ব্ৰহ্মাৰ পুত্ৰ ত্বষ্টাই বিবাহ কৰিছিল ৰোচনা নামৰ এগৰাকী অসুৰ কন্যাক । তেওঁলোকৰ তিনি শিৰযুক্ত ( ত্ৰিশিৰা) এক পুত্ৰৰ জন্ম হৈছিল । পুত্ৰৰ নাম ৰাখিছিল বিশ্বৰূপ । বিশ্বৰূপৰ তিনিখন মুখৰ এখনে বেদ আদি শাস্ত্ৰৰ অধ্যয়ন কৰি ভক্তি ৰস পান কৰিছিল; এখনে কৰিছিল সোমৰস পান আৰু অন্যখনে কৰিছিল অন্ন ভোজন । জন্ম সূত্ৰে বিশ্বৰূপে পিতৃৰপৰা লভিছিল ব্ৰাহ্মণত্ব , হৈছিল বেদজ্ঞ ; কিন্তু মাতা যিহেতু আছিল অসুৰ কুলৰ সেয়ে অসুৰ সমাজলৈও বিশ্বৰূপৰ আছিল এক আত্মিক অনুৰাগ । এবাৰ দেৱগুৰু বৃহস্পতিৰ অনুপস্থিতিত বিশ্বৰূপে দেৱতাৰ যজ্ঞৰ পুৰোহিতৰ দায়িত্ব লৈ যজ্ঞৰ ভাগ গোপনে অসুৰলৈও আগবঢ়াইছিল । দেবেন্দ্ৰই এই কথা জানিব পাৰি অত্যন্ত ক্ৰোধিত হৈ বিশ্বৰূপক বধ কৰিছিল অতি নৃশংসভাৱে । হাতে খড়্গ ধৰি দেৱেন্দ্ৰই বিশ্বৰূপৰ শৰীৰৰ পৰা তিনিওটা শিৰক চ্ছেদ কৰিছিল । বিশ্বৰূপৰ শৰীৰৰ পৰা চ্ছেদিত হোৱা শাস্ত্ৰৰস পান কৰা শিৰ কপিঞ্জল পক্ষী, সোমৰস পান কৰা শিৰ কলবিঙ্ক পক্ষী আৰু অন্ন ভোজন কৰা শিৰ ৰূপান্তৰিত হৈছিল তিত্তিৰী পক্ষীলৈ । ( ভাগৱত )
পুত্ৰ শোকত দগ্ধ হৈ ত্বষ্টাই দেৱেন্দ্ৰৰ ওপৰত প্ৰতিশোধ লোৱাৰ মানসেৰে আয়োজন কৰিছিল এক যজ্ঞৰ । দেৱলোকত হাহাঁকাৰ লাগিল । ত্বষ্টাৰ শক্তিক জানে দেৱতাই । যজ্ঞৰ পূৰ্ণাহুতিৰে ত্বষ্টাই টানি আনিব দেৱেন্দ্ৰক যজ্ঞকুণ্ডলৈ ! ভীতিগ্ৰস্ত দেৱেন্দ্ৰ শৰণাপন্ন হৈছিল দেৱী সৰস্বতীৰ । সৰস্বতীয়ে কৃপা কৰিলে , ত্বষ্টাৰ পূৰ্ণাহুতিৰ মন্ত্ৰত আউল লাগিল ; দেবেন্দ্ৰ ৰক্ষা পৰিল । কিন্তু সকলোকে আচৰিত কৰি যজ্ঞকুণ্ডৰ পৰা আৱিৰ্ভাব হ’ল এক বিৰাট আকাৰৰ অসুৰ ! অভিশপ্ত অসুৰ !! যদিওবা দেৱেন্দ্ৰ হোৱা নাছিল নিধন, ত্বষ্টা প্ৰসন্ন হৈছিল অসুৰ পুত্ৰক পাই আৰু অসুৰৰ নাম ৰাখিলে বৃত্ৰাসুৰ !!
অভিশপ্ত বৃত্ৰাসুৰ !! প্ৰাচীন কালত চিত্ৰকেতু নামে এক ৰাজন আছিল । অনেক পত্নী থকাৰ পাছতো চিত্ৰকেতুৱে লভা নাছিল পিতৃত্বৰ গৌৰৱ । সেয়ে ৰাজনৰ মনত দুখ । তেনেতে এদিন ঋষি অঙ্গিৰাই আহি ৰাজনক পুত্ৰ প্ৰাপ্তিৰ বাবে যজ্ঞৰ সমিধান দিলে । চিত্ৰকেতুৱে যজ্ঞ সমাপন কৰি যজ্ঞৰ পৰমান্ন আগবঢ়ালে প্ৰধান ৰানী কৃতদ্যুতিলৈ । ফলত কৃতদ্যুতিৰ গৰ্ভ সঞ্চাৰিত হ’ল আৰু নিৰ্ধাৰিত সময়ত জনম দিলে এক দেৱ শিশুক । পুত্ৰক পাই ৰজা আত্মহাৰা হ’ল । ব্যস্ত থাকিল কেৱল কৃতদ্যুতি আৰু সন্তানক লৈ । আনফালে অনাদৃত হৈ স্বামীৰ পৰা অন্য ৰানীসকল ইৰ্ষাম্বিত হ’ল কৃতদ্যুতিৰ ভাগ্যক দেখি । ইৰ্ষা পৰম শত্ৰু । ইৰ্ষা জাগিলে কি দেৱ , কি মনুষ্য, কি গন্ধৰ্ব যিকোনো কাৰ্য কৰিবলৈ নকৰে কুণ্ঠাবোধ । তাতে আকৌ সতিনীৰ ইৰ্ষা !! এদিন সেয়ে সকলো সতিনীয়ে লগলাগি ৰচিলে কুটিল ষড়যন্ত্ৰ !!
দেৱশিশুক মাতৃয়ে দুগ্ধপান কৰাই শয়ন কৰাইছিল । সতিনীসকল আছিল সুযোগৰ অপেক্ষাত । নাৰীৰ মমতা পাষাণ হৈ গৈছিল প্ৰতিশোধৰ অগনিত । কিমান নিৰ্দয়া হ'ব পাৰে সতিনী ? যেতিয়া কৃতদ্যুতি গৈছিল আঁতৰি পুত্ৰৰ কাষৰপৰা, সেই ছেগতে নিষ্ঠুৰ মাহীমাকসকলে নিষ্পাপ দেৱশিশুক চেলেকাই দিছিল কালকূট বিষ !! চিৰনিদ্ৰা গৈছিল দেৱশিশু , বুকু শাঁত পৰিছিল সতিনীগণৰ । প্ৰমাণিত কৰিছিল সতিনীৰ প্ৰতিশোধ যে অতি ভয়ংকৰ !
অত প্ৰতীক্ষাৰ অন্তত লাভ কৰা পুত্ৰক হেৰুৱাই শোকাতুৰ হৈ পৰিছিল চিত্ৰকেতু । একোতে মন বঢ়াব পৰা নাছিল । তেনেতে দেৱৰ্ষিয়ে আহি চিত্ৰকেতুক দিছিল তত্ত্ব জ্ঞান । গূঢ়াৰ্থ ব্যাখ্যা কৰিছিল জীৱ , জীৱাত্মা আৰু পৰমাত্মাৰ বিষয়ে । দেৱৰ্ষিৰ ব্যাখ্যাত জ্ঞান চকু মুকলি হৈছিল চিত্ৰকেতুৰ । নিজকে প্ৰশ্ন কৰিছিল চিত্ৰকেতুৱে-- “ কিয় মই কৰিছো শোক ? কাৰ বাবে কৰিছো শোক ? কোন কাৰ মাতা ? কোন কাৰ পিতা ? সকলো অসাৰ; হৰি ভক্তিয়েহে কৰিব জীৱক উদ্ধাৰ ।” সকলোতে হৰিময় দেখিবলৈ ধৰিলে চিত্ৰকেতুৱে । মনৰপৰা শোক, লোভ আঁতৰি গ'ল । হৰি নাম লৈ ভ্ৰমিবলৈ ধৰিলে চিত্ৰকেতু ।
এনেদৰে ভ্ৰমণ কৰি ফুৰোঁতে এদিন চিত্ৰকেতু উপস্থিত হ’লগৈ কৈলাশত । কি দুৰ্ভাগ্য !! নিয়তিয়েহে যেন লৈ গৈছিল চিত্ৰকেতুক কৈলাশলৈ, ৰঙ চাবলৈ ! সেই সময়ত মহাদেৱ-পাৰ্বতী আছিল গভীৰ প্ৰেমালাপত । পাৰ্বতী আছিল মহাদেৱৰ কোলাত বহি !! এই দৃশ্য দেখি চিত্ৰকেতুৰ মনত ঘৃণা জাগিল মহাদেৱৰ প্ৰতি । জটাধাৰী, মহাযোগীৰ এনে নিৰ্লজ কাৰ্য্য ? স্বয়ং মায়া- মোহত আৱদ্ধ !! বিতুষ্ট হৈ চিত্ৰকেতুৱে ভৎসনা কৰিব ধৰিলে কৈলাশপতিক ।
পতিনিন্দা সহিব নোৱাৰিলে পাৰ্বতীয়েও । ক্ৰোধাম্বিত হৈ পাৰ্বতীয়ে চিত্ৰকেতুক দিলে অভিশাপ--- “ নিচিনিলি তই উমানাথক ; নিচিনিলি তই পতি -পত্নীৰ সম্পৰ্কক । গন্ধৰ্ব হৈ অসুৰৰ দৰে কৰিছ আচৰণ । যা দিলো অভিশাপ অসুৰ হৈ জন্মিবি তই ।”
পাৰ্বতীৰ অভিশাপ ফলিয়ালে । সেই অভিশাপৰ ফলশ্ৰুতিত ত্বষ্টাৰ যজ্ঞকুণ্ডৰ পৰা অভিশপ্ত চিত্ৰকেতুৱে অসুৰ ৰূপত হৈছিল সৃষ্ট আৰু নাম পালে বৃত্ৰাসুৰ ।
---- “কওক পিতা , কি কাৰ্য্য কৰিম সাধন ? “ বৃত্ৰাসুৰৰ বীৰোচিত বচন ।
----- “ ইন্দ্ৰ আমাৰ পৰম শত্ৰু । যোৱা বধ কৰাগৈ ইন্দ্ৰক ।” ত্বষ্টাই আদেশ দিলে পুত্ৰক ।
পিতৃৰ আদেশ পাই বৃত্ৰাসুৰে যজ্ঞৰ ভস্মৰপৰা সৃষ্টি কৰিলে তেওঁৰ অগণন সৈন্যক আৰু গগণভেদী জয়কাৰ কৰি সেনাসহ বৃত্ৰাসুৰে বীৰদৰ্পে যাত্ৰা কৰিলে স্বৰ্গ অভিমুখে-----
আৰম্ভ হ’ল এক ভয়ানক সংগ্ৰাম ; দেৱাসুৰ সংগ্ৰাম । পৰাক্ৰমী বৃত্ৰাসুৰৰ সন্মুখত অসহায় হৈ পৰিল দেৱেন্দ্ৰ , পলায়ন কৰিলে দেৱতাই স্বৰ্গৰপৰা । অমৰাৱতীৰ গৰাকী হ’ল বৃত্ৰাসুৰ-----
স্বৰ্গহাৰা দেৱতা কাষ চাপিল মহাদেৱৰ । কিন্তু নিৰাশ কৰি মহাদেৱে ক’লে --- “ বিষ্ণু ভক্ত চিত্ৰকেতুৱেই বৃত্ৰাসুৰ ৰূপত ; সেয়ে নবধো মই বিষ্ণু ভক্তক । দেৱগণ, তোমালোক যোৱা নাৰায়ণৰ সমীপে; নাৰায়ণেই দিব তোমালোকক ইয়াৰ সমিধান ।” মহাদেৱৰ পৰামৰ্শত দেৱেন্দ্ৰসহ দেৱগণ গ’ল বৈকুণ্ঠ ধামলৈ ।
--- “এতিয়ালৈকে নিৰ্মাণ হোৱা নাই অস্ত্ৰ বৃত্ৰাসুৰক বধিবৰ । ময়ো নিজ হাতে বৃত্ৰাসুৰক বধ নকৰোঁ ; কাৰণ বৃত্ৰাসুৰ আমাৰেই পৰম ভক্ত । অৱশ্যে দিছো উপায় যদি দধীচি মুনিয়ে স্বেচ্ছাই অস্থি দান কৰে , তেতিয়া সেই অস্থিৰে বজ্ৰ নামে অস্ত্ৰ তৈয়াৰ কৰি বধিব পৰা যাব বৃত্ৰাসুৰক !!” -- নাৰায়ণে সমিধান দিছিল দেৱগণক ।
নাৰায়ণৰ মুখত দধীচিৰ নাম শুনি হেঁতা পৰি গৈছিল দেৱেন্দ্ৰ । কেনেদৰে যাব দেৱেন্দ্ৰ ‘অথবৰ্ন / অথৰ্বা ’ তনয় দধীচিৰ কাষলৈ । এফালে ইন্দ্ৰাসনৰ মোহ, আনফালে দধীচিৰ কাষলৈ ভীক্ষুক ৰূপে যোৱাৰ লজ্জাবোধ ! দেৱেন্দ্ৰৰ লজ্জাবোধৰ আছিল এক কাৰণ---- ব্ৰহ্মবিদ্যা লাভৰ ইচ্ছাৰে এবাৰ দেৱেন্দ্ৰ কাষ চাপিছিল দধীচিৰ । কিন্তু ব্ৰহ্মবিদ্যাৰ যোগ্য বুলি দেৱেন্দ্ৰক গণ্য কৰা নাছিল দধীচিয়ে । খঙত দেৱেন্দ্ৰই তেতিয়া দধীচিক কৰিছিল অপমান ; আৰু সেই ঋষিৰ কাষলৈকে যাব লাগিব সহায়ৰ ভীক্ষা বিচাৰি ? তাকো জীৱনৰ --- !!
উপায়হীন হৈ অৱশেষত শংকিত , লজ্জিত মনে দেৱগণৰ সৈতে দেৱেন্দ্ৰ গৈছিল দধীচিৰ সমীপে । সংকুচিত মনে দেৱেন্দ্ৰই যেতিয়া ঋষিৰ আগত আগমনৰ উদ্দেশ্য ব্যক্ত কৰিছিল স্তম্ভিত নেত্ৰে দধীচিয়ে চাই ৰৈছিল দেৱেন্দ্ৰৰ মুখলৈ । দধীচিৰ চকুলৈ চাব নোৱাৰি অসহায়, নিৰুপায় দেৱেন্দ্ৰই তললৈ মূৰ কৰিছিল । ভাবিছিল স্বৰ্গসুখেই মই নোৱাৰিলো ত্যেজিব , তেনেস্থলত কিয় স্বেচ্ছাই মৰণক আঁকোৱালি ল'ব ঋষি দধীচিয়ে ; দিব অস্থিদান !! তাকো দেৱতাৰ কল্যাণৰ বাবে , দেৱেন্দ্ৰৰ স্বাৰ্থৰ বাবে !! নিজকে পোন প্ৰথমবাৰৰ বাবে নিজকে স্বাৰ্থপৰ অনুভৱ কৰিছিল দেৱেন্দ্ৰই । ধাৰণা কৰিছিল বৃথা অনুৰোধহে কৰিছো বুলি ।
কিন্তু দধীচিচোন ব্যতিক্ৰম ----“ জগত কল্যাণ , দেৱ কল্যাণৰ হেতু নাৰায়ণৰ আদেশ মানি অস্থিদান কৰিবলৈ প্ৰস্তুত আছো মই ।” ---- কৈছিল দধীচিয়ে । নিজ কৰ্ণকে বিশ্বাস কৰিব পৰা নাছিল দেৱেন্দ্ৰই । শ্ৰদ্ধাত মূৰ দোঁ খাই গৈছিল দেৱেন্দ্ৰসহ দেৱগণৰ । ' সাধু ', ' সাধু 'বুলি কৰিছিল উচ্চাৰণ দেৱগণে ; লগতে দেৱেন্দ্ৰইও ।
মঙ্গল ধ্বনি বাজিছিল দশোদিশে । পুস্প বৃষ্টি হৈছিল দধীচিৰ আশ্ৰমত আৰু তপোবলে নিজ প্ৰাণ এৰিছিল তপোধৰ দধীচিয়ে !!
“ধন্য ধন্য দধীচি , মহান ত্যাগ কৰিলা তুমি ; জগতত ৰাখিলা কীৰিতি । যেতিয়াই ত্যাগৰ কথা ওলাব তোমাৰ নাম প্ৰথমে শ্ৰদ্ধাৰে ল’ব জগতবাসীয়ে ।”--- পৰমাত্মাৰ মুখপদ্মৰপৰা আকাশ বাণী ভাঁহি আহিছিল ।
দধীচিৰ অস্থিৰে দেৱশিল্পী বিশ্বকৰ্মাই নিৰ্মাণ কৰিলে ‘ বজ্ৰ’ নামে এক অমোঘ অস্ত্ৰ । হাতে বজ্ৰ ধৰি দেৱেন্দ্ৰই ৰুদ্ৰমূৰ্তি ধৰি খেদি গ’ল বৃত্ৰাসুৰক । বজ্ৰ দেখি বৃত্ৰাসুৰ স্তম্ভিত হ'ল । বুজিলে এয়া কালাস্ত্ৰ তেওঁৰ বাবে । সেয়ে প্ৰাণৰ মমতাত স্বৰ্গৰ পৰা পলায়ন কৰিলে বৃত্ৰাসুৰে । দেবেন্দ্ৰইও ল’লে পাছ , ল'লে সংকল্প --- ‘ নবধাকৈ তোক মই নাহো ঘূৰি । ‘ অৱশেষত বজ্ৰ মাৰি নিধন কৰিলে ইন্দ্ৰই বৃত্ৰাসুৰক । তেতিয়াৰপৰা ইন্দ্ৰৰ হ’ল অন্য দুটা নাম-- বজ্ৰপাণি আৰু বজ্ৰায়ুধ ।
0 Comments