এতিয়াই চাওক

6/recent/ticker-posts

মহাকাব্যৰ পৃষ্ঠাৰ পৰা ||নিতু গোস্বামী ||Part-01 ||Mohakabyor Pristhar Pora || Nitu Goswami ||

মহাকাব্যৰ পৃষ্ঠাৰ পৰা ||নিতু গোস্বামী ||Part-01 ||Mohakabyor Pristhar Pora || Nitu Goswami ||


পৰলোক প্ৰাপ্তিৰ পিছত দুৰ্যোধনে ব্যাস দেৱক অভিযোগ দিলে ---" হে মুনিবৰ, আপুনি মোক সকলোৰে অপ্ৰিয় কৰি কিয় সৃষ্টি কৰিলে ? দুৰ্যোধন বুলি কলে নৰসমাজে আজি কেৱল অহংকাৰী ,আপোনপেতিয়া,অবিবেচকী চৰিত্ৰ বুলিয়েই ঘৃনা কৰে ৷শিশু কালৰ মোৰ সুযোধন নামটোৰ ঠাইত শুনিলেই দুস্কৰ্মী যেন লগা দুৰ্যোধন নামটোৰেহে জনসমাজত মোক পৰিচিত কৰালে ৷সকলোৱে মানি লব পৰাকৈ,মাত্ৰ এটা বিশেষ গুনৰ অধিকাৰী কৰি হলেও যদি মোক সৃষ্টি কৰিলেহেতেন ! "এনে অভিযোগ খন্ডন কৰিবৰ বাবেই ব্যাসদেৱে উত্তৰ দিলে — " হে পুত্ৰ ,তুমি মোৰ ওপৰত মিচাতেই অভিযোগ আনিছা ৷ তুমি তোমাৰ নামৰ প্ৰকৃত অৰ্থটোকেই বিশ্লেষন নকৰিলা ৷যুদ্ধত যি সহজে হাৰ নেমানে ,সিয়েই দুৰ্যোধন ৷ আজি তুমি মিচাতেই আক্ষেপ কৰিছা ৷তোমাৰ অন্তৰতো ভাল গুন নথকাকৈ নাছিল ৷কিন্তু জীৱন কালত তোমাৰ অসৎ কৰ্মৰ পৰিমান ইমানেই অধিক হল যে সেইসমূহে সৃষ্টি কৰা কলা মেঘৰ অন্ধকাৰে ভাল কৰ্ম সমূহৰ জ্যোতিক নিস্প্ৰভ কৰি দিলে ৷ তথাপিও তোমাৰ এটা বিশেষ গুন নৰসমাজৰ বাবে অনুকৰনীয় হৈ ৰব ৷সেইটোৱেই হল তোমাৰ নিজৰ ওপৰত থকা আত্মবিশ্বাস ৷বাসুদেৱ কৃষ্ণ পান্ডৱৰ সাৰথি বুলি জানিও নিজৰ ওপৰত থকা যুদ্ধজয়ৰ বিশ্বাস ,সকলো ৰথি মহাৰথীক হেৰুৱাই অসহায় হৈ পৰা অৱস্হাটো প্ৰতিদ্বন্দী ৰূপে মহাবলী গদাধাৰী ভীমসেনক বাচি লৈগদা যুদ্ধত জয়ী হম বুলি থকা আত্মবিশ্বাস ৷তোমাৰ এই বিশেষ গুনৰ বাবেই মহাভাৰতৰ খলনায়ক হৈও তুমি মহানায়ক ৷ সচাকৈয়ে আচৰিত মহাকাব্যৰ অন্ত:কথা৷

আপুনিও যদি এনেধৰণৰ লেখা আমাৰ ৱেবচাইটৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে।। আমাৰ হোৱাটচ এপ নং- ৭৮৯৬৮৮২৭৫৪ ।। মেইল- asomiyabhaonasanskriti@gmail.com ।।

Post a Comment

0 Comments