এতিয়াই চাওক

6/recent/ticker-posts

চক্ৰপাণি সংগীত বিদ্যালয়ৰ শুভ উদ্ধোধন ||

 লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ ৰামপুৰ, মধুপুৰত চক্ৰপাণি সংগীত বিদ্যালয়ৰ শুভ উদ্ধোধন।অঞ্চলটিৰ ছাত্ৰ-ছাত্ৰী সকলক সাহিত্য, সংস্কৃতি,কলা সকলো দিশত আগুৱাই নিয়াৰ উদ্দেশ্যে দাদু দত্তই প্ৰতিষ্ঠা কৰিছে এই বিদ্যালয় খন। ৬ ফেব্ৰুৱাৰী ২০২১ ৰ পৰা  বিদ্যালয় খনত সত্ৰীয়া নৃত্য,খোল, বৰগীত, সৃষ্টিশীল আধুনিক নৃত্য,চিত্ৰকলাৰ পাঠদান আৰম্ভ হ'ব।আজি উদ্ধোধনী অনুষ্ঠানত উদ্ধোধক হিচাপে  উপস্থিত থাকে সমাজকৰ্মী ৰাজীৱ বৰুৱা।শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত অৰুণ গোস্বামী দেৱে সভাপতিত্ব কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিহপুৰীয়া সমষ্টিৰ সন্মানীয় বিধায়ক দেবানন্দ হাজৰিকা।অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অৱসৰ প্ৰাপ্ত শিক্ষক অতুলচন্দ্ৰ হাজৰিকা, ভ্ৰাম্যমাণ নাট্য জগতৰ জনপ্ৰিয় অভিনেত্ৰী গীৰ্জা শৰ্মা মহন্ত,অনিল দত্ত,বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মুনীন্দ্ৰ নাৰায়ণ গোস্বামী,বদলা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীযুত দিপজ্যোতি মহন্ত,ধেমাজিৰ একলব্য ডান্স একাডেমীৰ বিদ্যাধৰ হাজৰিকা,কল্যাণী কোঁৱৰ,Dy বিহু ৰাণী ২০১৮ খিতাপ লাভ কৰা শিৰোশ্ৰী শইকীয়া আৰু কেইবাগৰাকী অভিভাৱক।

  






Post a Comment

0 Comments