এতিয়াই চাওক

6/recent/ticker-posts

তাৰকা-পৌৰাণিক উপন্যাস।। ৰাজীৱ গগৈ।।খণ্ড-09

 


অল্প  ক্ষণতে   বিশ্বামিত্ৰৰ  বিষয়ে ইমানখিনি   বৰ্ণনা কৰি  ৰৈ গ'ল  তাৰকা । অতপৰে  মৌন হৈ থকা মাৰীচে ক’লে ---------- “ মাতৃ, সেই   বিশ্বামিত্ৰই  এতিয়া ৰাম-লক্ষ্মণক প্ৰহৰী কৰি আয়োজন কৰিবৰ  যোজা  চলাইছে  এক  যজ্ঞৰ  ।    

                অট্টহাস্য  কৰি  উঠিল  তাৰকাই । বিশ্বামিত্ৰৰ যজ্ঞলৈ সমীহ নকৰে তাৰকাই ।  কিন্তু  সাঁথৰ  হৈ  ৰ’ল  তাৰকাৰ  বাবে 'ৰাম-লক্ষ্মণ ' ! মনৰ  জিজ্ঞাসাক দমাব নোৱাৰি সেয়ে  সুধিলে  তাৰকাই --- “ কোন  এই  ৰাম - লক্ষ্মণ ?’’           

         সাহস  পাই  মাৰীচে  ক’লে ---  “ মাতৃ, অযোধ্যা ৰাজ দশৰথৰ তনয় ৰাম আৰু লক্ষ্মণ । আৰ্য গোষ্ঠীয়ে চলাইছে  প্ৰচাৰ ৰাম হেনো নৰৰূপী নাৰায়ণ । তথাপি মাতৃ, তুমি নকৰিবা চিন্তা কদাপি হ’ব  নিদিওঁ আমি এই যজ্ঞ  সমাপন  ।”    

      ‘ দশৰথৰ  তনয়  ‘ !! মাৰীচৰ বচন শুনি তাৰকা দুঃচিন্তাত  পৰিল । দেৱ - ক্ষত্ৰিয়ৰ  চক্ৰান্তলৈ সমীহ জাগে তাৰকাৰ । বিশেষকৈ দশৰথলৈ  !! কাৰণ  শুনিছে   তাৰকাই দশৰথৰ  পৰাক্ৰম ।  ইতিমধ্যে  দশৰথে সম্বৰাসুৰক  বধি  স্বৰ্গ উদ্ধাৰ  কৰি দেৱতাক পুনৰ প্ৰদান কৰিছে   ; মিত্ৰতা পাতিছে দেৱতাৰ  লগত  । আচৰিত  হৈছিল তাৰকা কেনেদৰে ইমান শক্তিশালী সৰুতেই পিতৃ - মাতৃক  হেৰুওৱা   দশৰথ  !!

         তাৰকাৰ  সন্দেহ  অমূলক  নাছিল । সঁচাই  অতুল  বিক্ৰমেৰে  সমৃদ্ধ  দশৰথ ।  অৱশ্যে  তাৰকাই  দশৰথৰ  বিষয়ে   অৰ্দ্ধ সত্যহে জানিছিল । সৰুতে  দশৰথ  মাউৰা হৈছিল ;  ই সত্য । দশৰথৰ  পিতৃ  আছিল ৰঘুনন্দন  অজ  আৰু  মাতৃ  আছিল ইন্দুমতী । অজই  কৰিছিল পত্নী  ইন্দুমতীক অপাৰ স্নেহ । দশৰথৰ জন্মৰ কেইমাহমান পাছৰ  ঘটনা --- উদ্যানত ভ্ৰমণ কৰি  আছিল  এদিন  অজ  আৰু  ইন্দুমতী । পুস্পৰ সুগন্ধ আৰু শীতল মলয়াই দুয়োকে কৰি তুলিছিল আত্মহাৰা । হঠাতে  আকাশ মাৰ্গৰপৰা খহি  পৰা  এক  পুষ্পমালা পৰিছিলহি  ইন্দুমতীৰ কণ্ঠত । কি আচৰিত ! পুষ্পমালাৰ  আঘাতত ইন্দুমতীয়ে  লৈছিল মৃত্যুক আকোঁৱালি ! অজ আচৰিত হৈছিল । মানি ল’ব পৰা নাছিল এনে  নাভুত নাশ্ৰুত ঘটনাক । পুষ্পমালাৰ  আঘাতত  জানো কোনো  মনুষ্যৰ  মৃত্যু  হ’ব  পাৰে ? তাকো  মৰমৰ  দয়িতাৰ !!  অকালতে হেৰুৱাই পত্নীক দিক্‌ বিদিক হেৰুৱাইছিল অজই । তেনেতে  পত্নীৰ  বিয়োগত  শোকাতুৰ  হৈ  পৰা ৰাজন  অজৰ  কাষলৈ  আহিছিল  দেৱৰ্ষি ।  বিষাদগ্ৰস্ত মনে  অজই সম্ভাষণ  জনাইছিল  দেৱৰ্ষিক   । সন্তাপ দূৰ হওক বুলি অজৰ  দেৱৰ্ষিয়ে ইন্দুমতীৰ  মৃত্যুৰ  ৰহস্য  কৰিছিল বৰ্ণনা--------      

      হে ৰাজন, ইন্দুমতীৰ  মৃত্যুত  শোক নকৰিব  । হৰিণী  নামে   আছিল  সৰগত  এগৰাকী   অপেস্বৰী । এবাৰ  হৰিণীয়ে তৃণবিন্দু  ঋষিৰ  তপস্যা  ভঙ্গৰ  অপৰাধত  ধৰাত মানৱী ৰূপত জনম  ল’ব লাগিব  বুলি  শাপিত  হৈছিল  । ইন্দুমতীয়ে আছিল সেই শাপগ্ৰস্তা  হৰিণী । শাপিত হৈ  হৰিণীয়ে ঋষিৰ চৰণত মিনতি কৰাত ঋষিয়ে দিছিল শাপমোচনৰ উপায়---------

 “ যি ক্ষণত দেৱলোকৰ পুষ্প  আহি  হৰিণীৰ  কণ্ঠত পৰিব সেই ক্ষণত হৰিণী হ’ব  শাপমুক্তা ।’’        

        আৰু স্বৰ্গ পথে যাত্ৰা কৰোঁতে আমাৰ বীণাৰ পৰাই অকস্মাত  এক পুষ্পমালা খহি পৰিছিল ইন্দুমতীৰ কণ্ঠত !!  ফলত  ইন্দুমতীয়ে  শাপৰপৰা মুক্তি পাই স্বৰ্গলৈ  গমন কৰিলে !! গতিকে  কাৰোবাৰ  শাপমোচনত  শোক  কৰা  অনুচিত;  আৰু  বহু তত্ত্ব  জ্ঞান  শুনাই  দেৱৰ্ষিয়ে বিদায়  লৈছিল ; কিন্তু  অজৰ শোক  দূৰ  নহ'ল । তাতে সকলোতো  নহয় চিত্ৰকেতু  যে  দেৱৰ্ষিৰ তত্ত্ব জ্ঞান  গ্ৰহণ কৰিব  ! পত্নীৰ বিৰহত অজই  কিছু দিন পাছত  প্ৰাণ ত্যাগ কৰিছিল  । সেই সময়ত দশৰথ  আছিল  মাত্ৰ আঠ মহীয়া । মন্ত্ৰী সুমন্ত্ৰৰ তত্বাৱধানত দশৰথ পালিত হৈ ওঠৰ বছৰ  বয়সত  অযোধ্যাৰ  ৰাজসিংহাসনত অভিসক্ত  হয়  দশৰথৰ । তাৰকাই  জানে ইয়ালৈকে । সেয়ে  কৈছে  দশৰথক  ঘাত মাউৰা বুলি । কিন্তু আৰু  আছে বহু ৰহস্য দশৰথৰ ! পূৰ্ব জনমত দশৰথনো  কোন আছিল সেই সন্দৰ্ভত অজ্ঞ আছিল  তাৰকা । ৰহস্য জানিবলৈ  আমি যাব লাগিব সত্য  যুগলৈ-------    

      প্ৰাচীন কালত মনু-শতৰূপাই নাৰায়ণক তপ কৰি সন্তুষ্ট কৰিছিল আৰু নাৰায়ণক পুত্ৰৰূপে লভাৰ কামনা কৰিছিল  । নাৰায়ণে আশ্বাস   দি  কৈছিল --- "এই  জনমত  তোমালোকৰ  এই  মনোকামনা  নহ'ব  পূৰণ ;  অপেক্ষা  কৰিব  লাগিব  ত্ৰেতা যুগলৈ ।"  সেই মনুৱেই এতিয়া দশৰথ আৰু শতৰূপাই লৈছে  কৌশল্যাৰূপে  জনম । বিধিৰ  বিধান অনুসৰিয়েই দশৰথৰ প্ৰধান মহিষীও  এতিয়া কৌশল্যাই । অন্য দুগৰাকী  প্ৰধান মহিষী  হ’ল কৈকেয়ী আৰু সুমিত্ৰা । তদুপৰি আছে  দশৰথৰ  প্ৰায়  সাতশ ৰানী-------       

      পাছে  নাৰায়ণক পুত্ৰ ৰূপে লভাতো জানো ইমান সুলভ ! বিবাহৰ বহু বছৰ পাছতো  দশৰথ  অপুত্ৰক  হৈ  আছিল । চিন্তিত  হৈছিল  দশৰথ, চিন্তিত  হৈছিল  প্ৰজাগণ; ঘটিব নেকি  সমাপ্তি  দশৰথতেই  মহান  ৰঘুকুলৰ  জয়যাত্ৰা !  অৱশেষত গুৰু বশিষ্ঠৰ বাণী আৰু সুমন্ত্ৰৰ পৰামৰ্শত দশৰথে পুত্ৰ  লাভৰ  অৰ্থে আয়োজন কৰিবলৈ নিশ্চয় কৰিছিল এক  অশ্বমেধ যজ্ঞৰ । কিয়নো এয়া যুগ ধৰ্ম-- সত্য যুগে তপ, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰত পূজা আৰু কলিত হৰি নাম । যজ্ঞৰ  প্ৰধান  যাজ্ঞিক  নিৰ্বাচনক  লৈ  চিন্তাত  পৰিছিল  দশৰথ । পাছে  সুমন্ত্ৰই  প্ৰস্তাৱ  দিছিল ঋষ্যশৃংগৰ  নাম । যাজ্ঞিকৰ যোগ্য আছিল ধৰাত   বহু  তপোধৰ   ; কিন্তু নলৈ  আনৰ নাম  সুমন্ত্ৰই  কিয়  দিছিল  প্ৰস্তাৱ ঋষ্যশৃংগৰ  নাম !! কোন  এই ঋষ্যশৃংগ ? এই বিষয়ে জানিবলৈ আমি  অতীত খুচঁৰিব লাগিব ঋষি বিভাণ্ডকৰ----

Post a Comment

0 Comments