এতিয়াই চাওক

6/recent/ticker-posts

কেলিগোপাল ভাওনা। KELIGOPAL NAAT সদৌ অসম অংকীয়া ভাওনা সমাৰোহ ২০২১।Ankiya bhaona। উত্তৰ কমলাবাৰী সত্ৰ||

 

                 

শংকৰদেৱৰ কেলিগোপাল নাটঃ এক আলোচনা

                                                  বিনীতা চেতিয়া
মহাপুৰুষ শ্ৰীমন্ত  শংকৰদেৱৰ আধ্যাত্মিক চিন্তা-দৰ্শন, সুগভীৰ ব্যক্তিত্ব তথা সৃজনীশীল প্ৰতিভাৰ অনন্য স্বাক্ষৰ পোৱা যায়  অংকীয়া নাট্যসম্ভাৰত। অসমৰ পৰম্পৰাগত লোকনাট্যানুষ্ঠান [পুতলা নাচ, ওজাপালি, ঢুলীয়া নাচ], সংস্কৃত নাটকৰ বিভিন্ন উপাদান [নান্দী শ্লোক, সূত্ৰধাৰ, প্ৰস্তাৱনা, ভটিমা আদি] আৰু সমকালীন ভাৰতীয় বিভিন্ন লোকনাট্যানুষ্ঠানসমূহ [ কৰ্ণাটকৰ যক্ষগান, কেৰেলাৰ কথাকলি, উত্তৰ ভাৰতৰ ৰামলীলা আদি]ৰ পৰা কলাকৌশল গ্ৰহণ কৰি সেইসমূহত থলুৱা নাটকীয় উপাদান সংযোগ তথা নাট্যশাস্ত্ৰৰ কেতবোৰ নীতি-নিয়ম সংযোজন ঘটাই সৃষ্টি কৰা এক অংকবিশিষ্ট নাট্যকলাকে অংকীয়া নাট বুলি অভিহিত কৰা হয়। কৃষ্ণতত্ত্বৰ ব্যাখ্যা, ভাগৱতৰ দাৰ্শনিকতা, সূত্ৰধাৰৰ প্ৰাধান্য, গীতিধৰ্মীতা, ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ–  অংকীয়া নাটৰ প্ৰধান বৈশিষ্ট্য। শংকৰদেৱৰদ্বাৰা সৃষ্ট অংকীয়া নাট ছখন– পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়। শংকৰদেৱৰ অংকীয়া নাটসৃষ্টিৰ প্ৰধান উদ্দেশ্য আছিল শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মাহাত্ম্য, লীলা কাৰ্য জনসাধাৰণৰ আগত প্ৰচাৰ কৰি এফালেদি বৈষ্ণৱ ধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল এখন নিকা সমাজ গঢ়ি তোলা আনফালেদি সৃষ্টিশীল সাহিত্যত এক নতুন সাহিত্য শৈলী সৃষ্টি কৰা। শংকৰদেৱৰ আটাইকেইখন নাটকেই বিষয়বস্তুৰ ক্ষেত্ৰত অভিনৱত্ব আৰু সুকীয়াত্ব বহন কৰিছে। তাৰ ভিতৰত অন্যতম হ‘ল ‘কেলিগোপাল নাট‘ বা ‘ৰাসকেলি বিলাস নাট‘। শংকৰদেৱৰ সাহিত্যৰাজীত প্ৰতিফলিত হোৱা এটা প্ৰধান দিশ হ‘ল ৰাসক্ৰীয়া। ‘ৰাস‘ শব্দৰ অৰ্থ হৈছে-‘মণ্ডলীকৃত নৰ্তনম‘ৰ– অৰ্থাৎ মণ্ডলাকাৰ হৈ ঘূৰি ঘূৰি কৰা নৃত্য। সাধাৰণতে ৰাসক্ৰীয়াত নৃত্য-গীতৰ মাধ্যমেৰে একোটা কাহিনী নিৰ্মাণ কৰা হয়। শংকৰদেৱৰ ‘কেলিগোপাল‘ নাটতো নৃত্য-গীতৰ মাধ্যমেৰে চৰিত্ৰৰ মনোজগতৰ বিভিন্ন স্তৰৰ বৰ্ণনা দি কাহিনীৰ গতিক আগবঢ়াই নিয়া হৈছে। নাটখনৰ মাজত পৰিদৃষ্ট হোৱা বিভিন্ন দিশসমূহৰ বিষয়ে তলত এক আলোচনা আগবঢ়োৱা হ‘ল-

নাটৰ বিষয়বস্তুঃ

       শংকৰদেৱৰ ‘কেলিগোপাল‘ নাটৰ মূল বিষয়বস্তু শ্ৰীমদ্ভাগৱতপুৰাণৰপৰা সংগ্ৰহ কৰা হৈছে। আনহাতে, নাটখনত বৰ্ণিত বিভিন্ন দিশ হৰিবংশ, বিষ্ণুপুৰাণ আৰু ব্ৰক্ষ্মবৈৱৰ্ত্ত পুৰাণতো পোৱা যায়। অৱশ্যে নাটকীয় বিষয়বস্তু বিশ্লেষণ কৰি চালে শ্ৰীমদ্ভাগৱতপুৰাণৰহে অধিক ওচৰ-চপা যেন বোধ হয়। ‘কেলিগোপাল‘ নাটৰ বিষয়সাৰ বা থিম হৈছে ৰাসক্ৰীয়া। শ্ৰীকৃষ্ণই গোপীসকলৰ লগত কৰা ৰাসলীলাই নাটখনৰ সাৰবস্তু। মূলতঃ নৃত্য-গীতপ্ৰধান নাটখনত সম্পূৰ্ণ কাব্যধৰ্মীতাৰে কাহিনীভাগক আগবঢ়াই নিয়া হৈছে। ‘কেলি গোপাল‘ নাটখন মানুহৰ সহজাত প্ৰবৃত্তি ‘কামভাৱ‘ক কেন্দ্ৰ কৰি ৰচিত হৈছে। নাটত ইন্দ্ৰিয়াতীত শ্ৰীকৃষ্ণই ইন্দ্ৰিয় আসক্ত গোপীসকলৰ  ইন্দ্ৰিয়ক কেনেকৈ আধ্যাত্মিক সুখানুভূতিলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছিল তাক বৰ্ণনা কৰা হৈছে। নাটকৰ কাহিনীভাগ চমুকৈ এনেধৰণৰ–

       শৰতকালৰ পূৰ্ণিমাৰ ৰাতি, প্ৰফুল্লিত মল্লিকাৰ মৃদু মলয়ত যমুনাৰ ধীৰ প্ৰৱাহৰ মাজে মাজে  গোপীসকলৰ  লগত ৰাসক্ৰীড়া কৰাৰ উদ্দেশ্যৰে কৃষ্ণই অপূৰ্ব সুৰেৰে বংশী বজাইছে। শ্ৰীকৃষ্ণৰ কুকিলকন্ঠী বেণুৰ সুৰ শুনি গোপীসকল মোহান্বিত  হৈ  নিজ স্বামী, পুত্ৰ, গৃহ সকলোকে এৰি থৈ কৃষ্ণৰ কাষলৈ দৌৰি আহিছে। স্বাভাৱিকতে গোপীসকলৰ এই আকৰ্ষণত শ্ৰীকৃষ্ণৰ প্ৰতি গভীৰ কামভাৱ অনুৰণিত হৈ আছিল। মন কৰিবলগীয়া যে, যিসকল গোপীক নিজ স্বামী বা পৰিয়ালৰ লোকে ঘৰৰপৰা ওলাই যোৱাত বাধা আৰোপ কৰিলে তেওঁলোকৰো মন আৰু আত্মা কৃষ্ণৰ প্ৰতি গভীৰ অনুৰাগেৰে আন্দোলাড়িত হৈ থাকিল। কৃষ্ণৰ প্ৰতি ব্ৰজবধুসকলৰ এই আসক্তি প্ৰত্যক্ষ কৰি কৃষ্ণই তেওঁলোকৰ ভক্তিৰ  গভীৰতাৰ উমান ল‘বলৈ গোপীসকলক কৰ্তব্য সুঁৱৰাই দি নিজ গৃহলৈ উলটি যাবলৈ নিদেৰ্শ দিলে। কিন্তু গোপীসকলৰ মুখৰে কৃষ্ণৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেম-ভালপোৱাৰ কথা জনাৰ পাছত কৃষ্ণই তেওঁলোকৰ প্ৰেম-ভক্তিত বিমোহিত হৈ ৰাসক্ৰীড়া কৰিবলৈ উদ্যত হ‘ল। সেইসময়তে শংকৰদেৱে অতি কৌশলেৰে ‘শংখচূড়‘ নামৰ কুবেৰৰ অনুচৰ যক্ষ এটাৰ প্ৰৱেশ কৰাই নাটকীয় উত্তেজনা বৃদ্ধি কৰিছে। মনকৰিবলগীয়া যে , ‘শংখচূড় বধ‘ ১ কাহিনীভাগ নাট্যকাৰে নাটকীয় গতিবেগ বৃদ্ধিৰ কাৰণতহে সংগত কৰিছে।  ভাগৱতত ‘শংখচূড় বধ‘ কাহিনীটো সম্পূৰ্ণ এটা সুকীয়া অধ্যায়। নাটত এই শংখচূডে  কৃষ্ণৰ লগত ৰাসক্ৰীড়া কৰি থকা গোপীসকলক উৎপীড়ন কৰিছে। কৃষ্ণই শংখচূড়ৰ কাণ্ড বুজিব পাৰি পৰম বিক্ৰমেৰে খেদি পঠাইছে  আৰু গোপীসকলক প্ৰবোধ দি পুনৰবাৰ ৰাসক্ৰীড়া কৰিবলৈ উদ্যত হৈছে। ইয়াৰ পাছতেই কাহিনীভাগে অন্য এক সুঁতিৰ ফালে গতি কৰিছে।  ইতিমধ্যে স্থুল কামনাৰ গৰাকী গোপীসকলে ভাবিবলৈ ল‘লে যে, কৃষ্ণই তেওঁলোকৰ কামনাত দগ্ধ হৈ তেওঁলোকৰ বশ্যতা স্বীকাৰ কৰিছে। সেইবাবে গভীৰ অহংভাবেৰে কৃষ্ণক আওকাণ কৰি তেওঁলোকে নিজ ইচ্ছাৰে পৰিচালিত হ‘বলৈ ধৰিলে। অন্তৰ্য্যামী কৃষ্ণই তেওঁলোকৰ মনোবৃত্তি বুজিব পাৰি গভীৰ চাতুৰিৰে নিজে সেও হোৱা যেন দেখুৱাই গোপীসকলৰ নিদেৰ্শমৰ্মে চলিব ধৰিলে। স্থুল কামনাৰ বশৱতী  হোৱা গোপীসকলে কৃষ্ণ নামৰ মাহাত্ম্যক উপলব্ধি কৰিব নোৱাৰি কৃষ্ণক তিৰোতা সেৰুৱা স্বামীৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰিলে। গোপীসকলৰ আচৰণ দেখি তেওঁলোকৰ অহংকাৰ নাশ কৰি  আধ্যাত্মিকত্বৰ জ্ঞান প্ৰদানৰ বাবে কৃষ্ণই এক কৌশল অৱলম্বন কৰিলে। সেই উদ্দেশ্যেই কৃষ্ণই গোপীসকলৰ মাজৰপৰা ‘ৰাধা‘ নামৰ এগৰাকী গোপীকলৈ ততালিকে সেই ঠাইৰপৰা অন্তদ্ধান হৈছে। আনহাতে আকস্মিকভাৱে কৃষ্ণ নোহোৱা হোৱাত গোপীসকলৰ মনলৈ চেতনা আহিছে আৰু কৃষ্ণৰ বিৰহত বিহ্বল হৈ পৰিছে। গোপীসকলে কৃষ্ণান্বেষণত বাউলি হৈ ‘স্বভাৱে চঞ্চল স্ত্ৰীক দোষ নাহি ধৰব‘ বুলি প্ৰাৰ্থনা কৰি ‘হা কৃষ্ণ, হা কৃষ্ণ ‘–বুলি হাবাথুৰি খাই বিচাৰিবলৈ ধৰিলে। কৃষ্ণক কাতৰ হৈ বিচাৰি ফুৰোতেই তেওঁলোকৰ স্থ²ল কামনাই লাহে লাহে আত্মিক প্ৰেমক জয় কৰিলে। কৃষ্ণৰ আৱৰ্তমানত বিেচ্ছদৰ কৰুণ ৰস মৰিষণৰ বাবে নিজৰ মাজতে কৃষ্ণৰ  নাম বন্দনা কৰি কৃষ্ণৰ চৰ্চা কৰিবলৈ ধৰিলে। তেওঁলোকে বুজি উঠিল যে, স্থ²ল কামনা মুহূৰ্তৰ বাবেহে, আত্মিক কামনাইহে মানুহক পৰম প্ৰশান্তি দিয়ে। দেহিক বাসনাক আধ্যাত্মিক স্তৰলৈ উন্নীত কৰিব পাৰিলেই মানুহে পৰম পুৰুষাৰ্থ লাভ কৰে। লগতে তেওঁলোকে বুজি পালে যে, অন্তৰত শুদ্ধভাৱ নাথাকিলে কৃষ্ণক লাভ কৰিব নোৱাৰি।

       লক্ষণীয় যে, কৃষ্ণই ‘ৰাধা‘ নামৰ যিগৰাকী গোপীক লৈ অন্তৰ্দ্ধান হৈছিল, তেওঁৰ মনতো স্থ²ল কামভাৱ জাগ্ৰত হ‘ল। তেওঁ ভাবিলে যে, কৃষ্ণ প্ৰকৃততে তেওঁৰ প্ৰতিহে আসক্ত সেইবাবে বাকীসকলক এৰি তেওঁক অকলশৰীয়াকৈ সংগ দিছে। কৃষ্ণৰ প্ৰতি গভীৰ কামভাৱেৰে দগ্দ্ধ হৈ ৰাধাই কৃষ্ণক তেওঁৰ অধীন বুলি প্ৰতিপন্ন কৰিবলৈকে খোজকাঢ়িব নোৱাৰাৰ  অভিনয় কৰিলে। কৃষ্ণই তেওঁৰ অভিপ্ৰায় বুজিব পাৰিও নুবুজাৰ ভাও ধৰি তেওঁৰ কামভাৱক অধিক জাগ্ৰত কৰিবৰ বাবেই ক‘লে যে, তেওঁ যদি খোজকঢ়াত অসুবিধা পাইছে তেন্তে কৃষ্ণই তেওঁক কান্ধত উঠাই ল‘ব পাৰে। নিজৰ অভিপ্ৰায় বাস্তৱায়িত হোৱাৰ আনন্দত ৰাধাই কৃষ্ণৰ কান্ধত উঠিবলৈ লওঁতেই কৃষ্ণ নিমিষতে সেই স্থানৰপৰা নোহোৱা হৈছে। তেতিয়াই ৰাধাৰ বোধশক্তি জন্মিছে আৰু কৃষ্ণৰ ওচৰত কাতৰভাৱে  নিজৰ ভুল স্বীকাৰ কৰি প্ৰাৰ্থনা কৰিছে। ৰাধাৰ বিলাপ শুনি কৃষ্ণান্বেষণ ভ্ৰমি ফুৰা গোপীসকল তেওঁৰ কাষ পাইছেহি আৰু ৰাধাই তেওঁলোকৰ আগত সকলোখিনি কথা প্ৰকাশ কৰিছে। তেতিয়া গোপীসকলে বুজিব পাৰিলে যে, তেওঁলোকৰ মনৰ স্বচ্ছতা বুজিবৰ বাবেই কৃষ্ণই তেওঁলোকক পৰীক্ষা লৈছিল, যি পৰীক্ষাত তেওঁলোক ইতিমধ্যেই বিফল হৈছে। তেতিয়াই  কৃষ্ণৰ প্ৰতি গভীৰ ক্ষমা-প্ৰাৰ্থনাৰে গোপীসকলে বন্দনা কৰিবলৈ ধৰিলে। ভক্তবৎসল কৃষ্ণই গোপীসকলৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ পুনৰবাৰ নিজৰ দৰ্শন দিছে আৰু গোপীসকলৰ মাজত মণ্ডলাকৃতিৰে ৰাসক্ৰীড়াত মত্ত  হৈছে।। গুৰুত্বপূৰ্ণ কথাটো হৈছে কৃষ্ণই মণ্ডলাকৃতিৰে ৰাসক্ৰীড়া কৰোতেঁ প্ৰত্যেকগৰাকী গোপীৰ লগতে এজন এজন ৰূপত আৱিৰ্ভাৱ হৈছিল এইখিনি সময়তে নাটকীয়া ক্ৰীড়া বৃদ্ধি কৰিবৰ বাবে শংকৰদেৱে পুনৰবাৰ শংখচূড় যক্ষক প্ৰৱেশ কৰাইছে। যক্ষই এগৰাকী গোপীক লৈ পলাবলৈ উদ্যত হওঁতেই কৃষ্ণই পৰম বিক্ৰমেৰে শংখচূড়ক বধ কৰিছে আৰু তাৰ মণি আনি গোপীসকলৰ হাতত অপৰ্ণ কৰিছে। ইয়াৰ পাছতেই কৃষ্ণ আৰু গোপীসকলৰ মহাৰাসৰ বৰ্ণনাৰে নাটখনৰ যৱনিকা পৰিছে।

নাট্যকাৰৰ মৌলিকতাঃ

       শংকৰদেৱে ‘কেলিগোপাল‘ নাটৰ বিষয়বস্তু শ্ৰীদ্ভাগৱত পুৰাণৰপৰা গ্ৰহণ কৰিলেও নাটৰ কাহিনীভাগ সজাই তোলোতে যথেষ্ট মৌলিকতাৰ পৰিচয় দিছে। ‘কেলিগোপাল‘ নাটত মুখ্য বিষয় কাহিনী, চৰিত্ৰ অথবা ঘটনাৰ বৰ্ণনা নহয়, নৃত্য-গীতহে। সেইবাবে  ই শংকৰদেৱেৰ আনকেইখন নাটৰ দৰে কাহিনী বা চৰিত্ৰপ্ৰধান নহৈ সংগীতপ্ৰধানহে হৈ পৰিছে। ‘কেলিগোপাল‘ নাটৰ সংগীত-বহুলতাৰ বাবে ইয়াক গীতিনাট বা সংগীতালেখ্যৰ পৰ্যায়ত অন্তৰ্ভুক্ত কৰিব পাৰি বুলি বিভিন্নজনে মত আগবঢ়াইছে। যিহেতু গীতিধৰ্মীতা অংকীয়া নাটৰ প্ৰধান বৈশিষ্ট্য সেইবাবে ‘কেলিগোপাল‘ নাটক গীতি-নাট বা সংগীতালেখ্য বুলি অভিহিত কৰাতো অস্বাভাৱিক হ‘ব নোৱাৰে। নাটত সৰ্বমুঠ ৩১ টা গীত [সত্যেন্দ্ৰনাথ শৰ্মাৰ সম্পাদিত অঙ্কমালাত প্ৰাপ্ত] সন্নিৱিষ্ট হৈছে। গীতসমূহত বিভিন্ন ধৰণৰ ৰাগ আৰু তাল সংযোজিত হৈ গীতসমূহক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে। গীতসমূহত ব্যৱহৃত বিভিন্ন ৰাগসমূহ হৈছে– সুহাই, শ্ৰীপয়াৰ, কেদাৰ, শ্ৰীগান্ধাৰ, বেলোৱাৰ, কানাৰা, শ্যাম, কল্যাণ, গৌৰী, আশোৱাৰী, ধনশ্ৰী, মাহুৰ, অহিৰ ,নাট। তেনেদৰে, তালসমূহ হৈছে– একতালি, পৰিতাল, জৌতি, ৰূপকতাল, জৌতিমান, ছুটা আদি।  নাটখন সম্পূৰ্ণৰূপে সংগীতৰ মাধ্যমেদি পৰিৱেশিত হৈছে।  মূল ভাগৱতত ঘটনা, পৰিস্থিতি অথবা চৰিত্ৰৰ মনোভংগী বুজাবৰ বাবে যি দীঘলীয়া বৰ্ণনাৰ সহায় লোৱা হৈছিল, তাৰপৰিৱৰ্তে নাটত গীতৰ মাধ্যমেদিয়েই উক্ত কাৰ্য সমাপন কৰা হৈছে। উদাহৰণস্বৰূপে, মূল ভাগৱতৰ  ৩ ১ পৰা ৯ নং শ্লোকলৈকে গোপীসকলে কৃষ্ণক পাবৰ বাবে কেনেদৰে ব্যাকুল হৈ পৰিছিল তাৰ বৰ্ণনা আছে। কৃষ্ণৰ বংশীৰ সুৰ  শুনি গোপীসকলে নিজ নিজ গৃহত কৰ্মৰত হৈ থকাৰ অৱস্থাতো সকলো কাম আধৰুৱাকৈ এৰি থৈ কেনেদৰে আকুলভাৱে দৌৰি আহিছিল, তাৰ বৰ্ণনা আছে। কিন্তু নাটত শংকৰদেৱে একেখিনি কথাকে মূলৰ দৰে বৰ্ণনা কৰাৰ পৰিৱৰ্তে গীতৰ মাধ্যমেদি চৰিত্ৰৰ মনোভংগী আৰু পৰিৱেশৰ চিত্ৰখন অংকন কৰিছে। নাটকীয় ৰস বৃদ্ধি আৰু দৰ্শক শ্ৰোতাৰ উত্তেজনা বৃদ্ধি কৰিবৰ বাবে শংকৰদেৱে নিজা মৌলিকতাৰে বিষয়বস্তুক অভিনৱত্ব ৰূপ প্ৰদান কৰিছে। কাব্যগন্ধী গদ্যৰ প্ৰয়োগ–নাট্যকাৰৰ প্ৰধান মৌলিকতা। সত্যেন্দ্ৰনাথ শৰ্মাই ‘কেলিগোপাল‘ নাটত নাট্যধৰ্মতকৈ কাব্যধৰ্মৰ প্ৰাধান্য লক্ষ্য কৰা যায় বুলি মত আগবঢ়াইছে।২ নাটখনত পৰিদৃষ্ট হোৱা দুটা প্ৰধান দিশ হ‘ল– ‘ৰাধা‘ নামৰ এগৰাকী নাৰী চৰিত্ৰৰ উপস্থাপন আৰু আনটো দিশ হ‘ল- ‘শংখচূড়  বধ‘ কাহিনীৰ সংযোজন।

        ভাগৱতত কৃষ্ণই এগৰাকী নাৰীক লৈ বিভিন্ন কেলি কৰাৰ কথা গোপীসকলে বনৰ মাজত পোৱা চিহ্ন দেখি সন্দেহ কৰিছে। সেই গোপীগৰাকীৰ নাম মূলত পোৱা নাযায়। নাটত শংকৰদেৱে নিজহে প্ৰয়োগ কৰিছে। আনহাতে, নাটত কৃষ্ণই গোপীসকলৰ মাজৰপৰাই ৰাধাক লৈ অন্তৰ্দ্ধান হৈছে। ‘কেলিগোপাল‘ নাটখনিত থকা ‘ৰাধা‘ নামটোকলৈ পণ্ডিতসকলৰ মাজত যথেষ্ট মতবিৰোধ আছে। কালিৰাম মেধিয়ে ‘অংকাৱলী‘ৰ পাতনিত ‘কেলিগোপাল‘ নাটৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে প্ৰথমতেই ‘ৰাধা‘ নামটোৰ বিশ্লেষণ কৰিছে আৰু ৰাধা নামটো প্ৰক্ষিপ্ত বুলি মত প্ৰকাশ কৰিছে।3  কিয়নো অসমৰ বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাত ৰাধা-কৃষ্ণৰ যুগল মূৰ্তিৰ উপাসনা অথবা শ্ৰৱণ-কীৰ্ত্তন কৰা দেখা নাযায়। কিন্তু কথাটো অন্যধৰণেও চাব পৰা যায়। উত্তৰ-ভাৰতত ৰাধা-কৃষ্ণৰ যুগল মুৰ্ত্তিৰ উপাসনা কৰাৰ প্ৰথা দেখা যায়। বাৰ বছৰৰো অধিক কাল তীৰ্থ ভ্ৰমণ কৰা শংকৰদেৱে ৰাধা-কৃষ্ণৰ উপাসনা কৰাৰ প্ৰথা সম্পৰ্কে একেবাৰে অজ্ঞ আছিল–তাক ভাবিব নোৱাৰি। ‘ৰাসলীলা‘ৰ দৰে এটি অনুষ্ঠানত ‘ৰাধা‘ চৰিত্ৰটোক আওকাণ কৰিলে কাহিনীভাৱে সক্ৰিয়তা দাবী নকৰিব বুলি ভাবিয়েই হয়তো শংকৰদেৱে ‘কেলিগোপাল‘ নাটত ‘ৰাধা‘ নামটোৰ উল্লেখ কৰিছিল। মনকৰিবলগীয়া কথা যে, নাটত ৰাধা এক অনন্য ব্যক্তিত্বৰে পৰিচালিত নাৰী নহয়, এগৰাকী সাধাৰণ গোপ নাৰীহে যি কৃষ্ণৰ প্ৰেমত আসক্ত, আত্মঅহংকাৰী লৌকিক নাৰী। নাটত ৰাধাৰ আচৰণ মূলৰ দৰেই ৰখা হৈছে। অৱশ্যে কিছু কিছু অংশত নাটকীয় ৰস বৃদ্ধিৰ বাবে কিছুমান দিশ নতুনকৈ সংযোজন কৰা হৈছে। উদাহৰণস্বৰূপে, মূলত গোপীগৰাকীয়ে কৃষ্ণক  কতৃত্বশীল মন্তব্য কৰি কৈছে যে, তেওঁৰ চলিবলৈ সামৰ্থ নাই, সেইবাবে কৃষ্ণই তেওঁক কান্ধত তুলি নিব লাগে। কিন্তু নাটত শংকৰদেৱে এই অংশটোক অধিক ৰসাল কৰি বৰ্ণনা কৰিছে। ৰাধাই প্ৰথমতে কৃষ্ণৰ ওচৰত ভৰিত কাঁইটে বিন্ধাৰ ভাও ধৰিছে। কৃষ্ণই প্ৰথমাৱস্থাত ৰাধাক বুকুত বান্ধি লৈ গৈছে আৰু অলপ পাছত ৰাধাই পুনৰ ভাগৰ লগাৰ অভিনয় কৰিছে। তেতিয়া কৃষ্ণই তেওঁক কান্ধত উঠিবলৈ প্ৰস্তাৱ দিয়াত ৰাধাই কান্ধত উঠিবলৈ লওঁতেই কৃষ্ণ অন্তৰ্দ্ধান হৈছে, আৰু তেতিয়াই ৰাধাই নিজৰ ভুল উপলব্ধি কৰিব পাৰি অনুশোচনাত দগ্দ্ধ হৈছে। ইয়াৰ পাছত ৰাধাৰ সহিতে আটাইকেইগৰাকী গোপ নাৰীয়ে কৃষ্ণৰ বন্দনা কৰি আত্মশুদ্ধিৰ সাধনাত ব্ৰতী হৈছে।

       ‘কেলিগোপাল‘ নাটত শংকৰদেৱে সংযোজন কৰা আন এটা দিশ হ‘ল ‘শংখচূড় বধ‘ৰ কাহিনী। মূলত ‘শংখচূড় বধ‘ এটা সুকীয়া অধ্যায়। আনহাতে মূলত ‘শংখচূড়’ বধৰ সময়ত বলোৰাম উপস্থিত আছিল। কৃষ্ণ-বলোৰামে গোপীসকলৰ লগত বৃন্দাবনত ঘূৰি ফুৰোতেহে শংখচূড় যক্ষৰ প্ৰৱেশ ঘটিছে, ৰাসক্ৰীয়া কৰি থকাৰ সময়ত নহয়। আনহাতে কৃষ্ণই শংখচূড়ক বধ কৰি তাৰ শিৰৰ ৰত্ন আনি বলোৰামকহে অপৰ্ণ কৰিছে। কিন্তু নাটত কৃষ্ণই শংখচূড়ৰৰ  ৰত্ন গোপীসকলকহে দান দিছে। ইয়াৰ জৰিয়তে এটা কথা স্পষ্ট হয় যে যিহেতু নাটখন কৃষ্ণ আৰু গোপীসকলৰ আধাৰত নিৰ্মিত হৈছে, সেই সূত্ৰে শংখচূড়ৰ ৰত্ন গোপীসকলক দান দিয়া কথাটো স্বাভাৱিক হৈছে। আনহাতে, শংকৰদেৱে ‘শংখচূড় বধ‘ আখ্যানভাগক নাটত সংযোজন কৰাৰ আন এটা কাৰণ হ‘ব পাৰে–আধ্যাত্মিক শক্তিৰ ওচৰত আসুৰিক শক্তিৰ উত্থান। ই এটা প্ৰতীকধৰ্মী চৰিত্ৰ। যেতিয়া কৃষ্ণই গোপীসকলৰ মাজত আধ্যাত্মিক ভাৱেৰে মিলনৰ ক্ৰীয়া কৰি আছিল সেইসময়তে আসুৰিক প্ৰবৃত্তিৰূপী শংখচূড়ৰ প্ৰৱেশ ঘটিছে। কৃষ্ণই মানুহৰ মনৰ আধ্যাত্মিক চিন্তাক প্ৰতিবন্ধক হিচাপে থিয় দিয়া আসুৰিক প্ৰবৃত্তিক কেনেদৰে নিঃশেষ কৰিছে তাক নাটখনত ইংগিতময়তাৰে বুজাই দিয়া হৈছে। লগতে আৰু এটা কথা স্মতৰ্ব্য যে, প্ৰাকশংকৰী, শংকৰী আৰু শংকৰোত্তৰ যুগত ‘বীৰৰস‘ নাটকৰ এটা প্ৰধান বৈশিষ্ট্য হৈ পৰিছিল। কেৱল শৃংগাৰ ৰসৰ মাধ্যমেদি ভক্তিভাৱ জাগ্ৰত নহ‘ব বুলি ভাৱিয়েই হয়তো শংকৰদেৱে নাটত ‘ শংখচূড় বধ‘ৰ আখ্যানভাগক প্ৰাসংগিক বিষয় হিচাপে সংগত কৰি ভক্তিভাৱক অধিক জাগ্ৰত কৰিবলৈ বিচাৰিছিল বুলি ভাবিবৰ অৱকাশ আছে।

নাটৰ চৰিত্ৰঃ

        নাটখনিত  কৃষ্ণ, ৰাধা আৰু শংখচূড়–এই তিনিটা একক চৰিত্ৰ আৰু গোপীসকল  সামূহিক চৰিত্ৰ। মনকৰিবলগীয়া যে, সমগ্ৰ নাটখনিত কৃষ্ণ প্ৰধান তথা কেন্দ্ৰীয় চৰিত্ৰ। কৃষ্ণক কেন্দ্ৰ কৰিহে বাকীকেইটা চৰিত্ৰই বিকাশ লাভ কৰিছে।

       নাটখনিত কৃষ্ণ পৰম পুৰুষ, ভক্তবৎসল জগতৰ ঈশ্বৰ। আনফালেদি চৰিত্ৰটোৰ মাজত  মানৱীয় কাৰ্য-কলাপৰো প্ৰভাৱ পৰিছে। ভক্তৰ মনৰ অভিপ্ৰায় বুজ ল‘বৰ বাবে তেওঁ মানৱীয় কৌশল অৱলম্বন কৰিছে আকৌ ভক্তৰ অন্তৰত ভক্তিভাৱ জাগ্ৰত কৰিবলৈ পৰম পুৰুষত্বৰ প্ৰমাণো দিছে। অন্তযামী কৃষ্ণই ব্ৰজবধুসকলৰ তেওঁৰ প্ৰতি থকা স্থুল কামভাৱৰ উমান পাই, তেওঁলোকৰ অন্তৰত আধ্যাত্মিক চেতনা জাগ্ৰত কৰিবলৈ কেনেদৰে বিভিন্ন কৌশল গ্ৰহণ কৰিছিল, তাক চৰিত্ৰটোৰ মাজেদি বিধৃত কৰা হৈছে। মনকৰিবলগীয়া কথা যে, জগতৰ স্বামী কৃষ্ণ সকলো কামনা-বাসনাৰপৰা উৰ্দ্ধত। কিন্তু সেই হ‘লেও ব্ৰজগোপীসকলৰ স্থ²ল কামভাৱক নিষ্কাম ভক্তিলৈ ৰূপান্তৰিত কৰিবৰ বাবে তেওঁ গোপীসকলৰ বশ হৈ ৰাসক্ৰীড়াত অংশগ্ৰহণ কৰিছে। আনহাতে, গোপীসকলে কৃষ্ণৰ মহিমাক বুজিব নোৱাৰি কৃষ্ণৰ সংগ পাই অহংভাৱ প্ৰদৰ্শন কৰি স্বয়ং  কৃষ্ণকে অৱহেলা কৰিছে। স্মতৰ্ব্য যে, কৃষ্ণৰ ভক্তিত এই অহংভাৱ প্ৰতিবন্ধকস্বৰূপ। অন্তৰত সামান্যতম অহংবোধ থাকিলেও কৃষ্ণ প্ৰাপ্তিত হেঙাৰ জন্মে। জগতৰ স্বামী কৃষ্ণই ব্ৰজবধুসকলৰ এই অহংকাৰক নাশ কৰিবলৈকে ৰাসক্ৰীয়া কৰি থকাৰ মাজতে ‘ৰাধা‘ নামৰ এগৰাকী গোপীকলৈ অন্তৰ্দ্ধান হৈছে। আকৌ ৰাধাইয়ো কৃষ্ণ তেওঁৰহে অধীন বুলি ভাবি কৃষ্ণক নিজৰ বশ্যতালৈ আনিবলৈ চেষ্টা কৰিছে। সেইসময়ত কৃষ্ণই ৰাধাৰ বোধশক্তি জন্মাবলৈকে সাময়িকভাৱে অন্তৰ্দ্ধান  হৈছে। কৃষ্ণৰ এই অন্তৰ্দ্ধান তেওঁৰ চাতুৰীৰে এক নিদৰ্শন। কাৰণ কৃষ্ণৰ অন্তৰ্দ্ধানৰ মাজেদিহে গোপীসকলৰ অন্তৰত নিষ্কাম ভক্তিৰ সূচনা কৰিবলৈ সক্ষম হৈছে। 

       বাহি্যক আড়ম্বৰৰ বিপৰীতে আভ্যন্তৰীণ স্বচ্ছতাৰ মাজেদি এক ঈশ্বৰৰ সন্ধান- নৱৱৈষ্ণৱ ধৰ্মৰ অন্যতম বৈশিষ্ট্য। সেইবাবে, ভক্ত প্ৰহ্লাদে কেৱল অন্তৰৰ শুদ্ধতা আৰু ভক্তিৰ গাঢ়তাৰ বাবেই পৰমেশ্বৰৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হৈছিল। যুগে যুগে কৃষ্ণই এই আদৰ্শকে সমাজত প্ৰচাৰ কৰি আহিছে। সেইবাবে ‘কেলিগোপাল‘ নাটত যেতিয়া গোপীসকলে  কৃষ্ণ নামৰ মাহাত্ম্যক উপলব্ধি কৰিব নোৱাৰি  কেৱল দৈহিক সুখানুভূতিৰ বাবে কৃষ্ণক নিজৰ অধীন হিচাপত গ্ৰহণ কৰিছে, তেতিয়াই কৃষ্ণই ভক্তৰ অন্তৰত বোধশক্তি জন্মাবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিবলগীয়া হৈছে। ইয়াৰ লগতে মানুহৰ সকাম ভক্তিৰ প্ৰতিবন্ধকস্বৰূপ কামভাৱৰ প্ৰতীক ৰূপত শংখচূড়ক দেখুওৱা হৈছে। যাক নিধন কৰি কৃষ্ণই স্থ²ল কামভাৱক আধ্যাত্মিক স্তৰলৈ উন্নীত কৰিবলৈ সক্ষম হৈছে।

        নাটখনিত পৰিদৃষ্ট হোৱা আনটো পুৰুষ চৰিত্ৰ হ‘ল ‘শংখচূড়’। ই একপ্ৰকাৰৰ প্ৰতীকধৰ্মী চৰিত্ৰ। কুবেৰৰ অনুচৰ যক্ষ ‘শংখচূড়’ক শংকৰদেৱে মানুহৰ সকাম ভক্তিৰ প্ৰতিবন্ধক চৰিত্ৰ হিচাপে দাঙি ধৰিছে। কৃষ্ণই গোপীসকলৰ লগত ৰাসক্ৰীড়া কৰি থকাৰ সময়ত শংখচূড়ে প্ৰৱেশ কৰি গোপীসকলৰ লগত বলপূৰ্বকভাৱে সকাম সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। কৃষ্ণই প্ৰথাৱস্থাত তাক খেদি পঠোৱাৰ পাছতো তাৰ বোধশক্তি জন্মা নাই, পৰৱৰ্তী সময়ত পুনৰবাৰ প্ৰৱেশ কৰিছে। সেইবাৰ কৃষ্ণই তাত বধ কৰি সকাম ভক্তিৰ জয় দেখুৱাইছে। চৰিত্ৰটোৰ গুৰুত্ব এইখিনিতে। নাটৰ বিষয়বস্তুৱে এই প্ৰাসংগিক চৰিত্ৰটোৰ দাবী কৰে আৰু সেই সূত্ৰে চৰিত্ৰটোক বৈচিত্ৰ্যহীন বুলি আখ্যা দিব নোৱাৰি।

       ‘ৰাধা‘–নাটখনিৰ আন এটা চৰিত্ৰ। অৱশ্যে চৰিত্ৰটোক বৈশিষ্ট্যপূৰ্ণ বুলি আখ্যা দিলে ভুল কৰা হ‘ব। অন্যান্য গোপনাৰীৰ দৰেই চৰিত্ৰটোৰ চিন্তা আৰু আচৰণ ফুটি উঠিছে। আত্মঅহংকাৰী লৌকিক নাৰী হিচাপেহে চৰিত্ৰটোৱে স্থান পাইছে। অসমৰ বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাত ৰাধা নামটোৰ উল্লেখ নাথাকিলেও উত্তৰৰ ভাৰতত ৰাধা-কৃষ্ণৰ যুগলমুৰ্ত্তিৰ উপাসনা কৰাৰ প্ৰথা প্ৰচলিত। সেইসূত্ৰে ‘ৰাধা‘ নামটোৰ এক সুকীয়া বৈচিত্ৰ্য আছে। কিন্তু নাটত ৰাধা অন্যান্য নাৰীৰ দৰেই এগৰাকী লৌকিক নাৰী। শংকৰদেৱে ব্ৰজনাৰীসকলৰ চিত্ৰ অংকন কৰাৰ বাবে নাটখনৰ বাস্তৱধৰ্মীতাৰ প্ৰতি চকু দিয়েই হয়তো ‘ৰাধা‘ নামটোৰ উল্লেখ কৰিছে বুলি ভাবিব পাৰি। 

        গে‘গোপীসকল‘– নাটখনৰ সামূহিক চৰিত্ৰ হিচাপে স্থান পাইছে। নাটখনৰ আদিৰপৰা অন্তলৈকে গোপীসকলৰ অৱদান আছে। নাটত গোপীসকলক আত্মঅহংকাৰী, লৌকিক নাৰী ৰূপত উপস্থাপন কৰা হৈছে। কৃষ্ণতত্ত্ব উপলব্ধি কৰিব নোৱাৰি কৃষ্ণক নিজৰ অধীন বুলি গণ্য কৰিছে। কৃষ্ণৰ শৰীৰী ৰূপত ব্যাকুল হৈ ঘৰ-ঘৰোৱাহ সকলোকে এৰি থৈ মাজনিশা কৃষ্ণৰ প্ৰেমত মতগৰ্ব হৈ পৰিছে। কিন্তু পৰৱৰ্তী সময়ত কৃষ্ণৰ ঐশ্বিকত্ব তথা কৃষ্ণ নামৰ মাহাত্ম্য উপলব্ধি কৰি তেওঁলোকৰ চিত্ত গভীৰ ভগৱত চেতনাৰে গদগদ হৈ পৰিছে, স্থ²ল কামনাই ঐশ্বকিত্ব লাভ কৰিছে। সেইবাবে  কৃষ্ণ আৰু গোপীসকলৰ এই মিলনক শংকৰদেৱে  ‘কামজয়‘ বুলি আখ্যা দিছে। গোপীসকলৰ কামনাক তেওঁ ‘কাম-ভকতি‘ বুলি অভিহিত কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ‘ল গোপীনীসকল আছিল বিবাহিতা। কিন্তু সেই হ‘লেও তেওঁলোকে সমাজৰ গৰিহণা, লোকনিন্দা অথবা স্বামী ভয় আদিলৈ অকণো কৰ্ণপাত নকৰি কৃষ্ণৰ কাষলৈ ঢপলিয়াই আহিছে। তেওঁলোকৰ বাবে কৃষ্ণই একমাত্ৰ সত্য, বাকীবোৰ অসাৰ। তেওঁলোকে অনুভৱ কৰিছে যেন তেওঁলোকৰ ভক্তি-প্ৰেমে কৃষ্ণক বশ কৰিব পাৰিছে। কৃষ্ণৰ প্ৰতি গভীৰ আসক্তি তথা কষ্ণসৰ্বস্বতা– তেওঁলোকৰ চৰিত্ৰৰ প্ৰধান বৈশিষ্ট্য।

ৰসৰ প্ৰয়োগঃ

       শংকৰদেৱৰ অংকীয়া নাট সৃষ্টিৰ প্ৰধান উদ্দেশ্য আছিল জনসাধাৰণৰ অন্তৰত ভক্তিভাৱ জাগ্ৰত কৰা। স্বাভাৱিকতেই ভক্তিৰস শংকৰদেৱৰ নাটৰ প্ৰধান উপজীৱ্য। উপৰুৱাকৈ চালে ‘কেলিগোপাল‘   শৃংগাৰ ৰসাত্মক নাট । কিন্তু গভীৰভাৱে চালে বুজিব পাৰি যে, শংকৰদেৱে শৃংগাৰ ৰসক ভক্তিৰসৰ উপসুঁতি হিচাপেহে নাটকত প্ৰয়োগ কৰিছে।  নাটখনত পৰিলক্ষিত হোৱা বিভিন্ন ৰসসমূহ হ‘ল–

শৃংগাৰ ৰস, সম্ভোগ ৰস, বিপ্ৰলম্ভ ৰস, বীৰ ৰস, অদ্ভুত ৰস, শান্ত ৰস, ভক্তি ৰস আদি।

       ‘কেলিগোপাল‘ নাটৰ প্ৰধান আকৰ্ষণ হৈছে–ব্ৰজগোপীসকলৰ কৃষ্ণপ্ৰেম, কৃষ্ণসৰ্বস্বতা,  অনুৰাগ, আসক্তি, মিলনৰ উন্মাদনা, প্ৰেম-গৰ্ব, অহংকাৰ, বিৰহৰ যাতনা, কাতৰতা প্ৰভৃতি দিশ। কৃষ্ণই গোপীসকলৰ লগত কৰা কথোপকথন আৰু গোপীসকলৰ মনোকাংক্ষা পূৰণ কৰি কাম-কেলি  কৰা কাৰ্যত শৃংগাৰ ৰসৰ সৃষ্টি হৈছে। উদাহৰণঃ

              কাহাকু হৰি হাসি কৰু মান।

              কাহাকু চুম্বন চৰ্বন দান।।

              কাঞ্চুৰি ছোড় কুচ পৰকাশ।

              হাতে ঘেৰি গোৰী কৰতু হাস।।

              কাহাকু লেল হৰি অম্বৰি ছোড়ি।

              ৰহল লাজে গোপী অংগ মোৰি।।

              সৱহু বেকত গুপুত অংগ।

              বচন চৰপটি বঢ়ায়া ঢংগ।।

              যাকেৰি সেৱা কয় সুৰাসুৰে।

              সো হৰি গোপী মনোৰথ পুৰে।।

       এই শৃংগাৰ ৰস আকৌ দুই ধৰণেৰে নাটকত স্থান পাইছে– সম্ভোগ শৃংগাৰ ৰস আৰু বিপ্ৰলম্ভ শৃংগাৰ ৰস।

       কৃষ্ণৰ সৈতে গোপীসকল আৰু ৰাধা নামৰ গোপীগৰাকীৰ লগত কৃষ্ণৰ মিলনৰ দৃশ্য বৰ্ণনা কৰোতে সম্ভোগ ৰসৰ নিষ্পতি হৈছে। অৱশ্যে এই সম্ভোগ ৰস সাধাৰণ মানৱীয় কাৰ্যৰ দৰে নহয়, কাৰণ এই সম্ভোগ ৰসে স্থ²ল দৈহিক স্তৰৰপৰা ঊৰ্দ্ধত অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ভগৱান কৃষ্ণৰ এয়া এক লীলাহে মাথোন।

       তেনেদৰে, কৃষ্ণৰ আৱৰ্তমানত গোপীসকলে কৃষ্ণক পাবৰ বাবে যি বিলাপ জুৰিছে তাত বিপ্ৰলম্ভ শৃংগাৰ ৰস নিষ্পত্তি হৈছে। ইয়াতো গোপীসকলে দৈহিক বাসনাৰ বিপৰীতে আত্মিক মিলনৰ বাবেহে কৃষ্ণৰ চৰণত বিলাপ কৰিছে।

              নিশি একেশ্বৰী নাৰী অনাথিনী

                     কৰু কৰুণা মুৰাৰি।

              তুহু বিনে জীৱন ৰহই নপাৰি

                     দহে হৃদয় হামাৰি।।

              কৰল গৰৱ নাথ তোই

                     হামু পাপিনী আন্ধা।

                     কহ শঙ্কৰ হৰি বোল নৰ

                     ছোড় বিষয়ক ধান্ধা।।

       কৃষ্ণই শংখচূড়ক কৰা দমন আৰু বধৰ সময়ত বীৰ ৰস নিষ্পত্তি হৈছে। আনহাতে, কৃষ্ণই শংখচূড়ক শাল বৃক্ষ উভালি লৈ খেদি যোৱা কাৰ্য আৰু হাতৰ মুঠিৰে মৰিয়াই কান্ধ ছেদ কৰি বধ কৰা কাৰ্যত বীৰ ৰসৰ সমানে সমানে অদ্ভুত ৰসৰো সৃষ্টি হৈছে। অত্যাচাৰী শংখচূড়ক বধ কৰি কৃষ্ণই গোপীসকলৰ ভয়ভাৱ নাশ কৰি শান্ত ৰস প্ৰতিষ্ঠা কৰিছে।

       শৃংগাৰ ৰস– ‘কেলিগোপাল‘ নাটৰ মুখ্য আধাৰ যদিও এই শৃংগাৰ ৰসৰ উত্তৰণ ঘটিছে ভক্তিৰসলৈ। নৃত্য-গীত, সুৰ-সংলাপ– আদিয়ে নাটখনক অনন্য ৰসাস্বাদধৰ্মী কৰি তুলিলেও শংকৰদেৱৰ সকলো সৃষ্টিৰ দৰেই ‘কেলিগোপাল‘ নাটতো ভক্তিৰসে সকলোৰে উৰ্দ্ধত অৱস্থান কৰিছে। সেইবাবে, বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাত এই নাটক ‘কামজয়‘ আখ্যা দিয়া হয়।

       অআলোচনাৰপৰা দেখিবলৈ পোৱা গ‘ল , শংকৰদেৱৰ ‘কেলিগোপাল‘নাট–এক ব্যতিক্ৰমধৰ্মী বিষয়বস্তুক আধাৰ কৰি ৰচিত হৈছে। মানৱৰ সহজাত প্ৰবৃত্তি ‘কামভাৱ‘ক আধ্যাত্মিক সাধন মাৰ্গলৈ কেনেদৰে উত্তৰণ ঘটাব পাৰি তাক উপস্থাপন কৰা হৈছে।  নিঃসন্দেহে  শংকৰদেৱৰ আনকেইখন নাটৰ দৰে এইখন নাটতো ভক্তিধৰ্মীতা প্ৰধান বৈশিষ্ট্য। শৃংগাৰ ৰসক ভক্তিৰসলৈ পৰ্যবসতিত কৰি জনসাধাৰণক পৰমতত্ত্বৰ জ্ঞান প্ৰদান কৰা হৈছে। কৃষ্ণত্বৰ আদৰ্শ প্ৰচাৰ আৰু ভক্তবৎসলতা নাটখনৰ মনকৰিবলগীয়া দিশ।  সংগীতধৰ্মীতা আৰু  কাবি্যক গদ্যৰ প্ৰয়োগ নাটখনৰ আন এটা প্ৰধান বিশেষত্ব। শংকৰদেৱে গীত, পদ, পয়াৰ, ভটিমা তথা বিভিন্ন ভক্তিতত্ত্বমূলক আখ্যান ৰচনা কৰি জনসাধাৰণৰ মাজত ভক্তিধৰ্ম প্ৰচাৰ কৰিছিল। কিন্তু মনকৰিবলগীয়া কথাটো হৈছে, সৃষ্টিশীল সাহিত্যৰ মাজেদি কৃষ্ণতত্ত্ব জ্ঞান প্ৰচাৰ কৰাটো সহজসাধ্য নহয়। কিন্তু শংকৰদেৱে সৃষ্টিশীল সাহিত্যৰ সকলোখিনি ৰস-বৈচিত্ৰ্য অক্ষুন্ন ৰাখিও ভক্তিমাৰ্গৰ দিশটোক স্পষ্ট ৰূপত জনসাধাৰণৰ আগত প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ফলত জনসাধাৰণে এফালেদি সাহিতি্যক ৰস আৰু আনফালেদি আধ্যাত্মিক ৰসাস্বাদন লাভ কৰিছিল। আনহাতে, নাটকীয় গুণৰাজী অকণো হেৰফেৰ নোহোৱাকৈ  সংগীতৰ মাজেদি চৰিত্ৰৰ মনোভংগী আৰু পৰিৱেশৰ চিত্ৰখন উপযুক্তৰূপত অংকন কৰাতো তেওঁৰ অনন্য প্ৰতিভা ফুটি উঠিছে। সাহিতি্যক বৈশিষ্ট্য অক্ষুন্ন ৰাখিও ‘ৰাসক্ৰীড়া‘ ১ দৰে এটি অনুষ্ঠানৰ মাজেদি জনসাধাৰণক পৰমতত্ত্বৰ জ্ঞান প্ৰদান কৰিব পৰাতেই নাট্যকাৰৰ সাৰ্থকতা নিহিত হৈ আছে।

পাদটীকাঃ

১ শিৱনাথ বৰ্মন [সম্পা.], অসমীয়া সাহিত্যৰ বুৰঞ্জী [দ্বিতীয় খণ্ড], পৃ.২৩০

২ সত্যেন্দ্ৰনাথ শৰ্মা,  অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,   পৃ. ১২০স

৩ কালিৰাম মেধি, অংকাৱলী, পাতনি

 
সহায়ক গ্ৰন্থপঞ্জীঃ

গগৈ, যুগল প্ৰসাদ – শংকৰদেৱৰ সাহিত্য অধ্যয়ন, শ্ৰীপ্ৰহ্লাদ শইকীয়া, সম্পাদক, শিৱসাগৰ জিলা শাখা, ২০১৩

বৰঠাকুৰ, সত্যকাম – শংকৰদেৱৰ নাট বিশ্লেষণাত্মক অধ্যয়ন, পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী, ২০১৪

বৰ্মন, শিৱনাথ [সম্পা.] – অসমীয়া সাহিত্যৰ বুৰঞ্জী [দ্বিতীয় খণ্ড]

মেধি, কালিৰাম [সম্পা.] –    অঙ্কাৱলী, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী

শৰ্মা, সত্যেন্দ্ৰনাথ – অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সৌমাৰ প্ৰকাশ, গুৱাহাটী, ২০০৬ [নৱম সংস্কৰণ]

Post a Comment

0 Comments