সময় চলমান ; অগ্ৰগামী সময়ৰ দুৰন্ত বেগত চন্দ্ৰকলা বঢ়াৰ দৰে তাৰকাৰ দুই তনয়ে শিশুৰ পৰা বালকত ভৰি দিলেহি । বাল্যকালৰ পৰাই মাৰীচ আছিল অসাধাৰণ---- ৰূপত কিম্বা গুণত ; আৰু আছিল বাৎসল্য চতুৰতাৰে পূৰ্ণ । মাতৃয়ে দঢ়াই দঢ়াই সেয়ে পুত্ৰ মাৰীচক কৈছিল--- “ বাচা, আমাৰ উদ্যানতে তুমি ভাতৃৰ সঙ্গে ক্ৰীড়া কৰিবা । ”
কিন্তু পিতৃৰ উদ্যানতে ক্ৰীড়া কৰি বিৰক্তি জাগিছিল মাৰীচৰ । সেয়ে ভাতৃ সুবাহুক লগত লৈ সমীপৰ বনলৈও পিতৃ-মাতৃৰ অগোচৰে যাব ধৰিছিল । সুবাহুৰ বাবে জ্যেষ্ঠ ভাতৃয়ে আছিল মহানায়ক । নিৰ্বিবাদে সুবাহুৱে মাৰীচক সঙ্গ দি গৈছিল । যি বনলৈ দুয়ো ভাতৃয়ে সঘনাই যাব ধৰিছিল তাত পাইছিল তেওঁলোকে আমোদৰ অজস্ৰ খোৰাক । যজ্ঞৰ সম্ভাৰ গোটাবলৈ আগমণ ঘটিছিল তালৈ তপস্বীগণৰ আৰু সেই তপস্বীগণৰপৰা দুয়ো ভাতৃয়ে কেতিয়াবা চল কৰি আৰু কেতিয়াবা হৰলুকি কৰি পূজাৰ দ্ৰব্য লভিছিল অনাবিল আনন্দ । পাছে , এদেও দুদেও লোটা নিয়া চেও--অত্যুৎসাহী হৈ দুয়ো ভায়ে ( বিশেষকৈ মাৰীচ) যজ্ঞস্থলীতো ক্ৰমান্বয়ে হৰলুকি কৰিবলৈ সাহস কৰিলে ।
পুত্ৰদ্বয়ৰ এনে দুষ্কৰ্মৰ বিষয়ে সুন্দ কিম্বা তাৰকা কোনোৱে ভূ পোৱা নাছিল । সন্দেহবশতঃ কেতিয়াবা তাৰকাই সুধিলেও বাক চতুৰতাৰে মাৰীচে আজলী মাতৃৰ মনৰ সন্দেহ দূৰ কৰিবলৈ বেছি কষ্ট কৰিব লগা হোৱা নাছিল !! স্পষ্টকৈ মনত পৰিছে তাৰকাৰ ---- এদিন উদ্যানত পুত্ৰদ্বয়ক বিচাৰি পোৱা নাছিল তাৰকাই । চিন্তিত হৈ কাষ চাপিছিল স্বামীৰ । তেনেতে মাৰীচ আৰু সুবাহু আহিছিল তেওঁলোকৰ কাষলৈ । কৃত্ৰিম খঙেৰে প্ৰশ্ন কৰিছিল তাৰকাই পুত্ৰদ্বয়ক “ ক’ত আছিলা তোমালোক ? বিচাৰি চলাথ কৰিছিলো মই উদ্যান । দেখা যে নাছিলো তাত তোমালোকক ।”
সুবাহুৱে কিবা এটা কোৱাৰ আগেয়ে মাৰীচে উত্তৰ দিছিল-------- “ মাতৃ, আমি উদ্যানতে ক্ৰীড়া কৰি আছিলো । তোমাক মই দেখিছিলো । কিন্তু হৰিণ হৈ বনৰ মাজত লুকাই থকা বাবে ওলাই নাহিলো !!”
মাৰীচৰ তৎপৰতাত আৰু উত্তৰত সন্দেহ জাগিছিল তাৰকাৰ । চাইছিল স্বামীলৈ; ভাবিছিল পিতৃয়ে শাসন কৰিব পুত্ৰক । কিন্তু সুন্দ আছিল পুত্ৰৰ পক্ষতহে । অযথা পুত্ৰদ্বয়ক সন্দেহ নকৰিবলৈ সুন্দই পৰামৰ্শ দিছিল তাৰকাকহে !!
সুন্দই বহু মৰম কৰিছিল পুত্ৰদ্বয়ক । বিশেষকৈ পুত্ৰ মাৰীচক লৈ বহু সপোন দেখিছিল সুন্দই । সেয়ে মাৰীচৰ দুষ্টালিপূৰ্ণ ক্ৰীড়াতো কোনো বাধা দিয়া নাছিল ; সন্দেহ বা ক্ৰোধ কৰা নাছিল সুন্দই । তাৰকাৰ আগত এদিন ব্যক্তও কৰিছিল------ “ প্ৰিয়ে, মাৰীচক লৈ মই গৰ্বিত । দেখা নাই মই মাৰীচৰ গাত ৰাক্ষসৰ লক্ষণ । হয়তো মাতামহ সুকেতু আৰু মাতৃৰ গুণেৰে সমৃদ্ধ হ’ব মোৰ বাচা মাৰীচ । ধন্যবাদ তাৰকা, এনেহেন ৰতন মোক উপহাৰ দিয়া বাবে ।”
স্বামীৰ বচনত তাৰকাৰ বৈ আহিছিল দুধাৰি অশ্ৰু । এই অশ্ৰু আছিল প্ৰাপ্তিৰ , সুখানুভূতিৰ । যি অনাদৰ পাইছিল সৰুতে তাৰকাই নিজ পিতৃৰ পৰা, তেনে তিক্ত অভিজ্ঞতা লভা নাই আজি তেওঁৰ পুত্ৰদ্বয়ে পিতৃৰপৰা । প্ৰাৰ্থনা কৰিছিল তাৰকাই অদৃশ্য জনক, তাৰকাৰ সুখৰ সংসাৰত যেন নালাগে কুদৃষ্টিৰ কৰাল গ্ৰহণ । কিন্তু জীৱই বিচৰা ধৰণে পায় জানো জীৱনত ? তাতে আকৌ এয়া যে তাৰকাৰ জীৱন---!!
অতি শীঘ্ৰেই আহিছিল সেই অমংগলীয়া দিনটো তাৰকাৰ জীৱনলৈ । মেঘাছন্ন আছিল আকাশ , গোমা পৰিৱেশ । তাৰকাৰ মনটোও আছিল পুৱাৰ পৰা অশান্ত হৈ । কিয় এনে ভাৱ ---? বুজি পোৱা নাছিল তাৰকাই । তেনেতে তাৰকাই লক্ষ্য কৰিছিল স্বামীক অন্য ৰূপত । উদভ্ৰান্ত , অস্থিৰ ৰূপত তীব্ৰ গতিত স্বামীয়ে যাত্ৰা কৰিব ওলাইছে । কিন্তু কোন দিশে ? দিগ্বিজয়ৰ উদ্দেশ্যে ----? ওঁহো , হ’বই নোৱাৰে । মৰমৰ পত্নী তাৰকাক নোকোৱাকৈ সুন্দই নলয় এনে পদক্ষেপ । তেন্তে , শংকিত হ’ল তাৰকা । কিবা অজান আশংকাত দুৰু দুৰুকৈ তাৰকাৰ হৃদয় কঁপিব ধৰিলে । একে উশাহতে তাৰকাই সুন্দক কৰিলে বহু প্ৰশ্ন------
“ স্বামী , কি হৈছে আজি আপোনাৰ ? কোন দিশে আপুনি যাত্ৰা কৰে আৰু কিয় দেখো আপোনাক এনে অস্থিৰ ৰূপত ?''
তাৰকাক সন্মূখত দেখি অপ্ৰস্তুত হৈছিল সুন্দ । অন্ততঃ এই মুহুৰ্তত যেন তাৰকাৰ সন্মুখীন হোৱাটো বিচৰা নাছিল সুন্দই ; তেনে অনুভৱ হৈছিল তাৰকাৰ । মিথ্যা মাতিবলৈ যেন স্বামীয়ে কৰিছিল চেষ্টা---- তাৰকাৰ তীক্ষ্ণ দৃষ্টিত ধৰা পৰিছিল সকলো । কিংকৰ্তব্যবিমুঢ় হৈ সুন্দৰ মুখৰ পৰা ওলাই আহিছিল--------
“ তুমি চিন্তা নকৰিবা তাৰকা , আমাৰ পুত্ৰৰ একো অনিষ্ট হ’ব নোৱাৰে--------"
এয়া কি !! ভবাতকৈও ভয়ংকৰ---!! স্বামীয়েচোন লৈছে পুত্ৰৰ নাম ?? হাঁহাকাৰ কৰি উঠিল মাতৃৰ মমতা । কিয় , কিয় ল'লে স্বামীয়ে পুত্ৰৰ নাম------??
-------- “ মাতৃ, মাতৃ----’”
হঠাতে উচ্চ স্বৰত ভাঁহি অহা সম্বোধনত চক্ খাই উঠিল তাৰকা ! ভাৱৰ তন্ময়তা ভাঙিল । দৃষ্টি প্ৰসাৰিত হ’ল সন্মুখলৈ । দেখা পালে সন্মুখত উপস্থিত দুই আলাসৰ ধন, বুকুৰ কলিজা--- মাৰীচ আৰু সুবাহু । কিন্তু দুয়োৰে দেহ ৰক্তাক্ত ! চিৎকাৰ কৰি উঠিল তাৰকা--------
“ বাচা ! কি হ’ল তহঁতৰ ? কোনে তহঁতৰ দেহ কৰিলে ৰক্তাক্ত ?”
আচৰিত কৰি তাৰকাক অট্টহাস্য কৰি মাৰীচে ক’লে----- “ মাতৃ, কাৰ আছে সাহস, ক’ত আছে এনে অস্ত্ৰ যে তোমাৰ তনয়ৰ ৰক্ত দিব বোৱাই ? মাতৃ, ভালকৈ চোৱা এয়া নহয় আমাৰ ৰক্ত । এয়া নৰ ৰক্ত, অ মাতৃ , স্নান কৰিলো আজি দুয়ো ভায়ে তপস্বীৰ ৰক্তৰে।”
আহ্লাদিত হৈ উঠিল তাৰকাৰ প্ৰাণ ; তিৰবিৰাই উঠিল তাৰকাৰ নয়ন । পৰম উৎকণ্ঠাৰে সুধিলে ---‘’ তেন্তে নিধন হ’ল সেই পাতকী অগস্ত্যৰ ?”
মাতৃৰ উল্লাহ দেখি অধোমুখে সুবাহুৱে কৰিলে স্বীকাৰ---------- “ ক্ষমা কৰিবা মাতৃ , অগস্ত্যৰ আমি পোৱা নাই সন্ধান ; তাৰ দুই শিষ্যৰহে আজি আমি কৰিলো ৰক্তপান ------- ’’
এনে বাৰ্তা কামনা কৰা নাছিল পুত্ৰৰ পৰা । নিমিষতে বিষধৰ সৰ্পিনীৰ দৰে ক্ৰোধাম্বিত ৰূপ ল’লে তাৰকাই । ভয়ানক মাতেৰে গৰজি উঠিল---- “ পুত্ৰৰ নামত তহঁত অযোগ্য ! নোৱাৰ তহঁতে পিতৃ ঋণ শোধাব --- ’’ ; প্ৰতিধ্বনিত হৈ গ’ল ৰাত্ৰি ক্ষণত দূৰ দিগন্তলৈ । চকিত হ'ল মাৰীচ - সুবাহু ; চকিত হ'ল জগতবাসী !!
ক্ৰোদ্ধ দৃষ্টিৰে তাৰকাই চালে মাৰীচলৈ । বিচ্চুৰিত হ'ব যেন অগ্নি শিখা !! মাতৃৰ এনে ৰূপ আগে দেখা নাছিল মাৰীচে , ভীতিগ্ৰস্ত হৈ মাৰীচ দুখোজ পিছুৱাই গ’ল । মাতৃয়ে যাতে নকৰে অথন্তৰ তাৰ প্ৰতি সচেতন হৈ মাৰীচে ক'লে উপযাচি -----
“ তুমি ক্ৰোধ নকৰিবা মাতৃ ; শান্ত হোৱা, পুত্ৰৰ কৰ্তব্য আমি পাহৰা নাই । অচিৰেই জীৱিত ৰূপত ধৰি আনিম আমাৰ চিৰশত্ৰু অগস্ত্যক ।” মাতৃৰ প্ৰত্যুত্তৰলৈ অপেক্ষা নকৰি, খন্তেকো পলম নকৰি ভাতৃ সুবাহুক লগত লৈ মাৰীচ আঁতৰি গ'ল ।
তাৰকাৰ নিজৰ ওপৰতে ক্ৰোধ জন্মিল ; কিয় পুত্ৰদ্বয়ৰ প্ৰতি কৰিলে এনে আচৰণ ? যি আচৰণ পায় পিতৃৰপৰা এসময়ত তাৰকাই উৰ্দ্ধগামী ক্ৰন্দনক জোৰেৰে হেঁচি আঁতৰি আহিছিল আজি তেনে আচৰণেই কৰিলে তাৰকাই নিজ পুত্ৰদ্বয়ক !!
“ পুত্ৰ, ----পুত্ৰ ----” তাৰকাই চিঞৰি মাতিলে । কিন্তু নাই , মাৰীচ- সুবাহুৰ পৰা নাপালে প্ৰত্যুত্তৰ । হয়তো বহুদূৰ পালেগৈ ; নতু এই সময়ত পুনৰ মাতৃৰ সন্মুখীন হ’বলৈ সাহস নকৰিলে মাৰীচ কিম্বা সুবাহুৱে । প্ৰকৃতস্থ হ’বলৈ কিছু সময় লাগিল তাৰকাৰ ।
আগলৈ.....
0 Comments