এতিয়াই চাওক

6/recent/ticker-posts

সুকন্যা।। ৰাজীৱ গগৈ।। Sukanya Rajib gogoi||Part-05||

                              

             তীব্ৰ বেগেৰে শয্যাতিৰ ৰথ গৈছে   চ্যৱনৰ আশ্ৰমলৈ । মনলৈ  নানা আশংকা আহিছে । দোদুল্যমান মনে নিমিষতে উপস্থিত হ'লগৈ তেওঁ  চ্যৱনৰ আশ্ৰমত । দূৰৰ পৰাই  শয্যাতিয়ে দেখিলে শুকুলা কেশেৰে খীণ কায়  এক বৃদ্ধ বহি আছে ভূমিত । আশংকিত মনে শয্যাতি বৃদ্ধৰ ওচৰ চাপি গ'ল   । তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি নিশ্চিত হ'ল  শয্যাতি এওঁৱেই চ্যৱন ; কাৰণ চকুৰ পৰা নিগৰি অহা তেজৰ কৰাল দাগ এতিয়াও বিদ্যমান হৈ আছে চ্যৱনৰ মুখত । ঋষিৰ অৱস্থা দেখি কি কৰিব কি নকৰিব ভাবিব নোৱাৰা হ'ল শয্যাতিয়ে । কিছুপৰ স্থবিৰ হৈ থকাৰ পাছত শয্যাতিয়ে ' হে ঋষিবৰ, ক্ষমা কৰক আমাক  ' বুলি ঋষিৰ চৰণত দীঘল দি পৰি কান্দিব  ধৰিলে  ।  

        আচৰিত হৈ  চ্যৱনে কোন, কোন বুলি  প্ৰশ্ন কৰিলে  । ঋষিৰ চৰণত ধৰিয়ে শয্যাতিয়ে ক'লে--

--" হে ঋষিবৰ, মোৰ কন্যাক আপুনি ক্ষমা কৰক । অবুজন তাই, অজানিতে তাই আপোনাৰ  এই দশা কৰিলে । আমাক ক্ষমা কৰক ঋষিবৰ । আমাক দিয়া অভিশাপ আপুনি উঠাই লওক ---" 

      চ্যৱনে বুজিলে কোনে আহি  ক্ষমা ভিক্ষা মাগিছেহি । সহজে ক্ৰোধ নকৰে চ্যৱনৰ দৰে মহান ঋষিয়ে । গম্ভীৰ স্বৰে ক'লে --

 --" উঠক ৰাজন , তপোবলে  আমি  সকলো জানিব পাৰিলো । কাকো আমি  ক্ৰোধ কৰা নাই, দিয়া নাই কোনো অভিশাপ---। ঈশ্বৰৰ ইচ্ছা বুলি মানি লৈছো এই অন্ধত্ব  জীৱন----।"

               চ্যৱনৰ ব্যৱহাৰত মনত সাহস পালে  শয্যাতিয়ে ।   মহৰ্ষিয়ে যদি নাই দিয়া  অভিশাপ তেন্তে ৰাজ্যত ঘটা  অঘটনৰ কাৰণ কি ? নিশ্চিত হ'ল শয্যাতি ' বিধাতাৰ দৃষ্টিত কোনো সাৰি নাযায়;  ভগৱন্তই দিছে আমাক দণ্ড ।' শয্যাতিক প্ৰবোধ দিয়াৰ উদ্দেশ্যে চ্যৱনে ক'লে --

--" চিন্তা নকৰিব আৰু ৰাজন, ভগৱন্তক প্ৰাৰ্থনা কৰিছো  আপোনাৰ প্ৰজাৰ দুখ অচিৰেই দূৰ হ'ব । " মহৰ্ষিৰ মহানতাত কৃতজ্ঞতা জনালে শয্যাতিয়ে । 

               পাছে আত্মগ্লানিত ভুগিছে শয্যাতি । যাৰ কন্যাই দিলে অন্ধত্ব, তেওঁক ক্ৰোধ নকৰি , নিদি অভিশাপ সেই ৰাজনৰ প্ৰজাৰ মঙ্গলৰ বাবে মহৰ্ষিয়ে কৰিছে প্ৰাৰ্থনা ! ঋষিৰ আগত শয্যাতিৰ  নিজকে  স্বাৰ্থপৰ যেন লাগিল ।   ধিক্কাৰ দিলে শয্যাতিয়ে নিজকে --- "ঋষিবৰ, আপোনাৰ অৱস্থা দেখি মই ব্যথিত হৈছো । কওক, কেনেদৰে মই আপোনাক সহায় কৰোঁ   ?"

            " ৰাজন, বিধাতাই নিদিলে মনুষ্যই কেনেদৰে  সহায় কৰিব   ! তপ কৰি   লভিছিলো  সাংসাৰিক জীৱন যাপন কৰাৰ জ্ঞান । কিন্তু  বিধাতাই নিদিলে ; অন্ধত্বহে দিলে দান । কোন  তিৰোতাই এতিয়া এই অন্ধ বৃদ্ধক  বিবাহ কৰিব !!"

 " কিয় কয় তেনেকৈ, আপোনাৰ দৰে মহৰ্ষিৰ সহধৰ্মিণী হ'বলৈ যিকোনো নাৰীয়ে  প্ৰস্তুত হ'ব ।"

  " কিয় তোষামোদ কৰিছে ৰাজন ? এয়া  যে  অসম্ভৱ ! "

" মই তোষামোদ  কৰা নাই ঋষিবৰ;  সত্যটোহে প্ৰকাশ  কৰিছো ।" বিনয়েৰে ক'লে শয্যাতিয়ে ।

           " ৰাজন, কোন নাৰীয়ে অন্ধ এক বৃদ্ধক  স্বামী বৰণ কৰিব ! কোন পিতৃয়ে  নিজ কন্যাক অৰ্পণ কৰিব মোৰ দৰে এক অন্ধৰ হাতত । কওক ৰাজন পাৰিব জানো আপুনিয়ে অৰ্পণ কৰিব আপোনাৰ কন্যাক মোৰ হাতত  ? "

           এয়া কি ক'লে চ্যৱনে  !! এনে  অবাঞ্চিত প্ৰস্তাৱটো  আশা কৰা নাছিল শয্যাতিয়ে । হঠাত মহৰ্ষিয়ে দিয়া   এই  প্ৰস্তাৱ  ব্ৰহ্মাস্ত্ৰতকৈও ভয়ংকৰ যেন লাগিল শয্যাতিৰ । বাক্ শূন্য  হৈ পৰিল তেওঁ । শয্যাতিৰ মৌনতাত হাঁহিলে চ্যৱনে আৰু হাঁহি হাঁহিয়ে ক'লে--

           " যাওক ৰাজন, ক'বলৈহে ভাল; নিজৰ বেলিকা সকলো আপোনাৰ দৰেই চিন্তিত হ'ব ।  ৰাজন, সহানুভূতি সকলোৱে প্ৰদৰ্শন কৰে ; কিন্তু বাস্তৱত ৰূপায়ণ কৰাটো অতি কঠোৰ । যাওক ৰাজন , চিৰ সত্যৰ অনুভৱহে  জগালো আপোনাৰ । কষ্টকৰ একাকী  জীৱনেই মই   যাপন  কৰিম ----" 

           বৰ অসহায় বোধ কৰিলে শয্যাতিয়ে । সৌজন্যতাৰ খাতিৰতে মাথো ক'লে, " ঋষিবৰ , এই সন্দৰ্ভত মই  কন্যাৰ লগত বাৰ্তালাপ কৰি অচিৰেই শুভ সংবাদ  আপোনাক জনাম । এতিয়া মই  বিদায়  মাগিছো ।" 

 ' শুভ সংবাদ !!' এক বিষাদৰ   হাঁহিৰে চ্যৱনে বিদায় দিলে ৰাজনক -----

আপুনিও যদি এনেধৰণৰ লেখা আমাৰ ৱেবচাইটৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে।। আমাৰ হোৱাটচ এপ নং- ৭৮৯৬৮৮২৭৫৪ ।। মেইল- asomiyabhaonasanskriti@gmail.com ।।

Post a Comment

0 Comments