এতিয়াই চাওক

6/recent/ticker-posts

অঙ্কীয়া নাটত গীতৰ প্ৰভাৱ || Ankiya bhaona ||

                                    অঙ্কীয়া নাটত গীতৰ প্ৰভাৱ


    মহাপুৰুষ শংকৰদেৱ অসমীয়া নাটকৰ স্ৰষ্টা।তেখেতৰ আগতে কোনো ধৰণৰ নাটক ৰচিত হোৱাৰ প্ৰমাণ পাবলৈ নাই।প্ৰাক্ শঙ্কৰী যুগত নাটকীয় গুণসম্পন্ন কেতবোৰ অৰ্ধনাটকীয় অনুস্থান যেনে উজাপালি, পুতলা নাচ আদিৰহে প্ৰচলন আছিল। গুৰুজনাই ভক্তিধৰ্ম প্ৰচাৰৰ বাবে নৃত্য গীত আৰু অভিনয়ক প্ৰধান মাধ্যম ৰূপে গ্ৰহণ কৰাৰ উপৰিও সংস্কৃত নাটকৰ আৰ্হি লৈ তাতে কিছু থলুৱা উপাদানৰ সংমিশ্ৰণ কৰি ছখন পূৰ্ণাংগ নাট ৰচনা কৰে। এই আদৰ্শকে অনুসৰণ কৰি পৰৱৰ্তী সময়ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱেও নাট ৰচনাত হাত দিয়ে। অৱশ্যে মাধৱদেৱে ৰচনা কৰা ছখন নাটকৰ ভিতৰত একমাত্ৰ অৰ্জুন-ভঞ্জনকহে পূৰ্ণাংগ নাট বুলি ধৰা হয়। বাকী সংক্ষিপ্ত নাটকেইখনক ঝুমুৰা বোলা হয়। দুজনা গুৰুৱে ৰচনা কৰা এই আটাইকেইখন নাটকক সত্ৰীয়া সমাজ "বাৰ অংক" নামেৰে জনা যায়। নাট ভাওনা সমূহ কেইবাটাও দিশৰ আলেচনা কৰাৰ অৱকাশ আছে। যেনে বিষয়বস্তু, উদ্দেশ্য, উপস্থাপন, ইতিহাস, পৰম্পৰা, সমতুল্য অনুষ্ঠান, উদ্ভৱ, বিকাশ, ভাষা-সাহিত্য,

 কাহিনী, শিল্পমূল্য, ইয়াৰ আনুসংগিক কলা, নৃত্য-সংগীত আদি। এই আলোচনাত আমি কেৱল মাত্ৰ অঙ্কীয়া নাটৰ সংগীতৰ বিষয়েহে চমু আলোচনা আগবঢ়াম।

           অঙ্কীয়া নাটৰ প্ৰধান বৈশিষ্ট্য হৈছে গীতিধৰ্মিতা। এনে নাটকত গীতে বলিষ্ঠ ভূমিকা পালন কৰা পৰিলক্ষিত হয়। সেইবাবেই কেতিয়াবা ক্ষুদ্ৰ পৰিসৰৰ একোখন নাট বা ঝুমুৰায়ো অভিনয়ত বহুত সময় ল'ব পাৰে। দৰাচলতে সংগীতৰূপে ৰূপায়িত নহ'লে ইয়াৰ প্ৰকৃত ৰূপ আৰু ৰস আস্বাদন কৰিব নোৱাৰি। সেইবাবেই এই শ্ৰেণীৰ নাটৰ ৰচনাশৈলী বা প্ৰকাশ ভংগীৰ ওপৰত দৰ্শকৰ দৃষ্টি সিমান নহয়, বিশেষ নজৰ ইয়াৰ সংগীতাংশৰ ওপৰতহে। সংগীত বিজ্ঞানেও কয় যে উচ্চমানৰ সংগীতৰ মূল্যাংকন কৰা হয় ৰাগ বা   স্বৰৰ সৌন্দৰ্য্যৰ ওপৰত ভিত্তি কৰিহে, গীতৰ কথা বস্তু বা প্ৰকাশ ভংগী নিমিত্ত মাত্ৰ। এই শ্ৰেণীৰ নাটত সাংগীতিক সুৰ ধ্বনি আৰু ভাৱাবেগৰ প্ৰতিহে দৰ্শকৰ মোহ, নাটকীয় ঘটনা বা কৌশলৰ প্ৰতি নহয়। দৰাচলতে চাবলৈ গ'লে অঙ্কীয়া নাটত বিষয়বস্তুৰ ফালৰ পৰা নাট্যকাৰে সমস্যা সমাধান কৰিব লগীয়া কোনো থল নাথাকে, যিহেতু ঘটনা পৌৰাণিক কাহিনী শ্ৰীগান্ধাৰ,ভটিয়ালী,পূৰ্বী,মাহুৰ,কাৰুণ্যকেদাৰ,সাৰেং,নাট,শ্যাম আৰু শ্ৰীপয়াৰ | 

   মাধৱদেৱৰ গীতত উনত্ৰিশটা ৰাগ ব্যৱহাৰ হৈছে | তেওঁৰ নাটখনিত সিন্ধুৰা,বসন্ত,শ্যাম,আশোৱাৰী,ভটিয়ানী,শ্ৰী,বৰাৰী,গৌৰী,কামোদ,কানাৰা,বেলোৱাৰ,তুৰ-ভটিয়ালী,কল্যান,শ্ৰীপয়াৰ,কৌ-কল্যান-সিন্ধুৰা,মাহুৰ আৰু ধনশ্ৰী অই সোতৰটা ৰাগ ব্যৱহাৰ হৈছে | শংকৰ দেৱে ব্যৱহাৰ নকৰা কেইটিমান ৰাগ মাধৱদেৱে ব্যৱহাৰ কৰিছে | যেনে-কামোদ,মল্লাৰ,ললিত,বৰাৰী আৰু কৌ-কল্যান সিন্ধুৰা |

   নাটত ব্যৱহাৰ হোৱা গীতৰ ভিতৰত আৰম্ভ আৰু শেষৰ গীতৰ বাবে ৰাগ আৰু তাল বন্ধা থাকে | সেইমতে নান্দী গীত সদায় সুহাই একতালিত হ'ব লাগে | মূল চৰিত্ৰ প্ৰৱেশৰ বেলিকা সিন্ধুৰা একতালিৰ হয় যদিও 'কেলি-গোপাল' নাটৰ কৃষ্ণ প্ৰৱেশৰ গীত 'নাট' ৰাগৰহে |

   নাটৰ শেষত সাধাৰণতে কল্টান আৰু পূৰ্বী এই দুটি ৰাগ ব্যৱহাৰ কৰা হয় আৰু সি খৰমান তালৰ হয় | কিন্তু পত্নী-প্ৰসাদলনাটৰ সামৰণিৰ গীত শ্যাম ৰাগৰ | 'গোপাল চলে গোকুলে লাই' ঠিক তেনেদৰে 'কেলি গোপাল' নাটৰ শেষৰ গীত অহিব ৰাগৰ |'মাই মাই হৰিক বিচুৰি' | শংকৰদেৱে 'কালীয় দমন' আৰু 'পাৰিজাত হৰণ' নাটত সামৰণিৰ গীত হিচাপে পূৰ্বী খৰমানহে ব্যৱহাৰ কৰিছে | 

    বিলাপৰ বাবে কাৰুণ্য কেদাৰ,শ্ৰীগান্ধাৰ,শ্ৰী,সুহাই,তুৰ-বসন্ত,তুৰ-ভটিয়ালী,কৌ,ভূপালী,আদি ৰাগৰ গীত আৰু যুদ্ধ বিগ্ৰহত কানাৰা,আশোৱাৰী,তুৰ,নাট মল্লাৰ আদি ৰাগৰ গীত ব্যৱহাৰ কৰা হয় | মুঠতে এখন নাটৰ আন সকলো অংশ বাদ দি কেৱল গীতখিনি ল'লেই নাটৰ গোটেই ঘটনাটো সম্পূৰ্ণৰূপে জানিৱ পাৰি | নাটকৰ আন এটা প্ৰধান উদ্দেশ্য হৈছে ৰাগ সঞ্চাৰ | এই ক্ষেত্ৰত সংগীতৰ প্ৰভাৱ লক্ষণীয় |অংকীয়া নাটত যিবোৰ গীত আছে সকলোবোৰেই সমদল সংগীতৰূপে গোৱা হয় আৰু সেইবাবেই ই নাট অভিনয়ৰ সমৃদ্ধি বৰ্দ্ধন কৰে,অভিনয় চাওঁতা সকলৰো মন-প্ৰাণৰ খোৰাকী যোগায়|

শ্ৰীঅনুধৃতি মহন্ত,শিৱসাগৰ

★"জিজ্ঞাসা" Facebook page ৰ সাপ্তাহিক পৰিপূৰিকাৰ "শাৰদীয় বিশেষ" সংখ্যাত প্ৰকাশিত।।

Post a Comment

0 Comments