এতিয়াই চাওক

6/recent/ticker-posts

তাৰকা-পৌৰাণিক উপন্যাস।। ৰাজীৱ গগৈ।।খণ্ড-10

 


বিভাণ্ডক নামৰ এজন ঋষিয়ে এবাৰ কঠোৰ তপ কৰিছিল । ঋষিৰ তপ দেখি সেইবাৰো দেৱেন্দ্ৰই শংকিত হৈ তপ ভঙ্গৰ বাবে পঠাইছিল উৰ্বশীক । সফল হৈছিল  উৰ্বশী ঋষিৰ তপ ভঙ্গ কৰাত । নাৰায়ণ সৃষ্ট উৰ্বশীক দেখি বিমুগ্ধ নয়নে চাইছিল ঋষিয়ে---- “ আঃ কি যে সুন্দৰ ৰূপ ! কমল নয়নী ; মধ্যখিনী; উঠন  বুকুৰে  উদ্ভিন্না যৌৱনা !! তোমাৰ ৰূপে মোৰ হৰিলে চিত । দিবানে  মোক  তোমাৰ  সান্নিধ্য ?” ---স্বতঃস্ফুৰ্ত ভাৱে ওলাইছিল ঋষিৰ মুখৰ পৰা ।        

          সন্মতি দিছিল  উৰ্বশীয়ে । পাতিছিল দুয়ো  সংসাৰ ।  প্ৰেমেৰে  জীপাল  কৰি  তুলিছিল উৰ্বশীয়ে ঋষিৰ জীৱন । দুয়োৰে  মিলনৰ   ফলশ্ৰুতিত  উৰ্বশীয়ে  জনম দিছিল  এক  শিশু ।  কিন্তু  জনম  দিয়ে শিশুক পিতৃৰ হাতত অৰ্পণ কৰি উৰ্বশী যাবলৈ  ওলাল দেৱলোকলৈ । তেনে কাৰ্য নকৰিবলৈ বিভাণ্ডকে কাতৰ অনুৰোধ কৰিছিল উৰ্বশীক  । কিন্তু   ক্ৰোধিত কৰি বিভাণ্ডকক  উৰ্বশী গুচি গৈছিল দেৱলোকলৈ । বুজি উঠিছিল বিভাণ্ডকে দেৱতাৰ ষড়যন্ত্ৰ; বুজি  পাইছিল নাৰীৰ চালনা !! ঘৃণা উপজিছিল বিভাণ্ডকৰ সমগ্ৰ নাৰী জাতিৰ প্ৰতি । লৈছিল সংকল্প শিশু পুত্ৰক  তেওঁ নকৰে অনাথ আৰু  কৰিছিল  প্ৰতিজ্ঞা  যি ভুল তেওঁ কৰিলে তেনে ভুল  পুত্ৰক কৰিবলৈ  নিদিয়ে কদাপি ।  আঁতৰত ৰাখিব  পুত্ৰক  নাৰীৰ সংস্পৰ্শৰ পৰা । অশেষ কষ্টৰে পিতৃয়ে  তুলি তালি ডাঙৰ কৰিছিল পুত্ৰক  আৰু নাম ৰাখিছিল পুত্ৰৰ ঋষ্যশৃংগ । অৱশ্যে ঋষ্যশৃংগৰ  জন্মক লৈ  শুনা  যায় অন্য  এক  কাহিনীও-       

      বিভাণ্ডক  ঋষিয়ে এবাৰ স্নান  কৰি  আছিল  নদীৰ  জলত । সেই  মুহুৰ্তত তেওঁ  উৰ্বশীক  দেখা  পাইছিল  নদীৰ  পাৰত  । উৰ্বশীৰ  ৰূপত  মুগ্ধ  হৈ  ঋষিৰ  জলতে  হৈছিল  বীৰ্য্য স্খলন  আৰু সেই বীৰ্য্য উটি গৈছিল  নদীৰ  জলধাৰাত   । মৃগী  নামৰ  অপেস্বৰী এগৰাকীয়ে  অভিশপ্ত  হৈ  হৰিণী ৰূপত  ধৰাত থাকোতে  পিয়াহত  আতুৰ  হৈ  সেই  নদীৰ  জল  কৰিছিল পান  । অকস্মাত  জলৰ লগতে পান  কৰিছিল  ঋষিৰ  বীৰ্য্য  ! ফলত গৰ্ভ ধাৰণ কৰিছিল হৰিণীয়ে !! জন্ম দি এক  মনুষ্যৰূপী শিশুক হৰিণী শাপমুক্তা হৈ দেৱলোকলৈ যাত্ৰা কৰিছিল । থৈ  গৈছিল  শিশুটিক বিভাণ্ডক  ঋষিৰ আশ্ৰমৰ  কাষত । বিভাণ্ডকে শিশুটিক পাই পুত্ৰৰূপে গ্ৰহণ কৰিছিল । জন্মৰপৰাই শিশুটিৰ শিৰত এটা শিং আছিল বাবে বিভাণ্ডকে শিশুৰ নাম ৰাখিছিল ঋষ্যশৃংগ !! যি  নহওক  কিয় ঋষিসকলৰ জন্মক লৈ কিয় থাকে ৰহস্য, নানা  মতান্তৰ আমাৰ বাবে সি দুৰ্বোধ্য !!

        সম্বন্ধত  ঋষ্যশৃংগ  আকৌ হ'লগৈ  দশৰথৰ জোঁৱাই  !! কৌশল্যাৰ জ্যেষ্ঠা ভগ্নী বৰ্ষিণীক  বিবাহ কৰাইছিল অংগ ৰাজ্যৰ  ৰজা লোমপাদে । লোমপাদৰ বয়স যথেষ্ট হৈছিল; বিবাহৰ বহু বছৰ পাৰ হোৱাৰ পাছতো সন্তানৰ মুখ দেখা নাছিল লোমপাদে ।  জ্যেষ্ঠা ভগ্নী বৰ্ষিণীৰ দুখ সহিব পৰা নাছিল কৌশল্যাইও । দশৰথেও  উপলব্ধি কৰিছিল লোমপাদৰ দুখ  । সেয়ে দশৰথ আৰু কৌশল্যাৰ  যুগ্ম জীৱনৰ  প্ৰথম  সাক্ষী ৰূপে জনম লোৱা  কন্যা  সন্তানটিক নিজহাতে তেওঁলোকে  দান  দিছিল  লোমপাদ  আৰু বৰ্ষিণীক !! লোমপাদে  দত্তক  কন্যাৰ  নাম ৰাখিছিল  শান্তা । পাছে এই ঘটনাৰ পৰবৰ্ত্তী  পৰ্যায়ত দশৰথে পুনৰ   পিতৃত্ব লভিবৰ হেতু কৰিব লগা  হৈছিল   অধীৰ অপেক্ষা           

           শান্তাৰ গাভৰু কালৰ কথা ----------- অংগৰাজ্যৰ  আকাশত  নিতৌ  উঠে  কলীয়া ডাৱৰ, সকলোৰে মনত  জাগে  আশাৰ বন্তি । কিন্তু  তাচ্ছিল্য  কৰি  , আশাহত  কৰি সকলোকে   ডাৱৰবোৰে গতি  কৰে  অন্য  দিশলৈ । এনেদৰে  বহু দিন  পাৰ  হ'ল । বৃষ্টিৰ  অভাৱত  অংগৰাজ্যৰ  শস্যৰ  পথাৰত  মেলিছিল   ছিৰালফাট ; হৰিছিল  খেতিয়ক  প্ৰজাৰ  মুখৰ  মাত । ৰাজন  লোমপাদো  হৈছিল  চিন্তিত । কাষ  চাপিছিল  বিজ্ঞজনৰ । গণি পিতি  চাই  কৈছিল  বিজ্ঞজনে----- "ৰাজন, দেৱতাৰ ৰোষত পৰিছে অংগৰাজ্য । আয়োজন  কৰক  এক  দেৱ  যজ্ঞ  দেৱতাৰ সন্তুষ্টিৰ  বাবে । "   ৰাজ্যৰ  মঙ্গলৰ  অৰ্থে  লোমপাদে আয়োজন কৰিবলৈ  সিদ্ধান্ত কৰে  এক  দেৱ যজ্ঞৰ । যজ্ঞৰ পুৰোহিতৰ দায়িত্ব অৰ্পণ কৰিবলৈ বিজ্ঞজনেই  দিছিল  ৰাজনক  ঋষ্যশৃংগৰ প্ৰস্তাৱ । কাৰণ  ঋষ্যশৃংগ হৈ  উঠিছিল এজন  দক্ষ  বেদজ্ঞ ; তদুপৰি  তেওঁ  হৈছে সৰগৰ অপেস্বৰীৰ সন্তান । আশা  কৰিছিল  নিশ্চয়  দেৱগণ  ঋষ্যশৃংগৰ  যজমানিত  সহজে  হ'ব  সন্তুষ্ট  ।         

              যজ্ঞৰ  সকলো  আয়োজন  হৈছিল  সম্পূৰ্ণ  । সমস্যা  হৈছিল  ঋষ্যশৃংগক অংগৰাজ্যলৈ অনাটোত । কাৰণ  প্ৰতিজ্ঞা  অনুসৰি  নাৰীৰ  সংস্পৰ্শৰপৰা বিভাণ্ডকে পুত্ৰ ঋষ্যশৃংগক আঁতৰাই ৰাখিছিল । উক্ত  কাৰণতে  মনুষ্য  সমাজৰ পৰাও  সম্পূৰ্ণ  নিলগত  ৰাখিছিল  পুত্ৰক । তেনে পৰিস্থিতিত ঋষ্যশৃংগক  অংগৰাজ্যলৈ অনাটো অতিকে কঠিন । অৱশ্যে লোমপাদে উপায় উলিয়াইছিল । যি নাৰী সংগৰ পৰা পিতৃয়ে পুত্ৰক আঁতৰাই ৰাখিছে তেনে নাৰীৰ হতুৱাই  ঋষ্যশৃংগক আশ্ৰমৰ পৰা  উলিয়াই আনিব ! ৰাজ্যৰ বাচকবনীয়া বাৰংগনা কেইগৰাকীক দিছিল লোমপাদে সেই দায়িত্ব !! বিভাণ্ডকৰ অনুপস্থিতিৰ সুযোগত অভিজ্ঞ বাৰংগনাগণে দেহৰ সুষমাৰে পূৰ্বে নাৰীৰ  সান্নিধ্য নোপোৱা ঋষ্যশৃংগক ব্যাকুল কৰি লৈ আহিছিল অংগৰাজ্যলৈ । আদৰ আতিথ্যৰে লোমপাদে ঋষ্যশৃংগক সন্তুষ্ট কৰি তেওঁৰ দ্বাৰা যজ্ঞ সমাপন কৰোৱাই  । যজ্ঞ সফল হৈছিল--ধাৰাসাৰে বৃষ্টিপাত হৈছিল অংগৰাজ্যত । তেতিয়াৰ পৰাই এজন সফল যাজ্ঞিক ৰূপে খ্যাতি লভিছিল ঋষ্যশৃংগই ।  সন্তুষ্ট হৈ  লোমপাদে দত্তক কন্যা শান্তাক অৰ্পণ কৰিছিল ঋষ্যশৃংগক । শান্তাৰ দৰে ৰূপৱতী নাৰীক পত্নী ৰূপে লভি সন্তুষ্ট হৈছিল  ঋষ্যশৃংগ আৰু  লোমপাদৰ  ৰাজ্যতে   তেওঁ  আছিল   কিছুদিন ।

        আনফালে   বিভাণ্ডকে  সকলো  জানিব  পাৰি  ক্ৰোধিত   হৈ আহিছিল অংগৰাজ্যলৈ । বিভাণ্ডকৰ আগমনৰ বাৰ্তা পাই ভয়ত কঁপি উঠিছিল লোমপাদ । ঋষ্যশৃংগও হৈছিল চিন্তিত--

' কিদৰে পিতৃৰ ক্ৰোধৰ সন্মুখীন হ'ম বুলি ।' কিন্তু সমীহ কৰা নাছিল   শান্তাই । ভক্তিভাৱে  আগবাঢ়ি গৈ সেৱা শুশ্ৰূষা কৰিছিল শান্তাই শহুৰ বিভাণ্ডকক । শান্তাৰ ব্যৱহাৰত ক্ৰোধ শাম কাটিছিল বিভাণ্ডকৰ । গুণৱতী বোৱাৰী লাভ কৰিলো বুলি সন্তুষ্টি লভি ঋষিয়ে পুত্ৰ-বোৱাৰীক আশীৰ্বাদ দি আশ্ৰমলৈ ঘূৰি গৈছিল । সুমন্ত্ৰৰ পৰামৰ্শত সেয়ে দশৰথেও এই  ঋষ্যশৃংগকে অৰ্পণ কৰিছিল  যজ্ঞৰ দায়িত্ব । 


Post a Comment

0 Comments