এতিয়াই চাওক

6/recent/ticker-posts

সুকন্যা।। ৰাজীৱ গগৈৰ পৌৰাণিক উপন্যাস।।Sukanya novel।। part-01||

  


             অমৰমণ্ডলী যেন সভাসদগণৰ সন্মুখত দেৱেন্দ্ৰ যেন মৰতৰ ৰাজন শয্যাতি বহি আছে  ৰাজ সিংহাসনত । মনুনন্দন শয্যাতি; এক বিশাল ৰাজ্যৰ গৰাকী এই শয্যাতি । মহান পূৰ্বজৰ পৰা লভা ৰাজ্য খন শয্যাতিয়ে সুকলমে শাসন কৰিছে । বসুন্ধৰাত বিয়পি পৰিছে এওঁৰ সুখ্যাতি । সাম্য সৌম্য শয্যাতিৰ মুখত জিলিকিছে সেয়ে   প্ৰাপ্তিৰ সন্তুষ্টি ।  ৰাজ্যৰ কেওদিশে শান্তি বিৰাজমান । আনন্দিত মনে  শয্যাতিয়ে সন্মূখত বহি থকা পাৰিষদগণক উদ্দেশ্যি  ক'লে---- 

--- " হে পৰম পূজনীয় পাৰিষদ গণ, আপোনাসৱৰ সহযোগিতাত সুন্দৰভাৱে পৰিচালিত হৈছে ৰাজ্যৰ শাসন কাৰ্য । প্ৰজাগণে শান্তিৰে কৰিছে বাস; তপস্বীগণে নিৰ্ভীক হৈ কৰিছে তপ । সেয়ে ভাবিছো মানসিক তৃপ্তিৰ বাবে আমিও অৰণ্যত মৃগয়া চিকাৰ কৰি আনন্দ লভোঁ ।" 

-- " অতি উত্তম চিন্তা কৰিছে ৰাজন । মৃগ চিকাৰে আপোনাক দিব মানসিক তৃপ্তি । ন উদ্যমেৰে পুনৰ ৰাজকাৰ্য চলোৱাত আপোনাক ই সহায় কৰিব ।"----জ্যেষ্ঠ তথা অভিজ্ঞ মন্ত্ৰীবৰে ৰাজনক উদগণি যোগালে ।    

            পাৰিষদ গণেও  আনন্দেৰে সন্মতি জনালে ৰাজনৰ প্ৰস্তাৱত । সিদ্ধান্ত হ'ল পিছদিনা প্ৰাতঃ বেলাতে ৰাজ্যৰ পশ্চিম দিশে থকা বনত আৰম্ভ কৰিব মৃগ চিকাৰ অভিযান  । সকলোকে কৃতজ্ঞতা জনাই মহাৰাজ শয্যাতিয়ে  আজিলৈ  সভা ভঙ্গ  কৰিলে  ।   

              ৰুণুক-জুনুককৈ নুপুৰ বজাই চঞ্চলা হৰিণীৰ দৰে লয়লাস ভঙ্গীৰে আগুৱাই আহিছে   সুকন্যা , ষোড়শী সুকন্যা ; শয্যাতিৰ আলাসৰ জী এই সুকন্যা । ৰূপে গুণে বিভূষিতা । ৰাজকন্যা বুলিয়ে নহয় সহনশীলা, সুভাষিণী আৰু কিছু পৰিমাণে দুষ্টালিপূৰ্ণ সুকন্যা ৰজাৰ লগতে প্ৰজাৰো অতি প্ৰিয় ।  পিতৃয়ে  ৰাজসভাত লোৱা সিদ্ধান্তৰ বিষয়ে যেতিয়া  জ্ঞাত হ'ল  এক মুহুৰ্ত পলম নকৰি পিতৃৰ সন্মুখত উপস্থিত হ'লহি  সুকন্যা । ৰাজসভাৰ পৰা আহি চকু দুটা মুদি  খন্তেক বিশ্ৰাম লৈ আছিল  শয্যাতিয়ে । হঠাতে শিৰত আঙুলিৰ পৰশ অনুভৱ কৰিলে শয্যাতিয়ে । চকু মেলি চোৱাৰ প্ৰয়োজনবোধ নকৰিলে তেওঁ । কাৰণ কন্যাৰ হাতৰ পৰশ চিনি পায় পিতৃয়ে ।  কন্যাৰ হাতৰ স্পৰ্শানুভূতিত  নিদ্ৰাই হেঁচি ধৰিছেহি শয্যাতিক । তেনেতে মৰমসনা মাতেৰে সুকন্যাই ক'লে--

--"পিতা, কালিলৈ তুমি  বনলৈ যাবা?" 

  -- " অ , যাম ---।" নিদ্ৰাৰ জাল ফালি কোনোমতে শয্যাতিয়ে চমুকৈ  উত্তৰ  দিলে । 

-- " তেন্তে পিতা সখীৰ সৈতে ময়ো যাম তোমাৰ লগত । "

             আচম্বিতে পোৱা  এই  প্ৰস্তাৱত  চকু  মেলি শয্যাতিয়ে চালে সুকন্যালৈ---- " আই  , অৰণ্য নহয় আমাৰ ৰাজ উদ্যানৰ দৰে । থাকে হিংস্ৰ জন্তু তাত । পদে পদে থাকে বিপদ । তেনেস্থলত কেনেদৰে নিম তোমাক ? "

              পিতৃৰ বাক্যই ব্যথিত কৰিলে সুকন্যাক । তথাপি আশাহত নহ’ল তাই । পুনৰ অভিমানী সুৰত ক'লে পিতৃক, " সেই কথা হ'বই নোৱাৰে । মইতো আনৰ লগত যাব বিচৰা নাই ; পিতাৰ লগতহে যাম । পিতা থাকোতে কন্যাৰ কি হ'ব পাৰে  বিপদ ? " ---নিৰুপায় হ'ল শয্যাতি সুকন্যাৰ যুক্তিত ।  কন্যাৰ আগ্ৰহক আৰু বাধা দিব নিবিচাৰিলে  পিতৃয়ে । অৱশ্যে আজিলৈকে কন্যাৰ কোনো প্ৰস্তাৱতে না বুলি ক'ব পৰা নাই শয্যাতিয়ে । হয়তো এয়া কন্যাৰ প্ৰতি থকা পিতৃৰ স্নেহ ! সন্মতি দিলে সুকন্যাসহ ইচ্ছুক নাৰীগণকো লৈ যাব অৰণ্যৰ মাজলৈ । সুকন্যা আনন্দিত হ'ল । কৃতজ্ঞতাৰ চিন স্বৰূপে পিতৃৰ কপালত এক চুম্বন যাঁচি উল্লাসিত হৈ সখীক বাৰ্তা দিবলৈ ল'ৰি গ'ল সুকন্যা । কন্যাৰ উল্লাস দেখি সুখানুভূতিৰ হাঁহি বিয়পি পৰিল  পিতৃৰ  মুখত ; আলফুলে নিদ্ৰাদেৱীয়েও জপাই ধৰিলেহি শয্যাতিৰ  নয়ন ।   

               ৰাতিটো বৰ দীঘল যেন লাগিছে সুকন্যাৰ । নিদ্ৰা দেৱীও আজিচোন অহা নাই সুকন্যাৰ কাষলৈ !! উদগ্ৰীৱ-উৎকণ্ঠিত হৈ আছে সুকন্যা কেনে হ'ব অৰণ্যৰ পৰিৱেশ ! নাজানে সুকন্যাই , অৰণ্য বুলি ক'লেই কিয় আলোড়িত হৈ  উঠে  তাইৰ প্ৰাণ ?  এক আকৰ্ষণ , এক বুজাব নোৱাৰা শিহৰণ জাগি উঠে দেহত । চকু দুটা মুদি জোৰকৈ নিদ্ৰা যাবলৈ চেষ্টা কৰিলে তাই । নাই নাহে নিদ্ৰা! সুকোমল শেতেলীত ইকাটি সিকাটি কৰি আমনি লাগিল সুকন্যাৰ । কিমান আৰু চেষ্টা কৰিব । অতিষ্ঠ হৈ এসময়ত উঠি আহি  খিৰিকীয়েদি বাহিৰলৈ চালে সুকন্যাই । বাহিৰত ফৰিংফুটা জোনাক ; চাৰিওফালে নিজান- নিস্তব্ধ ; নিশ্চিন্তমনে  সকলো নিদ্ৰা দেৱীৰ কোলাত । মাত্ৰ  প্ৰহৰী কেইজনে দায়িত্বৰ খাতিৰত পায়চাৰী কৰি আছে কিছু আঁতৰত । আকাশলৈ মূৰ তুলি চালে সুকন্যাই ; খঙ উঠিল তাইৰ । চন্দ্ৰমা চোন  আজি যাবই নোখোজে !! আনন্দ লভিছে যেন সুকন্যাৰ অস্থিৰতাত । কিছুপৰ খিৰিকীৰ কাষতে কটাই পুনৰ সুকোমল পালেঙত পৰিলগৈ সুকন্যা । ভাৱ সাগৰত ডুবি থাকোতে কেতিয়ানো নিদ্ৰা দেৱীয়ে কোলাত ল'লেহি তাৰ উমান নাপালে সুকন্যাই । হঠাত কাৰোবাৰ হাতৰ পৰশত সাৰ পালে  তাই । চকু মেলি চাই আচৰিত হ'ল সুকন্যা-- মুখত ইতিকিঙৰ হাঁহি লৈ সখী সুকীৰ্তিচোন সাজি কাচি  ৰৈ  আছেহি  তাইৰ  কাষত !!

--" কি হ'ল সুকন্যা , আজি অৰণ্যলৈ নোযোৱা নেকি ? সকলো সাজু হ'ল । কি কৈছিলা কালি ? মোকহে পুৱা নিদ্ৰাৰ পৰা জগাবাহি তুমি--- আৰু এতিয়া হা: হা: । "

 জোৰকৈ হাঁহি উঠিল সুকীৰ্তিয়ে ; গৌৰৱৰ হাঁহি ! যেন  যুদ্ধ  জয়ৰহে  হাঁহি । কিবা খঙ উঠি গ'ল সুকন্যাৰ সুকীৰ্তিৰ প্ৰতি । কেনেদৰে বুজাব তাইক কিমান অস্থিৰতাৰে যে সুকন্যাই  পাৰ কৰিছিল ৰজনীটো!!

               পুৱাই যে পাব ইমান অপমান , তাকো প্ৰিয় সখীৰ হাতত, সেই কথা কল্পনা কৰা নাছিল    সুকন্যাই । আৰু ৰৈ নাথাকিল তাই । সুকীৰ্তিক কোনো প্ৰশ্নৰ উত্তৰ নিদি  একে জাপে পালেঙৰ পৰা নামি স্নানাগাৰলৈ ল'ৰি গ'ল । নিজৰ ওপৰতে খং উঠিল সুকন্যাৰ । কেনেদৰে ৰাত্ৰিৰ ইমান অস্থিৰতাৰ পাছতো শয়ন কৰিলে অত পৰলৈ !! আৰু  পলম কৰিব নোৱাৰি  ; খৰধৰকৈ স্নান কৰি সুকন্যা আহিল নিজ কক্ষলৈ । সুকীৰ্তি এতিয়াও আছে কক্ষতে । সুকন্যাক দেখি তাই  ক'লে ---

--- " সখী, সাজ বিচাৰি আৰু পলম নকৰিবা । তোমাৰ বাবে মই এই সাজযোৰ নিৰ্বাচিত কৰি ৰাখিছো । এইযোৰ সাজত যে তোমাক বৰ ভাল লাগে ।" 

                সুকন্যাই সাজযোৰলৈ চালে-----অ' সেউজীয়া ৰঙৰ সাজযোৰ ! এইযোৰ সাজ সুকন্যাৰো প্ৰিয় । তাতে আকৌ যাব বনলৈ  । শ্যামলী অৰণ্যত সেউজীয়া বসনেৰে একাকাৰ হৈ পৰিব সুকন্যা ! সঁচাই অপূৰ্ব নিৰ্বাচন সখীৰ । সুকীৰ্তিৰ প্ৰতি উঠা খঙ মাৰ গ'ল সুকন্যাৰ । মৰম  জাগি  উঠিল তাইৰ  প্ৰিয়  সখীজনীলৈ  । মৰমেৰে আকোঁৱালি ল'লে সখীক ; এতিয়াহে লক্ষ্য কৰিলে সুকন্যাই সখী সুকীৰ্তিয়েও পিন্ধিছে   শ্যামলী বসন !! হাঁহি বিৰিঙি উঠিল সুকন্যাৰ মুখত । কি যে নকৰে  তাইৰ এই চঞ্চলা সখী জনীয়ে । কোনো কাৰ্যই কৰিব দিয়া নাই সুকীৰ্তিয়ে সুকন্যাক ---কেশসজ্জাৰ পৰা ৰূপ চৰ্চালৈকে সকলো অতি আগ্ৰহেৰে   কৰি গৈছে  সুকীৰ্তিয়ে ।

 --" হ'ব আৰু সখী, কইনা সাজে নালাগে মোক সজাব । বনলৈহে যাম আমি ---।"--- অতিষ্ঠ হৈ  বাধা  দিলে   সুকন্যাই ।

 -" এহ নক'বা সখী, বনত যদি সাক্ষাত লভা বন দেৱতাৰ ! তেতিয়া----হাঃ হাঃ। " প্ৰাণঢালি হাঁহিলে  ৰাংঢালী  সুকীৰ্তিয়ে । 

--" বন দেৱতাৰ সলনি যদি  বনৰজাৰ লভো সাক্ষাত ! তোমাৰ ৰূপসজ্জাত আকৃষ্ট হৈ যদি বনৰজাই মোক লয় আকোঁৱালি -------"

        সুকন্যাক আৰু ক'বলৈ নিদি  চিঞৰি উঠিল সুকীৰ্তি, " সাৱধান সখী ! কিয় এনে  অমংগলীয়া কথা কৈছা  যাত্ৰাৰ  প্ৰাকক্ষণত  ---- !! মই থাকোতে কি সাহস আছে বনৰজাৰ --- হে  প্ৰভু, নজৰ  নালাগক যেন কোনো  বনৰজাৰ  মোৰ সখীৰ ।" খঙ আৰু  অভিমানেৰে  চালে সুকীৰ্তিয়ে  সুকন্যালৈ ।

                 সুকীৰ্তিৰ  কাৰ্য্য আৰু অভিভাৱকৰ দৰে ব্যৱহাৰে  নয়ন সিক্ত কৰি তুলিলে সুকন্যাৰ । নিজকে  বহু  ভাগ্যৱতী  যেন অনুভৱ হ'ল তাইৰ ' হয়তো কিবা পুণ্যৰ ফলতহে  সুকীৰ্তিৰ দৰে  সখীক   লভিলো ' এনে  ভাৱ আহিল সুকন্যাৰ মনলৈ । সুকীৰ্তিৰ  অভিমান ভাঙক বুলি সুকন্যাই ক'লে, " তোমাৰ দৰে সখী থাকোতে বনৰজাই জানো মোলৈ দিব দৃষ্টি । তোমাকহে  ল'ব আদৰি  বনৰজাৰ ৰূপসজ্জা কৰাবলৈ । " সুকন্যাৰ কথাত হাঁহিৰ খোৰাক পালে সুকীৰ্তিয়ে । " বাৰু এতিয়া ব'লা পিতাই চাগে আমাৰ বাবে কৰি আছে  অপেক্ষা ।" 

                খঙ আৰু  অভিমান সামৰি দুয়ো  সখী লৰাল'ৰিকৈ কক্ষৰ পৰা  ওলাই গ'ল  ৰাজনৰ  কাষলৈ ।                 

Post a Comment

0 Comments