এতিয়াই চাওক

6/recent/ticker-posts

দেৱদাসী নৃত্য || Debodasi-Nitya ||



  পদ্মপুৰাণ আৰু ভৱিষ্য পুৰাণত উল্লেখ পোৱা মতে মন্দিৰত দেৱতাৰ সন্তুষ্টিৰ বাবে এক শ্ৰেণীৰ নৰ্তকী ছোৱালী নিয়োগ কৰা হৈছিল যাক দেৱদাসী নামাৰে জনা গৈছিল ৷

  অসমত দেৱদাসী নৃত্যৰ প্ৰচলন কেতিয়াৰপৰা হ'ল তাক সঠিকভাৱে জনা নগ'লেও ইয়াক ঘাইকৈ শৈৱ ধৰ্মৰ প্ৰভাৱৰ ফল বুলি কৱ পাৰি ৷ দেৱদাসীসকলক মন্দিৰৰ কামত নিয়োগ কৰিব পৰাটো এক সৌভাগ্যৰ কাৰণ বুলি ভবা হৈছিল আৰু সেয়ে অসমৰ ৰজাসকলে শিৱ মন্দিৰ স্থাপন কৰি তাত নৰ্তকী নিয়োগ কৰিছিল ৷ শিৱসাগৰ,নেঘেৰিটিং,বিশ্বনাথৰ শিৱমন্দিৰ আৰু বজালীৰ নিকটবৰ্তী ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্যৰ নাম অসমত বহুল প্ৰচাৰিত ৷



    দেৱদাসীৰ নৰ্তকীসকলে কঁকালত লহঙা বা মেখেলা ব্যৱহাৰ কৰিছিল ৷ গাত হাতৰ সৰু গাঁঠিলৈকে ঢকা দীঘল বগা গা-চোলা ( বৰ্তমান হালধীয়াও পিন্ধা হয়)  পিন্ধে আৰু বুকুত এখন ৰিহা টানি মেথনি মাৰি মূৰৰ খোপালৈকে পাৰ কৰি নিয়ে ৷ হাত,কাণ,ডিঙি,নাক,হাতৰ আঙুলি,ভৰিৰ আঙুলি আদিত নানা তৰহৰ বস্তু আ-অলংকাৰ ব্যৱহাৰ কৰে ৷ ১৯৫০ চনৰ পৰা বৰ্তমানলৈকে দেৱদাসী নৃত্যৰ এই সাজপাৰ তিনিবাৰ সলনি কৰা হৈছে ৷ এই নৃত্যত মন্দিৰৰ ওচৰৰ পুখুৰিত স্নান কৰি, পানীৰ দাপোণত নিজৰ প্ৰতিবিম্ব চাই, নিজকে সু সজ্জিত কৰি,কেশ-বিন্যাসেৰে বিভিন্ন প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি লাস্যময়ী হৈ মন্দিৰৰ বিগ্ৰহক পূজা কৰা যেন দেখুৱা হয় ৷ বিগ্ৰহৰ আগত নৃত্য কৰা হয় ৷ খোলৰ বাৰটা ঘাতৰ নৃত্য আছে য'ত খোল,তাল,শংখ,ঘণ্টা,কাঁহ আদি ব্যৱহাৰ কৰা হয় ৷ বৰ্তমান দেৱদাসী নৃত্যৰ এটা মাত্ৰ সৰু ভাগ মাত্ৰ ৮ মিনিটৰ এটা ভাগ ৰৈ গৈছে ৷ 

   ৰজা-মহাৰাজাৰ স্বেচ্ছাচাৰিতা আৰু কিছুমান কু -প্ৰবৃত্তিৰ লোকৰ কামনাৰ বলী হৈ দেৱদাসীসকলে বিভিন্ন ব্যভিচাৰত লিপ্ত হৈ পৰাৰ ফলত তেওঁলোকে সমাজৰ আস্থাহেৰুৱাই পেলালে আৰু এই প্ৰথা প্ৰায় লুপ্ত হৈ গ'ল ৷  দেৱদাসী নৃত্য বৰ্তমান লুপ্ত প্ৰায় ,মাথোঁ এটি অংশ হে বৰ্তমান আছে ৷ কিছু ব্যক্তিৰ নিৰন্তৰ বছৰ বছৰ আশাসুধীয়া প্ৰচেষ্টাত আজি কালি ই মঞ্চলৈ গতি লাভ কৰাৰ উপৰিও দেৱদাসী নৃত্য মহোৎসৱো অনুষ্ঠিত হৈছে ৷ সংক্ষেপতে উল্লেখ কৰি থোৱাটো উচিত হ'ব যে ১৯৫৪ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত শিষ্য পাঠশালাৰ ৰত্ন তালুকদাৰে অসমৰ দুগৰাকী শেষৰ দেৱদাসী ৰয়া দাস আৰু কৈশল্যা দাসৰ সান্নিধ্যৰে দেৱদাসী নৃত্যৰ( অসমত "নটী" ) পৰম্পৰা জীয়াই ৰখাৰ প্ৰথম প্ৰচেষ্টা হাতত লৈছিল ৷ ইয়াত বাদ্য সহযোগ কৰিছিল বেচাৰাম বায়নে ৷ অষ্টম,শতিকাত এই নৃত্যৰ আৰম্ভ হৈছিল ৷ বৰ্তমান যতীন গোস্বামী,ৰামক়ষ্ণ তালুকদাৰ,গিৰিন পাটগিৰি,কৰৱী গোস্বামী আদিৰ দৰে ব্যক্তিয়ে দেৱদাসী নৃত্যৰ ওপৰত বহু ক্ষেত্ৰ অধ্যয়ন কৰি আছে ৷  যোৱা ফেব্ৰুৱাৰী, ২০২০ ত দেৰগাঁৱৰ মনিকাঞ্চন কলা নিকেতনৰ প্ৰশিক্ষক বেদান্ত বিকাশ দত্ত আৰু ঝুমকা কলাকেন্দ্ৰৰ অধ্যক্ষা শ্ৰীময়ী বৰাৰ উদ্যোগত অনুষ্ঠিত হোৱা  দেৰগাঁও নেঘেৰিটিং শিৱ দৌলৰ দেৱদাসী নৃত্য মহোৎসৱ  অসমৰ প্ৰথমখন দেৱদাসী নৃত্য মহোৎসৱ ৷

     পিছৰ সংখ্যাত এই দেৱদাসী নৃত্য মহোৎসৱৰ বিস্তৃত বিৱৰণ আগবঢ়োৱা হ'ব বুলি মই প্ৰতিশ্ৰুতিবদ্ধ

      ✍দিব্যজ্যোতি ৰাজখোৱা ( বিশেষ কৃতজ্ঞতা, শ্ৰীময়ী বৰালৈ )                                                          ফটো সংগ্ৰহ- প্ৰথম অসমৰ দেৱদাসী নৃত্য মহোৎসৱ, নেঘেৰিটিং ৷


                                                               

Post a Comment

0 Comments