিলে ৰামৰ নহয়  পাপ ।”       

          ৰামে  আৰু   নাভাবিলে ;  আহিবৰ সময়তো  পিতৃয়ে কৈছিল ৰামক ------- ‘ বিনাবাক্যে পালন কৰিবা ঋষিৰ আদেশ!!’ এফালে পিতৃ বাক্য , আনফালে ঋষিৰ আদেশ । গতিকে ৰামে পলম নকৰি ধনুত টংকাৰ দিলে । কঁপি উঠিল তাৰকা বন । ভাবিছিল ৰামে ধনুৰ টংকাৰ শুনি পলাই যাওক তাৰকা ।    

            কিন্তু ৰামৰ  ধাৰণা ভুল, অট্টহাস্য  কৰি সন্মুখত আহি উপস্থিত হ’ল তাৰকা আৰু কৰিলে প্ৰশ্ন ---“ কোন ৰাম  ? ” তাৰকাক প্ৰথম দেখা পালে ৰামে । সঁচাই নাৰীৰ যেন ৰূপ নহয় তাৰকাৰ !! নিৰ্ভীক ৰামে ক’লে “ ময়ে  ৰাম ।” 

        আঃ, কি মনোহৰ ৰূপ ৰামৰ !!  সুঠাম শৰীৰ, বহল বক্ষ , ধীৰ স্থিৰ  যেন  গজেন্দ্ৰ গমন । যিকোনো যুৱতীৰ হৃদয় নিব কাঢ়ি । মুখত  জিলিকিছে  শত  চন্দ্ৰমাৰ  নিৰ্মল জ্যোতি ; যিকোনো মাতৃৰ হৃদয়ত  মাতৃত্বৰ  মমতা জগাব তুলি । ক্ষণিকৰ বাবে মোহিত হ’ল তাৰকা । মাতৃৰ মমতা জাগি উঠিল হৃদয়ত ! পাছ মুহুৰ্ততে নিষ্ঠুৰ হ’ল তাৰকা । সৰ্পৰ নাই সৰু বৰ; আজি যদি তাৰকাই দয়া কৰে ৰামক নিজ পুত্ৰদ্বয়ৰ কালিলৈ হ’ব পাৰে বিপদ !!  গৰজি উঠিল তাৰকা । ৰাম আচৰিত হ’ল ইমান ক্ৰোধ আছেনে তাৰকাৰ অন্তৰত ? শান্ত সমুদ্ৰৰ গৰ্ভত যেন নিহিত হৈ আছে জোৱাৰ ভাটা । তথাপি ৰঘুবংশৰ নিয়ম মানি ৰামে প্ৰথমে নামাৰে বাণ কোনো নাৰীলৈ । কিন্তু তাৰকা আজি ধৈৰ্যহীনা ;   নকৰে বিচাৰ ন্যায়- অন্যায়ৰ   । সেয়ে প্ৰচণ্ড শক্তিৰে প্ৰহাৰ কৰিলে ৰামৰ ওপৰত । পালনকৰ্তাক হানি কৰিব পৰাৰ শক্তি জানো আছে তাৰকাৰ ? হেলাৰঙে ৰামে লয় কৰি গ’ল তাৰকাৰ শক্তি । তাৰকাই বুজিলে দেৱগোষ্ঠীৰ প্ৰচাৰ নহয় মিছা । ৰাম নহয় সাধাৰণ মনুষ্য !! কিন্তু এতিয়া আৰু পাছ হোঁহকাৰ নুঠে প্ৰশ্ন । যদি ৰাম হয় নাৰায়ণৰ অৱতাৰ, তেন্তে ৰামৰ হাততে তাৰকাই ত্যেজিব প্ৰাণ ! এইবুলি তাৰকা হ’ল অদৃশ্য । 

        বিশ্বামিত্ৰই  চিঞৰি উঠিল ---“ ৰাম , আৰু নকৰিবা পলম । মায়া যুদ্ধ কৰিব তাৰকাই । ততালিকে মাৰা তাইক । নতু ৰাত্ৰি হ’লে দুগুণে বাঢ়িব নিশাচৰীৰ শক্তি । ”     

         বিশ্বামিত্ৰৰ কুমন্ত্ৰণা শুনিলে তাৰকাই, তথাপি নহ’ল বিচলিত । এক প্ৰকাণ্ড শিল ল’লে দাঙি । কিন্তু এয়া ৰামে  কি  বাণ জুৰিছে ধনুত ! আঃ,  পিতৃপ্ৰদত্ত শব্দভেদী বাণ!! এই বাণৰ নাই প্ৰত্যুত্তৰ  তাৰকাৰ হাতত ! কি কৰিব এতিয়া তাৰকাই ? কিবা এটা কৰাৰ আগতেই বিদ্যুত বেগেৰে ৰামৰ বাণে বক্ষ বিদাৰিলে তাৰকাৰ । আঃআঃ!  আৰ্তনাদ কৰি ঢলি পৰিল তাৰকা ৰামৰ চৰণত । চিৰনিদ্ৰা গ’ল তাৰকা । ওৰেতো জীৱন দুখকে ভুগি মৃত্যুৰ পাছতো তুমি আৰ্যগোষ্ঠীৰ প্ৰচাৰত জগতবাসীৰ হৃদয়ত হৈ ৰ’লা ঘৃণিতা ।  

      বিদায়  তাৰকা , বিদায় । তুমি নোহোৱা অৱলা,  তুমি  নোহোৱা অভাগিনী ; ৰামৰ হাতে  মুক্তি  লভা  তুমি  নিশাচৰী তাৰকা ।।

                      

                                  জয় শ্ৰী ৰাম

                            =============সমাপ্ত=================


(  বি: দ্ৰ: তাৰকাৰ চৰিত্ৰটোক যিহেতু উপন্যাসিক ৰূপত তুলি ধৰিব বিচাৰিছিলো সেয়ে তাৰকাৰ মৃত্যুতে কাহিনীভাগৰ  সামৰণি মাৰিলো । কাহিনীত তাৰকাৰ পুত্ৰদ্বয়ো যিহেতু অভিন্ন অংগ সেয়ে তেওঁলোকৰ কি হৈছিল তাৰ মাত্ৰ আভাস দিছো------ তাৰকা নিধনৰ  পাছত  বিশ্বামিত্ৰই  যজ্ঞ  পাতিছিল । যজ্ঞৰ ষষ্ঠ দিনা মাতৃহত্যাৰ প্ৰতিশোধ আৰু যজ্ঞ নষ্টৰ উদ্দেশ্যে  মাৰীচ-সুবাহু আহি ৰাম-লক্ষ্মণৰ সন্মুখীন হৈছিল । ৰামে  বায়বীয়  বাণেৰে মাৰীচক আকাশ মাৰ্গেৰে শত যোজন দূৰলৈ উৰুৱাই নিছিল আৰু অগ্নি বাণেৰে সুবাহুক বধ কৰিছিল ।' )

Post a Comment

0 Comments