এতিয়াই চাওক

6/recent/ticker-posts

সুকন্যা ||ৰাজীৱ গগৈৰ পৌৰাণিক উপন্যাস।।Sukanya novel।। part-02 ||


                মন্ত্ৰীবৰক  ৰাজকাৰ্যৰ  ভাৰ  অৰ্পণ  কৰি  প্ৰধান  সেনাপতি আৰু কেইজনমান অভিজ্ঞ, বিশ্বস্ত সেনাক লৈ শয্যাতি ৰাজন গ'ল মৃগয়া চিকাৰলৈ । সঙ্গে  গ'ল সুকন্যাসহ  কাৰেঙৰ  আগ্ৰহী  নাৰীগণ । মনত সকলোৰে আনন্দ । সখীসহ সুকন্যা গৈছে একেখন ৰথতে । এজন পাকৈত সাৰথি নিৰ্বাচন কৰি দিছে পিতৃয়ে তেওঁলোকৰ ৰথৰ বাবে; তাৰ প্ৰমাণো তেওঁলোকে পাইছে । শয্যাতিৰ ৰথৰ ঠিক পাছে পাছে সাৰথিয়ে লৈ গৈছে সুকন্যাহঁতক । 

             অপূৰ্ব লাগিছে দুয়ো সখীক, যেন  সৰগৰ অপেস্বৰী নামি আহিছে ধৰাৰ বুকুলৈ । তথাপি সুকন্যা যেন সুকন্যায়ে; স্বকীয়  ৰূপ আৰু গুণত মহিমাময়ী তাই । নিতম্বলৈকে পৰি থকা ক'লা কিচকিচীয়া চুলি টাৰীত সূৰ্য্যৰ কিৰণ পৰি জিলিকি উঠিছে । বতাহ চাটিয়েও যেন সুযোগ বুজি স্পৰ্শ কৰিছে সুকন্যাৰ কেশ । মাজে মাজে সেয়ে সুকন্যাই অবিন্যস্ত চুলি টাৰীক বশ কৰাৰ উদ্দেশ্যে মাটি চাকিৰ শলিতা যেন হাতৰ আঙুলিৰে চেষ্টা চলাই গৈছে । দলৰ সন্মুখত গৈছে প্ৰধান সেনাপতি বিক্ৰম ; শয্যাতিৰ অতিকে বিশ্বস্ত সেনাপতি তেওঁ । তীক্ষ্ণ দৃষ্টিৰে পৰিস্থিতিৰ তেওঁ অধ্যয়ন কৰি গৈছে । কিছু দূৰ যোৱাৰ পাছত প্ৰধান সেনাপতিয়ে ৰাজনক  কিবা ইঙ্গিত দিয়া যেন লাগিল সুকন্যাৰ । উৎকণ্ঠিত ভাৱে চালে তাই পিতৃলৈ । পূৰ্বে তাই অহা নাই  এনেদৰে মৃগ চিকাৰলৈ । সেয়ে আও-ভাও পোৱা নাই একোকে । হঠাত শয্যাতিয়ে ডাঙৰকৈ ঘোষণা কৰিলে---  

             " খন্তেকতে আমি প্ৰৱেশিম বনত । সুকন্যা, তুমি  সাৱধানে ৰথত উঠি থাকিবা ।" শয্যাতিয়ে সতৰ্ক বাণী শুনালে সুকন্যাসহ নাৰীগণক । আ: প্ৰৱেশিম বনত! উৎকণ্ঠিত হ'ল সুকন্যা । 

                সকলো বনত প্ৰৱেশ কৰিলে । ৰথৰ শব্দ  আৰু ঘোঁৰাৰ মাতে নিৰ্জন অৰণ্যত খলকনি তুলিছে । ভয়ত বিতত হৈছে বনৰ জন্তু । প্ৰাণৰ মমতাত সিহঁত দিশহাৰা হৈ মাথো দৌৰিব ধৰিছে । সেনাগণ সাজু হৈছে,  হাতে  ধনু ধৰি  শয্যাতিও সাজু হৈছে   বন্য  জন্তু নিধন কৰিবলৈ । ভীতিগ্ৰস্ত হৈ হঠাত এটা হৰিণা  দৌৰি আহি  তেওঁলোকৰ  সন্মুখত ওলাল । কিন্তু অবাক কৰি  সুকন্যাক চকুৰ  প্ৰচাৰতে ৰাজনে হৰিণাটোক শৰবিদ্ধ কৰিলে । যান্ত্ৰনাত চটফটাইছে হৰিণাটোৱে । আনহাতে পিতৃসহ সেনাগণে  লভিছে  অপাৰ আনন্দ ! হাঁহাকাৰ কৰি উঠিল সুকন্যাৰ প্ৰাণে, কান্দি উঠিল কোমল হৃদয়ে । পিতৃক  বৰ নিষ্ঠুৰ যেন লাগিল আজি তাইৰ । বুজি নাপালে সুকন্যাই কিয় পিতাৰ দৰে ৰাজন্য বৰ্গই চিকাৰৰ নামত অসহায় বন্য জন্তুক বধি লয় পাশৱিক আনন্দ । ইচ্ছা কৰিও প্ৰতিবাদ কৰিব নোৱাৰিলে সুকন্যাই । কৰিলে ভয় জানোচা পিতৃয়ে দুনাই নানিব বনলৈ । যি  নহওক

             'পিতাই লওক আনন্দ, মই  বনৰ নান্দনিক শোভা কৰোঁ পান ' --এই বুলি মন বান্ধিলে তাই । বনৰ  পৰিৱেশে সঁচাকৈ সুকন্যাক  আকৃষ্ট কৰিছে  । সুগন্ধি  পুস্পৰ  ঘ্ৰাণ আৰু  বনৰীয়া পক্ষীৰ কলৰৱে   কৰিছে  আপ্লুত । 

            বনৰ গভীৰলৈ কেতিয়া আহিল কোনোৱে  তলকিবই  নোৱাৰিলে । অৱশেষত শয্যাতিয়ে কৰিলে ঘোষণা, " বহু সময় আমি বনত  বিচৰণ কৰিলো । এই স্থানতে আমি  অলপ  জিৰণি লওঁ  । তাৰ পাছত  পুনৰ আৰম্ভ কৰিম আমি  উভতনি যাত্ৰা ।"

           হেঁপাহ পলুৱা নাই সুকন্যাৰ । সেয়ে  বাকীসকলে বিশ্ৰাম লওঁতেও পিতৃৰ কাষ চাপি সুকন্যাই বিচাৰিলে অনুমতি, " পিতা, সখীৰ সৈতে সৌ সৰোবৰটোৰ পাৰৰ বনত এপাক ফুৰি আহোঁগৈনে ?" শয্যাতিয়ে কন্যাৰ আগ্ৰহ দেখি বাধা নিদিলে । মাথো ক'লে, " সাৱধানে যোৱা আই আৰু সোনকালে ঘূৰি আহিবা  । সেনাপতি বিক্ৰম, দুজন বিশ্বস্ত সেনাক পঠোৱা সুকন্যাৰ লগত । কন্যাই ইচ্ছা কৰিছে সৰোবৰৰ পাৰত ভ্ৰমণ কৰিবলৈ ।"

           দুজন প্ৰহৰীক পিতৃয়ে  পঠাব বিচাৰিছিল যদিও সুকন্যাই প্ৰতিবাদ আৰু যুক্তি দৰ্শাই লগত নল'লে । উপায়হীন হৈ শয্যাতিয়ে  সুকীৰ্তিকে দিলে কন্যাৰ সুৰক্ষাৰ  ভাৰ । পিতৃৰ পৰা অনুমতি লৈ সুকীৰ্তিৰ সৈতে কাষৰ বনত আনন্দিত মনে বিচৰণ  কৰিছে  সুকন্যাই । বৰ মনোৰম এই স্থান । ফলে-ফুলে জাতিষ্কাৰ হৈ আছে বিৰিশ । জুৰ মলয়াই সুগন্ধি  বিয়পাই মন প্ৰাণ কৰি তুলিছে প্ৰফুল্লিত । মনৰ উল্লাসতে কৈ উঠিল সুকন্যাই, " অ' সখী , ইমান মনোৰম , ইমান মুক্ত  বনৰ পৰিৱেশ । নাই ইয়াত ৰাজ কাৰেঙৰ  দুৰ্ভেদ্য বান্ধোন । এনে লাগে যেন  চিৰদিন মই এই বনৰ মাজতেই কটাই দিওঁ  তপস্বিনীৰ  জীৱন । হয় নেকি !! পাছে  যেতিয়া  কোনো  দেৱ যেন ৰাজকোঁৱৰে  মাগিবহি তোমাৰ হাত , তেতিয়া তপস্বিনীৰ জীৱন ত্যেজি , আমাকো এৰি  শুকুলা ঘোঁৰাত উঠি গুচি যাবা  ধূলি  উৰুৱাই ।"

           সুকীৰ্তিৰ বচনত সঁচাই ক্ৰোধ উঠিল সুকন্যাৰ । কেইদিনমানৰ পৰা সুকীৰ্তিয়ে বৰকৈ ধেমালি কৰিব ধৰিছে । কোনো সহাঁৰি নজনাই খঙেৰে কিছু দূৰ আঁতৰি গ'ল সুকন্যা । সখীৰ ক্ৰোধ  সুকীৰ্তিয়ে বুজিলে ; সেয়ে সুকন্যাৰ  ওচৰ চাপি  তল মূৰ কৰি তাই ক'লে, "ক্ষমা কৰিব ৰাজকুমাৰী; মই  মোৰ মৰ্য্যাদা পাহৰি গৈছিলো । আমাৰ দৰে সাধাৰণ বিষয়াৰ কন্যাক আপুনি কিয়  মনত ৰাখিব------" সুকীৰ্তিৰ  বচন  শেষ  হোৱা নাছিল । হঠাত  গালত পৰা এক প্ৰচণ্ড  চৰত বোবা হৈ পৰিল সুকীৰ্তি  ! 

           " সাৱধান; আৰু এটা শব্দও  উচ্চাৰণ নকৰিবি । ডাঙৰ-সৰুৰ বিচাৰ কৰিব  আহিছ । তই কি মোক এতিয়াও নিচিনিলি ? যদি আহে তেনে ক্ষণ তোকো লগতে লৈ যাম মই । তোক এৰি জানো মই  থাকিব পাৰিম---!!" একে উশাহতে কথাখিনি কৈ সুকন্যাই জোৰেৰে সাৱটি ধৰিলে সুকীৰ্তিক । বন্ধুত্বৰ নিভাঁজ প্ৰেমত দুয়োৰে অশ্ৰুসিক্ত হ'ল  নয়ন ।

            সুকন্যাক সাৱটিয়ে সুকীৰ্তিয়ে  ক'লে, " আজিৰ পৰা বাৰু সখীৰ মনত নিদিওঁ দুখ । পাছে এতিয়া ব'লা মহাৰাজৰ কাষলৈ যাওঁ  ৰ'বা সখী, হেঁপাহ মোৰ পলোৱা নাই ; মুগ্ধ  হিয়াত মোৰ বাঢ়িছে কামনা, প্ৰকৃতিৰ ৰম্য পানেৰে দূৰ কৰোঁ মোৰ বন্য বিচৰণৰ তৃষ্ণা । চোৱাচোন সৌ আঁতৰত থকা সৰোবৰটোলৈ, পুষ্পিত পদ্মই তাৰ চৰাইছে জেউতি   । নিৰ্মল জলৰাশিত ৰাজহংসই কেনেদৰে কৰিছে জলকেলি । অ' সখী, আৰু কিছুপৰ থাকো আমি এই স্থানতে ।" 

           সুকন্যাই কৰা কাতৰ অনুৰোধক নুই কৰিব নোৱাৰিলে সুকীৰ্তিয়ে । সখীৰ  মনৰ কামনা পূৰ্ণ হওক --এই ভাবি আৰু  কিছু পৰ থকাৰ ল'লে সিদ্ধান্ত ।

          সৰোবৰটোলৈ দুয়ো সখী আগুৱাই গ'ল । হঠাতে সুকন্যাৰ দৃষ্টিত পৰিল এটা উঁই হাঁফলু । ইচ্ছা কৰিও দৃষ্টি আঁতৰাই আনিব পৰা নাই সুকন্যাই । এখোজ দুখোজকৈ সুকন্যা আগবাঢ়ি গ'ল উঁই হাঁফলুৰ দিশে । হঠাতে লোৱা  দিশৰ পৰিবৰ্তনত আচৰিত হৈ সুকীৰ্তিয়ে কৰিলে প্ৰশ্ন, " সখী, কোন দিশে যোৱা তুমি  ? সৰোবৰ আছে এই দিশতহে !! সখী, চোৱাচোন সৌ উঁই হাঁফলুটো । কেনেদৰে আছে, যেন এক মূৰ্তিহে । " --- উৎকণ্ঠিত মনে ক'লে সুকন্যাই । সখী, বহু  পলম হ'ল আমাৰ । উঁই সাফলু চাই আৰু দেৰি নকৰিবা । ব'লা সৰোবৰলৈ , নতু ঘূৰি যাওঁ মহাৰাজৰ কাষলৈ ।" সুকীৰ্তিৰ কথা নুশুনিলে সুকন্যাই । আগবাঢ়ি গ'ল উঁই হাঁফলুৰ  ওচৰলৈ । " সখী, এয়া  কি চোৱাহিচোন । হাঁফলুৰ ভিতৰত ৰঙাকৈ কি জিলিকিছে এই দুটা ।"---সুকন্যাই মাতিলে সুকীৰ্তিক । 

            অনিচ্ছা সত্বেও সুকীৰ্তিয়ে হাঁফলুৰ  ভিতৰলৈ জুমি চালে । বহু নিৰীক্ষণ কৰিও চিনিব নোৱাৰিলে তাই  কি জিলিকিছে ;  ' থাকিব পাৰে কিবা, কিন্তু তাকে লৈ কিয় মূৰ ঘমাইছা সখী  ? ব'লা উলটি যাঁও ।' --পুনৰ অনুৰোধ কৰিলে  সুকীৰ্তিয়ে । পাছে  মনৰ জিজ্ঞাসা দমাব নোৱাৰিলে সুকন্যাই । ওচৰতে পোৱা গছৰ ডাল এটাই খুঁচ মাৰি দিলে সুকন্যাই ৰঙাকৈ জিলিকি থকা অজান উৎসক । ই কি আচৰিত ; কঁপি উঠিল  উঁই হাঁফলুটো ! বৈ আহিল হাঁফলুৰ বাহিৰলৈ  দুধাৰি ৰঙা ৰক্ত !! অবাক হ'ল সুকন্যা । ভীতিগ্ৰস্ত হৈ দুয়ো সখী গ'ল পিছুৱাই । সুকীৰ্তিয়ে চিৎকাৰ কৰি উঠিল--" পলোৱা সখী , এয়া  কোনোবা মায়াবী ৰাক্ষস !" ভাবিবলৈ আৰু সময় নাই প্ৰাণে পণে দুয়ো সখী মাথো  দৌৰিব  ধৰিলে  ৰাজনৰ সমীপে , পিতাৰ সমীপে । পাছে শয্যাতিৰ কাষে পায় এগৰাকীয়েও নক'লে এই অদ্ভুত ঘটনাটো ! প্ৰহৰীক প্ৰত্যাখ্যান কৰি আহিছিল সুকন্যাই ; এতিয়া এই ঘটনাৰ বিৱৰণে হয়তো  পিতাৰ  উঠাব পাৰে ক্ৰোধ । সেই ভাবি মৌন হৈ ৰ'ল সুকন্যা ; সখীৰ মনোদশা বুজি সুকীৰ্তিয়েও নেমেলিলে মুখ । কি হ'ব পাৰে তাকে চিন্তি সুকন্যা নিশ্চুপ হৈ ঘূৰি আহিল পিতাৰ লগত ৰাজ কাৰেঙলৈ ।

আপুনিও যদি এনেধৰণৰ লেখা আমাৰ ৱেবচাইটৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে।। আমাৰ হোৱাটচ এপ নং- ৭৮৯৬৮৮২৭৫৪ ।। মেইল- asomiyabhaonasanskriti@gmail.com ।।

Post a Comment

0 Comments