এতিয়াই চাওক

6/recent/ticker-posts

সাম্প্ৰদায়িক বিৰোধীতাৰ স্বৰূপ তথা সম্প্ৰীতিৰ প্ৰয়োজনীয়তা আৰু যুৱপ্ৰজন্ম:-


সাম্প্ৰদায়িক বিৰোধীতাৰ স্বৰূপ তথা সম্প্ৰীতিৰ 

প্ৰয়োজনীয়তা আৰু যুৱপ্ৰজন্ম





             "ধর্ম- জাতি- বর্ণ আৰু বিশ্বাসজড়িত অভিপ্ৰায়"-এই শব্দগোষ্ঠী আৰু সম্প্ৰদায়; প্ৰতিটোৰে ভিন্ন অৰ্থ আৰু ভিন্ন ব্যৱহাৰিক উপদানেৰে সমৃদ্ধ।মানৱ ইতিহাসত আৰম্ভণিৰে পৰা জুকীয়াই চালে পাওঁ জাতি আৰু সম্প্ৰদায় সমসাময়িক প্ৰয়োজনজনিত সৃষ্টি।জাতি সৃষ্টি হৈছিল বংশমূলীয় আৰু সন্মান কেন্দ্ৰিকভাৱে(যেনে-অমুক-কোচ, অমুক-আহোম আৰু তমুক- হাজৰিকা,তমুক-কলিতা)।কিন্তু সম্প্ৰদায় সৃষ্টিৰ মূল আছিল বৃত্তি অৰ্থাৎ জীৱনধাৰণ প্ৰয়োজন সাপেক্ষ।
            খাদ্য, বাসস্থান আৰু সাজপাৰৰ মৌলিকতা আৰু ইয়াৰ সহজলভ্য উপায় উদ্ভাৱনৰ বাবে কিছু মানৱগোষ্ঠী একগোটহৈ নিজকে প্ৰচলিত জনজীৱনৰ লগত তিষ্টি থাকিবলৈ নানান বৃত্তিগ্ৰহণৰ প্ৰয়োজনত সৃষ্টি হৈছিল সম্প্ৰদায়ৰ,যেনে-আৰ্যমূলীয়সকলে মৌলিক প্ৰয়োজনৰ বাবে শাস্ত্ৰজ্ঞান আৰু বাণিজ্য(ব্ৰাহ্মণ, বণিকসকল), মংগোলীয়সকলৰ কিছু কিছুৱে ক্ষেত্ৰীয় বা অস্ত্ৰবিদ্যা আৰু বিজ্ঞানবিষয়ক আৰু সংমৃসৃতমূলীয়, নিগ্ৰো-ককেছীয়মূলৰ লোকসমূহে
খেতি-বাতি, চিকাৰ সম্বন্ধীয়, শিল্পকৰ্ম আৰু যাতায়টি বিদ্যাৰ লগত নিজকে জড়িত কৰি মানৱ সভ্যতাৰ পূর্ণবিকাশত সহায় কৰিছিল।
              কিন্তু পৰিৱৰ্তিত পৰিবেশ,
অৰ্থনৈতিক স্বনির্ভৰশীলতা,পৰিস্থিতিনিয়ন্ত্ৰিত
সমাজ ব্যৱস্থাৰ দ্ৰুত সালসলনিৰ বাবে এই জাতি আৰু সম্প্ৰদায় ইটো সিটোৰ পৰিপূৰক হৈ পৰিল।
হয়তো সেইয়া জ্ঞান বিকাশৰ জৰিয়তে নটো পৰিচয় প্ৰকাশৰ ক্ষুধাত।
           বৰ্তমান সময়ত সম্প্ৰদায় মানেই জাতি আৰু জাতি বুলিলেই সম্প্ৰদায় সমাৰ্থক হৈ পৰিল।অৱশ্যে এই ব্যৱস্থা সামন্ত্ৰ প্ৰথাৰে অৱদান।
            মনঃস্তত্ব বিজ্ঞানৰ মতে জাতি আৰু সম্প্ৰদায়ৰ লগত মানুহৰ আবেগ-অনুভূতি, ব্যক্তিকেন্দ্ৰিক বিশ্বাস আৰু নীতি -নিয়ম জড়িত।সম্ভৱতঃ মানৱ সভ্যতা বিস্তাৰৰ লগে লগে এই বিষয়বোৰৰ লগত মানুহে আত্মস্বাৰ্থ সমৰ্থনৰ বাবে ধৰ্ম বা ঐশ্বৰিক বিশ্বাসকো জড়িত কৰি ললে।আৰু যেতিয়াই জাতি আৰু সম্প্ৰদায়ৰ লগত ধৰ্ম বিশ্বাস জড়িত হল তেতিয়াই সৃষ্টি হল এক ভয়ংকৰ শব্দ-"সাম্প্ৰদায়িকতা"।
               বৰ্তমান এই সাম্প্ৰদায়িকতা বা জাতি-ধৰ্মৰ মেৰুকৰণ অৰ্থাৎ বিশ্বাসকেন্দ্ৰিক বিভেদে সমগ্ৰ বিশ্বতে মানৱকল্যাণত বাধাৰ সৃষ্টি কৰিছে।
কোৱাবাহুল্যযে সংস্কৃতি,ভাষা আৰু ধৰ্মবিশ্বাসৰ গইনালৈ এই সাম্প্ৰদায়িকতাই প্ৰগতিৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাইছে।আচৰ্য্যজনক বিষয়যে যিদৰে সকলো ভাষাৰে উৎপত্তি সংস্কৃত ভাষাৰ পৰা, ঠিক সেইদৰে বৰ্তমান প্ৰচলিত সকলো ধৰ্মৰে মূল বিশ্বাস একক আছিল।কিন্তু মানৱ মস্তিষ্কৰ বিকাশে আমাক যিমান সুফল প্ৰদান কৰিলে সিমান কুফলো ঘটিত কৰি আহিছে।তাৰেই প্ৰমাণ সাম্প্ৰতিক সমাজত ঘটিথকা"সাম্প্ৰদায়িক" উপঘটনাসমূহ।
                চলিত প্ৰজন্মৰ শুদ্ধ মানসিকতা উত্তৰপ্ৰজন্মৰ বিকাশ সূত্ৰ।গতিকে বৰ্তমানৰ যুৱ প্ৰজন্মই
এই সাম্প্ৰদায়িক বিদ্বেষ সম্পূৰ্ণৰূপে বৰ্জন কৰিলেহে মানৱ সম্পদৰ কল্যাণ সাধন হব।প্ৰতিখন দেশ, প্ৰতিটো জাতি আৰু প্ৰতিখন সমাজ বৰ্তী থাকিবলৈ কিছুমান সু-শৃংখলিত নিয়ম আৰু শুদ্ধ পৰম্পৰা আছে।কিন্তু আমি প্ৰতিজনেই ইয়াৰ দুপ্ৰয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে।হিন্দু, খৃষ্টান, ইছলাম, বৌদ্ধ আদি সাম্প্ৰদায়িক ভাৱধাৰা ধৰ্মকেন্দ্ৰিকহে, ই সময়নিয়ন্ত্ৰিত সমাজৰ দ্বাৰা পৰিচালিত হয়।
মানৱ সৃষ্টিৰ পৰা আজিলৈকে আমি এনে ধৰ্মবোৰক তৈয়াৰ কৰিছোঁ আৰু প্ৰয়োজনত পৰিৱৰ্তন কৰাইছো।
               সেইহেতু আজিৰ সুজ্ঞানী যুৱপ্ৰজন্মই ধূসৰমান ধাৰ্মিক অনুভূতিৰ তুলাচালনিত নিজৰ অনুভূতিক প্ৰমূল্যবোধক জোখমাখ নকৰি"আমি এক ঈশ্বৰৰ সন্তান"ভাবাদর্শ অটুট ৰখাত যত্নপৰ হব লাগে।যিহেতু
প্ৰতিটো শব্দৰে একোটাকৈ বিপৰীত শব্দ আছে ঠিক তেনেদৰে মানৱীয় অনুভূতিসমূহৰো ভাল-বেয়া আছেই।সেইবাবে যিকোনো কৰ্মক্ষেত্ৰত কাৰ্যকৰী হবলৈ যুক্তি আৰু বাস্তৱিক সত্যতাক প্ৰাধান্য দিলেহে যুৱপ্ৰজন্মই বিকাশৰ দিশে আগবাঢ়িব পাৰিব।অৱশ্যে তাৰ বাবে লাগিব অনুসন্ধিৎসু মনোভাৱ,
পৰিস্থিতি জ্ঞান আৰু অগাধ বুৎপতিৰ।

              শেষত, আমি বিচাৰো প্ৰতিজন যুৱপ্ৰজন্মই প্ৰথমে শিকক, দ্বিতীয়তেও শিকক তাৰ পাছতহে শিকাওক।
     

Post a Comment

0 Comments