এতিয়াই চাওক

6/recent/ticker-posts

নাগাৰা নামৰ ৰূপৰেখা || Nagara Nam || Culture of Assam ||

                                       

হৰি নাম ৰসে      বৈকুণ্ঠ প্ৰকাশে

   প্ৰেম অমৃতৰ নদী ।

শ্ৰীমন্ত শঙ্কৰে      পাৰ ভাঙ্গি দিলে   

     বহে ব্ৰহ্মাণ্ডক ভেদি॥

উৎপত্তিঃ-

             সংস্কৃত নমঃ শব্দৰ পৰা 'নাম' শব্দৰ উৎপত্তি ৷ ইয়াৰ অৰ্থ হৈছে অৰ্পণ কৰা ৷ ভকতিৰ আধাৰ হৰিনামৰ জৰিয়তে কায়, মন, বাক্য আটাইবোৰ প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰা হয় ৷ এই নামৰ বিষয়ে জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱে 'কীৰ্তন'ত লিখিছে...

“শুকমুণি বদতি শুনিও পৰীক্ষিত ৷

বামনৰ বাক্যে বলি সুতল পুৰীত ৷৷

নিয়মিলা দানৱক বিষ্ণুধৰ্ম কই  ৷

আপুনি থাকিল পাচে মোক গৃহ লই ৷৷’’

সুতল পুৰীত দৈত্যৰাজ বলিয়ে সবান্ধৱে ডবা সংগত কৰি হৰি-কীৰ্তনৰ মধুৰ ৰস বিয়পাই দিছিল বুলি ভাগৱততো উল্লেখ আছে ৷ 'নামঘোষা’ত শ্ৰীশ্ৰীমাধৱ দেৱে কৈছে...

পৰম অমূল্য ৰত্ন হৰিনামৰ পেড়া ৷

আতি গুপ্ত স্বৰূপে আছিল ৷৷

লোকক কৃপায়ে হৰি শঙ্কৰ স্বৰূপে আসি

 মুদ ভাঙ্গি সমস্তকে দিল ৷৷

আদিতে  হৰিনাম অতি‌ গুপ্তভাৱে দেৱতাসকলৰ দ্বাৰা বৈকুণ্ঠত চৰ্চা হৈ আছিল ৷ তিনিযুগৰ অৱসানত কলিৰ কালত গুৰুজনাই এই হৰিনাম বৈকুণ্ঠৰ পৰা আনি মৰ্ত্যৰ মানৱৰ মাজত বিলাই দি নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰে ৷ সময়ৰ সোঁতত 'নাম'ৰ ৰূপ আৰু পৰিৱেশনৰ পদ্ধতি সলনি হৈ হৈ এতিয়াৰ নাগাৰা নামৰ অৱস্থা পাইহি৷ 



নামৰ প্ৰকাৰঃ-

 শ্ৰীমন্ত শঙ্কৰদেৱে চৈধ্য প্ৰসংগ কৰোতে খোলৰ ব্যৱহাৰ কৰিছিল ৷ পিছলৈ ভোৰতালৰ ব্যৱহাৰ হ’ল ৷ এইদৰে গৈ গৈ নাম-কীৰ্তনে বহুতো ৰূপ ল’লে ৷ যেনেঃ নাগাৰা নাম,  প্ৰসংগিয়া নাম, ঘোষা কীৰ্তন বা চেওঁচাপৰি নাম, থিয় নাম, তাল নাম, দিহা নাম, জুনা নাম, চৌতালি নাম, হিয়া নাম, বীৰ নাম, গৰখীয়া নাম, ফাকুৱাৰ নাম,  বৃন্দাবনীয়া নাম, ৰঙিয়ালি নাম, খঞ্জৰী নাম, হলি নাম, বৈৰাগী নাম, উঠা নাম, মংগল নাম, টোকাৰী নাম বা গীত, নিশি নাম ইত্যাদি ৷ তেনেদৰে মহিলা সকলে পৰিবেশন কৰে গোপিনী সবাহৰ নাম,  আই নাম, ধাই নাম, সৰস্বতীৰ নাম, পচেতীৰ নাম, ভগৱতীৰ নাম, জগন্নাথৰ নাম, শুভচণ্ডীৰ নাম ইত্যাদি ৷ পৰিৱেশন শৈলী এটাতকৈ আনটোৰ বেলেগ যদিও উল্লেখিত আটাইবোৰ নামেই বাচিক, উপাংশু, উৎসৱ, বীৰ, নিবিড়  আদি কীৰ্তনৰ অন্তৰ্গত  ৷ কামৰূপত বীৰ কীৰ্তনক নাগাৰা নাম বোলে ৷ বৰপেটা অঞ্চলত বীৰ কীৰ্তনক “বীৰ নাম’’ বা “থিয় নাম’’ বোলে ৷ থিয় নামত আগতে নাগাৰা সংগত কৰা নাছিল, গোটেই দলটোৱে থিয় হৈ চাপৰি আৰু ভোৰতাল বজাইছিল ৷ আজিকালি মধ্যম আকাৰৰ নাগাৰা বজাই ৷ নিবিড় কীৰ্তন মানে নামঘৰ বা বাহিৰত কৰা কীৰ্ত্তনসমূহ ৷ অতি নিবিড় কীৰ্তন হৈছে ধ্যানৰ মাজেৰে কৰা কীৰ্তন ৷ আমাৰ আলোচ্য বিষয় হৈছে নাগাৰা নাম ৷

ইতিহাসঃ

            নাগাৰা নাম নামনি অসমৰ অতিকৈ জনপ্ৰিয় লোক-পৰিৱেশ্য কলা হোৱা সত্তেও ইতিহাসে বিশেষ গুৰুত্ব  নিদিলে, বুৰঞ্জীৰ পাততো নাগাৰা নামে আদৰ নাপালে ৷ চহা লোকৰ মুখ বাগৰি অহা কিংবদন্তিয়েই আজি নাগাৰা নামৰ হেৰোৱা ইতিহাস ৷ “সদৌ অসম নাগাৰা নাম সংঘৰ’’ পাঠক গুৰু সকলে অশেষ কষ্টেৰে গোটোৱা তথ্যই  কিছু কথা পোহৰলৈ আনিছে যদিও এই তথ্য নাগাৰা নামৰ উৎপত্তিৰ প্ৰকৃত স্থান আৰু কাল নিৰ্দ্ধাৰণৰ বাবে সম্পূৰ্ণ নিৰ্ভৰযোগ্য সমল নহয় ৷ বৰ্তমানেও নাগাৰা নাম সম্পৰ্কে বিভিন্ন গৱেষণা চলি আছে৷  

দৰঙী ৰজা চন্দ্ৰনাৰায়ণৰ(১৬৫৩--১৬৭১) ৰাজত্বত ভবানন্দ মিশ্ৰই ৰচনা কৰা “গোৱিন্দ চৰিত’’ ত কিছু আভাস পোৱা যায় ৷ সেই মৰ্মে মাধৱদেৱৰ বাৰজন ধৰ্মাচাৰ্য্যৰ সপ্তমজন আছিল  কামৰূপ জিলাৰ পুঠিমাৰি লেচাকোনাত ব্ৰহ্মানন্দ আৰু ৰতিপ্ৰিয়াৰ গৃহত ওপজা গোৱিন্দ আতৈ ৷ শৰণ লৈ  মধুপুৰ সত্ৰত থকা গোৱিন্দ আতৈক মাধৱদেৱে ব্ৰহ্মপুত্ৰৰ উত্তৰ-পূৱ দিশত ধৰ্ম প্ৰচাৰৰ দায়িত্ব দিয়ে ৷ তেতিয়া আতৈয়ে কোচ ৰজাই আৱণ্টন দিয়া ৫১ বিঘা মাটিত লেচাকোনা সত্ৰ পাতি ধৰ্ম প্ৰচাৰৰ বাবে চৈধ্য প্ৰসঙ্গ, ভাওনা, দধিমথন নৃত্য, আয়োজন কৰে ৷ মানুহক ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ অনুগত শ্ৰীকৃষ্ণ ডেকা আতৈৰ লগ হৈ নাম প্ৰসংগ আৰম্ভ কৰে ৷ এইদৰে লেচাকোনা সত্ৰত নাগাৰা নামৰ বীজ ৰোপন কৰে  গোবিন্দ আতৈয়ে ৷ কিন্তু ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ পূৱ দিশলৈ যাব লগীয়া হোৱাত সেই ৫১ বিঘা ভূমিত এজন মেধি পাতি দি কামৰূপত চাপাতল সত্ৰ, বুনা সত্ৰ, ব্ৰজবাসী সত্ৰ, মৌকুছি সত্ৰ স্থাপন কৰি দৰঙৰ খটৰাত সত্ৰ স্থাপন কৰে আৰু  নামকীৰ্তন আৰম্ভ কৰে ৷ প্ৰথমে তাল সংগত কৰি পৰিৱেশন কৰা কীৰ্তনৰ পিছলৈ চেওঁ চাপৰি নাম হয় ৷  তাৰ পিছত গুৰু দুজনাৰ অনুপম সৃষ্টি কীৰ্তন-ঘোষাৰ দিহা পদেৰে ঘোষা-কীৰ্তন নাম পায় ৷ গোবিন্দ আতৈয়ে অনুগত শ্ৰীকৃষ্ণ ডেকা আতৈৰ হতুৱাই সত্ৰৰ ডবাৰ আৰ্হিত ক্ষুদ্ৰ সংস্কৰণ কৰি এযোৰ কাঠৰ নাগাৰা সঁজাই  ভোৰতালৰ সমাহাৰেৰে নাম প্ৰসঙ্গ কৰে ৷ এইদৰেই ই চহা ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰে ৷ আতৈয়ে এৰি যোৱাত কামৰূপৰ লেচাকোণাত অংকুৰিত হোৱা নাগাৰা নামৰ  বীজটো কলিতে মৰহি যায় ৷ দৰঙৰ খটৰা সত্ৰত পুনৰুজ্জীৱিত হোৱা নাগাৰা নামে কৃষিকৰ্মৰ বাবে কামৰূপৰ পাতিদৰঙৰ পৰা দৰঙলৈ যোৱা চহা লোকৰ মাধ্যমেৰে পুনৰ কামৰূপলৈ ওভতি আহে আৰু অবিভক্ত কামৰূপ জিলাত কম সময়ৰ ভিতৰতে সমাদৰ লাভ কৰি বিস্তাৰিত হৈ পৰে গাঁৱে ভূঞে ৷ এইদৰেই পঞ্চদশ শতিকাৰ আৰম্ভণিৰ পৰাই নাগাৰা নামে  নামনি অসমৰ বিশেষকৈ কামৰূপ, দৰং, নলবাৰী আৰু বৰপেটা জিলাত বহুলভাৱে সমাদৃত লোক পৰিবেশ্য কলা হৈ পৰে ৷

দিলীপ ৰঞ্জন বৰঠাকুৰে তেওঁৰ গ্ৰন্থ “Musical Instruments of Assam" ত উল্লেখ কৰা মতে মাধৱদেৱৰ প্ৰিয় শিষ্য মথুৰাদাস বুঢ়া আতাই খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ শেষ ভাগত  বৰপেটা কীৰ্তনঘৰত বৰ নাগাৰা আৰু ভোৰতাল সংগত কৰি নামপ্ৰসংগ কৰাৰ কথা চৰিত  পুথিত উল্লেখ আছে ৷

    এইদৰে নাগাৰা নামে সময়ৰ সোঁতত ৰূপ সলাই সলাই চাৰিটা শতিকা পাৰ কৰাৰ পিছত বিংশ শতিকাৰ চতুৰ্থ দশকত  দৰঙ জিলাৰ  দিপীলাৰ পাঠক প্ৰয়াত নৰেশ্বৰ শৰ্মা বৰুৱাই ব্ৰজলীলা, গোষ্টলীলা আৰু হৰগৌৰী লীলা নামেৰে তিনিখন নামৰ পুথি ৰচনা কৰি নাগাৰা নামক নতুন গতি প্ৰদান কৰে ৷

ভৱিষ্যতে গৱেষক সকলৰ গৱেষণাৰ ফলত নাগৰা নামৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে অধিক ন ন তথ্য পোহৰলৈ আহিব ৷ কামৰূপত নাগাৰা নাম, নলবাৰীত  খেল নাম, নাগ্ৰা নাম, নাগাৰা নাম, নাম,  এক নাম, বৰ নাম, বীৰ কীৰ্তন আৰু দৰঙত  যুঁজৰ নাম, এক চাপৰি নাম, দংগী নাম, দৰঙী নাম আদি নামেৰে নামকৰণ হৈ গাঁৱে-ভূঞে পৰিৱেশন হ’বলৈ ধৰে ৷ পূৰ্বতে কামৰূপত সৰ্বাধিক  প্ৰচাৰ প্ৰসাৰ হোৱা বাবে উজনি অসমৰ মানুহে কামৰূপী নাম বোলে ৷ নাগাৰা নামৰ পাঠক সকল সঙ্গবদ্ধ হৈ ১৯৮৪ খ্ৰীষ্টাব্দত “সদৌ অসম নাগাৰা নাম সংঘ’’ গঠন কৰে আৰু সংঘৰ  সৰ্বসন্মতি মৰ্মে এই নামক “নাগাৰা নাম’’ ৰূপে নামকৰণ কৰে ৷ তেতিয়াৰ পৰা নাগাৰা নামে নিজা পৰিচয়েৰে সমগ্ৰ অসমতে শিপাবলৈ ধৰে আৰু আটাইকেইবিধ নামৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় নাম হৈ পৰে ৷



বাদ্যঃ-

নাগাৰা নামত মূলতঃ নাগাৰা আৰু তাল বাদ্যৰূপে ব্যৱহাৰ কৰা হয় ৷ নাগাৰা আৰু তালক দেৱবাদ্য ৰূপে গণ্য কৰা হয় ৷ সত্ৰৰ ডবাৰ আকৃতিক ক্ষুদ্ৰ সংস্কৰণ কৰি  ন কৈ  গঢ়া হয় বাবে এই বাদ্য বিধে নাম পাই ন-গঢ়া ৷ মানুহৰ মুখ বাগৰি এই ন-গঢ়া গৈ নগৰা-নগেৰা-নেগেৰা-নাগ্ৰা-নাগাৰা ৰূপ পাই শেষত 'নাগাৰা' নামেৰে প্ৰসিদ্ধ হয় ৷ ড° পীতাম্বৰ দেৱগোস্বামী বিৰচিত “অসমৰ নাম-অনুষ্ঠান’’ গ্ৰন্থত নাগৰ শব্দৰ নাগাৰা শব্দৰ উৎপত্তি হোৱাৰ অনুমান কৰিছে ৷ নাগৰ শব্দই ভগৱানৰ বিশেষকৈ বিষ্ণু বা কৃষ্ণৰ পৰিচয় দিয়ে ৷ নাগৰ শব্দৰ অৰ্থ প্ৰণয়ী ৷ গিৰিধৰ নাগৰ গোপীসকলৰ প্ৰণয়ী ৷ নাগৰকেন্দ্ৰিক বা ভগৱান কেন্দ্ৰিক নাম পৰিৱেশন হোৱা বাবে ই নাগাৰা নাগাৰা নাম আখ্যা পাই ৷ডাঙৰ নাগাৰাক  ধুমধুমি আৰু সৰু নাগাৰাক কুৰকুৰি বা কুলকুলি বা ডুগি বোলে ৷ নাগাৰা বজোৱা মাৰি ডালক টেমেকা বা কোবনি বোলে ৷ নাগাৰাৰ খোলটো মাটিৰে সজা হয় ৷ ঠাইবিশেষে নাগাৰাৰ খোলটো পিতলেৰে গঢ়াও দেখা যায় ৷ খোলৰ মুখত গৰুৰ  ছালেৰে ঢাকনি দি সেই ঢাকনিক জন্তুৰ ছালৰ ফিটাৰে দীঘে দীঘে টানকৈ বান্ধি নাগাৰা সঁজা হয় ৷ এই ফিটাবোৰক চাটনি বোলে ৷ চামৰাখনত ভিতৰ ফালৰ পৰা  'লা'ৰে লেপ দিলে নাগাৰাৰ শব্দ ভাল হয় ৷ মাৰিৰে কোবোৱা নাগাৰাৰ কেন্দ্ৰ ভাগক 'বোল' বোলে ৷ 

নাগাৰাৰ উৎপত্তি সম্পৰ্কে থকা কিংবদন্তি-

বৃহৎকাৰে বিশ্বকৰ্মাই ডবাক স্ৰজিলা ৷

বলি ৰজাই আনি ডবাক মৰ্ত্যত ৰাখিলা ৷৷

ৰণবাদ্য আছিল ডবা সত্য, ত্ৰেতা, দ্বাপৰত ৷

শংকৰ গুৰুৱে আনি থ’লে কীৰ্ত্তন ঘৰত ৷৷

দ্বি-স্বৰ হেতু তৈয়াৰ হ’ল কুৰকুৰী বা টোকৰ ৷

অমিয় ৰসৰ ঢৌ তোলে নাম সৰোবৰ ৷৷    (সংগ্ৰহঃ 'কৃষ্ণধন’ পুথি, অচ্যুত ডেকা)

(ধুমধুমিত কাঠৰ ডাঙৰ মাৰিৰে কোব দি বজোৱা হয় আৰু নাম গায় থকা সময়ত হাতেৰেও বজোৱা হয় ৷ কুৰকুৰী বাঁহৰ সৰুকৈ চাচি লোৱা মাৰিৰে বজোৱা হয় ৷ )

'তাল' নাগাৰা নামৰ অপৰিহাৰ্য অংশ ৷ শঙ্কৰদেৱে ভুটিয়া বা ভোট সকলৰ পৰা তাল বাদ্য আনিছিল বুলি চৰিতপুথিত উল্লেখ আছে ৷ ভোট শব্দৰ পৰাই ভোৰতাল নাম হোৱা বুলি ভাষাবিদ সকলে মত প্ৰকাশ কৰিছে ৷ ভোৰতালক ঠাইবিশেষে বৰতালো বোলে ৷ মুল নামৰ লগত বজোৱা একোবাৰে সৰু তাল যোৰক জুৰি বোলে৷

ভোৰতাল বা বৰতাল পোৱা হিচাপত জুখি কাঁহ ধাতুৰে গঢ়ে কঁহাৰে ৷ ভোৰতাল গঢ়োতে শব্দ আৰু গঢ়নি ভাল হ’বলৈ এক নিৰ্দিষ্ট পৰিমাণত 'ৰূপ’ ধাতুও মিহলাই দিয়া হয় কাঁহৰ লগত ৷  আঠ পোৱা ওজনৰ পৰা ছব্বিশ পোৱা ওজনলৈ তাল বোৰ সজা হয় ৷

তালৰ উৎপত্তি সম্পৰ্কে থকা‌ কিংবদন্তিঃ 

মূল প্ৰাকৃতি আহি কাঞ্চ হৈয়া আছে ৷

যত্নে বিশ্বকৰ্মাই তাল গঢ়িলন্ত পাচে ৷৷

অশ্বিনী কুমাৰ দুয়ো ভৈলন্ত কঁহাৰ ৷

বৰুণ দেৱতা আহি খুটি ভৈলা তাৰ ৷৷

চন্দ্ৰ-সূৰ্য্য দুয়ো যোগালি ভৈল আসি ৷

কুবেৰে ভাটিব বায়ু ভিতৰত পসি ৷৷

যমে ভৈলা এঙাৰ অগ্নি আছে পুৰি ৷

অনন্ত নিয়াৰি হ’ল ব্ৰহ্মাই হাতুৰী ৷৷

কাৰ্তিকে কুণ্ড দিলা বিন্ধে গণপতি ৷

হাতে ইন্দ্ৰদেৱ মাতে সৰস্বতী ৷৷

সপ্ৰেম ভকতি আহি ভৈলা দুয়ো জৰি ৷

ৰাম-কৃষ্ণ নাম ঘোসে সিংহ নাদ কৰি ৷৷


তাল দুই ধৰণে বজোৱা হয় -

ক/ওপৰৰ পাতেৰে তলৰ পাতত চাব দি দি বজোৱা হয় ৷ 

খ/ দুয়োপাত তাল ঢৌ খুৱাই গাৰ ফালে টানি টানি ৰেপি ৰেপি বজোৱা হয়, তাক ৰেপেনি বোলে ৷

তালে চাব দিলে ৰাম ৰাম শব্দ কৰে আৰু ৰেপেনি ধৰিলে কৃষ্ণ কৃষ্ণ বুলি শব্দ কৰে ৷

দেৱবাদ্য নাগাৰাৰ ওপৰত শুই বজোৱা, দাঁতেৰে কামুৰি বজোৱা, ভৰিৰে বজোৱা, মূৰেৰে বজোৱা, নাগাৰা দাঙি লৈ বজোৱা, তাল কামুৰি বজোৱা, ভৰিৰে বজোৱা, পাঠকে এযোৰতকৈ বেছি তাল বজাই চং দেখুওৱাটো অক্ষমণীয় অপৰাধ বুলি “সদৌ অসম নাগাৰা নাম সংঘৰ’’ সংবিধানত উল্লেখ আছে ৷ 

পৰিৱেশন পদ্ধতিঃ- 

নৱৰসৰ সংযোজনৰ লগতে লোক-সংগীত, লোক-নাট্য, লোক-নৃত্য আৰু লোক-বাদ্যৰ নিখুঁট সমাহাৰৰ ফলতে সৃষ্টি হ’ল অসমৰ অন্যতম অৰ্ধনাটকীয় লোক পৰিবেশ্য কলা “নাগাৰা নাম’’  ৷ প্ৰায় পোন্ধৰ ষোল্ল জন লোকেৰে এটা নাগাৰা নামৰ দল গঠন হয় ৷ নাগাৰা নামৰ পৰিবেশক গৰাকীক  পাঠক বোলে ৷ পাঠক গৰাকী ওজা ব্যক্তি অৰ্থাৎ পাৰদৰ্শিতা থকা লোক ৷ পাঠকেই নাগাৰা নাম দলটোৰ মূল ৷ পাঠকে নৱ ৰসৰ আধাৰত কাহিনীয়ে দাবি কৰা ধৰণে হাস্য, কৰুণ, বীৰ, বিভৎস আদি ৰস পদচালনা আৰু হস্তমুদ্ৰাৰ লগতে লঘু নৃত্য-অভিনয়েৰে দৰ্শকৰ আগত পৰিৱেশন কৰে ৷ পাঠক গৰাকীয়ে নাগাৰা-তাল-চাপৰিৰ মৃদু ধ্বনিৰ মাজেৰে তাল-মান ৰক্ষা কৰি শুৱলা কণ্ঠেৰে দিহা পদবোৰ  আৰু স্পষ্ট উচ্চাৰণেৰে সংলাপবোৰ দৰ্শকে হৃদয়ংগম কৰিব পৰাকৈ নিক্ষেপ কৰিব লাগে ৷ মুহূৰ্তৰ ভিতৰতে পাঠকে ৰজা,  ব্ৰাহ্মণ, নাৰী, বৃদ্ধ, চণ্ডাল, ভিক্ষাৰী, দৈত্য, ভগৱান আদি ভিন ভিন ৰূপৰ অভিনয় কৰি কাহিনীভাগ আগবঢ়াই নিব লাগে ৷ নাগাৰা বজোৱা দুগৰাকীক নাগৰু বা নাগাৰা বাদক বোলে, তাল বজোৱা কেইগৰাকীক তালুৱৈ বোলে আৰু বাকী চাপৰি বজোৱা সকলক পালি বোলে ৷ 



নাগাৰা নাম পৰিবেশন কৰা প্ৰণালী সমূহ ক্ৰমেঃ-

১) হৰিধ্বনিঃ- পাঠকে “জয় কৃষ্ণ’’ বুলি হৰিধ্বনি  দিব আৰু পালিয়ে একেমুখে ধৰিব ৷

২) জাগৰণঃ- হৰিধ্বনিৰ পিছত লগে লগে তাল-নাগাৰাত একেলগে তিনিটা ধ্বনি বজাব ৷ এই তিনিধ্বনি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক স্মৰণ কৰা বুজায় ৷ তিনিধ্বনিৰ পিছতে নাগাৰা তালত গুৰু গুৰু গুৰু গুৰু ধ্বনি বজাব ৷ লগেলগে নিজৰ দলৰ নিয়মীয়া গুৰুঘাটা আৰম্ভ কৰিব ৷ গুৰুঘাটাত তাল নাগাৰা চাপৰি খৰকৈ বজায়, ইয়াকে জাগৰণ পৰ্ব বোলে ৷ 

৩) বন্দনা বা ডাকানামঃ- গুৰুঘাটা বা জাগৰণ পৰ্বৰ পিছত ঈশ্বৰ ভক্তিযুক্ত  কাহিনীবিহীন দিহা পদ গায় ভগৱানক আৰাধনা কৰা হয় ৷  তাৰ পিছত ঘোষা গায় ৷ ডাকা মানে মাতা ৷ ইয়াত ঈশ্বৰক আৱাহন কৰা হয় বাবে  ইয়াক ডাকানাম বা বন্দনা বোলে ৷ বন্দনাৰ শেষত পুনৰ  তাল নাগাৰা চাপৰি খৰকৈ বজোৱা হয় ৷ ১৫/২০ মিনিটৰ ভিতৰত বন্দনা সমাপ্ত হোৱা উচিত ৷

৪) কীৰ্ত্তনৰ নামঃ-  বন্দনাৰ পিছত গুৰুজনাৰ মহৎ সৃষ্টি ''কীৰ্ত্তন'' পুথিৰ  আধাৰত সম্পূৰ্ণ নাম পৰিবেশন কৰা হয় নতুবা কীৰ্ত্তনৰ পৰা কেইফাঁকিমান দিহা পদ গোৱা হয় ৷ 

৫) মূল নামঃ- কীৰ্ত্তনৰ দিহা গোৱাৰ পিছত ভাগৱত, ৰামায়ণ, মহাভাৰত, পুৰাণ আদি  ধৰ্মশাস্ত্ৰৰ আধাৰত অভিযোজনা কৰা পূৰ্ণদৈৰ্ঘ্যৰ কাহিনীভিত্তিক  নাগাৰা নাম পৰিবেশন কৰিবলৈ বৃত্তাকাৰে বহা পালিসকলৰ মাজত  পাঠকগৰাকী থিয় হয় ৷ মূল নাম পৰিবেশন কৰোতে এই তিনিটা খণ্ড কৰি বিশ্লেষণ কৰা হয়ঃ- প্ৰস্তাৱনা, পৰিৱেশন আৰু সামৰণি ৷

ক) প্ৰস্তাৱনাঃ- প্ৰস্তাৱনাত মূলতঃ তিনিটা ব্যৱস্থা থাকে ৷ সেয়া হৈছে-- স্তুতি, ৰাগিনী আৰু বৰ্ণনা বা পাতনি ৷

স্তুতিঃ এ হৰি এ নাৰায়ণ, তোমাৰ চৰণে প্ৰভু পশিলো শৰণ ৷ এইদৰে পাঠকে লগাই দিব আৰু পালিয়ে দোহাৰিব ৷ ভগৱন্তক স্মৰণ কৰি নামটোৰ  বাকী অংশৰ বাবে সাজু হ’ব ৷

ৰাগিনীঃ  অ ৰাম হৰি এ.......

এইদৰে ৰাগিনী গাই পাঠকে ৰাইজক প্ৰণাম কৰি পদ আৰম্ভ কৰে ৷ 

বৰ্ণনা বা পাতনিঃ পৰিবেশন কৰিবলৈ লোৱা নামটোৰ কাহিনীভাগৰ বিষয়ে সংক্ষেপ বৰ্ণনাৰে ৰাইজক জ্ঞাত কৰোৱা হয় ৷ 

যেনেঃ 

শুনিয়োক সভাসদ কৰো নমস্কাৰ ৷

মহাভাৰতৰ পদ কৰিবো প্ৰচাৰ ৷৷

কৌৰৱ আৰু পাণ্ডৱৰ ভৈলা মহাৰণ ৷

ভায়ে ভায়ে যুদ্ধ কৰে ৰাজ্যৰ কাৰণ ৷৷

এই পদখিনিক ঘূৰ্ণী পদ বা পাতনি পদ বোলা হয় ৷ এই পদৰ শেষত যিটো দিহা গোৱা হয় তাক পাতনি দিহা বা চেওঁচাপৰি দিহা বোলে ৷ দিহাটো এক সুকীয়া তালত নাগাৰা আৰু চাপৰি সংগত কৰি গোৱা হয় ৷ পিছৰ অংশত এই তাল আৰু ক’তো ব্যৱহাৰ নহয় ৷ এই তাল নাগাৰা নামৰ বাধ্যতামূলক তাল ৷

যেনেঃ 

 দেখা সৰ্বজন বিধিৰ লিখন ৷

এই পদফাঁকিৰ তালটোক চেওঁচাপৰিৰ তাল বা পাতনি ঘোষাৰ তাল বোলে ৷

খ) পৰিবেশনঃ- পৰিবেশন বুলি কওতে নামটোৰ আৰম্ভণিৰ পৰা শেষলৈকে বুজা যায় যদিও নামটোৰ মূখ্য অংশ পৰিবেশন খণ্ডতহে প্ৰকাশ পায় ৷ কাহিনী বিস্তাৰত নৃ্ত্যাভিনয় মুদ্ৰা ভংগীমা প্ৰয়োগেৰে কাহিনীত থকা ঘাট-প্ৰতিঘাট জীৱন্ত কৰিবৰ বাবে প্ৰয়োগ কৰা হাস্য কৰুণ বীৰ আদি ৰসেৰে সৃষ্টি কৰা দিহা-পদবোৰৰ সুৰ, বাদ্য, নৃত্য আদিৰ প্ৰদৰ্শন পৰিবেশন খণ্ডত গুৰুত্বৰ হোৱা দেখা যায় ৷ 

গ) সামৰণিঃ-নামটোৰ মূল কাহিনীভাগ সমাপ্ত হোৱাৰ লগে লগে পাঠকজন পালিৰ সৈতে তলত বহে আৰু তাল নাগাৰাৰ এটি চমু ঘাটাৰে চাপৰি আৰু নাগাৰাৰ মাত্ৰা কিছু দ্ৰুত লয়লৈ লৈ যোৱা হয় ৷ ইয়াত এটা দেহতত্ত্ব মূলক দিহা খৰকৈ গোৱা হয় ৷ 

যেনেঃ-

মনভাই ৰাম কৃষ্ণ বুলিও এবাৰ ৷

হৰি নাম বিনে আৰ 

গতি নাই তৰিবাৰ 

নাম লৈয়া হয়ো ভৱ পাৰ ।

৬/ তালৰ চং - নাগাৰা নামত পাঠকে তালৰ চং বা তালৰ খেলা দেখুওৱাটো বাধ্যতামূলক যেনে হৈ পৰিছে ৷ প্ৰথম মূল নামটো শেষ কৰি পাঠকে ঠিয় হৈ বিভিন্ন ভংগীমাৰে ভোৰতাল বা বৰতাল বাদন কৰি ৰাইজক আমোদ দিয়াকে তালৰ চং দেখুওৱা বোলে ৷ চাৰি পাঁচ দশকৰ আগলৈ এগৰাকী পাঠকে একেলগে কেইবাযোৰো তাল গাত লৈ বজাইছিল যদিও বৰ্তমান “সদৌ অসম নাগাৰা নাম সংঘ’’ই এগৰাকী পাঠকে এবাৰত মাত্ৰ এযোৰহে তাল প্ৰদৰ্শন কৰা নিয়ম কৰিছে ৷ তালৰ চঙৰ বাবে বিভিন্ন সুন্দৰ সুন্দৰ ঘাটা আছে ৷ ঘাটা প্ৰদৰ্শনৰ ক্ষেত্ৰত নাগাৰু আৰু তালুৱৈ সকলৰ ভূমিকাও উল্লেখযোগ্য ৷ 

৭) অপৰাধ মৰিষণ বা থোৱা নামঃ- নাগাৰা নামৰ অনুষ্ঠানভাগি সামৰাৰ ক্ষেত্ৰত গোৱা নামটোক থোৱা নাম বোলে ৷ নাম প্ৰদৰ্শনত হোৱা ভুল-ত্ৰুটি অপৰাধৰ বাবে ক্ষমা ভিক্ষা মাগি গোৱা নামটোকে থোৱা নাম বোলে ৷ 

যেনেঃ 

অপৰাধ ক্ষমা কৰা মোৰে স্বামী

শৰণ পশিলো আমি ৷

অপৰাধ ক্ষমা কৰা মোৰে ৷

তাৰ পিছতি পাঠক পালিয়ে নাম অপৰাধৰ এই দিহাটো তাল নাগাৰা সংগতি কৰি খৰ গতিত  গাই পূৰ্বৰ দৰে নামটোৰ সামৰণি মাৰে ৷

সাজ-পোচাকঃ

 নাগাৰা নাম যিহেতু ধৰ্মীয় অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় সেয়েহে ইয়াত পুৰুষে ধূতি, বগা কামিজ, আৰু ডিঙিত গামোছা পৰিধান কৰাটো বাধ্যতামূলক ৷ মহিলা সকলে মেখেলা চাদৰ, ডিঙিত গামোছা, মহিলা পাঠকে মূগা ৰঙৰ কিলাকুটি ঢাক খোৱা ব্লাউজ আৰু সহযোগীসকলে ৰঙা ৰঙৰ ব্লাউজ পৰিধান কৰাটো বাধ্যতামূলক ৷

সংঘঃ-

 নাগাৰা নামৰ পাঠক আৰু দলসমূহ একগোট হৈ নাগাৰা নামৰ প্ৰচাৰ, প্ৰসাৰ আৰু গৱেষণাৰ উদ্দেশ্য আগত ৰাখি ১৯৮৪ খ্ৰীষ্টাব্দৰ  (৫৩৫ শঙ্কৰাব্দ) ৭ মাঘ তাৰিখে “সদৌ অসম নাগাৰা নাম সংঘ’’ প্ৰতিষ্ঠা কৰে ৷ নাম সংঘই হেৰাই যাব ধৰা নাগাৰা নামৰ সুৰ, ঘাটা, পুথি আদি উদ্ধাৰ কৰাৰ উপৰিও নাগাৰা নামৰ জেষ্ঠ্য শিল্পী সকলৰ শিল্পী পেঞ্চনৰ বাবে সংগ্ৰাম কৰি আহিছে ৷ ন শিকাৰু সৱক কৰ্মশালা পাতি শুদ্ধ ৰূপত নাগাৰা নাম শিকাইছে ৷

সংঘৰ বৰ্তমানৰ সভাপতি ৰামচৰণ ভড়ালী আৰু সম্পাদক নিপন দত্ত কলিতাৰ সৱল নেতৃত্ব আৰু চেষ্টাৰ ফলত সংঘৰ গৃহ নিৰ্মাণৰ বাবে অসম চৰকাৰে বিশ লাখ  টকাৰ অৰ্থসাহায্য আগবঢ়াইছে ৷ ইতিমধ্যে সংঘৰ মুখ্য কাৰ্যালয় পুঠিমাৰীত গৃহ নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু তাৰ লগে লগে নাগাৰা নামৰ প্ৰশিক্ষণ বিদ্যালয় নিৰ্মাণৰ প্ৰস্তুতিও তুংগত উঠিছে ৷ ভৱিষ্যত প্ৰজন্মই যাতে শুদ্ধভাৱে নাগাৰা নাম শিকিব পাৰে সেই  উদ্দেশ্যেৰেই প্ৰশিক্ষণ বিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম নাগাৰা নাম সংঘই ৷

লগতে নাগাৰা নামক বিকৃত ৰূপত উপস্থাপন কৰা পাঠক সকলৰ বিৰুদ্ধে সংঘ সৰৱ হৈ আহিছে প্ৰতিষ্ঠাৰ দিনৰ পৰা ৷ বৰ্তমানলৈ সংঘত অন্তৰ্ভুক্ত হোৱা নাগাৰা নাম দলৰ সংখ্যা    প্ৰায় চাৰি শতাধিক  ৷ 

গৱেষকঃ

 নাগাৰা নামক বিষয় হিচাপে লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে আন্তৰাষ্ট্ৰীয় লোকসংগীতৰ শিল্পী হিৰক জ্যোতি শৰ্মাই ৷ বৰ্তমান তেওঁ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে ৷

অভিযোজকঃ 

 কীৰ্ত্তন, ৰামায়ণ, মহাভাৰত, ভাগৱত তথা বিভিন্ন পুৰাণৰ পৰা কাহিনী সংগ্ৰহ কৰি দিহা-পদ ৰচি সুৰ সঞ্চাৰ কৰাকে নাগাৰা নামৰ অভিযোজনা কৰা বোলে ৷ অভিযোজনা কৰা লোকক অভিযোজক বোলে ৷ কেইগৰাকীমান অভিযোজকৰ নাম উল্লেখ কৰা হ’ল ৷ যেনেঃ  নৰেশ্বৰ শৰ্মা বৰুৱা, অচ্যুত ডেকা, দীজেন্দ্ৰ মোহন পাঠক,চণ্ডীৰাম পাটোৱাৰী, সুৰেন্দ্ৰ মোহন শৰ্মা, নগেন বৈশ্য, অনুপ মালাকৰ,  পূৰ্ণৰাম নাথ, মুকুল চক্ৰৱৰ্তী, খনিন ডেকা, মণ্টু বৰ্মন, ৰামচৰণ ভৰালী, বিজয় মেধি,  কৈলাশ তালুকদাৰ, ৰুপেন ডেকা, মাধৱ ডেকা, ভৱ ডেকা, অনিল কলিতা, যোগেশ্বৰ নাথ, মুনিন্দ্ৰ কলিতা, ৰঞ্জিত ডেকা, খগেন ডেকা, পিতাম্বৰ ডেকা,বলিন্দ্ৰ কলিতা, দীপক কুমাৰ, প্ৰণৱ মেধী, ব্ৰজেন্দ্ৰ ডেকা ৷

নাগাৰা নামৰ কেইগৰাকীমান স্বনামধন্য পাঠকঃ 

নৰেশ্বৰ শৰ্মা বৰুৱা, ভূমিধৰ বনিয়া ওৰফে বগুলা পাঠক(বালিকুছি সোণাৰীশাল), মহেন্দ্ৰ মোহন দাস ওৰফে বগুলা পাঠক(বামুণীগাঁও ফুলুং), নামৰত্ন অচ্যুত ডেকা, নাগাৰাসূৰ্য্য ৰামচৰণ ভড়ালী,কণ্ঠভূষণ কৈলাশ তালুকদাৰ, ৰূপেন ডেকা, জ্যোতিৰ্ময় নাথ, দামোদৰ দেৱশৰ্মা, ড° দেৱেন দাস সুদামা, খৰ্গেশ্বৰ শৰ্মা,কুশল মালাকৰ, কুশল ডেকা, কুশল দাস, কাশী দাস,আনন্দ কলিতা,জয়া পাঠক,গোপী বনিয়া, কমলাকান্ত অধিকাৰী, ধনুৰ্ধৰ শৰ্মা, সমোৰাম ডেকা, দেৱ মালী,কণ্ঠিৰাম পাঠক, মহেন্দ্ৰ দাস,মহেন্দ্ৰ নাথ শৰ্মা, দীজেন্দ্ৰ মোহন পাঠক, ভৱ পাঠক, কুৰকুৰীয়া পাঠক,খেতিমল পাঠক,প্ৰসন্ন পাঠক,সন্মি কলিতা,মুনিন শইকীয়া ওৰফে চোনো পাঠক, পবিন ৰাজবংশী,মেদিনী মোহন নাথ,বলোৰাম বৈশ্য,মাধৱ কলিতা, বলেন শইকীয়া, সৰ্বেশ্বৰ কলিতা, বিষয় ডেকা,বসন্ত বায়ন,ধীৰেণ দাস,বীৰেন দাস, চণ্ডী পাটোৱাৰী,ধৰ্ম ডেকা,  মহেশ ডেকা, ভৱেন চন্দ্ৰ কলিতা, হেমেন বড়ো, পিতাম্বৰ ডেকা, শান্তৰাম ডেকা, মিনাৰাম ডেকা, দৈৱ্য ডেকা, অৰবিন্দ ডেকা, হলধৰ ডেকা, সত্যব্ৰত ডেকা, ভগৱান ডেকা, ধৈৰ্য্য ডেকা, ৰঞ্জিত ডেকা, সুৰেন্দ্ৰ মোহন শৰ্মা, ত্ৰৈলোক্য ডেকা,  গুণাৰাম নাথ, গণেশ কুমাৰ, হিতেন কুমাৰ, মাধৱ ডেকা, ভৱ ডেকা, প্ৰহ্লাদ ডেকা, অনিল কলিতা, নৰনাথ ডেকা, কবিন কলিতা,বলোৰাম ডেকা, মণিৰাম কলিতা, ৰজনী পাঠক, মহেশ পাঠক, ৰাজীৱ ডেকা, প্ৰণৱ মেধী, কমল মেধী, দিগন্ত চহৰীয়া, শিশুপাল বৰ্মন, কৈলাশ ৰাজবংশী, গৌতম কলিতা,  মাখন বৰ্মন, মণ্টু বৰ্মন, মন্টু দাস, মন্টু ডেকা, নিপন দত্ত কলিতা, পংকজ তালুকদাৰ, ভূষণ শৰ্মা, ৰামচৰণ কলিতা, কিশোৰ পাঠক, ধনজ্যোতি পাটোৱাৰী, দীপেন ডেকা,ডিম্বেশ্বৰ কলিতা, হৰেশ্বৰ কলিতা,  খগেন চলিহা, দুমহু কলিতা, তৰুণ কাকতি, উদ্ধৱ ডেকা, ৰাতুল ডেকা, ৰাতুল দাস,  সনাতন শালৈ, বিজিত হালৈ, প্ৰণৱজ্যোতি মেধী, ৰূপজ্যোতি নাথ, ধনজিৎ বৰ্মন, ধনমণি লহকৰ, কমল মেধি,অৰবিন্দ কুমাৰ, তৰণী কুমাৰ বৰুৱা, ইচ্ছাৰাম মহন্ত, খৰ্গেশ্বৰ কলিতা, টংকেশ্বৰ কলিতা, দ্বিজেন কলিতা, হিতেশ হাজৰিকা, মিলন কলিতা, চম্পা কলিতা, নৰেশ্বৰ কলিতা, হৰেণ ডেকা, ব্ৰজ কলিতা, দুহিতা ভূঞা, গংগাধৰ বৰুৱা, হৰেশ্বৰ কলিতা, অমৃত কলিতা, সমৰেন্দ্ৰ কলিতা, মুকুট হাজৰিকা, অলকেশ বৈশ্য,মিনাৰাম ডেকা, বনদেৱ কলিতা, মিণ্টু বেজবৰুৱা, দীপক কুমাৰ, হিৰণ্য কুমাৰ,  বিনয় ৰাজকুমাৰ, পাৰ্থ প্ৰতীম দাস, পাৰ্থ প্ৰতীম তালুকাৰ, গণেশ মেধি, হেমন্ত কলিতা, লক্ষী কাকতি,  হেমকান্ত নাথ, বিপুল দাস, অতুল ডেকা, কমল কৃষ্ণ কলিতা, উৎপল হালৈ, ৰাহুল কলিতা, সুভাষ নাথ, ধনজিৎ ডেকা, পল্লৱ জ্যোতি শৰ্মা, পুলক বৈশ্য, গৌতম কলিতা,  হৰজিৎ ৰাজবংশী, বনজিৎ কলিতা বিশ্বজিৎ বৰুৱা,  দ্বীপজ্যোতি কলিতা, লৱ দাস, শিশু পাঠক নন্দন প্ৰতীম নাথ আদি ৷

নাগাৰা নামৰ কেইগৰাকীমান স্বনামধন্য মহিলা পাঠকঃ

 মনোমতী কৈৱৰ্ত্ত, ৰুণু নাথ শৰ্মা, বৈজয়ন্তী নাথ তালুকদাৰ,  নিৰুপমা দাস, উৰ্মিলা দাস, প্ৰতীমা ডেকা,  ডালিমী পাটোৱাৰী, ৰুণুমী নাথ, সবিতা ডেকা, বিনীতা নাথ, ভনীতা দেৱী, অনিতা লহকৰ, অনিতা তালুকদাৰ, লীনা নাথ, পল্লৱী দাস, জোনালী ডেকা, জোনালী নাথ, জয়শ্ৰী দাস, জোনমণি ডেকা, জোনমণি কুমাৰ, মৰমী শইকীয়া, কবিতা বৰুৱা, মিতালী বৰুৱা, নন্দিতা নাথ, প্ৰিয়ংকা শইকীয়া,  জোৎস্না দাস,  গীতাঞ্জলি কলিতা, সংগীতা ডেকা,  জয়মতী নাথ, কুসুম দেৱী, টুটুমণি কলিতা, পুষ্পাঞ্জলি দাস, মৌচুমী নাথ, বৰষা ৰাণী দাস, অনামিকা দাস, ৰাজশ্ৰী চহকীয়া, কনকলতা মেধী,  কনকলতা ডেকা, কৰবী কলিতা, ভনিতা দাস বৈশ্য,  নমিতা কলিতা, চম্পা কৈৱৰ্ত্ত,  উৰ্ব্বশী ৰাজবংশী, ময়ূৰী নাথ, জিণ্টি ডেকা,  হিৰামণি কুমাৰ, হিৰামণি বৈশ্য, ৰিতা কলিতা, চুমী ৰাজবংশী, চুমী বৰা, লভিতা নাথ, গীতামণি নাথ,  ভূপালী কলিতা, বিকি কলিতা,  মৌচুমী নাথ, নয়না দাস, চয়নিকা বড়া, স্মিতা কলিতা, ভবানী ডেকা, ভনিতা দেৱী, নিনিমণি কলিতা, জুৰিমা হাজৰিকা, বিউটি হাজৰিকা, চম্পা কলিতা, অনিন্দিতা কলিতা,  প্ৰণিতা ৰাজবংশী, লিপিকা কাকতি,  চন্দনা দাস,  দীপশিখা দাস, তৰালী দেৱী, তৰালী ডেকা, চয়নিকা দাস, তুলিকা হুজুৰী, ৰিংকুমণি ডেকা  আদি ৷

সামাজিক মাধ্যমঃ

 সময়ৰ সোঁতত খোজ মিলাই সামাজিক মাধ্যমটি অতি  গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে নাগাৰা নামে ৷ বিশেষকে ইউটিউবত আৰু ফে’চবুকৰ মাধ্যমেৰে নাগাৰা বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে ফলত নতুন প্ৰজন্মৰ নাগাৰা নামৰ প্ৰতি ধাউতি দুগুণে বাঢ়িছে ৷ 

নাগাৰা নামৰ প্ৰচাৰ আৰু প্ৰসাৰত আগভাগ লোৱাঃ 

ক) ফে’চবুক গ্ৰুপ=

 “নাগাৰা নাম সমন্বয় মঞ্চ’’

“লোক সংস্কৃতি সমন্বয় মঞ্চ, অসম’’


খ) ইউটিউব চেনেলঃ 

১: Voice of RDS

২:Subhash Nath Entertainment

৩: Pranjit Parag Creation

৪: Raks Assam

৫: P J Pinku Creation

6: Kamal Krishna Deka

৭: All Assam Nagara Naam

৮: DKDipakkumar

৯: Debajit Barman

১০: Wave Music Assam

১১: Assamese Mixture

১২: Runu Nath Sarma

১৩: Maa Digital Studio and Marami Saikia Entertainment

১৪: Girendra Babu Creation

১৫: Kishor Barman N N

১৬: Satya Barman youtube

১৭: Brajendra Deka Youtube


তথ্য সংগ্ৰহঃ

১/সংবিধানঃ সদৌ অসম নাগাৰা নাম সংঘ

২/ নাম বৈভৱঃ সম্পাদক, নৰকান্ত ডেকা

৩/ গোৱিন্দ চৰিতঃ ভবানন্দ মিশ্ৰ 

৪/ অসমৰ নাম অনুষ্ঠানঃ ড° পিতাম্বৰ দেৱগোস্বামী

৫/ কৃষ্ণধনঃ পাঠক অচ্যুত ডেকা  

   

✍️ ব্ৰজেন্দ্ৰ ডেকা 

পাইকানা, কামৰূপ

ফোনঃ ৮৬৩৮৯০৩২৯৫

                            

Post a Comment

0 Comments