এতিয়াই চাওক

6/recent/ticker-posts

ব্ৰজাৱলী ভাষা || Brojawali Language ||

ব্ৰজাৱলী ভাষা 

.


     "ব্ৰজাৱলী ভাষা" অসমৰ কিছু কিছু অঞ্চলত পঞ্চদশ-ষোড়শ শতাব্দীত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ দ্বাৰা নিৰ্মিত আৰু ব্যৱহৃত একধৰনৰ সাহিত্যিক ভাষা বিশেষ। এই ভাষা তেওঁৰ ধৰ্ম্মীয় গ্ৰন্থ,বৰগীত,অংকীয়া নাট আদি ৰচনা কৰিবলৈ ব্যৱহাৰ কৰিছিল। পাছলৈ এই ভাষা অসমৰ বৈষ্ণৱ সাহিত্যৰ এটি গুৰুত্বপূৰ্ণ অংগ হৈ পৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ অনুগামী সকলেও এই ভাষাতে বিভিন্ন গ্ৰন্থ,গীত-মাত আদি ৰচনা কৰিবলৈ লয়।এই ভাষাৰ সমৰূপ ভাষা বাংলা আৰু উৰিষ্যাত প্ৰচলিত থাকিলেও অসমত প্ৰচলিত ব্ৰজাৱলী ভাষা সেইবোৰতকৈ ভিন্ন ধৰনৰ আছিল বা পৃথক আছিল।অন্যান্য সমৰূপ ভাষাসমূহ ব্ৰজভাষাৰ ওপৰত নিৰ্ভৰশীল হলেও ব্ৰজাৱলী ভাষা মৈথিলী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত গঠিত হৈছিল। সাধাৰণভাৱে এই ভাষাৰ কথিত ৰূপত অসমীয়া শব্দৰ প্ৰচলন আছিল বাবে অসমৰ মানুহে সহজেই এই ভাষা বুজিব পাৰিছিল। সেইহে উত্তৰ-পূৱ ভাৰতৰ বৈষ্ণৱ সংস্কৃতিত সংস্কৃত ভাষাতকৈও ব্ৰজাৱলী ভাষাকহে বেছি প্ৰাধান্য দিয়া দেখা যায়।


★সত্যেন্দ্ৰনাথ শৰ্মাদেৱৰ মতে- "মৈথিলী আৰু অৱহট্ট ভাষাৰ লগত অসমীয়া ভাষা সৃষ্টি হৈছে।"

★মহেশ্বৰ নেওগদেৱৰ মতে- "মৈথিলী ভাষাৰ ওপৰত ব্যাকৰণিক আৰু আভিধানিক ৰূপৰ লগতে পশ্চিমা হিন্দী শব্দৰ সহায়ত অসমীয়া ব্ৰজাৱলী ভাষাৰ সৃষ্টি হৈছিল।" 

★সত্যেন্দ্ৰনাৰায়ণ গোস্বামীদেৱে কৈছে- "ব্ৰজাৱলী কৃত্ৰিম বা সংমিশ্ৰিত ভাষা। এই মিশ্ৰণত মৈথিলী অৰ্থাৎ বিদ্যাপতিৰ ভাষাযে অন্যতম উপাদান ই নিশ্চিত।" 

★কালিৰাম মেধিদেৱৰ মতে- "ব্ৰজাৱলী বা ব্ৰজবুলিত মৈথিলি ভাষাৰ ব্যাকৰণিক প্ৰভাৱ আছে। ব্ৰজাৱলী এক কৃত্ৰিম ভাষা হলেও ই কোনো এটি ভাষাৰ আধাৰতহে নিশ্চয় গঢ় লৈছে। ব্ৰজাৱলী ভাষাটো মথুৰা অঞ্চলৰ প্ৰাচীন উপভাষাৰ ওপৰত নিৰ্ধাৰিত।


★সত্ৰীয়া সংস্কৃতিৰ পণ্ডিত বাপচন্দ্ৰ মহন্তদেৱৰ মতে- "অসমীয়া ভাষাৰ নিচিনাকৈয়েই ব্ৰজাৱলী ভাষাৰ উচ্চাৰণ কৰা হয় যদিও ব্ৰজাৱলীৰ উচ্চাৰণ স্বৰান্ত হয়।"

মুঠতে ব্ৰজাৱলী ভাষা কোনো আঞ্চলিক কথিত ভাষা নহয়। নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য সৃষ্টি কৰা এটা কৃত্ৰিম সাহিত্যিক ভাষা।


●ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল:

ক) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হল মৈথিলী ভাষা।

খ) পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই।

গ) ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবি সকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা।

ঘ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱা বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে।

ঙ) এই ভাষাই উৰিষ্যা,বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে।

(সংগ্রহীত)

Post a Comment

0 Comments