এতিয়াই চাওক

6/recent/ticker-posts

মহাকাব্যৰ পৃষ্ঠাৰ পৰা || নিতু গোস্বামী ||Nitu Goswami ||

 মহাকাব্যৰ পৃষ্ঠাৰ পৰা


- ইতিহাসৰ উল্লেখযোগ্য ঘটনা প্ৰবাহৰ পৰা মানৱ প্ৰজন্মই বৰ্তমান জীৱনত উত্তৰণ ঘটাবলৈ প্ৰেৰণা লয় । নিজৰ শক্তি সামৰ্থৰে সমাজ সংস্কাৰত বিশেষ ভূমিকা গ্ৰহণ কৰা মহা মহা বীৰ সকলক উত্তৰ প্ৰজন্মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰে,গুণ গৰিমা প্ৰচাৰ কৰি সেইসকলৰ পদানুসৰণ কৰিবলৈ চেষ্টা কৰে ।অনৈতিক অধাৰ্মিক কাৰ্যকলাপেৰে সমাজখন অস্থিৰ কৰি তোলা সকল ভবিষ্যতৰ দিনত সকলোৰে ঘৃণাৰ পাত্ৰ হয় ।এটা যুগৰ পৰা আনটো যুগলৈ কথাবোৰ এনেদৰেই চলি আহিছে ।এই কথাৰ গ্ৰহণযোগ্যতাৰ ওপৰত কোনো সন্দেহ নাই ।কিন্তু , এটা যুগৰ অৱসান হোৱাৰ পাছত অধিকাংশ উত্তৰ প্ৰজন্মৰ আচাৰ আচৰণৰ ওপৰত লক্ষ্য কৰি মই অনিচ্ছা স্বত্তেও কবলৈ বাধ্য হৈছোঁ যে--মানৱ সমাজৰ অধিকাংশই নিশ্চয় ইতিহাসৰ পৃষ্ঠাবোৰ ওপৰে ওপৰে লুটিয়াই যায় !! আৰু সেইবাবেই সমাজৰ পৰিৱৰ্তনকামী যুদ্ধখনত প্ৰকাশ্যে দৃষ্টিমান হোৱা মহাৰথী মহাবীৰ সকলহে তেওঁলোকৰ মনৰ মাজত জীৱন্ত হৈ ধৰা দিয়ে । মহাৰথী সকলৰ সুৰক্ষাৰ বাবে সোঁৱে বাৱে ৰক্ষা কৱচ হৈ থিয় দি থকা সৈনিক সকলৰ কষ্ট আৰু ত্যাগৰ মূল্য সেইসকলে সাধাৰণতেই দিবলৈ ইচ্ছা নকৰে । সেয়েহে হয়তো ভৱিষ্যতৰ দিনত ৰক্ষা কৱচ হৈ নিজক উৎসৰ্গা কৰা সৈনিক সকলৰ নাম -ধাম ,শ্ৰম--ত্যাগ আদিৰ যথোচিত আলোচনা সমাজত দৃষ্টিগোচৰ নহয় ।ভৱিষ্যত সমাজৰ সন্তুলন বৰ্তাই ৰখাৰ ক্ষেত্ৰত এয়া নিশ্চয় এক অশনি সংকেত ।
তেনে এক ইতিহাসৰ পৃষ্ঠাতে
এদিন মোৰ নামো অংকিত হৈছিল । মহঋষি কুৰুৰ নামেৰে নামাঙ্কিত হোৱা কুৰুবংশৰ সন্তান আছিলোঁ মই । মোৰ নাম সহদেৱ । ভাৰত বৰিষৰ মহা পুণ্যভূমি কুৰুক্ষেত্ৰত সংঘটিত হোৱা মহাবিনাশক ভাতৃঘাটি মহাযুদ্ধৰ বিজয়ী পক্ষ অৰ্থাত পঞ্চপাণ্ডৱৰ কণিষ্ঠ মই ।মহান কুৰুবংশতিত পাৰিবাৰিক কন্দলৰ অচিলাৰে আৰম্ভ হোৱা , মূলতঃ ধৰ্মপ্ৰতিষ্ঠাৰ বাবে ওঠৰ দিন ধৰি সংঘটিত হোৱা যুদ্ধখনৰ মই এজন মহাৰথী ।আন আন মহাৰথী সকলৰ তুলনাত ৰনভূমিত মোৰ যুদ্ধকৌশল কোনোগুনেই কম নাছিল । মোৰ ৰথৰ ওপৰত হংসৰ ধৱজ উৰিছিল । অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ শত্ৰু পক্ষৰ বিপৰীতে মই এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিলোঁ ।মোৰ শৰৰ অগণিত, ধাৰাল তৰুৱালৰ নিৰাধাৰ আঘাতত শত শত শত্রুসেনাৰ মস্তক শৰীৰৰ পৰা ছিন্ন হৈ পৰিছিল ।ইতিহাসৰ পৃষ্ঠাত এইবোৰ কথা নিশ্চয় লিপিবদ্ধ নোহোৱাকৈ থকা নাছিল ।কিন্তু ,পৰৱৰ্তী সময়ত সাধাৰণ সৈনিক সকলৰ দৰে জনমানসত মই কিন্তু বিশেষ গুৰুত্ব নাপালোঁ । দাদা যুধিষ্ঠিৰ , ভীম ,অৰ্জুন আদিৰ বীৰত্বৰ আলোচনা কৰি সকলোবোৰ যেনেদৰে পঞ্চমুখ হয় ,মোৰ ক্ষেত্ৰত কিন্তু তেনে নহয়। মোৰ ন্যায়োচিত আচৰণ ,সময়সাপেক্ষ চিন্তা ,অপৰিসীম বীৰত্তৰ কথা পৰৱৰ্তী সময়ত কাৰোবাবেই আলোচনাৰ বিষয় হিচাবে বিবেচিত নহল ।আচলতে শাৰীৰিক শক্তি প্ৰদৰ্শনৰ জৰিয়তে চমক সৃষ্টি কৰিব নোৱাৰিলে ,মানৱীয়তা বিসৰ্জন দি শত্ৰুৰ মৃতদেহৰ ওপৰত তাণ্ডৱ নৃত্য কৰি দেখুৱাব নোৱাৰিলে , জয় লাভৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা পৰোক্ষ সহযোগৰ মূল্য সমাজে সহজতে দিবলৈ নিবিচাৰে । মোৰ ক্ষেত্ৰতো সেয়াই হল ।যুদ্ধত কৌৰৱ পক্ষৰ শ শ সৈন্য মোৰ হাতত পৰাস্ত হৈছিল সঁচা ,কিন্তু দাদা বৃকোদৰৰ দৰে শত্ৰুৰ বুকু ফালি ৰক্ত পান কৰিবলৈ মই মানসিক শক্তি বা দুঃসাহস গোটাব পৰা নাছিলোঁ । কাৰণ ,কুৰুক্ষেত্ৰ যুদ্ধৰ শেষ পৰিণতি মই আগতিয়াকৈয়ে জানিব পৰিছিলোঁ । জ্যোতিষ শাস্ত্ৰৰ নির্ভুল গাননিক হোৱাৰ বাবে কুৰুক্ষেত্ৰ যুদ্ধৰ শেষ পৰিণতি মোৰ চকুৰ আগত আছিল । বাসুদেৱ কৃষ্ণৰ দৰে ভৱিষ্যত দৰ্শন কৰাৰ শক্তি মনুষ্য জগতত একমাত্ৰ মোৰেই আছিল ।কৃষ্ণই বাধাৰ সৃষ্টি নকৰাহলে মহাযুদ্ধৰ ফলাফল আগতিয়াকৈয়ে প্ৰকাশ কৰি মই কুৰুবংশৰ গতিকেই সলনি কৰি দিব পাৰিলোহেঁতেন ।
পিতৃ মাতৃয়ে মোৰ নাম সহদেৱ কিয় ৰাখিলে নাজানো -কিন্তু যথাসাধ্য আন্তৰিক সহযোগিতাৰ পৰা এই সহদেৱে কাকো বঞ্চিত কৰা নাছিল ।উদাহৰণ স্বৰূপে ,যিদিনা দুৰ্যোধনে কৌৰৱৰ জয়ৰ স্বাৰ্থত যোদ্ধাৰম্ভৰ শুভদিন নিৰ্ণয়ৰ বাবে মোৰ কাষলৈ আহিছিল , সেইদিনাৰ কথাই কব পাৰি ।জ্যোতিষ শাস্ত্ৰৰ ওপৰত থকা মোৰ দখলৰ কথা দুৰ্যোধনে ভালকৈয়ে জানিছিল । মই ইচ্ছা কৰা হলে কৌৰৱৰ বাবে অশুভ দিন এটা নিৰ্ণয় কৰিও দিব পাৰিলেহেঁতেন । মই কিন্তু তেনে কৰা নাছিলোঁ । দুৰ্যোধনে সদায় শত্ৰু বুলি বিবেচনা কৰা পাণ্ডৱৰ এজনক অৰ্থাৎ মোৰ ওপৰত সেইসময়টো ৰখা বিশ্বাসক মই কুঠাৰাঘাত কৰোঁ কেনেকৈ ! ইয়াৰ বাবে অৱশ্যে পাণ্ডৱৰ সকলোৰে পৰা মই কথা শুনিব লগা হৈছিল ।আনহে নেলাগে কৃষ্ণয়ো মোক কটাক্ষ কৰিবলৈ এৰা নাছিল । মই হেনো স্ব-বিৰোধী কাম কৰিছোঁ । মই ভাবিছিলোঁ পৰৱৰ্তী সময়ত মনুষ্য সমাজে অন্ততঃ এনে ন্যায়োচিত কৰ্মৰ বাবে মোক স্বীকৃতি দিব । কিন্তু ,বাস্তৱ ক্ষেত্ৰত তেনে নহল । যি কি নহওঁক,পাণ্ডৱৰ প্ৰতিকূলে গলেও জ্যোতিষ শিক্ষাৰ শুদ্ধ সত্য প্ৰয়োগ কৰি মই কিন্তু আত্মতৃপ্তি লাভ কৰিছিলো ।
শৈশৱত গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত অস্ত্ৰ শিক্ষাৰ লগতে জ্যোতিষ শাস্ত্ৰ আৰু পশু চিকিৎসাৰ জ্ঞানো লাভ কৰিছিলো ।আমি অজ্ঞাতবাসত থাকোতে গো-শালা চলোৱাৰ সময়ত এই চিকিৎসা জ্ঞানে মোক যথেষ্ট সহায় কৰিছিল ।ইতিহাসৰ পৃষ্ঠাত থাকিলেও ,উত্তৰ প্ৰজন্মৰ সহজে চকুত নপৰা কথাটো হল-- মোৰ জ্ঞান বুদ্ধিৰ প্ৰশংসা কৰি দাদা ধৰ্মৰাজে মোক ব্যক্তিগত মন্ত্ৰণাদাতা হিচাপে নিয়োগ কৰি ৰাখিছিল । এই কথা কিন্তু পৰৱৰ্তী সময়ত কাৰো মুখত উচ্চাৰিত হোৱা মই শুনা নাপালোঁ । মই আগতেই কৈছো --জ্যোতিষ চৰ্চাৰ জৰিয়তে মই ভূত ভৱিষ্যতৰ কথা অনায়াসে কব পাৰিছিলোঁ ।সেয়েহে বহুতে মোক ত্ৰিকালজ্ঞ বুলিও কব খোজে ।পৰৱৰ্তী সময়ত জ্যোতিষ শাস্ত্ৰক গুৰুত্ব দিব নোখোজা সকলে মোৰ এই ভূত ভৱিষ্যত গণনা কৰি কব পৰা শক্তিটো পিতৃ পাণ্ডুৰ পৰা প্ৰাপ্ত বুলি কব খোজে । এই কথা কিন্তু শুদ্ধ নহয় । যি কোনো কৰ্মত পিতৃ মাতৃৰ আশীৰ্বাদ লাগিবই ।এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে ! মোৰ এই শিক্ষা লাভত তেওঁলোকৰ আশীৰ্বাদ নিশ্চয় আছিল । সেইবুলি এইটো নহয় যে, এই শক্তি মই প্ৰত্যক্ষ ভাবে পিতৃৰ পৰা পাইছিলো ।প্ৰকৃতাৰ্থত এয়া মোৰ অধ্যয়ন ,অধ্যব্যসায়ৰ ফলত প্ৰাপ্ত হোৱা শক্তি । অৱশ্যে দুৰ্ভাগ্য বশতঃ কুৰুক্ষেত্ৰ যুদ্ধৰ আগত মোৰ এই শক্তিৰ সদব্যৱহাৰ কৰিবলৈ মই সুযোগ নাপালোঁ ।মোক এই সুযোগৰ পৰা বঞ্চিত কৰা হল । বহুতে হয়তো নাজানে , মোক এই শক্তি ব্যৱহাৰ কৰাৰ পৰা বঞ্চিত কৰা মহাপুৰুষ জনেই হল বাসুদেৱ কৃষ্ণ ।কৃষ্ণই প্ৰকৃততে এক মহান উদ্দেশ্য লৈ কুৰুক্ষেত্ৰত প্ৰৱেশ কৰিছিল ।পৃথিৱীত ধৰ্ম ৰক্ষাৰ বাবে তেওঁ যি কোনো ধৰণৰ কূট কৌশল প্ৰয়োগ কৰিবলৈও পিছ হোহকা নাছিল ।ধৰ্ম ৰক্ষা হবলৈ অধৰ্মৰ বিনাশ হবই লাগিব ।এই কাৰ্য সমাপন কৰিবলৈ যাওঁতে তেওঁ নিজে বাহ্যিক দৃষ্টিত নিৰস্ত্ৰ হৈ থাকি আমাক বিশেষকৈ দাদা অৰ্জুনক মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল ।মই যে এজন ভৱিষ্যত দ্ৰষ্টা ,এই কথা কৃষ্ণৰ অবিদিত নাছিল ।তেওঁৰ সন্দেহ আছিল --মই যদি যুদ্ধৰ পৰিনামৰ কথা আগতীয়াকৈ সকলোকে জনাই দিওঁ !! তেতিয়াহলেতো কৃষ্ণৰ মহান উদ্দেশ্যত হেঙাৰ আহিব । এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ভীষণ অভিশাপ দি কৃষ্ণই মোৰ মুখ বন্ধ কৰি দিলে ।মোক সতৰ্ক কৰি দিয়া হল ---মই যদি ভৱিষ্যতৰ কথা আনৰ আগত কৈ বিধাতাৰ ইচ্ছাৰ বিপৰীতে যাওঁ ,সেই মুহূৰ্ততে হেনো মোৰ মস্তিষ্ক দেহৰ পৰা ছিঙি পৰিব ।ইয়াৰ বাবেই মই শেষ সময়লৈকে মৌন হৈ থাকিবলৈ বাধ্য হলো ।কৃষ্ণৰ ওপৰত মোৰ কিন্তু কোনো আক্ষেপ নাছিল ।কাৰণ কৃষ্ণৰ মহান লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে মই ভালদৰেই অৱগত আছিলোঁ ।মই তেওঁৰ সহযোগী হৈ ধৰ্মপ্ৰতিষ্ঠাৰ ক্ষেত্ৰত মাত্ৰ যথাসাধ্য সহায় কৰি গলো ।কৃষ্ণই সন্ধি প্ৰস্তাৱৰ বাবে পাণ্ডৱ পক্ষৰ দূত হৈ যাবলৈ ওলাওঁতে মোক আছুটীয়াকৈ লগ কৰি কৈছিল---'সহদেৱ, কৌৰৱৰ সভাত মই শান্তিৰ বিনিময়ত পাণ্ডৱৰ বাবে পাঁচখন মাত্ৰ গাঁও বিচাৰিম বুলি ভাবিছোঁ ।এই ক্ষেত্ৰত মোক তোমাৰ পৰামৰ্শৰ প্ৰয়োজন ।'"-----কৃষ্ণই মোৰ পৰা পৰামৰ্শ বিচৰাৰ কাৰণ মই ভালদৰেই বুজি পাইছিলোঁ ।ধৰ্ম প্ৰতিষ্ঠাৰ বাবে যুদ্ধৰ প্ৰয়োজনীয়তা কিমান সেয়া মই ভালকৈয়ে উপলব্ধি কৰিছিলোঁ ।যি কোনো পাঁচখন গাঁও দিবলৈ দুৰ্যোধনে যদি সন্মতি প্ৰদান কৰে , তেতিয়াহলে দেখোন যুদ্ধৰ প্ৰয়োজনীতাই নাথাকিব ।সেয়েহে কৃষ্ণক মই পানীপ্ৰস্থ ,টিলপ্ৰস্থ ,ইন্দ্ৰপ্ৰস্থ আদি নিৰ্দিষ্ট পাঁচখন গাঁও বিচাৰিবলৈ অনুৰোধ কৰিছিলোঁ ।মই জানিছিলোঁ - পাণ্ডৱক এই পাঁচখন গাঁও দিবলৈ দুৰ্যোধন কেতিয়াও সন্মত নহয় । কাৰণ ,এইকেইখন গাঁৱৰ অবিহনে যে হস্তীনাপুৰৰ অস্তিত্বই নাথাকিব । সূচতুৰ সৰ্বজ্ঞ কৃষ্ণই মোৰপৰা হয়তো ইয়াকেই আশা কৰিছিল ।মই ভাবো ,এই ক্ষেত্ৰত মই বুদ্ধিমত্তাৰেই পৰিচয় দিলোঁ । নিৰ্দিষ্ট পাঁচখন গাঁও পাণ্ডৱে বিচাৰিছে বুলি কৈ নিজৰ দোষ আঁতৰাবলৈ কৃষ্ণই অন্ততঃ এটা সুযোগ পালে ।
এদিন কুৰুক্ষেত্ৰত যুদ্ধ আৰম্ভ হল ।হংসৰ চিহ্ন থকা ধৱজ সম্বলিত সুসজ্জিত ৰথত উঠি মণিপুষ্পক ফুঁকাৰী ময়ো যুদ্ধভূমিত নামি পৰিলোঁ ।মোৰ প্ৰধান লক্ষ্য আছিল শকুনি ।শকুনিক নিজ হাতে বধ কৰিম বুলি মই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়তেই প্ৰতিজ্ঞা ৰাখিছিলোঁ ।যুদ্ধ ক্ষেত্ৰত মই সকলো অস্ত্ৰ ব্যৱহাৰ কৰিছিলোঁ যদিও মোৰ প্ৰধান অস্ত্ৰ আছিল পৰশু । ওঠৰ দিন যুদ্ধত মোৰ হাতত কৌৰৱৰ অজস্ৰ সৈন্য নিহত হৈছিল । অন্তিম দিনৰ যুদ্ধত মই বিচাৰি থকা সুযোগটো আহিল ।শকুনি নিজেই আহি মোৰ সন্মুখত ধৰা দিলেহি ।শকুনিৰ বুকুত তীক্ষ্ণ অসি বহুৱাই মই মোৰ প্ৰতিজ্ঞা পূৰণ কৰিলোঁ ।অৱশেষত যুদ্ধত আমি জয়ী হলো ।কৃষ্ণই বিচৰা মতেই অধৰ্মী কৌৰৱৰ বিনাশ ঘটিল ।দাদা যুধিষ্ঠিৰে হস্তীনাৰ শাসনভাৰ কান্ধ পাতি ললে । দক্ষিণৰ মদ্ৰ ৰাজ্যৰ শাসনভাৰ দাদাই মোৰ ওপৰত ন্যস্ত কৰিলে । আৰু বহু কথা আছে । সেইবোৰ নকলেও এতিয়ালৈকে যিখিনি কথাৰ অৱতাৰণা কৰিলোঁ ,মনুষ্য সমাজৰ মাজত প্ৰাধান্য পাবলৈ মোৰ ইমানেই যথেষ্ট নাছিল জানো ? মোৰ এনে লাগে মোৰ অনুপস্থিতিত পাছ পাণ্ডৱ সম্পূৰ্ণ নহব বুলি ভাবিহে যেন পিছৰ প্ৰজন্মই কেতিয়াবা মোৰ নাম উচ্চাৰণ কৰে ! কিন্তু মই নিশ্চিত ভাবে কব পাৰো -সেই সময়ত বাসুদেৱ কৃষ্ণৰ অলৌকিক শক্তিৰ উপৰিও বৃহস্পতিৰ লগত তুলনা কৰা মোৰ বুদ্ধিমত্তাৰ অবিহনে কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱৰ জয় নিশ্চিত কৰিবলৈ যথেষ্ট কঠিন হলহেঁতেন । বৰ্তমান প্ৰজন্মই ইতিহাসৰ পৃষ্ঠাৰ এনেবোৰ কথা চৰ্চন চিন্তন কৰা হলে মই আজি একাষৰীয়া হৈ থাকিব নালাগিল হেতেন !! আমাৰ যুগৰ কাহিনীকে লৈ বৰ্তমান সময়ত হৈ থকা ৰং ৰহস্য বিলাকত ইমান পুতৌ লগাকৈ মোৰ উপস্থাপনো হয়তো নহলহেঁতেন !!!

Post a Comment

0 Comments